মনােযােগ আৰু আগ্ৰহ (খ) | Chapter 5 | Part 2 | Class 12 Education – ASSEB

মনােযােগ আৰু আগ্ৰহ (খ) | Chapter 5 | Part 2 | Class 12 Education | Attention and Interest Solutions for Assamese Medium | Class 12 Education Question and Answer Assamese Medium | প্ৰশ্ন আৰু উত্তৰ । Class 12 Education Solutions | Questions and Answers Assam | Assam HS 2nd Year Education Textbook Solutions – AHSEC | Asseb Board | Assam State School Education Board (ASSEB)


মনােযােগ আৰু আগ্ৰহ (খ)

শুদ্ধ নে অশুদ্ধ লিখা (মূল্যাংক- ১)

1. আমাৰ কাম কৰি থকা অৱস্থাত সম্পূৰ্ণৰূপে অমনােযােগী হােৱাটো সম্ভৱ নহয়।
উত্তৰঃ শুদ্ধ।

2. শিশুৰ মনােযােগ স্বাভাৱিকতে অনভীল্পিত।
উত্তৰঃ শুদ্ধ।

3. মনােযােগ এটা মানসিক প্ৰক্ৰিয়া।
উত্তৰঃ শুদ্ধ।

4. একে সময়তে আমি একাধিক কথাত জড়িত হ’ব পাৰাে।
উত্তৰঃ অশুদ্ধ।

5. দীঘলীয়া অৱধিৰ বাবে একেটা বস্তুৱে মনােযােগ দি থাকিব নােৱাৰে।
উত্তৰঃ শুদ্ধ।
6. মানসিক স্বাস্থ্য মনােযােগৰ এটা চৰ্ত।
উত্তৰঃ শুদ্ধ।
7. অমনােযােগে মনােযােগৰ অনুপস্থিতিক নুবুজায়।
উত্তৰঃ শুদ্ধ।

8. আগ্ৰহ সামাজিক প্ৰভাৱৰ ওপৰত নিৰ্ভৰশীল।
উত্তৰঃ শুদ্ধ।

9. কণমানি শিশুৱে স্বেচ্ছাকৃত মনােযােগ দিব নােৱাৰে।
উত্তৰঃ অশুদ্ধ।

10. আগ্ৰহ হ’ল সদায় জন্মগত গুণ।
উত্তৰঃ অশুদ্ধ।

11. অমনােযােগিতাই মনােযােগৰ অনুপস্থিতিকে বুজায়।
উত্তৰঃ শুদ্ধ।

12. ৰিজনি হ’ল মনােযােগৰ এটা বস্তুগত চৰ্ত।
উত্তৰঃ শুদ্ধ।

13. আগ্ৰহ এটা জন্মগত গুণ নহয়।
উত্তৰঃ শুদ্ধ।

14. আহৰিত আগ্ৰহ স্বাভাৱিকতেই সাৰ্বজনীন।
উত্তৰঃ অশুদ্ধ।

15. মনােযােগ হ’ল এক মানসিক শক্তি।
উত্তৰঃ অশুদ্ধ।

16. আমি একে সময়তে দুটা বস্তুত ধ্যান দিব নােৱাৰোঁ।
উত্তৰঃ শুদ্ধ।

17. আমাৰ মনােযােগৰ ওপৰত আবেগৰ কোনাে প্ৰভাৱ নাই।
উত্তৰঃ অশুদ্ধ।

18. মনােযােগ আৰু সচেতনতাৰ অৰ্থ একেটাই।
উত্তৰঃ শুদ্ধ।

19. আগ্ৰহ স্থায়ী বা অস্থায়ীও হ’ব পাৰে।
উত্তৰঃ শুদ্ধ।

20. পুনাৰাবৃত্তিযে ৰাপ বঢ়ায়।
উত্তৰঃ শুদ্ধ।

21. মনােযােগ সহচৰ হয় গতি নিয়ন্ত্ৰক।
উত্তৰঃ শুদ্ধ।

22. মনােযােগ হ’ল স্বাভাৱিক আৰু প্ৰবৃত্তিগত।
উত্তৰঃ শুদ্ধ।

23. মনােযােগ হ’ল ৰাপৰ পূৰ্বচৰ্ত।
উত্তৰঃ শুদ্ধ।

24. প্ৰবৃত্তিৰ বাবে ইচ্ছাশক্তিৰ প্ৰচেষ্টাৰ প্ৰযােজন নথকা মনােযােগক কোৱা হয়। অনভীক্ষিত মনােযােগ।
উত্তৰঃ শুদ্ধ।

25. আগ্ৰহসমূহ স্থিৰ।
উত্তৰঃ অশুদ্ধ।

26. আগ্ৰহ হ’ল এটা মানসিক কাৰ্য, তেনেদৰে ৰাপ হ’ল এটা মানসিক গাঁথনি।
উত্তৰঃ শুদ্ধ।

27. আগ্ৰহ হ’ল গুপ্ত মনােযােগ, মনােযােগ হ’ল কৰ্মৰত ৰাপ।
উত্তৰঃ শুদ্ধ।

28. মনােযােগ হ’ল এক অভিপ্ৰেত তৎপৰতা।
উত্তৰঃ শুদ্ধ।

29. মনােযােগ হ’ল মনৰ আগত এটা চিন্তাৰ বস্তু পােৱাৰ এটা প্ৰক্ৰিয়া।
উত্তৰঃ শুদ্ধ।

30. বুদ্ধিমত্তা আগ্ৰহৰ এটা উৎস নহয়।
উত্তৰঃ অশুদ্ধ।

31. মনােযােগ হ’ল এটা বাছনিকৃত প্ৰক্ৰিয়া।
উত্তৰঃ শুদ্ধ।

32. মনােযােগৰ আভ্যন্তৰীণ কাৰকবােৰ হ’ল ভাবাত্মক।
উত্তৰঃ শুদ্ধ।

33. অন্যমনস্কতাই সদায় মনােযােগ বিঘ্নিত কৰে।
উত্তৰঃ শুদ্ধ।

34. আগ্ৰহ হ’ল এক গতিশীল মানসিক প্ৰক্ৰিয়া।
উত্তৰঃ শুদ্ধ।

35. আগ্ৰহে মনােযােগ সৃষ্টি কৰে, কিন্তু মনােযােগে ৰাপৰ সৃষ্টি কৰিব নােৱাৰে।
উত্তৰঃ শুদ্ধ।

36. আগ্ৰহ হ’ল স্থিৰ মানসিক গাঁথনি।
উত্তৰঃ অশুদ্ধ।

খালী ঠাই পূৰ কৰা (মূল্যাংক- ১)

1. অৱধি, প্ৰাবল্য, সঞ্চালন ইত্যাদি হ’ল _____ চৰ্ত।
উত্তৰঃ মনােযােগৰ।

2. বিপৰীত লিংগৰ প্ৰতি ব্যঃসন্ধিৰ ৰাপ হ’ল _____ ৰাপ।
উত্তৰঃ সুপ্ত।

3. ‘আগ্ৰহ হ’ল ইয়াৰ গতিশীল চৰিত্ৰৰ এটা মানসিক গুণ’ -এনেদৰে কৈছিল কোনে?
উত্তৰঃ ড্ৰেভাৰ।

