শ্ৰীমন্ত শংকৰদেৱ - Srimanta Sankardev

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ – Srimanta Sankardev

সুন্দৰৰ অপূৰ্ব সুন্দৰ এই সৃষ্টি, ধৰ্মৰ গ্লানিৰে অপবিত্ৰ আৰু অসুন্দৰ হোৱাৰ সময়তে সুন্দৰতাক প্ৰকাশ কৰিবলৈ অসমত এগৰাকী ব্যক্তিৰ জন্ম হৈছিল যাৰ সাহিত্য কাননত সমগ্ৰ অসমবাসী একোপাহি পূৰ্ণবিকাশিত ফুল হৈ জিলিকি থাকাৰ সৌভাগ্য ঘটিছিল। সেইজনা সাহিত্যিক হ’ল আমাৰ চিৰ নৰস্য জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ

শ্ৰীমন্ত শংকৰদেৱৰ পৰিচয়

অসমীয়া সাহিত্য জগতৰ আঁকৰমণি স্বৰূপ শ্ৰীমন্ত শংকৰদেৱ ১৩৭১ শক, ইংৰাজী ১৯৪৯ খ্ৰীষ্টাব্দত নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত জন্ম গ্ৰহন কৰে। তেওঁৰ মাকৰ নাম সত্যসন্ধা আৰু পিতৃৰ নাম কুসুম্বৰ ভূঞা। সৰুতে মাক ঢুকুৱাত বুঢ়ীমাক খেৰসুতীয়ে তেঁওক ডাঙৰ দীঘল কৰে।

১) শ্ৰীমন্ত শংকৰদেৱ কোন আছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ এজন একেধাৰে ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সু-গায়ক, অভিনেতা, কবি এজন চিত্ৰকৰ লগতে অসমীয়া জাতি-সাহিত্য-সংস্কৃতিৰ নিৰ্মাতা আছিল ।

২) শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল ?

উত্তৰঃ ১৪৪৯ খীষ্টাব্দৰ আহিন-কাতি মাহত নগাওঁ জিলাৰ বৰদোৱা নামেৰে ঠাইত‌ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল।

৩) শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি আছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা আছিল ।

৪) শ্ৰীমন্ত শংকৰদেৱৰ মাকৰ নাম কি আছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ মাকৰ নাম সত্যসন্ধা আছিল ।

৫) শ্ৰীমন্ত শংকৰদেৱক কোনে লালন পালন কৰিছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱক বুঢ়ীমাক খেৰখুতীয়ে লালন পালন কৰিছিল ।

৬) শ্ৰীমন্ত শংকৰদেৱৰ কিমান শকত কিমান তাৰিখে মৃত্যু হৈছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ ১৪৯০ শকৰ ভাদ মাহৰ ২১ শুক্লা দ্বিতীয় তিথিত মৃত্যু হৈছিল ।

৭) শ্ৰীমন্ত শংকৰদেৱৰ কিমান বছৰ বয়সত মৃত্যু হৈছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ ১১৯ বছৰ বয়সত মৃত্যু হৈছিল।

৮) শ্ৰীমন্ত শংকৰদেৱৰ ক’ত মৃত্যু হৈছিল ?

উত্তৰঃ কোচবিহাৰত থকা মধুপুৰ সত্ৰত শ্ৰীমন্ত শঙ্কৰদেৱৰ মৃত্যু হৈছিল।

শ্ৰীমন্ত শংকৰদেৱৰ পূৰ্বপুৰুষ আৰু জন্ম

১) শ্ৰীমন্ত শংকৰদেৱেৰ দেউতাক কুসুম্বৰ ভূঞা কোন ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱেৰ দেউতাক কুসুম্বৰ ভূঞা “সৰু আই” ৰোগত আক্ৰান্ত হৈ দেউতাকৰ মৃত্যু হয়।

২) শ্ৰীমন্ত শংকৰদেৱৰ কিমান বছৰ বয়সত দেউতাক কুসুম্বৰ ভূঞাৰ মৃত্যু হৈছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰায় সাত বছৰ বয়সত দেউতাক কুসুম্বৰ ভূঞাৰ মৃত্যু হৈছিল।

৩) শ্ৰীমন্ত শংকৰদেৱৰ মাতৃ সত্যসন্ধাৰ মৃত্যু কেনেকৈ হৈছিল ?

