Biology MCQ For SSUHS CEE Entrance Exam Part-3

Biology MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-3

Biology MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024-2025 (PDF). The Srimanta Sankaradeva University of Health Sciences (SSHUS) will conduct the Common Entrance Examination (CEE) for admission to BSc Nursing, GNM, B. Pharm and D. Pharm courses in the state of Assam for the academic year 2024-2025.

In this article, we have provided 100 MCQs on Biology for the SSHUS CEE Entrance Exam 2024-2025 in Assamese Medium for BSc Nursing, GNM, B. Pharm, and D. Pharm will be a valuable resource for students preparing for the exam.

১) ভিটামিন-বি ৰ অভাৱত কোনবিধ ৰোগ হয়?

(ক) বেৰি -বেৰি

(খ) স্কাৰ্ভি

(গ) কুকুৰি কণা

(ঘ) পঁয়ালগা 

উত্তৰঃ (ক) বেৰি -বেৰি

২) ঘেঁহুৰ মৰিচা ৰোগ সৃষ্টি কৰা ভেঁকুৰবিধ হ’ল-

(ক) পাকচিনিয়া

(খ) পায়নিচিয়া

(গ) ৰেডিকান

(ঘ) ওপৰৰ এটাও নহয় 

উত্তৰঃ (ক) পাকচিনিয়া

৩) নিউক্লিক এছিড আৰু প্ৰ’টিনে গঠন কৰিছিল প্ৰথমটো—

(ক) বেক্টেৰিয়া

(খ) ভাইৰাছ

(গ) প্ৰটোজ’ৱা

(ঘ) প্ৰ’ট’ভাইৰাছ।

উত্তৰঃ (খ) ভাইৰাছ

৪) চৰাইৰ ডেউকা আৰু বাদুলিৰ ডেউকা—

(ক) সমবৃত্তি

(খ) সমসংস্থ

(গ) লপ্তপ্ৰায়

(ঘ) এইবোৰৰ এটাও নহয় ৷

উত্তৰঃ (ক) সমবৃত্তি

৫) ঘোঁৰাৰ ঠেং আৰু তিমি মাছৰ অগ্ৰস্থ পাখি —

(ক) সমবৃত্তি

(খ) লপ্তুপ্ৰায়

(গ) সমসংস্থ

(ঘ) সমবৃত্তি আৰু লপ্তপ্ৰায় দুয়োটাই।

উত্তৰঃ (গ) সমসংস্থ

৬) সমসংস্থ অংগ সেইবোৰ, যি বোৰৰ—

(ক) অংগত বৈষম্য আছে

(খ) আভ্যন্তৰীণ গঠনত বৈষম্য আছে

(গ) অংগত সাদৃশ্য আছে

(ঘ) উৎপত্তি আৰু আভ্যন্তৰীণ গঠনত সাদৃশ্য আছে ।

উত্তৰঃ (খ) আভ্যন্তৰীণ গঠনত বৈষম্য আছে

৭) ডনহৰ্চ’ হৈছে —

(ক) মেৰি হিপপাচ্

(খ) মেছ’ হিপপাছ

(গ) প্লিঅ হিপপাছ

(ঘ) ইয় হিপপাছ

উত্তৰঃ (খ) মেছ’ হিপপাছ

৮) সমবৃত্তি অংগবোৰ

(ক) পক্ষীৰ ডেউকা আৰু পখিলাৰ পাখি

(খ) চৰাই আৰু বাদুলিৰ ডেউকা

(গ) ঘোঁৰাৰ আগ ঠেং আৰু মানুহৰ হাত

(ঘ) মানুহ আৰু গ’ৰিলাৰ দাঁত

উত্তৰঃ (ক) পক্ষীৰ ডেউকা আৰু পখিলাৰ পাখি

৯) কোনটো ৰোগক ৰক্তস্ৰাৱশীল ৰোগ বুলিও জনা যায় ?

