মোৰ প্ৰিয় গ্ৰন্থ - কীৰ্তন ঘোষা

মোৰ প্ৰিয় গ্ৰন্থ – কীৰ্তন ঘোষা | দশম – দ্বাদশ শ্ৰেণীৰ ৰচনা [অসমীয়া ৰচনা]

সূচনাঃ A good book is precious lifeblood of a most spirit emblem and treasured life beyond life. [ মোৰ প্ৰিয় গ্ৰন্থ | অসমীয়া ৰচনা ]

এখন মহৎ গ্ৰন্থ মহাজীৱনৰ মহাৰ্গ, যাক পুৰুষৰ পাছত পুৰুষ ধৰি সংৰক্ষণ কৰা হয়।

মোৰ প্ৰিয় গ্ৰন্থঃ কোনোবাই যদি মোক প্ৰশ্ন কৰে যে মোৰ প্ৰিয় গ্ৰন্থ খন কি তেতিয়া এই প্ৰশ্নত মই অলপ বিমোৰত পৰিম। এখন অসমীয়া মাধ্যমৰ স্কুলৰ ছাত্ৰ হিচাপে অসমীয়াৰ বাহিৰে ইংৰাজী, হিন্দী আদি ভাষাত মোৰ বিশেষ দখল নাই। গতিকে, অসমীয়া ভাষাতে ৰচিত দুই-চাৰিখন পুথিত মই চকু ফুৰাইছো। আঙুলিৰ মূৰত লিখিব পৰা সেইকেইখন পুথিৰ ভাৰতৰ মোৰ আটাইতকৈ প্ৰিয় পুথিখন হ’ল সদৌ অসমীয়া জাতিৰ চিৰ পৰিচিত ধৰ্মপুথি “কীৰ্তন ঘোষা“।

গ্ৰন্থাকাৰ পৰিচিতিঃ অসমৰ ভাষা, ধৰ্ম, সাহিত্য-সংস্কৃতিৰ অন্যতম প্ৰবক্তা যুগনায়ক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে “কীৰ্তন” পুথি প্ৰণয়ন কৰে। এইজনা গুৰুক পাঠক বৰ্গক  নতুনকৈ চিনাকি কৰিবৰ অৱশ্যক নাই। সেয়ে তেৰাৰ ৰচিত এই গ্ৰন্থখনিৰ সম্পৰ্কে এটি নাতিদীৰ্ঘ আলো‌চনা দাঙি ধৰা হ’ল।‌

বিষয়বস্তুঃ ভগৱান শ্ৰীকৃষ্ণ সৃষ্টি-স্থিতি প্ৰলয়ৰ গৰাকী । তেৱেঁই ভক্তসৱৰ ভজনীয় ঈশ্বৰ। এই পৰম পুৰুষজনাৰ  ঐশ্বৰিক চৰিত্ৰ, দৈহিক বৰ্ণনা, ভক্ত-ভগৱানৰ অপৰিহাৰ্য সম্পৰ্ক, এইখিনিকে লৈ মহাপুৰুষজনাই আখ্যান-উপাখ্যান আদিৰ মাজেদি প্ৰায় ডেৰ কুৰি অধ্যায়ত মহান গ্ৰন্থখনিৰ  পৰিসমাপ্ত ঘটাইছে।

সাহিত্যিক অলংকাৰঃ কীৰ্তন পুথিখনৰ আদিৰে পৰা অন্তলৈকে পদ,ছবি,দুলড়ী আদি নানা ছন্দ প্ৰয়োগ কৰি এখন অতি মধুৰ কাব্যত পৰিণত কৰিছে। অপূৰ্ব শব্দচৰণ, ঘৰুৱা শব্দৰ সমাৱেশ, ছন্দৰ লালিত্য, ভাষাৰ মাধুৰ্য আৰু বৰ্ণনাৰ প্ৰাচুৰ্যই এক অতি মহান সাহিত্যিক সৌন্দৰ্যৰ সৃষ্টি কৰিছে। শ্ৰীকৃষ্ণৰ দৈহিক বৰ্ণনা কৰিবলৈ যাওঁতে তেৰাই লিখিছে —