উত্তৰঃ কথা গুৰু চৰিতৰ মতে, শ্ৰীমন্ত শংকৰদেৱৰ মাতৃ সত্যসন্ধা  স্বামী কুসুম্বৰৰ সৈতে সতীদাহ হৈ অনুগামী হৈছিল।

শ্ৰীমন্ত শংকৰদেৱৰ বাল্যকাল আৰু শিক্ষা-দীক্ষা

শ্ৰীমন্ত শংকৰদেৱৰ শৈশৱ কালৰ ১১টা বছৰ আইতাকৰ আলাসৰ লাড়ু হৈ উমলি-জামলিয়েই কটাইছিল। প্ৰথমতে পঢ়া-শুনাত তেওঁৰ মতি-গতি নাছিল। বাৰ (১২) বছৰ বয়সতহে পঢ়া-শুনা কৰিবলৈ বুঢ়ীমাকে গুৰু মহেন্দ্ৰ কন্দলিৰ ঢৌলত নাম লগাই দিছিল। শংকৰদেৱ বুদ্ধিমান ছাত্ৰ আছিল। ক-ফলা শিকিয়ে তেওঁ আ-কাৰ, ই-কাৰ নোহোৱা এটি সুন্দৰ কবিতা লিখিছিল। এয়া আছিল শ্ৰীমন্ত শংকৰদেৱৰ কাব্যিক প্ৰতিভাৰ সুন্দৰ নিদৰ্শন। 

১) শ্ৰীমন্ত শংকৰদেৱৰ সৰুকালৰ নাম কি আছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ সৰুকালৰ নাম “গঙ্গাধৰ” আছিল ।

২) শ্ৰীমন্ত শংকৰদেৱে কিমান বছৰ বয়ষত পঢ়া-শুনা কৰিবলৈ গৈছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে বাৰ (১২) বছৰ বয়ষত পঢ়া-শুনা কৰিবলৈ গৈছিল।

৩) শ্ৰীমন্ত শংকৰদেৱে কাৰ ওচৰত শিক্ষা গ্ৰহন কৰিছল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে মহেন্দ্ৰ কলন্দি নামেৰে গুৰুৰ ওচৰত শিক্ষা গ্ৰহন কিছিল ।

৪) শ্ৰীমন্ত শংকৰদেৱেক কোনে মহেন্দ্ৰ কলন্দিৰ টোলত নাম লগাই দিছিল ?

উত্তৰঃ বুঢ়ীমাকে খেৰসূতীয়ে শ্ৰীমন্ত শংকৰদেৱেক মহেন্দ্ৰ কলন্দিৰ টোলত নাম লগাই দিছিল।

৫) শ্ৰীমন্ত শংকৰদেৱে অ আ শিকিয়েই ৰচনা কৰা কবিতাটোৰ নাম কি ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে অ-আ শিকিয়েই ৰচনা কৰা কবিতাটোৰ নাম হ’ল – কৰতল কমল।

৬) শ্ৰীমন্ত শংকৰদেৱক ‘দেৱ’ উপাধি কোনে দিছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱক দেৱ উপাধি মহেন্দ্ৰ কলন্দিয়ে দিছিল ।

৭) শ্ৰীমন্ত‌ শংকৰদেৱে মহেন্দ্ৰ কলন্দিৰ টোলত কেইবছৰ শিক্ষাগ্ৰহন কৰিছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে কলন্দিৰ টোলত ছয় (৬) বছৰ শিক্ষাগ্ৰহন কৰিছল ।

৮) শ্ৰীমন্ত শংকৰদেৱে মহেন্দ্ৰ কন্দলিৰ টোলত ছয় বছৰ শিক্ষাগ্ৰহন কৰি কি কি শাস্ত্ৰত পাৰ্গত হৈ উঠিছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে মহেন্দ্ৰ কন্দলিৰ টোলত ছয় বছৰ শিক্ষাগ্ৰহন কৰি চাৰিবেদ, চৈধ্যশাস্ত্ৰ (শিক্ষা, কল্প, জ্যোতিষ, ৰীতি, নীতি, নিৰুক্ত, ছন্দঃ, শ্ৰুতি, স্মৃতি, মীমাংসা, তৰ্ক, কলাপ, তৃক, ন্যায়), ওঠৰ পুৰাণ (মৎস্য, শিৱ, বিষ্ণু, স্কন্দ, বৰাহ, কুৰ্ম, গৰুড়, মাৰ্কণ্ডেয়, বামন, লিঙ্গ, ভৱিষ্য, ব্ৰহ্মাণ্ড, বৈৱৰ্ত্ত, পদ্ম, নাৰদী, বৃহত্‌, অগ্নি, ভাগৱত) অষ্টাদশ ভাৰত, নানা কাব্য, সংহিতা, ব্যাকৰণ, দৰ্শন আদি বিভিন্ন শাস্ত্ৰত শ্ৰীমন্ত শংকৰদেৱ পাৰ্গত হৈ উঠিছিল।

৯) শ্ৰীমন্ত শংকদেৱে লিখিউলিওৱা প্ৰথমখন অনুবাদ কবিতা কি আছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে লিখিউলিওৱা প্ৰথমখন অনুবাদ কবিতা হ’ল-  হৰিশ্চন্দ্ৰ উপাখ্যান।