(ক) হিম’ফিলিয়া

(খ) বৰ্ণান্ধতা

(গ) উচ্চ ৰক্তচাপ

(ঘ) ৰক্তহীনতা

উত্তৰঃ (ক) হিম’ফিলিয়া

১০) ওকাযাকি টুকুৰা হ’ল—

(ক) RNA প্ৰাইমাৰ

(খ) DNA অগ্ৰণী সূত্ৰৰ চুটি টুকুৰা

(গ) DNA লেগিং সূত্ৰৰ চুটি টুকুৰা

(ঘ) ডিমেৰিজেচনৰ DNA টুকুৰা

উত্তৰঃ (গ) DNA লেগিং সূত্ৰৰ চুটি টুকুৰা

১১) DNA সংশ্লেষণ কালত গঠন হোৱা টুকুৰা

(ক) প’লিমাজে

(খ) RNA

(গ) ওকাযাকি

(ঘ) এপিমাজে

উত্তৰঃ (গ) ওকাযাকি

১২) DNA ত থকা থাইমাইনৰ পৰিৱৰ্তনে RNA ত থকা ক্ষাৰকটো—

(ক) চাইট’ ছাইন

(খ) এডি নাইন

(গ) ইউৰাচিল

(ঘ) গুৱানাইন

উত্তৰঃ (গ) ইউৰাচিল

১৩) প্ৰকৃত উৎপৰিৱৰ্তন জনিত ৰূপান্তৰ—

(ক) এক্সন

(খ) ইনট্ৰন

(গ) জিনৰ গঠন

(ঘ) নিউক্লিঅ’টাইডৰ অণুক্ৰম

উত্তৰঃ (ক) এক্সন

১৪) DNAৰ গঠন আৱিষ্কাৰ কৰিছিল—

(ক) ৱাইজমেন

(খ) ৱাটচন আৰু ক্ৰিক

(গ) হৰগোবিন্দ খোৰানা

(ঘ) চাটন

উত্তৰঃ (খ) ৱাটচন আৰু ক্ৰিক

১৫) DNA অনুকৃত্যায়নৰ বাবে প্ৰয়োজনীয় উৎসেচক হৈছে —

(ক) পলিমাৰেজ

(খ) প্ৰ’টিঅ’লাইটিক

(গ) লাইগেজ

(ঘ) কাৰ্বক্সিলেজ

উত্তৰঃ (ক) পলিমাৰেজ

১৬) চিষ্টন হ’ল—

(ক) RNA-ৰ কাৰ্যকৰী একক

(খ) RNA-ৰ অ-কাৰ্যকৰী একক

(গ) DNA-ৰ কাৰ্যকৰী একক যিয়ে এজন প’লিপেপ্টাইড শিকলিক নিৰ্দেশ কৰে ।

(ঘ) DNA-ৰ অকাৰ্যকৰী একক।

উত্তৰঃ (গ) DNA-ৰ কাৰ্যকৰী একক যিয়ে এজন প’লিপেপ্টাইড শিকলিক নিৰ্দেশ কৰে ।

১৭) লিপ্যন্তৰণৰ দ্বাৰা গঠন হয়—

(ক) mRNA

(খ) tRNA

(গ) rRNA

(ঘ) প্ৰটিন

উত্তৰঃ (ক) mRNA

১৮) কোনটো RNA সকলোতকৈ সৰু আৰু ৰিব’জমত এমিন’ এচিড যোগান ধৰাত ব্যৱহাৰ হয়?