“তপ্ত সূৱৰ্ণৰ সম,
জ্বলে দেহা নিৰূপম
ললিত-বলিত হাত পাল।।”

এই গ্ৰন্থখনি মই কিয় ভালপাওঃ ড° বাণীকান্ত  কাকতিদেৱৰ মতে “কীৰ্তন” চিত্ৰ-বিচিত্ৰ পখিলাৰ দৰে। ইয়াৰ সৌন্দৰ্য্য কোনো ক্ষেত্ৰতে ম্লান পৰা নাই। ই ল’ৰালিক ধেমালিৰ বস্তু দিছে,ডেকাক যৌৱন তত্ত্ব দিছে আৰু বয়োবৃদ্ধসকলক সৃষ্টিতত্ত্বৰ গভীৰ কথাৰে মহান আমোদ জগাইছে।

পুথিখনৰ আৰম্ভণিতে এইজনা মহান গুৰুৱে সমগ্ৰ মানৱ জাতিৰ প্ৰতি সভক্তিৰে প্ৰণিপাত জনাইছে, এইদৰে—-

“প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন ।
সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ।
তমু নাভি কমলত ব্ৰহ্মা ভৈলজাত।
যুগে অৱতাৰ ধৰা অসংখ্যাত ।।”

অকল এয়াই নহয় । প্ৰহ্লাদৰ হৰি-ভক্তি, হৰিশচন্দ্ৰ ন্যায় গ্ৰাহ-গজেন্দ্ৰৰ যুদ্ধ, দামোদৰ উপাখ্যান,‌ লীলা-মালা আদি বিভিন্ন আখ্যান-উপাখ্যানৰ বৰ্ণনাই মোৰ অন্তৰত দোলা দিয়ে। সেয়েহে, কীৰ্তন পুথিখন মই প্ৰাণ ভৰি ভালপাওঁ।

মন্তব্যঃ নিচেই সীমিত অভিজ্ঞতাৰে আৰু খুব কম সময়ৰ ভিতৰতে এই গ্ৰন্থখনৰ বিষয়ে প্ৰাঞ্জলভাৱে বাবে দাঙি ধৰিবলৈ যোৱাটো মোৰ বা ধৃষ্টতা মাথোন। তথাপি সাধ্যানুসাৰে দুই-এটি কৰাৰ অৱতাৰণা কৰা হৈছে।

সামৰণিঃ আপুনি কীৰ্তনৰ সুৰ ভাল নাপাব পাৰে, ইয়াৰ আখ্যান-উপাখ্যানে আপোনাক আমোদ দিব নোৱাৰিব পাৰে। কিন্তু আপুনি এই কীৰ্তনৰ সুৰৰ মাজতেই এদিন জন্ম হৈছিল আৰু এই ফুলৰ ঝাংকাৰৰ মাজেৰেই এই পৃথিৱীৰ পৰা চিৰবিদায় ল’ব লাগিব। গতিকে, কীৰ্তন পুথি আমাৰ জীৱনৰ পাথেয় স্বৰূপ হৈ থাকিব। শেষত, এই মহান গুৰুজনাৰ প্ৰতি এই গ্ৰন্থখনিৰ বাবে এফাকি ঘোষাৰে প্ৰণিপাত জনালোঁ—-

“শ্ৰীমন্ত শংকৰ হৰি ভকতৰ
জানা যেন কল্পতৰু।
তাহান্ত বিনাই নাহি নাহি নাহি
আমাৰ পৰম গুৰু।।”

Leave a Comment

error: Content is protected !!

Discover more from Bellal Hossain Mondal

Subscribe now to keep reading and get access to the full archive.

Continue reading

Scroll to Top