মোৰ প্ৰিয় সাহিত্যিক

মোৰ প্ৰিয় সাহিত্যিক – শ্ৰীমন্ত শংকৰদেৱ | Mor Priya Sahityik | দশম – দ্বাদশ শ্ৰেণীৰ ৰচনা

 আৰম্ভণিঃ
“সাহিত্য সংগীত কলা বিহীনঃ
সাক্ষাৎ পশু পুচ্ছ বিষান্নহীনঃ।”

সাহিত্য, সংগীত,কলাবিহীন লোক সাক্ষাৎ পশু সদৃশ এটা জাতিৰ এইবোৰ দাপোনস্বৰূপ। সাহিত্য, সংগীত, নৃত্যকলাৰ মাজেদি প্ৰকাশ পায় সুন্দৰতা। সত্যই ঈশ্বৰ। সাহিত্য সৃষ্টিৰ জৰিয়তে সত্যক প্ৰতিষ্ঠা কৰাই সাহিত্যিকৰ মহান ব্ৰত। সাহিত্যক সকলে তেওঁলোকৰ সাহিত্যকৃতিৰ মাজেৰে সমাজত প্ৰচলিত অন্যয়-অবিচাৰ, অনীতি-দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদৰ ধ্বনি তোলে, জীৱন আৰু জগতৰ সমস্যা সমূহ সুন্দৰ ৰূপত আমাৰ আগত দাঙি ধৰি তাৰ সমাধানৰ ইংগিত দিয়ে।  [ মোৰ প্ৰিয় সাহিত্যিক | Mor Priya Sahityik ]

সুন্দৰৰ অপূৰ্ব সুন্দৰ এই সৃষ্টি, ধৰ্মৰ গ্লানিৰে অপবিত্ৰ আৰু অসুন্দৰ হোৱাৰ সময়তে সুন্দৰতাক প্ৰকাশ কৰিবলৈ অসমত এগৰাকী ব্যক্তিৰ জন্ম হৈছিল যাৰ সাহিত্য কাননত সমগ্ৰ অসমবাসী একোপাহি পূৰ্ণবিকাশিত ফুল হৈ জিলিকি থাকাৰ সৌভাগ্য ঘটিছিল। সেইজনা সাহিত্যিক হ’ল আমাৰ চিৰ নৰস্য জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ। যিজনা সাহিত্যিক মই মোৰ মনৰ তুলচনীত প্ৰিয় সাহিত্যিক হিচাপে নিৰ্ধাৰিত কৰি লিখিবলৈ ওলাইছো।

চমু পৰিচয়ঃ অসমীয়া সাহিত্য জগতৰ আঁকৰমণি স্বৰূপ এইজনা মহাপুৰুষৰ জন্ম হয় ১৩৭১শক, ইংৰাজী ১৯৪৯ খ্ৰীষ্টাব্দত নগাঁও জিলাৰ বৰদোৱাৰ আলি পুখুৰী নামে ঠাইত। তেওঁৰ মাকৰ নাম সত্যসন্ধা আৰু পিতৃৰ নাম কুসুম্বৰ ভূঞা। সৰুতে মাক ঢুকুৱাত বুঢ়ীমাক খেৰসুতীয়ে তেঁওক ডাঙৰ দীঘল কৰে। 

শিক্ষা-দীক্ষাঃ শংকৰদেৱৰ শৈশৱ কালৰ ১১টা বছৰ আইতাকৰ আলাসৰ লাড়ু হৈ উমলি-জামলিয়েই কটাইছিল। প্ৰথমতে পঢ়া-শুনাত তেওঁৰ মতি-গতি নাছিল। বাৰ (১২) বছৰ বয়সতহে পঢ়া-শুনা কৰিবলৈ বুঢ়ীমাকে গুৰু মহেন্দ্ৰ কন্দলিৰ ঢৌলত নাম লগাই দিছিল। শংকৰদেৱ বুদ্ধিমান ছাত্ৰ আছিল। ক-ফলা শিকিয়ে তেওঁ আ-কাৰ, ই-কাৰ নোহোৱা এটি সুন্দৰ কবিতা লিখিছিল। এয়া আছিল শংকৰদেৱৰ কাব্যিক প্ৰতিভাৰ সুন্দৰ নিদৰ্শন। 

ৰচনাৱলীৰ চমু পৰিচয়ঃ শংকৰী যুগ হ’ল অসমীয়া সাহিত্যৰ সোণালী যুগ। শংকৰদেৱৰ সাহিত্যক জীৱনৰ স্ফুৰণ ঘটে তেওঁ বৰদোৱাত থকা কালতে। অসমীয়া সাহিত্যৰ দীঘলীয়া বাটত এনে এটা দিশ নাই য’ত মহাপুৰুষ জনাৰ অৱদানে পদক্ষেপ কৰা নাই। বহুমুখী প্ৰতিভা সম্পন্ন মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে গীত-নাট, অংকীয়া ভাওনা,পদপুথি, ভালেমান কাব্য, ভাগৱতৰ অনুবাদ, কীৰ্তন ঘোষা, গুণমালা আদি গ্ৰন্থৰে অসমৰ জাতীয় সাহিত্যৰ ভঁৰাল চহকী কৰিছে। তেওঁৰ ৰচনাৰাজি সমূহ তলত দিয়া ধৰণে ভাগ কৰিব পাৰি—- 