(ক) hnRNA

(খ) tRNA

(গ) mRNA

(ঘ) rRNA

উত্তৰঃ (খ) tRNA

১৯) উচ্চ উদ্ভিদত আৰম্ভণি ক’ৰ্ডন হৈছে —

(ক) UAG

(খ) AUG

(গ) AGU

(ঘ) GAU

উত্তৰঃ (খ) AUG

২০) DNA অনুকৃত্যায়নত, প্ৰাইমাৰ হৈছে — 

(ক) এটা সৰু ডিঅ’ক্সি ৰিব’ নিউক্লিয়টাইডৰ প’লিমাৰ

(খ) সৰু ৰিব’ নিউক্লিয়টাইড প’লিমাৰ

(গ) হেলিক্স ডেষ্টাবিলিছিং প্ৰ’টিন

(ঘ) নিউক্লিয়টাইডক সিহঁতৰ পৰিপূৰক ছাপ সূত্ৰৰ সৈতে যুক্ত কৰাত অংশ লোৱা উৎসেচক।

উত্তৰঃ (খ) সৰু ৰিব’ নিউক্লিয়টাইড প’লিমাৰ

২১) এবায় জেনেছিছ তত্ত্বটো হ’ল—

(ক) স্বতস্ফূৰ্ত উদ্ভৱ তত্ত্ব

(খ) বিশেষ সৃষ্টি তত্ত্ব

(গ) অন্য গ্ৰহৰ পৰা আৱিৰ্ভাৱ তত্ত্ব

(ঘ) পানস্পাৰমিয়াতত্ত্ব

উত্তৰঃ (ক) স্বতস্ফূৰ্ত উদ্ভৱ তত্ত্ব

২২) পৃথিৱীৰ প্ৰথম জীৱ বাঢ়ি আহে —

(ক) ৰাসায়নিক বিবৰ্তন আৰু ঘাত-প্ৰতিঘাতৰ জৰিয়তে

(খ) কছম’জ’ৱা হিচাপে

(গ) পানস্পাৰমিয়াৰ পৰা

(ঘ) ওপৰৰ সকলোৰে পৰা

উত্তৰঃ (ক) ৰাসায়নিক বিবৰ্তন আৰু ঘাত-প্ৰতিঘাতৰ জৰিয়তে

২৩) শক্তিৰ আদিম উৎস সম্ভৱতঃ—

(ক) পত্ৰহৰিৎ

(খ) CO2

(গ) অতি বেগুণী ৰশ্মি আৰু আকাশৰ বিজুলী

(ঘ) সেউজীয়া উদ্ভিদ

উত্তৰঃ (গ) অতি বেগুণী ৰশ্মি আৰু আকাশৰ বিজুলী

২৪) ফিৰিঙতি উলিওৱা সঁজলিৰে জীৱৰ ৰাসায়নিক উৎপত্তিৰ পৰীক্ষা কৰিছিল—

(ক) ইউৰে আৰু মিলাৰে

(খ) জেকব আৰু ম’ন’ডে

(গ) অপেৰিন আৰু হলডেনে

(ঘ) ডিক্সন আৰু জ’লিয়ে

উত্তৰঃ (ক) ইউৰে আৰু মিলাৰে

২৫) দেহৰসত নিমখৰ উপস্থিতিয়ে প্ৰমাণ কৰে যে আদিম জীৱৰ উৎপত্তি —

(ক) আদিম সাগৰত

(খ) বৰষুণ পানীৰ হ্ৰদত

(গ) লোণৰ দ্ৰৱত

(ঘ) ওপৰৰ সকলোতে

উত্তৰঃ (ক) আদিম সাগৰত

২৬) জীৱৰ উৎপত্তিৰ বাবে অতি আৱশ্যকীয়—

(ক) অক্সিজেন

(খ) পানী

(গ) নাইট্ৰ’জেন

(ঘ) কাৰ্বন

উত্তৰঃ (খ) পানী

২৭) জীৱৰ উৎপত্তিৰ বাবে অপৰিহাৰ্য—

(ক) উৎসেচক

(খ) প্ৰ’টিন

(গ) কাৰ্বহাইড্ৰেট

(ঘ) নিউক্লিক এচিড

উত্তৰঃ (ঘ) নিউক্লিক এচিড

২৮) পৃথিবীৰ সম্ভাব্য বয়স নিযুত বছৰ

(ক) 3600

(খ) 4500

(গ) 7200

(ঘ) 6000

উত্তৰঃ (খ) 4500

২৯) ইষ্টৰ কিম্বন ক্ৰিয়াত এলকহল উৎপন্ন কৰা পদাৰ্থ—

(ক) প্ৰ’টিন

(খ) শৰ্কৰা

(গ) মিউক’ পলিছেক্কাৰাইড

(ঘ) চৰ্বী

উত্তৰঃ (খ) শৰ্কৰা

৩০) গ্লুক’জক ইথাইল এলক’হললৈ পৰিৱৰ্তন কৰা উৎসেচকটো—

(ক) জাইমেজ

(খ) ডায়াছটেজ

(গ) ইনভাবটেজ

(ঘ) মল্টেজ

উত্তৰঃ (ক) জাইমেজ

Biology MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-2

৩১) প্ৰদূষণ সহিব পৰা প্ৰকাৰণ উৎপাদন কৰাৰ উপায়—

(ক) প্ৰদূষিত অঞ্চলত বিশাল মাত্ৰাৰ বৃদ্ধি

(খ) কলা কৰ্ষণ

(গ) কোষ প্ৰৰস কৌশল

(ঘ) জিনীয় অভিযন্ত্ৰণ

উত্তৰঃ (খ) কলা কৰ্ষণ

৩২) জিনীয় অভিযন্ত্ৰিত মানৱ ইনচুলিন প্ৰস্তুত কৰোতে ব্যৱহাৰ হয়—

(ক) ইক’লিৰ