4. নতুনত্ব হ’ল মনােযােগৰ এটা _____ কাৰক।
উত্তৰঃ বস্তুনিষ্ঠ।

5. কান্দি থকা শিশুৰ প্ৰতি মাকৰ মনােযােগ হ’ল _____ মনােযােগ।
উত্তৰঃ স্বতঃস্ফূৰ্ত মনােযােগ।

6. প্ৰবৃত্তিৰ আকৰ্ষণীয় দক্ষতাৰ প্ৰতি দিয়া মনােযােগক ____ হিচাপে জনা যায়।
উত্তৰঃ ইচ্ছাবিৰােধী।

7. Interest শব্দটোৰ মূল এটা লেটিন শব্দ, যাৰ অৰ্থ হ’ল _____।
উত্তৰঃ যিযে আমাক কেন্দ্ৰ কৰে।

8. মনযােগ হ’ল এটা মানসিক প্ৰক্ৰিয়া, তেনেদৰে ৰাপ হ’ল মানসিক _____।
উত্তৰঃ সংগঠন।

9. পুৰস্কাৰ মনােযােগৰ _____ এটা চৰ্ত।
উত্তৰঃ ব্যক্তিনিষ্ঠ।

10. _____ ৰ মতে আগ্ৰহ হ’ল ‘ইয়াৰ গতিশীল চৰিত্ৰৰ এটা মানসিক গুণ।’
উত্তৰঃ ড্ৰেভাৰ।

11. নিজ সন্তান প্ৰতি মাতৃৰ মৰম হ’ল _____ ৰাপ।
উত্তৰঃ সুপ্ত।

12. চিন্তা আৰু ধাৰণৰ প্ৰতি দিয়া মনােযােগক কোৱা হয় _____।
উত্তৰঃ ভাবাত্মক মনােযােগ।

13. _____ ৰ মতে ‘আমাৰ প্ৰতি ৰাপ থকা এটা বস্তু মাথোঁ এনেকুৱা যিযে আমাৰ সৈতে সম্পৰ্ক ৰাথে বা আমাৰ প্ৰতি গুৰুত্ব দিয়ে।’
উত্তৰঃ ৰ’ছ (Ross )

14. আগ্ৰহ হ’ল _____ মনােযােগ আৰু মনােযােগ হ’ল _____ ৰাপ।
উত্তৰঃ সুপ্ত, সক্ৰিয়।

15. বিপৰীত লিংগৰ প্ৰতি বয়ঃসন্ধিৰ ৰাপ হ’ল _____ ৰাপৰ এটা উদাহৰণ।
উত্তৰঃ সুপ্ত।

16. মনযােগ হ’ল আগ্ৰহ _____ ফাল।
উত্তৰঃ সক্ৰিয়।

17. পুৱাৰ বাতৰি কাকতখনৰ প্ৰতি আমাৰ ৰাপ হ’ল _____ ৰাপৰ এটা উদাহৰণ।
উত্তৰঃ ক্ষণস্থায়ী।

18. উচ্চ গ্ৰামৰ শব্দৰ প্ৰতি মনােযােগ দিয়াটো হ’ল _____ মনােযােগৰ উদাহৰণ।
উত্তৰঃ আৰােপিত।

19. _____ হ’ল মানসিকভাৱে সাজু থকা অৱস্থা।
মনােযােগ।

20. সহজাত প্ৰবৃত্তিৰ পৰা সৃষ্টি হােৱা ৰাপক কোৱা হয় _____ ৰাপ।
উত্তৰঃ জন্মগত আগ্ৰহ বা ৰাপ।

21. আগ্ৰহ হ’ল গুপ্ত মনােযােগ আৰু মনােযােগ হ’ল কাৰ্যত ৰাপ’— এই মন্তব্য কৰিছিল।
উত্তৰঃ মেকভূগেল।

22. কোনাে বাহিৰা হস্তক্ষেপ বা শক্তি অবিহনে দিয়া মনােযােগক _____ হিচাপে জনা যায়।
উত্তৰঃ ইচ্ছাকৃত।

23. পুৱাৰ বাতৰিকাকতখনৰ প্ৰতি আমাৰ ৰাপ হ’ল _____ ৰাপ।
উত্তৰঃ ক্ষণস্থায়ী।

24. পৰীক্ষাৰ সময়ত দিয়া মনােযােগ হ’ল _____ ধৰণৰ মনােযােগ।
উত্তৰঃ স্পষ্ট ঐচ্ছিক মনােযােগ।

25. মনােযােগ হ’ল চৰ্ত নিৰ্ধাৰণকাৰী _____।
উত্তৰঃ প্ৰক্ৰিয়া বা মানসিক ক্ৰিয়া।

26. মনােযােগ হ’ল এটা বিষয়ৰ ওপৰত _____ একাগ্ৰতা।
উত্তৰঃ মনৰ।

অতি চমু প্ৰশ্নোত্তৰ (মূল্যাংক- ১)

1. এজন ভােকাতুৰ মানুহে মনােযােগ দিয়ে খাদ্যৰ প্ৰতি কাৰণ দশােৱা।
উত্তৰঃ প্ৰবৃত্তিজাত সকলাে বস্তু বা কাৰ্যৰ প্ৰতি মানুহে মনােযােগ দিয়ে।

2. মনােযােগ হ’ল চিন্তাৰ উদ্দেশ্য এটাক স্পষ্টকৈ মনৰ সন্মুখত পােৱাৰ এটা প্ৰক্ৰিয়া।’— এই মন্তব্য কাৰ?
উত্তৰঃ জেমছৰ।

3. মনােযােগৰ বিস্তৃতি বুলিলে কি বুজা?
উত্তৰঃ মনােযােগৰ বিস্তৃতি বুলিলে এজন ব্যক্তিযে কোনাে এটা বস্তুৰ ওপৰত একেলগে কিমানখিনি সময় মনােযােগ দি থাকিব পাৰে তাকে বুজায়।

4. উচ্চ কোলাহল, জিকমিকোৱা পােহৰ আৰু গাঢ় ৰঙে তৎক্ষণাত আমাৰ মনােযােগ আকৰ্ষণ কৰে’— কাৰণ উল্লেখ কৰা।
উত্তৰঃ কাৰণ উচ্চ শব্দই হওক বা তীব্ৰতা পােহৰে হওক এই উদ্দীপক সমূহে আমাৰ মনােযােগ বেছিকৈ আকৰ্ষিত কৰে কাৰণ এই সমূহ মনােযােগৰ বস্তুনিষ্ঠ চৰ্ত।

5. মনােযােগৰ যিকোনাে এটা বৈষয়িক কাৰক উল্লেখ কৰা।
উত্তৰঃ আকাৰ।

6. আকাৰ মনােযােগৰ এটা চৰ্ত’– উদাহৰণ দিয়া।
উত্তৰঃ বাতৰি কাকতৰ শিৰােনামৰ আখৰবােৰে আমাৰ মনােযােগ আকৰ্ষণ কৰে।

7. মনােযােগ আৰু আগ্ৰহ একেটা মুদ্ৰাৰ ইপিঠি – সিপিঠি’— এই মন্তব্য কোনে কৰিছিল ?
উত্তৰঃ ষ্টাউটে।

8. মনােযােগ দিয়াটো হ’ল এটা নিৰ্দিষ্ট বস্তুৰ গম ল’বলৈ থিতাতে স্থিৰ কৰা আৰু সাজু হােৱা বা নিৰ্দিষ্ট কাৰ্য সম্পন্ন কৰা’ – মনােযােগৰ এই সুত্ৰ কোনে দিছিল?
উত্তৰঃ উডৱৰ্থ (Woodworth)