১০) শ্ৰীমন্ত শংকৰদেৱে ল’ৰালি কাল কেনেকৈ অতিবাহিত কৰিছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে ল’ৰালি কালত আন সাধাৰণ শিশুৰ দৰেই গছৰ ফল-ফুল বুটলি, কোটোৰা খেল, ঘিলা খেল, ভণ্টাগুটি খেল, লুকাভাকু খেল, দৌৰাদৌৰি কৰা আদি খেলি আৰু চাপৰি বজাই হৰিধ্বনি কৰা, বটা চৰাই বিচাৰি ধৰা আৰু মুকলি কৰি দিয়া, শিয়াল খেদা, নদীত সাঁতুৰি জলক্ৰীড়া কৰা আদি কৰিয়েই কাল অতিবাহিত কৰিছিল।

১১) শ্ৰীমন্ত শংকৰদেৱে শিশু কালত খেলা কেইবিধমান খেলৰ নাম লিখা।

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে শিশু কালত খেলা কেইবিধমান খেলৰ নাম হ’ল- কোটোৰা খেল, ঘিলা খেল, ভণ্টাগুটি খেল, লুকাভাকু খেল, সাঁতোৰ খেল, দৌৰ খেল আদি।

১২) শ্ৰীমন্ত শংকৰদেৱৰ বাল্যবন্ধু সকলৰ নাম লিখা।

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ বাল্যবন্ধু সকলৰ নাম হ’ল- জইৰাম, তিতাৰাম, কেতাই, সনাতন, হৰিবৰ, সতানন্দ, ৰামৰাম, ৰামৰাই, বিতোপন, চান্দ, ভেকুৰি আদি।

১৩) শ্ৰীমন্ত শংকৰদেৱৰ মহেন্দ্ৰ কন্দলীৰ টোলত কোন মাহৰ কি বাৰে বিদ্যাৰম্ভ হৈছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ মহেন্দ্ৰ কন্দলীৰ টোলত ভাদ মাহৰ কোনো এটা বৃহস্পতিবাৰে শুভলগ্ন চাই শঙ্কৰৰ বিদ্যাৰম্ভ কৰা হৈছিল।

১৪) শ্ৰীমন্ত শংকৰদেৱে গুৰু মহেন্দ্ৰ কন্দলীক কি ভেটি দিছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে ঘৰৰ পৰা ৰূপ দুটকা আৰু কাপোৰ দুখন মনে মনে নি গুৰু মহেন্দ্ৰ কন্দলীক ভেটি দিয়াৰ কথা চৰিত পুথিসমূহত পোৱা যায়।

১৫) শ্ৰীমন্ত শংকৰদেৱে গুৰু মহেন্দ্ৰ কন্দলিৰ টোলত থাকোঁতেই লিখি উলিওৱা প্ৰথমটো অনুবাদ কবিতা খনৰ নাম কি ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে গুৰু মহেন্দ্ৰ কন্দলিৰ টোলত থাকোঁতেই লিখি উলিওৱা প্ৰথমটো অনুবাদ কবিতা খনৰ নাম হ’ল – হৰিশ্চন্দ্ৰ উপাখ্যান।

১৬) শ্ৰীমন্ত শংকৰদেৱে কিমান বছৰ বয়সত মহেন্দ্ৰ কন্দলিৰ টোলৰ পৰা ঘৰলৈ উভতি আহিছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে প্ৰায় ১৭ বছৰ বয়সত মহেন্দ্ৰ কন্দলিৰ টোলৰ পৰা ঘৰলৈ উভতি আহিছিল।

শ্ৰীমন্ত শংকৰদেৱৰ বৈবাহিক জীৱন

১) শ্ৰীমন্ত শংকৰদেৱে কিমান বছৰ বয়সত বিয়া পাতিছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে ২০ বছৰ বয়সত বিয়া পাতিছিল।

২) শ্ৰীমন্ত শংকৰদেৱৰ পত্নীৰ নাম কি আছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ পত্নীৰ নাম হ’ল- সূৰ্যৱতী।

৩) বিবাহৰ কিমান বছৰৰ পাছত শ্ৰীমন্ত শংকৰদেৱৰ কণ্যা সন্তান জন্ম হৈছিল ?

উত্তৰঃ বিবাহৰ তিনি বছৰৰ পাছত শ্ৰীমন্ত শংকৰদেৱৰ কণ্যা সন্তানৰ জন্ম হৈছিল ।

৪) শ্ৰীমন্ত শংকৰদেৱৰ কণ্যা সন্তানটোৰ নাম কি আছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ কণ্যা সন্তানটোৰ নাম “মনু” আছিল ।

৫) শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম পুত্ৰজনৰ নাম কি আছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম পুত্ৰজনৰ নাম “ৰামানন্দ” আছিল ।

৬) শ্ৰীমন্ত শংকদেৱৰ দ্বিতীয় পুত্ৰজনৰ নাম কি ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ দ্বিতীয় পুত্ৰজনৰ নাম “হৰিচৰন” আছিল ।

৭) শ্ৰীমন্ত‌ শংকৰদেৱৰ তৃতীয় পুত্ৰজনৰ নাম কি আছিল ?