(খ) নিৰ্বীজকৰণ

(গ) ছিউড’ম’নাছৰ

(ঘ) এছ বিয়া গছিপিৰ

উত্তৰঃ (ক) ইক’লিৰ

৩৩) ষ্ট্ৰেপ্ত’মাইছি গ্ৰিছিআছ উৎপন্ন কৰা প্ৰতিজৈৱিক

(ক) টেৰা মাইচিন

(খ) ক্ল’ৰামফেনিক’ল

(গ) নিঅ’ মাইচিন

(ঘ) ষ্টেপ্ত’ মাইচিন

উত্তৰঃ (ঘ) ষ্টেপ্ত’ মাইচিন

৩৪) জীৱৰ বিবৰ্তনৰ আধাৰ জৈৱ যৌগবোৰ বুলি পৰীক্ষামূলক প্ৰমাণ কৰে —

(ক) অপেৰিনে

(খ) পাস্তুৰে

(গ) মিলাৰ আৰু ইউৰে

(ঘ) স্পেলানজানিয়ে

উত্তৰঃ (গ) মিলাৰ আৰু ইউৰে

৩৫) জীৱৰ উৎপত্তি —

(ক) বায়ুত

(খ) মাটিত

(গ) পৰ্বতত

(ঘ) পানীত

উত্তৰঃ (ঘ) পানীত

৩৬) পৃথিৱীত আৱিৰ্ভাৱ হোৱা প্ৰথম সালোক সংশ্লেষণকাৰী জীৱটো-

(ক) বেক্টেৰিয়া

(খ) সেউজীয়া শেলাই

(গ) চায়েন’ বেক্টেৰিয়া

(ঘ) মছবৰ্গৰ উদ্ভিদ

উত্তৰঃ (গ) চায়েন’ বেক্টেৰিয়া

৩৭) জীৱৰ উৎপত্তিৰ সময়ত পৃথিবীৰ বায়ুমণ্ডলত অনপুস্থিত আছিল—

(ক) NH3

(খ) H₂

(গ) O2

(ঘ) CH4

উত্তৰঃ (গ) O2

৩৮) জীৱাশ্মৰ বয়স নিৰ্ধাৰণ কৰোতে সহায় লোৱা হয়—

(ক) কেলচিয়ামৰ পৰিমাণ

(খ) তেজষ্ক্ৰিয় কাৰ্বনৰ পৰিমাণ

(গ) স্তন্যপায়ীৰ লগত সম্পৰ্ক

(ঘ) শিলাস্তৰৰ বয়স

উত্তৰঃ (খ) তেজষ্ক্ৰিয় কাৰ্বনৰ পৰিমাণ

৩৯) সমসংস্থ অংগবোৰৰ—

(ক) একে উৎপত্তি কিন্তু কাম পৃথক

(খ) উৎপত্তি বিভিন্ন কিন্তু কাম একে

(গ) একে উৎপত্তি আৰু কাম একে

(ঘ) উৎপত্তি বিভিন্ন আৰু কাম বেলেগ

উত্তৰঃ (ক) একে উৎপত্তি কিন্তু কাম পৃথক

৪০) পূৰ্বপুৰুষৰ লক্ষণ হঠাতে দেখা দিলে সেইটো—

(ক) বিৱৰ্তন

(খ) উৎপৰিৱৰ্তন

(গ) অটভিজম্

(ঘ) বংশগতি

উত্তৰঃ (গ) অটভিজম্

৪১) বিৱৰ্তনৰ একক হ’ল—

(ক) জনসংখ্যা

(খ) প্ৰজাতি

(গ) ব্যক্তি

(ঘ) উপ প্ৰজাতি

উত্তৰঃ (ক) জনসংখ্যা

৪২) কোনো প্ৰজাতিৰ বিৱৰ্তনৰ অধ্যয়ন কৰিবলৈ সহায় লোৱা হয়—

(ক) জীৱাশ্মৰ

(খ) কাৰ্বনৰ

(গ) DNA ৰ বিশ্লেষণ

(ঘ) তেজ খোৱা প্ৰাণীৰ

উত্তৰঃ (ক) জীৱাশ্মৰ

৪৩) চাৰ্লছ ডাৰউইনে ৰচনা কৰা পুথি —

(ক) অৰিজিন অৱ স্পেচিছ

(খ) স্পেচিছ প্লেনটোম

(গ) জেনেৰা প্লেনটোম

(ঘ) ডি নেচুৰিয়েন ফেমিলেন

উত্তৰঃ (ক) অৰিজিন অৱ স্পেচিছ

৪৪) ডাৰউইন জড়িত —

(ক) প্ৰাকৃতিক নিৰ্বাচনত

(খ) উৎপৰিৱৰ্তনত

(গ) অজৈৱ বিৱৰ্তনত

(ঘ) ওপৰৰ সকলোতে

উত্তৰঃ (ক) প্ৰাকৃতিক নিৰ্বাচনত

৪৫) জৈৱ প্ৰযুক্তি বিদ্যা হ’ল—

(ক) জীৱ বিজ্ঞানত ব্যৱহৃত প্ৰযুক্তি বিদ্যা

(খ) জিনীয় অভিযন্ত্ৰণৰ ব্যৱহাৰ

(গ) চিকিৎসাত প্ৰয়োগৰ বাবে প্ৰযুক্তিৰ বিকাশ

(ঘ) উদ্যোগত অণুজীৱৰ ব্যৱহাৰ

উত্তৰঃ (ঘ) উদ্যোগত অণুজীৱৰ ব্যৱহাৰ

৪৬) ইষ্টৰ অবাত শ্বসনত উৎপন্ন হয়—

(ক) এলকহল

(খ) কাৰ্বন ডাই অক্সাইড

(গ) এলকহল, কাৰ্বন ডাই অক্সাইড, বিয়াৰ, মদ

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) এলকহল, কাৰ্বন ডাই অক্সাইড, বিয়াৰ, মদ