9.আগ্ৰহ হ’ল গুপ্ত মনােযােগ আৰু মনােযােগ হ’ল সক্ৰিয় ৰাপ’— এই মন্তব্য কোনে কৰিছিল?
উত্তৰঃ মেকভূগােলে।

10. এখন বগা দেৱালৰ এটা সৰু দাগলৈ আমি মন কৰোঁ কি?
উত্তৰঃ বৈসাদৃশ্য বস্তুৱে আমাৰ মন সহজে আকৃষ্ট কৰে। সেইবাবে বগা দেৱালখনৰ এটা সৰু দাগলৈ মন কৰাে।

11. স্বেচ্ছাকৃত মনােযােগৰ প্ৰকাৰ দুটা কি কি?
উত্তৰঃ অনুমিত আৰু স্পষ্ট।

12. স্বতঃস্ফুৰ্ত মনােযােগৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণৰ যােগে অনুৰাগী হৈ উঠা এজন ছাত্ৰই অধ্যয়নত বহাৰ সময়ত তেনে সংগীত ৰেডিঅ’ত বাজি উঠিলে অনিচ্ছা সত্বেও তাৰ প্ৰতি মনােযােগ দি উঠে।

13. Interest শব্দটোৰ মূল লেটিন অৰ্থটো কি?
উত্তৰঃ যিযে আমাক কেন্দ্ৰ কৰে।

চমু প্ৰশ্নোত্তৰ (মূল্যাংক- ২)

1. মনােযােগৰ অস্থিৰতা কি?
উত্তৰঃ মনােযােগ স্থিতিশীল নহয়, ই সদায় গতিশীল বা অস্থিৰ। ব্যক্তি মনে চেষ্টা কৰিলেও কেৱল এটা বস্তু বা বিষয়ৰ ওপৰত মনক অধিক। সময়ৰ বাবে ধৰি ৰাখিব পৰা নাযায়। মনােযােগৰ অস্থিৰতা হৈছে এক প্ৰধান বৈশিষ্ট্য।

2. স্বতঃস্ফুৰ্ত মনােযােগ কি?
উত্তৰঃ এইবিধ মনােযােগ অনৈচ্ছিক যদিও ব্যক্তি মনৰ মুক্ততা আৰু স্বতঃস্ফুৰ্ততাৰ ভাব পৰিলক্ষিত হয়। ইয়াত প্ৰবৃত্তিমূলকভাৱে দিয়া। মনােযােগৰ যান্ত্ৰিকতা ভাব নাথাকে। ইয়াৰ পৰিবৰ্তে ইন্দ্ৰিয় অনুভূতিৰ পুনৰাবৃত্তিৰ ফলত স্থায়ী ৰূপত গঢ় লৈ উঠে।

3. “ মনােযােগৰ সৈতে ইতিবাচক আৰু নেতিবাচক দিশ জড়িত হৈ থাকে ” — ব্যাখ্যা কৰা।
উত্তৰঃ মনােযােগৰ দুটা দিশ আছে, এটা ইতিবাচক আৰু আনটো নেতিবাচক। বাহয় জগতৰ যিটো বিষযৰ পৰা মনােযােগ আঁতৰাই অনা হয় সেই দিশটোক মনােযােগৰ নেতিবাচক দিশ বুলি জনা যায়। আৰু বাহয়িক জগতৰ যিটো বিষয়ত মনােযােগ দি থকা যায় সেইটোক ইতিবাচক দিশ বুলি জনা যায়।

4. ‘ অভীপ্সিত মনােযােগে আগ্ৰহ সৃষ্টি কৰিব পাৰে ‘ – এটা উদাহৰণ দিয়া।
উত্তৰঃ অভীতি বা অনৈচ্ছিক মনােযােগে ৰাপৰ সৃষ্টি কৰিব পাৰে। উদাহৰণ স্বৰূপে উজ্জ্বল পােহৰ বা তীব্ৰতাই ইন্দ্ৰিক আকৰ্ষণ কৰি আগ্ৰহৰ প্ৰৱণতাক সৃষ্টি কৰে। শিশুসকলৰ মনােযােগ এইবিধ মনােযােগৰ অন্তৰ্ভুক্ত।

5. মনােযােগ আন ফাললৈ নিযা দুটা কাৰকৰ নাম লিখা।
উত্তৰঃ মনােযােগৰ দুটা কাৰক হ’ল—
(১) আকাৰ:- সৰু বস্তুতকৈ ডাঙৰ আকাৰৰ বস্তুৱে আমাক বেছি আকৰ্ষিত কৰে।
(২) তীব্ৰতা:- উজ্জল আৰু তীব্ৰতা বেছি থকা বস্তুৱে আমাক বেছিকৈ আকৰ্ষণ কৰে।

6. আগ্ৰহ কি?
উত্তৰঃ কোনাে এক বস্তু বা বিষয়ৰ লগত ব্যক্তি জড়িত থকা বা সম্বন্ধ। থকা অৱস্থাই হৈছে আগ্ৰহ। মই খেলৰ প্ৰতি আগ্ৰহী বােলােতে প্ৰকৃতপক্ষে মই খেলাৰ লগত জড়িত হৈ থকা অৱস্থাকেই বুজায়।

7. মনােযােগৰ বিস্তৃতি কি?
উত্তৰঃ মনােযােগৰ বিস্তৃতি বা পৰিসৰ বুলিলে সাধাৰণতে এজন ব্যক্তিযে। কোনাে এটা বস্তু বা বিষয়ৰ ওপৰত একেলগে কিমানখিনি সময় মনােযােগ দি থাকিব পাৰে সেই সময়খিনিকে বুজায়। স্মৃতি আদি মানসিক প্ৰক্ৰিয়াৰ দৰে মনােযােগৰাে পৰিসৰ সীমাবদ্ধ।

8. আগ্ৰহৰ দুটা বৈশিষ্ট্য কি?
উত্তৰঃ আগ্ৰহৰ দুটা বৈশিষ্ট্য হ’ল —
(১) আগ্ৰহ হৈছে ব্যক্তিৰ সুপ্ত আৰু অন্তৰ্নিহিত মানসিক অৱস্থা।
(২) ই মনৰ ব্যক্তিনিষ্ঠ আনুভূমিক অভিজ্ঞতাৰ পৰা সৃষ্টি হয়।

9. আগ্ৰহৰ দুটা পাৰিপাৰ্শ্বিক কাৰক উল্লেখ কৰা।
উত্তৰঃ আগ্ৰহৰ দুটা পাৰিপাৰ্শ্বিক কাৰক হ’ল—
(১) সুস্থ পবিবেশ। পৰিৱেশৰ কোনাে এক বিষয়বস্তু ওপৰত কেন্দ্ৰিভূত কৰি তােলা এক মানসিক ক্ৰিয়া প্ৰচেষ্টা। এটা সময়ত আমি বহুতাে উদ্দীপক প্ৰত্যক্ষ কৰাে কিন্তু সকলাে বস্তুকে একে সময়তে মনােযােগ দিব নােৱাৰে। পৰিৱেশৰ পৰা যি বস্তুৱে আমাৰ মন আকৰ্ষিত কৰিব পাৰে তাকেহে মনােযােগ দিব পাৰে। গতিকে ই্যাক এটা বাছনি কৃতকাৰ্য বােলা হয়।