উত্তৰঃ শ্ৰীমন্তশংকৰদেৱৰ তৃতীয় পুত্ৰজনৰ নাম “কমললোচন” আছিল ।

৮) শ্ৰীমন্ত শংকৰদেৱে কাৰ কন্যাৰ সৈতে বিয়া পাতিছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে “হৰিবৰগিৰি” নামৰ ভূঞা এজনৰ কন্যা সূৰ্যৱতীৰ লগত বিয়া পাতিছিল।

৯) শ্ৰীমন্ত শংকৰদেৱে কিমান শকত বিয়া পাতিছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে ১৩৯২ শকত বিয়া পাতিছিল।

১০) বিবাহৰ কিমান বছৰ পাছত ভাৰ্যা সূৰ্যৱতীৰ গৰ্ভত শ্ৰীমন্ত শংকৰদেৱৰ সন্তানৰ জন্ম হয় ?

উত্তৰঃ বিবাহৰ তিনি বছৰ পাছত ভাৰ্যা সূৰ্যৱতীৰ গৰ্ভত শ্ৰীমন্ত শংকৰদেৱৰ এটি কন্যা সন্তানৰ জন্ম হয়।

১১) শ্ৰীমন্ত শংকৰদেৱে‌ কিমান বছৰ বয়সত দ্বিতীয় বাৰৰ বাবে বিয়া পাতিছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে দুকুৰি চৈধ্য বছৰ বয়সত দ্বিতীয় বাৰৰ বাবে বিয়া পাতিছিল।

১২) শ্ৰীমন্ত শংকৰদেৱৰ দ্বিতীয় পত্নীগৰাকীৰ নাম কি আছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ দ্বিতীয় পত্নীগৰাকীৰ নাম “কালিন্দী” আছিল ।

১৩)  শ্ৰীমন্ত শংকৰদেৱে ককাক জয়ন্ত আৰু মাধবৰ পৰামৰ্শমতে কাৰ কন্যাৰ সৈতে বিয়া পাতিছিল ?

উত্তৰঃ ককাক জয়ন্ত আৰু মাধবৰ পৰামৰ্শমতে দুকুৰি চৈধ্য বছৰ বয়সত সকলোৰে মতৰ সাপেক্ষে শ্ৰীমন্ত শঙ্কৰদেৱে কালিকা ভূঞাৰ কন্যা কালিন্দীক পুনৰ বিবাহ কৰে।

১৪) শ্ৰীমন্ত শংকৰদেৱৰ নাতিজনৰ নাম কি ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ নাতিজনৰ নাম হ’ল – “পুৰুষোত্তম ঠাকুৰ” আছিল।

১৫) শ্ৰীমন্ত শংকৰদেৱৰ জোৱাইকৰ নাম কি আছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ জোৱাইকৰ নাম “হৰি” আছিল ।

শ্ৰীমন্ত শংকৰদেৱৰ তীৰ্থ-ভ্ৰমণ

পত্নীৰ বিয়ােগত শংকৰদেৱে বৰ মনােকষ্ট পাইছিল। শােকত বিহ্বল হােৱা শংকৰদেৱে পত্নীৰ বিয়ােগৰ বহুকেইবছৰ মানলৈকে কোনাে নতুন গ্রন্থ আদি ৰচনা কৰিব পৰা নাছিল। মনু ডাঙৰ হােৱাত হৰি নামৰ জনৈক যুৱকলৈ মনুক বিয়া দিলে। শংকৰদেৱে পিছত মনুকেই শিৰােমণি ভূঞাৰ বাবটো শােধাই দি নিজে তীর্থ ভ্রমণলৈ গৈছিল।

তীর্থ ভ্রমণলৈ গৈ শংকৰদেৱে জগন্নাথ, পুৰী, গয়া-গংগা, বাৰানসী, বৃন্দাবন, মথুৰা, বদৰিকাশ্রম, ৰামেশ্বৰম আৰু দ্বাৰকা আদি কৰি ভাৰতবৰ্ষৰ প্রায় সকলােবােৰ তীর্থস্থানেই ভ্ৰমণ কৰিছিল বুলি জনা যায়। তীর্থ ভ্রমণলৈ যাওঁতে শংকৰদেৱৰ লগত তেওঁৰ গুৰু মহেন্দ্ৰ কন্দলিকে ধৰি আন কেইবাজনাে গুণী-জ্ঞানী ব্যক্তি লগত যােৱা বুলিও জনা যায়।

১) শ্ৰীমন্ত শংকৰদেৱে প্ৰথমবাৰ তীৰ্থলৈ যাওঁতে কি কি ঠাই ভ্ৰমন কৰিছিল ? 