৪৭) বেক্টেৰিয়াৰ কৰ্ষণৰ জৰিয়তে উৎপন্ন কৰা প্ৰথম কৃত্ৰিম হৰমন

(ক) ইনছুলিন

(খ) থায়ৰক্সিন

(গ) টেষ্ট’ষ্টেৰণ

(ঘ) এড্ৰিনেলিন

উত্তৰঃ (ক) ইনছুলিন

৪৮) ক্ল’নিঙে বুজায়—

(ক) আদি জিনীয় ৰূপৰ আঁতৰণ

(খ) জিনীয় ৰূপৰ সংৰক্ষণ

(গ) ইছচেৰিচিয়া ক’লিত উন্নত জিনৰ উৎপাদন

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) জিনীয় ৰূপৰ সংৰক্ষণ

৪৯) প্লাজমিড বাহকৰ DNA ত এটা ঈপ্সিত জিন প্ৰতিষ্ঠাপন কৰা কৌশলটো—

(ক) জিন স্পাইচিং

(খ) জিন দ্ৰে ছিং

(গ) জিন ক্ল’নিং

(ঘ) জিন ড্ৰাফটিং

উত্তৰঃ (ঘ) জিন ড্ৰাফটিং

৫০) DNA অণুক নিৰ্দিষ্ট থলত কাটিবলৈ সক্ষম উৎসেচকটো-

(ক) নিউক্লিয়েজ

(খ) ৰেছট্ৰিকছন এণ্ড নিউক্লিয়েজ

(গ) লাইপেজ

(ঘ) লাইগেজ

উত্তৰঃ (খ) ৰেছট্ৰিকছন এণ্ড নিউক্লিয়েজ

৫১) দোষযুক্ত জিনৰ পৰিৱৰ্তনে স্বাভাৱিক জিন প্ৰতিস্থা কৰাটোৱে —

(ক) জিন থেৰাপী

(খ) ক্ল’নিং

(গ) উৎপৰিৱৰ্তন

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) জিন থেৰাপী

৫২) ট্ৰেন্সজেনিক উদ্ভিদত—

(ক) জিন নাথাকে

(খ) জিনবোৰ ট্ৰেন্সপ’জিচনত

(গ) জিনবোৰৰ কাম নাই

(ঘ) জিনবোৰ আন জীৱৰ

উত্তৰঃ (ঘ) জিনবোৰ আন জীৱৰ

৫৩) জিনীয় অভিযন্ত্ৰণৰ জৰিয়তে পৰিত্ৰাণ পাব পৰা ৰোগ—

(ক) কলেৰা

(খ) মেলেৰিয়া

(গ) হিমফিলিয়া

(ঘ) ডায়েৰীয়া

উত্তৰঃ (গ) হিমফিলিয়া

৫৪) জীৱিত কাৰখানাৰ জৰিয়তে লাভ কৰা মানুহৰ প্ৰয়োজনীয়- 

(ক) পেট্ৰল

(খ) বৃদ্ধি হৰম’ন

(গ) ৰন্ধন গেছ

(ঘ) চৰ্বী

উত্তৰঃ (খ) বৃদ্ধি হৰম’ন

৫৫) জিন লাইব্ৰেৰীত সংৰক্ষণ কৰা হয় জিনৰ

(ক) ক্লনিং

(খ) প্লাজমিড

(গ) পিউৰিণ

(ঘ) পাইৰিমিডাইন

উত্তৰঃ (ক) ক্লনিং

৫৬) জিনীয় অভিযন্ত্ৰণৰ প্ৰধান আহিলা-

(ক) প্লাজমিড

(খ) জিন ক্লনিং 

(গ) ঘূৰণীয়া DNA

(ঘ) m-RNA

উত্তৰঃ (খ) জিন ক্লনিং 

৫৭) জিনীয় অভিযন্ত্ৰণত প্ৰধান বাহক-

(ক) ৰিকম্বিনেন্ট DNA

(খ) এও নিউক্লিয়েজ

(গ) প্লাজমিড

(ঘ) লাইগেজ

উত্তৰঃ (গ) প্লাজমিড

৫৮) বেক্টেৰিয়াৰ মূল জিন সংহতিৰ ওপৰঞ্চিকৈ থকা জিনৰ পটো—

(ক) বিকমবিনেন্ট DNA

(খ) এণ্ড নিউক্লিয়েজ

(গ) জিন সমষ্টি

(ঘ) প্লাজমিড

উত্তৰঃ (ঘ) প্লাজমিড

৫৯) কোষত প্লাজমিডবোৰক প্ৰতিষ্ঠাপন কৰা সহজ কাৰণ ই আকাৰত

(ক) সৰু

(খ) ডাঙৰ

(গ) মধ্যমীয়া

(ঘ) ওপৰৰ সকলো

উত্তৰঃ (ক) সৰু

৬০) প্লাজমিডৰ এটা অংশ কাটি আঁতৰাই তাত প্ৰয়োজনীয় চৰিত্ৰযুক্ত বি DNA ৰ অংশ আনি জোৰা লগাই জীবদেহত প্ৰতিষ্ঠাপন কৰিবলৈ সাজু কৰা প্ৰক্ৰিয়াটো—

(ক) জিন সংশ্লেষণ

(খ) ৰূপান্তৰণ

(গ) ৰিকম্বিনেন্ট DNA প্ৰয়োগ বিদ্যা

(ঘ) টেন্সডাকচন

উত্তৰঃ (গ) ৰিকম্বিনেন্ট DNA প্ৰয়োগ বিদ্যা

Biology MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-4

৬১) বাহক DNA ৰ লগত প্ৰয়োজনীয় উপস্থাপক DNA ৰ মূৰ দুটা লগ লগায়

(ক) ছেট্ৰিকছন এণ্ড নিউক্লিয়েজে

(খ) লাইগেজে

(গ) লাইপেজে

(ঘ) নিউক্লিয়েজে

উত্তৰঃ (খ) লাইগেজে

৬২) লোহিত ৰক্ত কণিকাৰ হিম’গ্লাবিন শৃংখলত গ্লুটামিক এচিডৰ ঠাঁই ভেলিন এমাইন’ এচিডে অধিকাৰ কৰিলে হোৱা ৰোগটো—