10. অস্থায়ী আগ্ৰহ কি?
উত্তৰঃ মন আগ্ৰহ বা কম সময়ৰ বাবে বৰ্তি থকা অৱস্থাক অস্থায়ী ৰাপ। বােলে। এনে আগ্ৰহ একো – একোটা বিশেষ ক্ষণ বা পৰিস্থিতিতহে ব্যক্তিৰ মনত শক্তিশালী ৰূপত দেখা দিয়ে।

11. ধাৰণাগত মনােযােগ কি?
উত্তৰঃ ধাৰণাগত বা ভাবাত্মক মনােযােগ নিজৰ নিজৰ চিন্তা ভাবনাৰ ফলত সৃষ্টি হয়। এই মনােযােগ প্ৰদানৰ কালত বাস্তৱ পৰিস্থিতিৰ বিষয়বস্তুৰে মনােযােগক আকৰ্ষিত কৰিব নােৱাৰে। ইয়াৰ বিপৰীতে ব্যক্তিগত ধাৰণা, মনৰ ভাব – চিন্তা আবেগ – অনুভূতি আদিয়ে। মনােযােগক নিৰ্ধাৰণ আৰু পৰিচালনা কৰে।

12. মনােযােগৰ দুটা বৈষয়িক চৰ্ত লিখা।
উত্তৰঃ মনােযােগৰ দুটা বৈষয়িক বা বাহয়িক চৰ্ত হ’ল—
(১) গতিশীলতা। আৰু
(২) নতুনতা।

13. মনােযােগৰ বৈষযিক চৰ্তসমূহ কি কি?
উত্তৰঃ মনােযােগৰ বৈষয়িক চৰ্তসমূহ হ’ল—
(১) তীব্ৰতা।
(২) আকাৰ।
(৩) গতিশীলতা।
(৪) নতুনত্ব।
(৫) পুনৰাবৃত্তি।

14. ক্ষণস্থায়ী আগ্ৰহ কি?
উত্তৰঃ স্থায়ী আগ্ৰহ বা ৰাপৰ বিপৰীতে ব্যক্তিৰ মনত কম সময়ৰ বাবে বৰ্তি থকা আগ্ৰহক অস্থায়ী বা ক্ষণস্থায়ী বাপ বােলা হয়। এনে ৰাপ একো একোটা বিশেষ ক্ষণতে ব্যক্তিৰ মনত শক্তিশালী ৰূপত দেখা দিয়ে। সেই সময় আৰু পৰিস্থিতি সলনি হ’লে ৰাপ দুৰ্বল আৰু বিলুপ্ত হৈ পৰে।

15. মনােযােগ কি?
উত্তৰঃ মনােযােগ হৈছে সচেতন মনক নিয়ন্ত্ৰিত কৰি পৰিবেশৰ কোনাে এক বিষয়বস্তু ওপৰত কেন্দ্ৰিভূত কৰি তােলা মানসিক ক্ৰিয়া প্ৰচেষ্টা। ই হৈছে কোনাে বস্তুক নিৰীক্ষণ কৰিবৰ বাবে অথবা কোনাে কাম কৰিবৰ বাবে সাজু হােৱা কাৰ্য।

16. মনােযােগক কিয় অনুসন্ধানী প্ৰক্ৰিয়া হিচাপে বিবেচনা কৰা হয় ?
উত্তৰঃ মনােযােগ প্ৰদানৰ বেলিকা মনৰ এক অনুসন্ধানমূলক কাৰ্য সংঘটিত হৈ থাকে। ফলত পৰৱৰ্তী মুহূৰ্তত কোনটো অধিক আকৰ্ষণীয়। বিষাৰ প্ৰতি মনােযােগ দিয়া হ’ব তাৰ অনুসন্ধানকাৰ্য এক অব্যক্ত ৰূপত চলি থাকে।

17. আহৰিত আগ্ৰহ কি?
উত্তৰঃ শিক্ষা অভিজ্ঞতা আহৰণ আৰু আভ্যাস গঠনৰ ফলত পূৰ্বে আগ্ৰহ নথকা বস্তু আৰু বিষযৰ প্ৰতি অৱশেষত আগ্ৰহ সৃষ্টি হৈ উঠিব পাৰে। তেনে আগ্ৰহক আৰ্জিত আগ্ৰহ বােলা হয়।

প্ৰশ্নোত্তৰ (মূল্যাংক- ৩)

1. সচেতনতাৰ ওপৰত আলােকপাত কৰা এটা প্ৰক্ৰিয়া হিচাপে মনােযােগ ব্যাখ্যা আগবঢ়োৱা।
উত্তৰঃ মনােযােগ মনৰ এক ধীশক্তি নহয় বৰং ব্যক্তি মনৰ ই এক ক্ৰিয়া – প্ৰচেষ্টাহে মাথােন। এনে প্ৰচেষ্টাৰ যােগেদি মনে সচেতনতাক কেন্দ্ৰিভূত। কৰি পৰিবেশৰ এটা বস্তু বা বিষয়ৰ ওপৰত মনক ধৰি ৰাখিব পাৰে। ই সচেতন মনক নিয়ন্ত্ৰিত কৰি পৰিবেশৰ কোনাে এক বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিযা হয়। ইয়াৰ যােগেদি চঞ্চল আৰু গতিশীল মনক ধৰি ৰাখি। পৰিস্থিতিৰ প্ৰযােজন অনুসৰি প্ৰয়ােগ কৰিব পাৰি।

2. ভাব প্ৰকাশক মনােযােগৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ ব্যক্তিগত মনৰ ভাব – চিন্তা আদিয়ে মনােযােগক নিৰ্ধাৰণ আৰু পৰিচালনা কৰে। উদাহৰণস্বৰূপে এজন ছাত্ৰই শ্ৰেণীকক্ষত বহি থাকিও শিক্ষক প্ৰতি মনােযােগ প্ৰদান কৰিব নােৱাৰি পূৰ্ব অভিজ্ঞতাৰ স্মৃতিৰ ভাবজগতত বিভােৰ হৈ থকা ভাব – প্ৰকাশক মনােযােগৰ উদাহৰণ।

3. ধাৰণাগত মনােযােগৰ তিনিটা উদাহৰণ দিয়া।
উত্তৰঃ ধাৰণাগত মনােযােগৰ তিনিটা উদাহৰণ হ’ল—
(১) এজন ছাত্ৰই শ্ৰেণীকোঠাত বহি থাকিলেও শিক্ষক প্ৰতি মনােযােগ প্ৰদান নকৰি পূৰ্ব অভিজ্ঞতাৰ স্মৃতিৰ ভাবজগতত বুৰ গৈ থকা।
(২) আগত নাথাকিলেও কোনাে বন্ধুৱে আগতে কৰা কোনাে বিশেষ কামৰ প্ৰতি মনােযােগী হেৱাি।
(৩) ল’ৰালীকালৰ দুষ্টামিবােৰ মনত কৰি আপােনা – আপুনি হাঁহি থকাটো এই মনােযােগৰ অন্তৰ্ভুক্ত।