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে প্ৰথমবাৰ তীৰ্থলৈ যাওঁতে জগন্নাথ, কাশী,গয়া, প্ৰয়াগ,বাৰানাসী, সীতাকুণ্ড, মথুৰা বৃন্দবন, বদৰিকাশ্ৰম আদি নানা তীৰ্থঠাই ভ্ৰমন কৰিছিল ।

২) শ্ৰীমন্ত শংকদেৱে কেইবছৰ তীৰ্থভ্ৰমন কৰিছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে বাৰ বছৰ তীৰ্থভ্ৰমন কৰিছল ।

৩) কোন চনৰ কোন তাৰিখে শ্ৰীমন্ত শংকৰদেৱে প্ৰথম তীৰ্থলৈ গৈছিল ?

উত্তৰঃ ১৪০৩ চনৰ ৩১ তাৰিখে শ্ৰীমন্ত শংকৰদেৱে প্ৰথম তীৰ্থলৈ গৈছিল ।

৪) শ্ৰীমন্ত শংকৰদেৱৰ লগত কেইজন সংগী তীৰ্থলৈ গৈছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ লগত সোতৰ (১৭) জন সংগী তীৰ্থলৈ গৈছিল।

৫) শ্ৰীমন্ত শংকৰদেৱৰ লগত তীৰ্থলৈ যোৱা সংগীকেইজৰ নাম লিখা ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ লগত তীৰ্থলৈ যোৱা সংগীকেইজনৰ নাম হ’ল- শিক্ষাগুৰু মহেন্দ্ৰ কন্দলিকে ধৰি ৰামৰাম, সৰ্বজয়, পৰমানদ, বলোভদ্ৰ, বলোৰাম, গোবিন্দ, নাৰায়ণ, বৰশ্ৰীৰাম, গোপাল, চোট বলোৰাম, মুকুণ্ড, মুৰাৰি, হৰিদাস, দামোদৰ, আৰু আন দুজন এই দলৰ সদস্য আছিল।

৬) শ্ৰীমন্ত শংকৰদেৱে কিমান চনত দ্বিতীয়বাৰৰ বাবে তীৰ্থলৈ গৈছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে ১৫৫০ শকৰ আঘোন মাহত শংকৰদেৱে তীৰ্থলৈ গৈছিল ।

৭) শ্ৰীমন্ত শংকৰদেৱে কি ধৰ্ম বিয়পাইছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে একাচৰণ ধৰ্ম বিয়পাইছিল ।

৮) শ্ৰীমন্ত শংকৰদেৱে কিমান বছৰ বয়সত প্ৰথমবাৰৰ বাবে তীৰ্থলৈ যায় ?

উত্তৰঃ ১৪০৩ শকত (১৪৮১চনত) ৩২ বছৰ বয়সত শ্ৰীমন্ত শঙ্কৰদেৱে জোঁৱায়েক হৰিৰ হাতত ঘৰ-বাৰী সঁপি দি প্ৰথমবাৰৰ বাবে তীৰ্থলৈ যায়।

৯) শ্ৰীমন্ত শংকৰদেৱে সোতৰ জন তীৰ্থযাত্ৰীৰ সৈতে কোন কোন তীৰ্থক্ষেত্ৰ আৰু ঐতিহাসিক স্থান ভ্ৰমণ কৰিছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে সোতৰজন তীৰ্থযাত্ৰীৰ সৈতে গংগাৰ পৰা স্নান দৰ্শনেৰে আৰম্ভ কৰি জগন্নাথ-পুৰী, সীতাকুণ্ড, উত্তৰ বাহিনী গংগা, বৰাহক্ষেত্ৰ, পুষ্কৰিণী তীৰ্থ, মথুৰা, বৃন্দাবন, দ্বাৰকা, কাশী, বাৰানসী, প্ৰয়াগ, নেপাল, নিষধ, কৈকেয়, কোশল, অযোধ্যা, হস্তিনাপুৰ, পাঞ্চাল, শ্বেতদ্বীপ, কৰ্মনাশা কেশৰী, কাবেৰী, মাৰ্গকাশী, বিন্দুকাশী, কৈশিক তীৰ্থ, মুকুন্দ আশ্ৰম, পুষ্পভদ্ৰা, সোণাৰু, কপিল, গণ্ডকী নদী, উপদ্বাৰকা, অঙ্গদ নগৰ, ৰামেশ্বৰ সেতুখণ্ড, সুবাহু নগৰ, বিদিশা নগৰ, দণ্ডকা বন, চিত্ৰকুট পৰ্বত, গোদাবৰী, গোমতী, পঞ্চবটী আশ্ৰম, দা ঋষ্যমূক পৰ্বত, কিষ্কিন্ধ্যা, পুষ্কৰাৱতী, ভৰদ্বাৰ, হৰিদ্বাৰ, জয়দ্বাৰ, নৰ্মদা, মহানন্দা, কটক নগৰ, বদৰিকাশ্ৰম আদি প্ৰায়বোৰ তীৰ্থক্ষেত্ৰ আৰু ঐতিহাসিক স্থান ভ্ৰমণ কৰিছিল।