(ক) হিমফিলিয়া

(খ) বৰ্ণান্ধতা

(গ) কাঁচি কোষ ৰক্তহীনতা

(ঘ) কলা মূত্ৰ ৰোগ

উত্তৰঃ (গ) কাঁচি কোষ ৰক্তহীনতা

৬৩) জিনীয় অভিযন্ত্ৰণৰ লগত জড়িত নোহোৱা ক্ৰিয়া-

(ক) জিন সংশ্লেষণ

(খ) ৰূপান্তৰণ

(গ) ট্ৰেন্সডাকচন

(ঘ) কিম্বন

উত্তৰঃ (ঘ) কিম্বন

৬৪) জীবশক্তি পোৱা যায়—

(ক) কয়লাৰ পৰা

(খ) প্ৰাকৃতিক গেছৰ পৰা

(গ) জৈৱ গেছৰ পৰা

(ঘ) পেট্ৰ’লিয়ামৰ পৰা

উত্তৰঃ (গ) জৈৱ গেছৰ পৰা

৬৫) জিনীয় ৰূপৰ উন্নতি সাধনত বাহিৰৰ জিন প্ৰতিষ্ঠাপন কৰাটো—

(ক) কলা কৰ্ষণ

(খ) অসংক্ৰম্যকৰণ

(গ) জৈৱ প্ৰযুক্তি বিদ্যা

(ঘ) জিনীয় অভিযন্ত্ৰণ

উত্তৰঃ (ঘ) জিনীয় অভিযন্ত্ৰণ

৬৬) দৈ উৎপন্ন কৰা কাৰক—

(ক) লেক্ট’বেচিলাছ বুলগেৰিকাছ

(খ) লেক্ট’বেচিলাছ থাৰ্ম’ফিলাছ

(গ) ষ্ট্ৰেপ্ত’ক’ক্বাছ থাৰ্ম’ফিলাছ

(ঘ) উভয় (ক) আৰু (খ)

উত্তৰঃ (ঘ) উভয় (ক) আৰু (খ)

৬৭) এলক’হল প্ৰস্তুতকৰণত জড়িত —

(ক) ইষ্ট

(খ) শ্লাইম মল্ড’ছ

(গ) বেক্টেৰিয়া

(ঘ) মিউক

উত্তৰঃ (ক) ইষ্ট

৬৮) প্ৰতি জৈৱিক উৎপাদন কৰা জীৱ—

(ক) ভেঁকুৰ

(খ) বেক্টেৰিয়া

(গ) উভয় (ক) আৰু (খ)

(ঘ) চাইন’বেক্টেৰিয়া

উত্তৰঃ (গ) উভয় (ক) আৰু (খ)