4. মনােযােগ সদায় পৰিবৰ্তনশীল’- ব্যাখ্যা কৰা।
উত্তৰঃ মনােযােগ স্থিতিশীল নহয়। ই সদায় গতিশীল আৰু পৰিবৰ্তনশীল। একে সময়ত একাধিক বিষযৰ প্ৰতি মনােযােগ প্ৰদান কৰিব নােৱাৰি। ব্যক্তি মনে চেষ্টা কৰিলেও কেৱল এটা বস্তু বা বিষয়ৰ ওপৰত মনক অধিক সময়ৰ বাবে ধৰি ৰাখিব পৰা নাযায়। মনােযােগৰ স্থায়ীত্বহীনতা হৈছে এক প্ৰধা বৈশিষ্ট্য।

5. তুমি জ্ঞানেন্দ্ৰিয়গত মনােযােগ দিবলগীয়া হােৱা এটা উদাহৰণ দিয়া।
উত্তৰঃ আমি যেতিয়া ইন্দ্ৰিয়গ্ৰাহয় উদ্দীপকৰ প্ৰতি মনােযােগ দিওঁ তেতিয়া তাক জ্ঞানেন্দ্ৰিয়গত মনােযােগ বােলে। উদাহৰণস্বৰূপে পঢ়ি থকা সময়ত এটা বিশেষ গােন্ধ পাকঘৰৰ পৰা অহাৰ ফলত সৃষ্টি হােৱা মনােযােগ।

6. ইতিবাচক আৰু নেতিবাচক মনােযােগৰ দিশসমূহ উদাহৰণসহ ব্যাখ্যা কৰা।
উত্তৰঃ মনােযােগ প্ৰদান কাৰ্য মনৰ ইতিবাচক আৰু নেতিবাচক ক্ৰিস্বৰূপে অভিহিত কৰিব পাৰি। এনে এটা বস্তু বা বিষাত মনােযােগ দিয়া মানে পূৰ্বৰ বিষৰ পৰা মনােযােগ তুলি লােৱাকে বুজায়। উদাহৰণস্বৰূপে পঢ়ি থকা সময়ত যদি ভালপােৱা গান টিভি বা ৰেডিঅ’ত বাজি উঠে, আমাৰ মনােযােগে পঢ়াৰ পৰা আঁতৰি গান শুনাত মনােযােগ দিয়া হয়।

7. ‘আগ্ৰহে ক্লান্তি ৰােধ কৰে’— ব্যাখ্যা কৰা।
উত্তৰঃ দৈহিকভাৱে সুস্থ আৰু স্বাস্থ্যবান লােকেহে পৰিবেশ পৰিস্থিতিৰ প্ৰতি আগ্ৰহী হৈ উঠিব পাৰে। দৈহিক অক্ষমতা আৰু ৰােগগ্ৰস্ততা আগ্ৰহৰ বাবে প্ৰতিবন্ধক স্বৰূপ। দৈহিকভাৱে ক্লান্ত কোনাে লােকে স্বতঃস্ফুৰ্তভাৱে মনৰ আগ্ৰহ প্ৰকাশ কৰিব নােৱাৰে। যদি কোনাে বস্তুৰ বা বিষয়ৰ প্ৰতি আগ্ৰহ থাকে তেন্তে ক্লান্তি হােৱা কতা আহি নপৰে। কাৰণ আগ্ৰহ বা ৰাপে ক্লান্ত। হােৱাত বাধা প্ৰদান কৰে।

8. আগ্ৰহক কিয় সুপ্ত মনােযােগ বুলি কোৱা হয় ব্যাখ্যা কৰা।
উত্তৰঃ আগ্ৰহক মেকভূগেলে মনােযােগৰ এক সুপ্ত অন্তৰ্নিহিত অবস্থা স্বৰূপে বৰ্ণনা কৰিছে। মনােযােগৰ মানসিক কাৰণ হৈছে মন আগ্ৰহ। ইয়াৰ অভাৱত মনােযােগ দিব পৰা নাই। আকৌ আৰ্জিত শিক্ষা – অভিজ্ঞতা। অভ্যাস আদিয়েও মনত আগ্ৰহৰ’ সৃষ্টি কৰি মনােযােগৰ মানসিক প্ৰস্তুতি আনি দিয়ে। সেযেহে আগ্ৰহ মনােযােগৰ প্ৰধান চৰ্ত বিশেষ।

9. জ্ঞানেন্দ্ৰিয়গত মনােযােগ কি?
উত্তৰঃ পৰিবেশৰ উদ্দীপকৰ পৰা পােৱা প্ৰত্যক্ষ সংবেন অনুভূতিৰ যােগে যি মনােযােগ দিয়া হয়, তাক সংবেদনাত্মক বা জ্ঞানেন্দ্ৰিয়গত মনােযােগ বােলে। এই প্ৰত্যক্ষ বিষয়বস্তুৰ উদ্দীপন ক্ষমতা গ্ৰহণেন্দ্ৰিযৰ গ্ৰহণক্ষমতা আৰু সচেতন মনৰ কেন্দ্ৰিভূত ক্ষমতা বিশেষভাৱে প্ৰযােজন হয়। দৃষ্টি, শব্দ, ঘ্ৰাণ, স্পৰ্শ আৰু স্বাদ সংবেদন অনুভূতিৰ প্ৰতিক্ৰিয়া স্বৰূপে এইবিধ মনােযােগ দিয়া হয়।

10. অভীপ্সিত মনেযােগ কি? উদাহৰণ দিয়া।
উত্তৰঃ মনােবিদ ৰ’ছৰ (Rross) ৰ মতে ব্যক্তি মনৰ ইচ্ছাশক্তি বা আত্ম – সন্মানমূলক পৰিস্থিতিৰ সৃষ্টি নােহােৱা অৱস্থাত পৰিৱেশৰ বিষয়বস্তুৰ প্ৰতি প্ৰবৃত্তিমূলক অথবা ভাববৃত্তিমূলক প্ৰভাৱত দিয়া মনােযােগেই হৈছে। অভীন্সিত বা অনৈচ্ছিক মনােযােগ | বহিঃজগতৰ বিষয় বস্তুবেই এইবিধ মনােযােগক প্ৰভাৱিত আৰু পৰিচালিত কৰে। যেনে— উজ্জল পােহৰ ৰা তীব্ৰ শব্দই ইন্দ্ৰিক আকৰ্ষণ কবি মনােযােগৰ প্ৰবণতাক সৃষ্টি কৰে। ফলত ব্যক্তিযে অনিচ্ছাকৃতভাৱে হ’লেও মনােযােগ দিয়ে।

11. অনুমিত মনােযােগৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ যিবিলাক ঐচ্ছিক মনােযােগত ইচ্ছাশক্তিক এবাৰ প্ৰয়ােগ কৰিলেই দীৰ্ঘদিনৰ বাবে কোনাে এটা কথাত মনােযােগ দি থাকিব পাৰি তাকে অনুমিত মনােযােগ বােলে। যেনে— সুখ্যাতিৰে পৰীক্ষাত উত্তীৰ্ণ হম বুলি ভবা ছাত্ৰজনে গােটেই বছৰ জুৰি পঢ়া – শুনাত মনােযােগ দিয়ে।

12. বিশ্লেষণাত্মক মনােযােগৰ প্ৰকৃতি উদাহৰণসহ ব্যাখ্যা কৰা।
উত্তৰঃ কোনাে বস্তুৰ প্ৰতিটো অংশৰ প্ৰতি পৃথক পৃথক মনােযােগ দিয়াটোৱেই বিশ্লেষণাত্মক মনােযােগ। এনে মনােযােগত বিষয়বস্তুৰ আটাইবিলাক সৰু সৰু অংশ পুংখানুপুংখভাৱে চালিজাৰি চোৱা হয়। যেনে – এজন বিজ্ঞানীযে তেওঁৰ পৰীক্ষাগাৰত অধ্যয়ন কৰােতে এই বিশ্লেষণাত্মক মনােযােগ প্ৰয়ােগ কৰা দেখা যায়।