শঙ্কৰ-মাধৱৰ মহামিলন

১) শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্যজনৰ নাম কি আছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্যজনৰ নাম হ’ল মাধৱদেৱ ।

২) শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিনলক কি বুলি কোৱা হয় ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক “মনিকাঞ্চন” সংযোগ  বুলি কোৱা হয় ।

৩) শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱক কোনখন ঠাইত লগ পাইছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱক “বেলগুৰি” নামৰ ঠাইত লগ পাইছিল ।

৪) শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত কিমান সময় যুক্তি-তৰ্ক হৈছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ মাজত সুদীৰ্ঘ ন-ঘণ্টা যুক্তি-তৰ্ক হৈছিল।

শ্ৰীমন্ত শঙ্কৰদেৱৰ সাহিত্য

শংকৰী যুগ হ’ল অসমীয়া সাহিত্যৰ সোণালী যুগ। শংকৰদেৱৰ সাহিত্যক জীৱনৰ স্ফুৰণ ঘটে তেওঁ বৰদোৱাত থকা কালতে। অসমীয়া সাহিত্যৰ দীঘলীয়া বাটত এনে এটা দিশ নাই য’ত মহাপুৰুষ জনাৰ অৱদানে পদক্ষেপ কৰা নাই। বহুমুখী প্ৰতিভা সম্পন্ন মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে গীত-নাট, অংকীয়া ভাওনা,পদপুথি, ভালেমান কাব্য, ভাগৱতৰ অনুবাদ, কীৰ্তন ঘোষা, গুণমালা আদি গ্ৰন্থৰে অসমৰ জাতীয় সাহিত্যৰ ভঁৰাল চহকী কৰিছে।

১) মহাপুৰুষ শংকৰদেৱৰ নাটবোৰক কি নাট বোলা হয়?

উত্তৰঃ অংকীয়া নাট।

২) মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? 

উত্তৰ: মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল- কীৰ্তন ঘোষা

৩) শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা অন্যতম পুথিখনৰ নাম কি ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা অন্যতম পুথিখনৰ নাম হ’ল- “কীৰ্তন-ঘোষা” ।

৪) শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কেইখনমান পুথিৰ নাম লিখা

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কেইখন মান পুথিৰ নাম হ’ল- ভাগৱত, ৰুক্মিনী হৰন, পাৰিজাত হৰন, ৰাম বিজয়, গুণমালা, ভক্তি ৰত্নাৱলী, বৰগীত, অনুবাদ, গীত ইত্যাদি ।

৫) শ্ৰীমন্ত শংকদেৱে ৰচনা কৰা সাহিত্যৰাজিক ৰচনা-ৰুপ হিচাপে কেইটা ভাগত ভগাব পাৰি ? ভাগ কেইটা কি কি লিখা।

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা সাহিত্য়ৰাজিক ৰচনা-ৰুপ হিচাপে ছয়টা ভাগত ভগাব পাৰি । ভাগ কেইটা হ’ল – 

ক) কাব্য

খ)ভক্তিতত্ত্বপ্ৰকাশক গ্ৰন্থ

গ) অনুবাদমূলক গ্ৰন্থ

ঘ) অঙ্কীয়া নাট

ঙ) গীত

চ) নাম-প্ৰসঙ্গৰ গ্ৰন্থ

৬) হৰিচন্দ্ৰ উপাখ্যানৰ কাব্যৰ মূল বিষয়বস্তু পৰা লোৱা হৈছিল ?

উত্তৰঃ হৰিচন্দ্ৰ উপাখ্যানৰ কাব্যৰ মূল বিষয়বস্তু মাৰ্কণ্ডেয় পুৰাণাৰ ৭ ম ৮ম অধ্যায় পৰা লোৱা হৈছে ।

৭) শ্ৰীমন্ত শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা এখন গন্থৰ নাম লিখা

উত্তৰঃ শ্ৰীমন্ত শংকৰেদেৱে সংস্কৃত ভাষাত ৰচনা কৰা এখন গন্থৰ নাম হল- “ভক্তি ৰত্নাকৰ” ।

৮) শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা ভক্তি ৰত্নকৰ নামৰ গন্থখনত কি কথা উল্লেখ আছে ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা ভক্তি ৰত্নাকৰ নামৰ গন্থখনত শ্ৰৱন, কীৰ্তন, অৰ্জন, বন্দন আদিৰ কথা উল্লেখ আছে ।