৬৯) ক্ল’নিং হ’ল এটা উপায়—

(ক) আদি জিনীয় ৰূপৰ আঁতৰণ

(খ) জিনীয় ৰূপৰ সংৰক্ষণ

(গ) ই. ক’লিত উন্নত জিনৰ উৎপাদন

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) জিনীয় ৰূপৰ সংৰক্ষণ

৭০) কিম্বনৰ জৰিয়তে প্ৰথমে উৎপন্ন কৰা জৈৱ এচিডটো-

(ক) প্ৰপিঅ’নিক

(খ) লেক্টিক

(গ) চাইট্ৰিক

(ঘ) অক্সেলিক

উত্তৰঃ (খ) লেক্টিক

৭১) ইষ্টে গ্লুক’জ কিম্বন কৰি উৎপন্ন কৰে

(ক) ইথানল + CO2

(খ) ইথানল + H2O

(গ) মিথানল + CO2

(ঘ) H2O + CO2

উত্তৰঃ ক) ইথানল + CO2

৭২) দৈ, পনিৰ আৰু মাখন উৎপাদনত সহায় লোৱা হয়—

(ক) ইষ্টৰ

(খ) পেনিচিলিয়ামৰ

(গ) ষ্ট্ৰেপ্ত’ ক’কাছৰ

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ষ্ট্ৰেপ্ত’ ক’কাছৰ

৭৩) এলক’হলৰ পৰা ভিনেগাৰ প্ৰস্তুত কৰোতে সহায় কৰে —

(ক) লেক্ট’বেচিলাছে

(খ) এচিট’বেক্টাৰে

(গ) এয’ট’বেক্টাৰে

(ঘ) ৰাইয’বিয়ামে

উত্তৰঃ (খ) এচিট’বেক্টাৰে

৭৪) অণুজীৱৰ পৰা পোৱা প্ৰথম জৈৱ যৌগটো—

(ক) লেক্টিক এচিড

(খ) চাইট্ৰিক এচিড

(গ) বুটাইৰিক এচিড

(ঘ) হিৰুডিন

উত্তৰঃ (খ) চাইট্ৰিক এচিড

৭৫) ছেক্কাৰ ‘মাইছিছ চেৰিভিছিৰ পৰা ব্যৱসায় ভিত্তিক উৎপাদন কৰা উৎসেচকটো—

(ক) লেক্টেজ

(খ) ইনভাৰটেজ

(গ) এমাইলেজ

(ঘ) মল্টেজ

উত্তৰঃ (খ) ইনভাৰটেজ

৭৬) ইষ্টৰ কিম্বন সামৰ্থ্যৰ মূলতে —

(ক) এমাইলেজ

(খ) গেলেকটেজ

(গ) জাইমেজ

(ঘ) ইনভাৰটেজ

উত্তৰঃ (গ) জাইমেজ

৭৭) খাদ্য সংৰক্ষণৰ এটা প্ৰণালী—

(ক) ভিনেগাৰ

(খ) শৰ্কৰা

(গ) নিমখ আৰু চেনি

(ঘ) ওপৰৰ সকলো

উত্তৰঃ (ঘ) ওপৰৰ সকলো

৭৮) ডিটাজেণ্টত ব্যৱহৃত উৎসেচক—

(ক) এমাইলেজ

(খ) লাইপেজ

(গ) প্ৰ’টিএজ

(ঘ) গ্লুকইছ’মাজে

উত্তৰঃ (গ) প্ৰ’টিএজ

৭৯) DNA ফিংগাৰ প্ৰিণ্টৰ বাবে DNA পোৱা যায়—

(ক) শ্বেত ৰক্ত কণিকাৰ পৰা

(খ) চুলিৰ মূল কোষৰ পৰা

(গ) দেহৰ নিঃসৰণৰ পৰা

(ঘ) ওপৰৰ সকলো

উত্তৰঃ (ঘ) ওপৰৰ সকলো

৮০) হিউমিলিন হ’ল—

(ক) প্ৰতি জৈৱিক

(খ) মানৱ ইনছুলিন

(গ) পাচন উৎসেচক

(ঘ) কাইটিনৰ এটা গঠন

উত্তৰঃ (খ) মানৱ ইনছুলিন

৮১) জিনৰ আঁতৰণ আৰু প্ৰতিষ্ঠাপন হ’ল—

(ক) জিনীয় অভিযন্ত্ৰণ

(খ) জৈৱ প্ৰযুক্তি বিদ্যা

(গ) জিন থেৰাপী

(ঘ) কোষীয় বংশগতি

উত্তৰঃ (ক) জিনীয় অভিযন্ত্ৰণ

৮২) জিনীয় অভিযন্ত্ৰণত সাধাৰণতে ব্যৱহাৰ হোৱা উৎসেচকবোৰ—

(ক) ৰেছট্ৰিকছন এণ্ড নিউক্লিয়েজ আৰু পলিমাজে

(খ) এণ্ড নিউক্লিয়েজ আৰু লাইগেজ

(গ) ৰেছট্ৰিকছন এণ্ড নিউক্লিয়েজ আৰু পলিমাজে

(ঘ) লাইগেজ আৰু পলিমাৰেজ

উত্তৰঃ (গ) ৰেছট্ৰিকছন এণ্ড নিউক্লিয়েজ আৰু পলিমাজে

৮৩) ৰেছট্ৰিকছন উৎসেচকবোৰ—

(ক) এণ্ড নিউক্লিয়েজ যিবোৰে DNA নিৰ্দিষ্ট ঠাইত ফালি পেলায়

(খ) DNA বা RNA ৰ সম্পৰূক DNA তৈয়াৰ কৰাত পটু

(গ) DNA ৰ টুকুৰা কটা বা লগ লগোৱাত ব্যস্ত

(ঘ) জিনৰ ভেক্টৰ বিহীন প্ৰত্যক্ষ স্থানান্তৰণত আৱশ্যক।

উত্তৰঃ (ক) এণ্ড নিউক্লিয়েজ যিবোৰে DNA নিৰ্দিষ্ট ঠাইত ফালি পেলায়।

৮৪) ৰেছট্ৰিকছন এণ্ড নিউক্লিয়েজ ব্যৱহাৰ কৰি কটা হয়—

(ক) একসূত্ৰী DNA

(খ) দ্বি সূত্ৰী DNA

(গ) RNA ৰ টুকুৰা

(ঘ) m-RNA

উত্তৰঃ (খ) দ্বি সূত্ৰী DNA

৮৫) ঈপ্সিত লক্ষণযুক্ত উদ্ভিদ আৰু প্ৰাণী উৎপাদন কৰা সম্ভৱ কৰে —

(ক) কলা কৰ্ষণে

(খ) জিনীয় অভিযন্ত্ৰণে

(গ) ইকেবানা কৌশলে

(ঘ) ক্ৰম’জ’ম অভিযন্ত্ৰণে

উত্তৰঃ (খ) জিনীয় অভিযন্ত্ৰণে

৮৬) জিনীয় অভিযন্ত্ৰণ হ’ল—

(ক) প্লাষ্টিক চাৰ্জাৰী

(খ) জিনৰ উপস্থাপন আৰু অৱস্থাপন

(গ) অতিৰিক্ত কোষকেন্দ্ৰীয় জিনৰ অধ্যয়ন

(ঘ) ওপৰৰ সকলো

উত্তৰঃ (খ) জিনৰ উপস্থাপন আৰু অৱস্থাপন।

৮৭) জিনীয় অভিযন্ত্ৰিত বেক্টেৰিয়া ব্যৱহাৰ কৰি ব্যৱসায়িক উৎপাদন কৰা হৈছে —

(ক) মেলাটনিনৰ

(খ) টেছট’ষ্টেৰণৰ

(গ) মানৱ ইনছুলিনৰ

(ঘ) থায়ৰক্সিনৰ

উত্তৰঃ (গ) মানৱ ইনছুলিনৰ

৮৮) ৰিকমবিনেন্ট DNA প্ৰযুক্তি বিদ্যাত ব্যৱহাৰ হয়—

(ক) প্লাজমিড

(খ) প্লাষ্টিড

(গ) ৰাইব’জ’ম

(ঘ) উৎপৰিৱৰ্তন

উত্তৰঃ (ক) প্লাজমিড

৮৯) জিনীয়ভাৱে অভিযন্ত্ৰণ কৰা বেক্টেৰিয়াক কিহৰ বাণিজ্যিক উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয়-