13. বাহিৰৰ তীব্ৰ কোলাহলেও আমনি কৰিব নােৱৰা এগৰাকী নিদ্ৰামগ্ন মাতৃযে তেওঁৰ ৰুগীয়া সন্তানটোৰ আনকি অনুচ্চ কান্দোনটোৰ প্ৰতিও মনােযােগ দিয়ে ‘ — কাৰণটো কি?
উত্তৰঃ সন্তানৰ প্ৰতি মাতৃৰ সুপ্ত আগ্ৰহৰ কাৰণে মনােযােগ সৃষ্টি হয়। অনৈচ্ছিক মনােযােগৰ এটা প্ৰকাৰ হৈছে স্বতঃস্ফুৰ্ত মনােযােগ। ইন্দ্ৰিয়ৰ। ওপৰত উদ্দীপক কোনাে ধৰণৰ বাধ্যবাধকতা আৰােপ নকৰিলেও ইন্দ্ৰিয়ৰ পূৰ্ব অভিজ্ঞতাৰ ফলত কিছুমান উদ্দীপকৰ প্ৰতি মনােযােগ আকৰ্ষিত হয়। গতিকে সন্তানৰ কান্দোনৰ প্ৰতি মাতৃৰ মনােযােগ আপােনা আপােনি মনলৈ সৃষ্টি হয়।

প্ৰশ্নোত্তৰ (মূল্যাংক- ৪)

1. বলবৎ কৰা আৰু স্বতঃস্ফূৰ্ত মনােযােগ।
উত্তৰঃ আৰােপিত মনােযােগ:- আৰােপিত মনােযােগ হৈছে প্ৰবৃত্তিমূলক। এইবিধ অনৈচ্ছিক মনােযােগত বিষয়বস্তুৰ ইন্দ্ৰিয় আকৰ্ষণীয়তাই। মনােযােগক টানি নিযে। উজ্জ্বল পােহৰ বা তীব্ৰ শব্দই ইন্দ্ৰিক আকৰ্ষণ কৰি পৰিবেশৰ আন উদ্দীপকৰ পৰিবৰ্তে সেই উদ্দীপকসমূহৰ প্ৰতি মনােযােগ নিক্ষেপ কৰে। ফলত আৰােপিত মনােযােগত ব্যক্তিযে। অনিচ্ছাকৃতভাৱে হ’লেও মনােযােগ দিয়ে।

স্বতঃস্ফূৰ্ত মনােযােগ:- এইবিধ মনােযােগ অনৈচ্ছিক যদিও ব্যক্তি মনৰ। মুক্ততা আৰু স্বতঃস্ফুৰ্ততাৰ দ্বাৰা পৰিচালিত হয়। এই মনােযােগত ইন্দ্ৰিয় অনুভূতিৰ পুনৰাবৃত্তিৰ ফলত স্থায়ী ৰূপত গঢ়ি উঠা ভাববৃত্তিযে মনােযােগক প্ৰভাৱিত কৰি তােলে, ফলত ই স্বতঃস্ফুৰ্ত ভাৱে প্ৰকাশ পায়।

2. আগ্ৰহ হ’ল মনােযােগৰ পূৰ্বচৰ্ত’— ব্যাখ্যা কৰা।
উত্তৰঃ আগ্ৰহক মেভুগেলে মনােযােগৰ এক সুপ্ত অৱস্থা ৰূপে বৰ্ণনা কৰিছে। মনােযােগ মানসিক কাৰণ হৈছে মনৰ আগ্ৰহ। ইয়াৰ অভাৱত মনােযােগ দিব পৰা নাযায়, আকৌ আৰ্জিত শিক্ষা – অভিজ্ঞতা, অভ্যাস আদিয়েও মনত আগ্ৰহ সৃষ্টি কৰি মনােযােগৰ মানসিক প্ৰস্তুতি আনি দিয়ে। প্ৰত্যেক ব্যক্তিয়ে নিজৰ আগ্ৰহ থকা বস্তুৰ প্ৰতি বেছি মনােযােগী হয়। যেনে— ধৰ্মানুৰাগী এজন ব্যক্তিযে ধৰ্মমূলক কথা যেনেদৰে মনােযােগ দি শুনিব তেওঁ ফুটবল খেলৰ প্ৰতি কেতিয়াও সিমান মনােযােগী নহয়। সেইদৰে ৰাজনীতি কৰা বা ভালপােৱা ব্যক্তিজনে পূবাই বাতৰি কাকতখন মেলি লৈ প্ৰথমেই ৰাজনৈতিক ঘটনাৰ শিৰােনামবােৰ পঢ়ে। গতিকে আগ্ৰহক মনােযােগৰ পূৰ্বচৰ্ত বুলি কোৱা হয়।

 

3. ‘শিক্ষাত মনােযােগ আৰু আগ্ৰহ হ’ল উপায় আৰু পৰিসমাপ্তি ‘ – ব্যাখ্যা কৰা।
উত্তৰঃ শিক্ষা ক্ষেত্ৰত আগ্ৰহৰ ভূমিকা অসীম। আগ্ৰহ হ’ল ব্যক্তিৰ সুপ্ত আৰু অন্তৰ্নিহিত মানসিক অবস্থা। এই আগ্ৰহে শিক্ষা ক্ষেত্ৰত ছাত্ৰ – ছাত্ৰীৰ ক্ৰিয়া। – আচৰণত গতিশীলতাৰ শক্তি প্ৰদান কৰে। আগ্ৰহে মনােযােগৰ সৃষ্টি কৰি শিক্ষাক সাৰ্থক কৰি তুলিব পাৰে। আগ্ৰহ নাথাকিলে ছাত্ৰ এজনে শিক্ষণীয়। বিষযৰ প্ৰতি মনােযােগ দিব নােৱাৰে। সেয়েহে আগ্ৰহক শিক্ষাৰ মাধ্যম। বা উপায ( mean) আৰু সমাপ্তি বা লক্ষ্য (end) বুলিও কোৱা হয়।

শিক্ষকে শিক্ষাদান আৰু শিক্ষা গ্ৰহণ কাৰ্য অধিক সফল কৰি তুলিবৰ বাবে উপযুক্ত শিক্ষাদান পদ্ধতি আৰু কৌশল অবলম্বন কৰিব পাৰে। উপযুক্ত শিক্ষণীয় পৰিবেশ গঠনৰ জৰিয়তে ছাত্ৰ – ছাত্ৰীৰ মনত শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহ জন্মােৱাত শিক্ষকৰ ভূমিকা অসীম। বৰ্তমানৰ শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত ছাত্ৰ – ছাত্ৰী প্ৰযােজনসমূহ পূৰণৰ জৰিয়তে তেওঁলােকৰ মনত স্থায়ী আগ্ৰহ স্থাপনৰ ব্যৱস্থা কৰিব লাগে।