১. কাব্যঃ (ক) হৰিশচন্দ্ৰ উপাখ্যান। (খ) অজামিল উপাখ্যান। (গ) বলিচলন । (ঘ) অমৃত মন্থন। (ঙ) কালীয় দমন।

২. নাটঃ ক) ৰুক্মিণী হৰণ। খ) পাৰিজাত হৰণ। (গ) পত্নী প্ৰসাদ। (ঘ) কেলিগোপাল।(ঘ) ৰাম বিজয়।

৩. গীতঃ ক) বৰগীত। খ) ভটিমা। (গ) টোটয়। (ঘ) চপয়।

৪. নাম-প্ৰসংগঃ ক) কীৰ্তন ঘোষা। খ) গুণমালা। 

৫. অনুবাদমূলকঃ ক) ভাগৱত (১ম, ২য়, ৬ষ্ঠ, ৮ম, ১০ম, ১১শ আৰু ১২শ স্বন্ধ)। 

খ) উত্তৰাখণ্ড ৰামায়ণঃ শংকৰদেৱৰ বৰগীত সংগীত জগতৰ এক অনুপম সষ্টি। তেখেতে বাৰ কুৰি বৰগীত ৰচিছিল বুলি কোৱা হয়। কিন্তু তেখেতৰ একুৰি চৈধ্যটা বৰগীতহে সম্প্ৰতি পোৱা যায়। ভটিমা বা প্ৰশস্তি গীতবোৰ লিখি তেখেতে সাহিত্যৰ ভঁৰাল চহকী কৰিছে। বৰগীতবোৰৰ দৰে অংকীয়া নাট বা ভাওনা মহাপুৰুষ জনাৰ এক অভিনৱ সৃষ্টি। নাট-অভিনয়ৰ মৌৰসে সমগ্ৰ অসমবাসীক সেই মৌৰ মিঠা সোৱাদ দিছিল। মহাপুৰুষ জনাৰ “কীৰ্তন ঘোষা” অসমৰ মৌচাক। অসমীয়া সকলে মেই মৌচাকৰ পৰা মৌ পান কৰি আছে। ভক্তি-প্ৰদীপ, নিমি- নমসিদ্ধ সংবাদ, অনাদি-পাতন আৰু ভক্তি ৰত্নাকৰ –এই চাৰিখন ভক্তিতত্বৰ গ্ৰন্থ মহাপুৰুষ জনাৰ অৱদান। এনেদৰে শংকৰদেৱে অসমীয়া সাহিত্যক এখোপ আগুৱাই নি সাহিত্য মন্দিৰৰ বিমান সৌধ গঢ়ি তুলিলে। 

ভাল লগাৰ কাৰণঃ শংকৰদেৱে তেখেতৰ ৰচনাৰাজি প্ৰস্তুত কৰিছিল ভাগৱত,পুৰাণ প্ৰমুখে সংস্কৃত শাস্ত্ৰসমূহৰ ভিত্তিত। মহৎ সাহিত্যত থাকিব লগীয়া সকলোবোৰ গুণ তেখেতৰ সাহিত্যৰাজিত আছিল। শংকৰদেৱে অসমীয়া সমাজখনক আটক-ধুনীয়াকৈ সজাই-পৰাই অসমীয়া ভাষা সাহিত্যৰ বৰঘৰ শুৱনি কৰি বৈষ্ণৱ ধৰ্মৰ মহিমাৰে অসমবাসীৰ ডিঙিত গৌৰৱৰ জয়-মালা পিন্ধাই থৈ গ’ল। সাংসাৰিক হৈও সংসাৰৰ প্ৰতি মোহ নথকা শংকৰদেৱৰ জীৱনাদৰ্শই মোক বাৰুকৈয়ে আকৰ্ষিত কৰে। মহাপুৰুষ জনাৰ অমূল্য লিখনিৰ মাজত পোৱা আদৰ্শ, তত্ত্ব গধুৰ দৰ্শনে কেৱল মোকেই নহয়, সমগ্ৰ অসমবাসীকে মধুৰ স্বাদৰ জুতি ল’বলৈ সুযোগ দিছে। সেয়েহে তেখেত মোৰ প্ৰিয় সাহিত্যিক ৰূপে মোৰ হৃদয়ৰ মনিকোঠাত স্থান পাইছে। 

সামৰণিঃ পৃথিৱীৰ ধৰ্মীয় ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে কোনো ধৰ্মগুৰুৱে ধৰ্ম প্ৰচাৰ কৰিবলৈ গৈ শংকৰদেৱৰ দৰে নিজৰ জাতীয় ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সমৃদ্ধিৰ কাৰণে ইমান আহোপুৰুষাৰ্থ কৰা নাছিল। তেখেতে দৈনন্দিক দিলে সদাচাৰ আৰু শৃংখলা, হৃদয়ত দিলে ভক্তি আৰু প্ৰেমৰ ৰস, শৰীৰত দিলে নৃত্যৰ লাস্য, চিন্তাত দিলে ভগৱান প্ৰাপ্তিৰ বাবে অভূতপূৰ্ব ৰসময় পথৰ সন্ধান আৰু অসমীয়া জাতিক দিলে গোটেই জীৱন। সেইজনা মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰাণস্বৰূপ অসমীয়া সমাজৰ জয় হওঁক। 

শেষত কবি যতীন্দ্ৰনাথ দুৱৰাৰ ভাষাত—

“তোমাৰ জীৱনী দেৱ
লেখে এনে সাধ্যকাৰ,
গোটেই অসমজুৰি
বিস্তৃত জীৱনী যাৰ।।”

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top