(ক) থাইৰ স্কি ন (Thyroxine)

(খ) টেষ্টষ্টেৰণ (Testosterone)

(গ) মানৱ ইনচুলিন (Human Insulin)

(ঘ) মেলাটনিয়াম (Melatonium)

উত্তৰঃ (গ) মানৱ ইনচুলিন (Human Insulin)

৯০) প্ৰথম ট্ৰান্সজেনিক শস্য আছিল—

(ক) মটৰ মাহ

(খ) শন গছ (Flax)

(গ) ধপাত

(ঘ) কপাহ

উত্তৰঃ (গ) ধপাত

Biology MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-5

৯১) ইথ’লজি কিহৰ সৈতে জড়িত—

(ক) মানৱ জাতিৰ বিকাশ

(খ) ৰোগৰ বিস্তাৰ

(গ) চৰাই

(ঘ) প্ৰাণী চৰিত্ৰ

উত্তৰঃ (ঘ) প্ৰাণী চৰিত্ৰ

৯২) বৰ্গীকৰণৰ জনক কাক কোৱা হয় ?

(ক) ডাকেন্দল

(খ) হুকা RE

(গ) লিনিয়াছ

(ঘ) এৰিষ্টটল

উত্তৰঃ (গ) লিনিয়াছ

৯৩) তলৰ কোনটো শাখাত প্ৰতি জৈৱিক (এন্টিবায়’চিক) সংশ্লেষণ জড়িত ?

(ক) জৈৱ প্ৰযুক্তি

(খ) অণুজীৱ বিদ্যা

(গ) পৰজীৱী বিদ্যা

(ঘ) ৰেচম পালন

উত্তৰঃ (ক) জৈৱ প্ৰযুক্তি

৯৪) ৰক্তসঞ্চালন কোনে আৱিষ্কাৰ কৰিছিল আৰু সঞ্চালনৰ জনক কোন ?

(ক) উইলিয়াম হাৰ্ভে

(খ) কাৰ্ল লেণ্ডষ্টেইনাৰ

(গ) ওৱাটছন আৰু ক্ৰিক

(ঘ) ব’স্

উত্তৰঃ (ক) উইলিয়াম হাৰ্ভে

৯৫) জিনীয় অভিযন্ত্ৰণ কিহৰ সৈতে জড়িত –

(ক) দোষপূৰ্ণ উদ্ভিদৰ বিকাশ

(খ) ছিটাকৰণৰ বিকাশ

(গ) জিন চিকিৎসা

(ঘ) এই আটাইবোৰ

উত্তৰঃ (ঘ) এই আটাইবোৰ

৯৬) বনাঞ্চল ধ্বংসৰ ফলত কি হ’ব পাৰে —

(ক) বন্যপ্ৰাণীৰ ক্ষতি সাধন

(খ) বানপানী আৰু খৰাং

(গ) ভূমি স্খলন

(ঘ) এই আটাইবোৰ

উত্তৰঃ (ঘ) এই আটাইবোৰ

৯৭) মাহজাতীয় শস্যৰ মূলত টেমুনাত নাইট্ৰ’জেন স্থিতিকৰণ কৰে —

(ক) নাইট্ৰ’ছ’ম’নাছে

(খ) ৰাই ‘বিয়ামে

(গ) এয’ট’বেক্টাৰে

(ঘ) নাইট্ৰ’বেক্টাৰে

উত্তৰঃ (খ) ৰাই ‘বিয়ামে

৯৮) মুক্ত জীবী নাইট্ৰ’জেন স্থিতিকাৰী—

(ক) ৰাই ‘বিয়াম

(খ) দোলন শেলাই

(গ) নষ্টক

(ঘ) লেক্টবেচিলাছ

উত্তৰঃ (গ) নষ্টক

৯৯) জীৱসাৰ হিচাপে অতি উত্তম জলজ ঢেঁকীয়া জাতীয় উদ্ভিদটো—

(ক) ছেলভিনিয়া

(খ) এয়’লা

(গ) মাৰ্ছিলিয়া

(ঘ) টেৰিডিয়াম

উত্তৰঃ (খ) এয়’লা

১০০) এয’লাত থকা নাইট্ৰ’জেন স্থিতিকাৰী সহজীবী জীৱটো—

(ক) নষ্টক

(খ) আউল ছিৰা

(গ) এনাৰিনা

(ঘ) এয’স্পাইৰিলাম

উত্তৰঃ (গ) এনাৰিনা

We hope that Biology MCQs will help you to prepare for the SSHUS CEE Entrance Exam 2024-2025. Please check back for future blog posts in this series, where we will provide MCQs on Chemistry and Physics.

Leave a Comment

error: Content is protected !!

Discover more from Bellal Hossain Mondal

Subscribe now to keep reading and get access to the full archive.

Continue reading

Scroll to Top