4. প্ৰকাশ্য আৰু গুপ্ত মনােযােগ।
উত্তৰঃ প্ৰকাশ্য আৰু গুপ্ত মনােযােগক ক্ৰমে স্পষ্ট আৰু অনুমিত মনােযােগ বুলিও কোৱা হয়। প্ৰকাশ্য মনােযােগ ব্যক্তি তৎকালীন পৰিস্থিতিৰ প্ৰয়োজনীয়তাৰ দ্বাৰা প্ৰভাৱিত হয়। বাস্তৱ পৰিস্থিতিৰ প্ৰভাৱত ইচ্ছাকৃতভাৱে মনােযােগ দিয়াটো ইয়াত অনিবাৰ্য হৈউঠে। যেনে— ছাত্ৰই পৰীক্ষাৰ সময়ত অধ্যয়নত দিয়া মনােযােগ।

কোনাে এটা বিশেষ বিষয় বা কাৰ্যৰ প্ৰতি দীৰ্ঘ দিন ধৰি ঐচ্ছিক মনােযােগ প্ৰদান কৰা হয়, যাক অনুমিত বা গুপ্ত মনােযােগ বুলি কোৱা হয়। ইয়াত জ্ঞানৰ গভীৰতা আৰু ইচ্ছা আগ্ৰহে ব্যক্তিক কোনাে বিষযৰ প্ৰতি। গভীৰভাৱে আভ্যন্তৰীণ ৰূপত জড়িত কৰি তােলে।

5. মনােনীত আৰু অমনােনীত আগ্ৰহ।
উত্তৰঃ সুপ্ত আগ্ৰহ হৈছে জন্মগত আৰু জৈৱিক প্ৰযােজন ভিত্তিক আনহাতে। আজিত আগ্ৰহ হৈছে শিক্ষামূলক আৰু পৰিবেশৰ প্ৰভাৱ সাপেক্ষ। সুপ্ত আগ্ৰহ হৈছে অনৈচ্ছিক বিধৰ আৰু আৰ্জিত আগ্ৰহ হৈছে মনৰ ইচ্ছা আৰু ক্ৰিয়া। তৎপৰতাই সক্ৰিয় কৰি তােলা মানসিক অৱস্থা। সুপ্ত আগ্ৰহ ব্যক্তিৰ গােটেই জীৱনত একেদৰে নাথাকে কিন্তু আৰ্জিত আগ্ৰহ গােটেই জীৱনব্যাপী একেদৰে থাকিব পাৰে। সুপ্ত আগ্ৰহৰ অভিজ্ঞতা সাৰ্বজনীন কিন্তু আৰ্জিত। আগ্ৰহ অভিজ্ঞতা একান্তব্যক্তিগত। শিশুৱে থেল – ধেমালিৰ প্ৰতি দেখুওৱা আগ্ৰহ হ’ল এই সুপ্ত আগ্ৰহ। উদাহৰণ এজন চিকিৎসকে ৰােগীৰ প্ৰতি দেখুওৱা আগ্ৰহ হ’ল আৰ্জিত আগ্ৰহৰ উদাহৰণ।

6. অস্থিৰ মনােযােগ বুলিলে তুমি কি বুজা ব্যাখ্যা কৰা।
উত্তৰঃ মনযােগ স্থিতিশীল নহয়, ই সদায় গতিশীল আৰু অস্থিৰ। ব্যক্তি মনে চেষ্টা কৰিলেও কেৱল এটা বস্তু বা বিষয়ৰ ওপৰত মনক অধিক সময়ৰ বাবে ধৰি ৰাখিব পৰা নাযায়। মনােযােগ স্থায়িত্বহীনতা হৈছে এক : প্ৰধান বৈশিষ্ট্য। পৰিবেশৰ বিষয়বস্তুৰ প্ৰতি প্ৰবৃত্তিমূলক প্ৰভাৱত দিয়া। মনােযােগেই হৈছে অস্থিৰ মনােযােগ। বিষয়বস্তুব উদ্দীপনা ক্ষমতা বা আকৰ্ষণীয়তাৰ ওপৰত ই নিৰ্ভৰ কৰে। উজ্জল পােহৰ বা তীব্ৰ শব্দই ইন্দ্ৰিযক আকৰ্ষণ কৰি মনােযােগৰ প্ৰৱণতা সৃষ্টি কৰে। ফলত ব্যক্তিযে অনিচ্ছাকৃতভাৱে মনােযােগ দিয়ে। শিশুসকলৰ মনােযােগক অস্থিৰ মনােযােগ বুলি ক’ব পাৰি।

7. জ্ঞানেনিন্দ্ৰয়গত মনােযােগ আৰু ধাৰণাগত মনােযােগ।
উত্তৰঃ উদ্দীপকৰ পৰা প্ৰত্যক্ষভাৱে সংবেদন লাভৰ ফলত যি মনােযােগ দিয়া হয় তাক সংবেদনাত্মক মনােযােগ বােলা হয়। এই মনােযােগৰ বাবেই আমি ইন্দ্ৰিয়গ্ৰাহয় বস্তুৰ প্ৰতি আকৰ্ষিত হওঁ। দৃষ্টি, শক, গন্ধ, স্পৰ্শ, স্বাদ আদি সংবেদন অনুভূতিৰ ফলত দিয়া মনােযােগ এনে ধৰণৰ। প্ৰাকৃতিক সৌন্দৰ্য, সংগীত আদিৰ প্ৰতি মনােযােগ সংবেদনাত্মক মনােযােগ।

ভাবাত্মক মনােযােগ ইন্দ্ৰিয়যােগে গােৱা প্ৰত্যক্ষ সংবেদনৰ ওপৰত নিৰ্ভৰ নকৰে। ইয়াৰ বাবে প্ৰযােজন হয় অতীত অভিজ্ঞতাৰ পূৰ্ব অভিজ্ঞতা থকা কোনাে বস্তু বা ভাব চিন্তা, আৱেগ আদিৰ প্ৰতি যেতিয়া মনােযােগ দিওঁ। তাক ভাবত্মক মনােযােগ বােলে।

8. মনােযােগ আৰু আগহৰ মাজত সম্পৰ্ক আলােচনা কৰা।
উত্তৰঃ মনােযােগ আৰু আগ্ৰহৰ সম্বন্ধ:- মনােযােগ আৰু আগ্ৰহ এটাৰ লগত আনটো বিশেষভাৱে জড়িত। মনােযােগ হ’ল কোনাে বস্তু বা বিষয় সম্পৰ্কে একান্তভাবে সচেতন হােৱা। ই মনৰ এক সক্ৰিয় অবস্থা, য’ত মানসিক নিৰ্বাচন, সংগঠন আৰু প্ৰচেষ্টামূলক কাৰ্যসমূহ সংঘটিত হয়।

আনহাতে, আগ্ৰহ হৈছে মনােযােগৰ আভ্যন্তৰীণ কাৰণ। ই ব্যক্তিমনৰ প্ৰৱণতা, আৱেগ, অনুভূতি, ইচ্ছা, ভাব বৃত্তি আদিৰ এক সুপ্ত অবস্থা। ই ব্যক্তিৰ সুপ্ত আৰু সহজাত প্ৰবৃত্তিৰ ওপৰত অধিক নিৰ্ভৰ কৰে। কোনাে বস্তুৰ প্ৰতি আগ্ৰহ জন্মিলেহে আমি তাৰ প্ৰতি মনােযােগ দিব পাৰোঁ। সেযে মনােযােগ আৰু আগ্ৰহক ষ্টাউটে এটা মুদ্ৰাৰ দুটা পিঠি বুলি ব্যাখ্যা কৰিছে। কিয়নাে। কোনাে বস্তু বা বিষয়ৰ প্ৰতি আমাৰ আগ্ৰহ আছে বুলিলে বুজিব লাগিব যে তাৰ প্ৰতি মনােযােগ দিবলৈ মনৰ প্ৰস্তুতি আছে।