৯) শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা অনুবাদমূলক গ্ৰন্থৰ ভিতৰত শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰে ৰচনা কৰা অনুবাদমূলক গ্ৰন্থৰ ভিতৰত শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম হ’ল “দশম” । 

১০) শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা গীত সমূহক কেইটা ভাগত ভগাব পাৰি ? ভাগ কেইটাৰ নাম লিখা।

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা গীতসমূহক দুটা ভাগত ভাগ কৰিব পাৰি । তেনে –

ক) বৰগীত

খ) ভটিমা (দেৱভটিমা, নাটভটিমা, ৰাজভটিমা)

১১) শ্ৰীমন্ত শংকৰদেৱে কেইধৰনৰ ভটিমা সৃষ্টি কৰিছিল ?  

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে তিনিধৰনৰ ভটিমা সৃষ্টি কৰিছিল ।

১২) শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা ভটিমা তিনিবিধৰ নাম লিখা

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা তিনিবিধ ভটিমা হ’ল- 

ক) নাট ভটিমা ।

খ) দেৱ ভটিমা ।

গ) ৰাজ ভটিমা ।

১৩) শ্ৰীমন্ত শংকৰদেৱে প্ৰথমটো বৰগীত কোন ঠাইত ৰচনা কৰিছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে প্ৰথমটো বৰগীত “বদৰিকাশ্ৰম” নামৰ ঠাইত ৰচনা কৰিছল ।

১৪) শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথটো বৰগীতটোৰ নাম কি ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথমটো বৰগীতটোৰ নাম হ’ল- “মন মেৰি ৰাম চৰনহি লাগো” ।

১৫) শ্ৰীমন্ত শংকৰদেৱে অনুষ্ঠিত কৰা প্ৰথমখন ভাওনাৰ নাম কি ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে অনুষ্ঠিত কৰা প্ৰথমখন ভাওনাৰ নাম হ’ল “চিহ্নযাত্ৰা” ।

১৬) শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা শেষৰখন ভাওনাখনৰ নাম কি ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা শেষৰখন ভাওনাখনৰ নাম হ’ল “ৰাম বিজয়”।

১৭) শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা চিহ্নযাত্ৰা নামৰ ভাওনাখনৰ ৰচনা কাল কিমান খ্ৰীষ্টাব্দত বুলি জনা গৈছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা চিহ্নযাত্ৰা নামৰ ভাওনাখনৰ ৰচনা কাল ১৪৬৮ খ্ৰীষ্টাব্দত বুলি জনা গৈছিল ।

১৮) শ্ৰীমন্ত শংকৰদেৱে বৰগীত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে বৰগীত লিখিবলৈ “ব্ৰজাৱলী” ভাষা ব্যৱহাৰ কৰিছিল।

১৯) শ্ৰীমন্ত শংকৰদেৱৰ মুঠতে কিমানটা বৰগীত আছে ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে মুঠতে ২৪০ টা বৰগীত আছে ।

২০) শ্ৰীমন্ত শংকৰদেৱৰ কাব্য সমূহৰ নাম লিখা।

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ কাব্য সমূহ হ’ল- 

ক) হৰিশ্চন্দ্ৰ উপাখ্যান।

খ) অজামিল উপাখ্যান।

গ) ৰুক্মিণী হৰণ কাব্য।

ঘ) বলিছলন।

ঙ) অমৃত মন্থন।

চ) গজেন্দ্ৰ উপাখ্যান।

ছ) কুৰুক্ষেত্ৰ।

জ) গোপী- উদ্ধৱ সংবাদ।

ঝ‌) কৃষ্ণ প্রয়াণ- পাণ্ডব নিৰ্ধাৰণ।

২১) শ্ৰীমন্ত শংকৰদেৱৰ ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ সমূহৰ নাম লিখা।

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ সমূহ হ’ল- ক) ভক্তি প্ৰদীপ।

খ) ভক্তি ৰত্নাকৰ (সংস্কৃতত ৰচিত)

গ) নিমি-নৱসিদ্ধ সংবাদ।

ঘ) অনাদি পাতন।

২২) শ্ৰীমন্ত শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থ সমূহৰ নাম লিখা।

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থ সমূহৰ নাম হ’ল- 

ক) ভাগৱত প্ৰথম, দ্বিতীয়।

খ) অজামিল উপাখ্যান ষষ্ঠ।

গ) বলিছলন।

ঘ) অমৃত মন্থন অষ্টম।

ঙ) দশম স্কন্ধৰ আদিছোৱা।

চ) ভাগৱত প্ৰথম, দ্বিতীয়।

ছ) একাদশ আৰু দ্বাদশ স্কন্ধ।

জ) ৰামায়ণৰ উত্তৰা।

২৩) শ্ৰীমন্ত শংকৰদেৱৰ অঙ্কীয়া নাট সমূহৰ নাম লিখা।

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ অঙ্কীয়া নাট সমূহৰ নাম হ’ল – 

ক) পত্নীপ্ৰসাদ

খ) কালিয়দমন।

গ) কেলি গোপাল।

ঘ) পাৰিজাত হৰণ।

ঙ) ৰুক্মিণী হৰণ।

চ) ৰাম বিজয়।

২৪) শ্ৰীমন্ত শংকৰদেৱৰ গীত সমূহৰ নাম লিখা।

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ গীত সমূহৰ নাম হ’ল –

ক) বৰগীত

খ) ভটিমা (দেৱভটিমা, নাটভটিমা, ৰাজভটিমা)

গ) টোটয়

ঘ) চপয়

২৫) শ্ৰীমন্ত শংকৰদেৱৰ নাম-প্ৰসঙ্গৰ গ্ৰন্থ সমূহৰ নাম লিখা।

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ নাম-প্ৰসঙ্গৰ গ্ৰন্থ সমূহৰ নাম হ’ল – 

ক) কীৰ্তন।

খ) গুণমালা।

শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে সাধাৰণ প্ৰশ্নোত্তৰ

১) শিৰোমণি ভূঞাই স্থায়ীভাৱে ক’ত বাস কৰিছিল ?

উত্তৰঃ সিৰোমণি ভূঞাই স্থায়ীভায়ে নগাওঁ জিলাৰ বৰদোৱা নামেৰে ঠাইত স্থায়ীভাৱে বাস কৰিছিল ।

২) শ্ৰীমন্ত শংকৰদেৱক আন কি নামেৰে আখ্যা দিয়া হৈছিল  ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়।

৩) শ্ৰীমন্ত শংকৰদেৱে শিৰোমণি ভূঞাৰ দায়িত্বভাৰ কাক কাক দিবলৈ ইচ্চা প্ৰকাশ কৰিছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে শিৰোমণি ভূঞাৰ দায়িত্বভাৰ ককাক জয়ন্ত দলৈ আৰু মাধৱ দলৈক অৰ্পণ কৰিবলৈ ইচ্ছা কৰিছিল ।

৪) শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা জনপ্ৰিয় হোৱা ধৰ্মীয় প্ৰতিষ্টানটোৰ নাম কি আছিল ? 

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা জনপ্ৰিয় হোৱা ধৰ্মীয় প্ৰতিষ্টানটোৰ নাম হ’ল “শ্ৰীমন্ত শংকৰ সংঘ” ।

৫) শ্ৰীমন্ত শংকৰদেৱ বটাঁৰ বিজয়ী প্ৰথমজন ব্যক্তি কোন আছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ বটাঁৰ বিজয়ী প্ৰথম জন ব্যক্তি হ’ল- ডঃ ভূপেন হাজৰিকা ।

 ৬) শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্মক আন কি নামেৰে জনা যায় ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্মক মহাপুৰুষীয়া ধৰ্ম নামেৰে জনা যায় ।

৭) শ্ৰীমন্ত শংকৰদেৱে সৃষ্ঠি কৰা নৱবৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ কি আছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা নৱবৈষ্ণৱ ধৰ্মৰ মূল ভাৱ এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ আছিল ।  

৮) শ্ৰীমন্ত শংকৰদেৱে প্ৰথমে ক’ত সত্ৰ স্থাপন কৰিছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে প্ৰথমে মাজুলীৰ ধুৱাহাট বা বেলগুৰিত সত্ৰ স্থাপন কৰিছিল ।

৯) শ্ৰীমন্ত শংকৰদেৱক আন কি নামেৰে জনা গৈছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱক সাহিত্য-সংস্কৃতিৰ জনক বুলি কোৱা হৈছিল ।

১০) শ্ৰীমন্ত‌ শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোক সাধাৰণতে কি বুলি জনা যায় ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোক সাধাৰণতে এক শৰণীয়া নাম ধৰ্ম বুলি জনা যায়। 

১১) শ্ৰীমন্ত শংকৰদেৱে কি কি বাদ্য-যন্ত্ৰ সৃষ্টি কৰিছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে খোল, তাল, ডবা, কাহঁ, শংখ, মৃদংগ আদিক সৃষ্টি কৰিছিল । 

১২) শ্ৰীমন্ত শংকৰদেৱে গাংমৌত কেইবছৰ বাস কৰিছিল ?

উত্তৰঃ শ্ৰীমন্ত‌ শংকদেৱে গাংমৌত সাত বছৰ ছমাহ বাস কৰিছিল।

Leave a Comment

error: Content is protected !!

Discover more from Bellal Hossain Mondal

Subscribe now to keep reading and get access to the full archive.

Continue reading

Scroll to Top