আনহাতে কোনাে বস্তুৰ প্ৰতি মনােযােগী বুলি ক’লে বুজিব লাগিব সেই কামৰ প্ৰতি আমাৰ মানসিক প্ৰৱণতাৰ কাৰ্যতৎপৰতা প্ৰকাশ পাইছে। সেইবাবে মেকডুগালে কৈছে যে— ‘আগ্ৰহ হৈছে সুপ্ত মনােযােগ আৰু মনােযােগ হ’ল ক্ৰিয়াশীল আগ্ৰহ।’ মনৰ
অন্তনিহিত আগ্ৰহৰ ফলত মনােযােগ সৃষ্টি হয়। আগ্ৰহেই মনােযােগৰ বিষয়বস্তু নিৰ্দ্ধাৰণ কৰে। অৱশ্যে আগ্ৰহ যিদৰে মনােযােগৰ কাৰণ, মনােযােগে সেইদৰে আগ্ৰহৰ কাৰণ হৈ উঠিব পাৰে।

মনােবিদ ৰচৰ (Ross) মতে প্ৰত্যেক প্ৰেৰণামূলক কাৰ্যৰ পাছত কোনাে এক মানসিক সংগঠনে কাম কৰে। গতিকে মনােযােগৰ পাছত কাম কৰা। মানসিক প্ৰৱণতাই হৈছে আগ্ৰহ। সেয়েহে মনােযােগ আৰু আগ্ৰহক এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি ক’ব পাৰি।

9. মনােযােগ আৰু আগ্ৰহ একেটা মুদ্ৰাৰে ইপিঠি – সিপিঠি— ব্যাখ্যা কৰা।
উত্তৰঃ মনােযােগ আৰু আগ্ৰহ এটাৰ লগত আনটো বিশেষভাবে জড়িত। মনােযােগ ই’ল কোনাে বস্তু বা বিষয় সম্পৰ্কে একান্তভাবে সচেতন হােৱা। ই মনৰ এক সক্ৰ্যি অবস্থা, যত মানসিক নিৰ্বাচন, সংগঠন আৰু প্ৰচেষ্টামূলক কাৰ্য্যসমূহ সংঘটিত হয়। আনহাতে আগ্ৰহ হৈছে মনােযােগৰ আভ্যন্তৰীণ কাৰণ। ই ব্যক্তিমনৰ প্ৰৱণতা, আৱেগ, অনুভূতি, ইচ্ছা, ভাব বৃত্তি আদিৰ এক সুপ্ত অৱস্থা। ই ব্যক্তিৰ সুপ্ত আৰু সহজাত প্ৰবৃত্তিৰ ওপৰত অধিক নিৰ্ভৰ কৰে। কোনাে বস্তুৰ প্ৰতি আগ্ৰহ জন্মিলেহে আমি তাৰ প্ৰতি মনােযােগ দিব পাৰোঁ।

সেয়ে মনােযােগ আৰু আগ্ৰহক ষ্টাউটে এটা মুদ্ৰাৰ দুটা পিঠি বুলি ব্যাখ্যা কৰিছে। কিয়নাে কোনাে বস্তু বা বিষয়ৰ প্ৰতি আমাৰ আগ্ৰহ আছে বুলিলে বুজিব লাগিব যে তাৰ প্ৰতি মনােযােগ। দিবলৈ মনৰ প্ৰস্তুতি আছে। আনহাতে কোনাে বস্তুৰ প্ৰতি মনােযােগী বুলি ক’লে বুজিব লাগিব সেই কাম। প্ৰতি আমাৰ মানসিক প্ৰৱণতাৰ। কাৰ্যতৎপৰতা প্ৰকাশ পাইছে। সেইবাবে মেকডুগালে কৈছে যে —আগ্ৰহ হৈছে সুপ্ত মনােযােগ আৰু মনােযােগ হ’ল ক্ৰিয়াশীল আগ্ৰহ। মনৰ অন্তনিহিত আগ্ৰহৰ ফলত মনােযােগৰ সৃষ্টি হয়। আগ্ৰহেই মনােযােগৰ বিষয়বস্তু নিৰ্দ্ধাৰণ কৰে। অৱশ্যে আগ্ৰহ যিদৰে মনােযােগৰ কাৰণ, মনােযােগাে সেইদৰে আগ্ৰহৰ কাৰণ হৈ উঠিব পাৰে।

মনােবিদ ৰচৰ (Ross ) মতে প্ৰত্যেক প্ৰেৰণামূলক কাৰ্যৰ পাছত কোনাে এক মানসিক সংগঠনে কাম কৰে। গতিকে মনােযােগৰ পাছত কাম কৰা মানসিক প্ৰৱণতাই হৈছে আগ্ৰহ। সেয়েহে মনােযােগ আৰু আগ্ৰহক এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি ক’ব পাৰি।

10. মনােযােগৰ অনুপস্থিতিষে আগ্ৰহ অনুপস্থিতিৰ ইংগিত দিয়ে ‘ আলােচনা কৰা।
উত্তৰঃ মনােযােগ আৰু আগ্ৰহ এটাৰ লগত আনটো বিশেষভাৱে জড়িত। মনােযােগ হ’ল কোনাে বস্তু বা বিষয় সম্পৰ্কে একান্তভাবে সচেতন হােৱা। ই মনৰ এক সক্ৰিয় অৱস্থা, য’ত মানসিক নিৰ্বাচন, সংগঠন আৰু প্ৰচেষ্টামূলক কাৰ্য্যসমূহ সংঘটিত হয়। আনহাতে আগ্ৰহ হৈছে মনােযােগৰ আভ্যন্তৰীণ কাৰণ। ই বাক্তিমনৰ প্ৰৱণতা, আবেগ, অনুভূতি, ইচ্ছা, ভাব বৃত্তি আদিল এক সুপ্ত অৱস্থা। ই ব্যক্তিৰ সুপ্ত আৰু সহজাত প্ৰবৃত্তিৰ ওপৰত অধিক নিৰ্ভৰ কৰে।

কোনাে বস্তুৰ প্ৰতি আগ্ৰহ জন্মিলেহে আমি তাৰ প্ৰতি মনােযােগ দিব পাৰাে। সেযে মনােযােগ আৰু আগ্ৰহক ষ্টাউটে এটা মুদ্ৰাৰ দুটা পিঠি বুলি ব্যাখ্যা কৰিছে। কিয়নাে কোনাে বস্তু বা বিষয়ৰ প্ৰতি আমাৰ আগ্ৰহ আছে বুলিলে বুজিব লাগিব যে তাৰ প্ৰতি মনােযােগ দিবলৈ মনৰ প্ৰস্তুতি আছে।
আনহাতে কোনাে বস্তুৰ প্ৰতি মনােযােগী বুলি ক’লে বুজিব লাগিব সেই কামৰ প্ৰতি আমাৰ মানসিক প্ৰৱণতাৰ কাৰ্যতৎপৰতা প্ৰকাশ পাইছে। সেইবাবে মেকডুগালে কৈছে যে আগ্ৰহ হৈছে সুপ্ত মনােযােগ আৰু মনােযােগ হ’ল ক্ৰিয়াশীল আগ্ৰহ মনৰ অন্তনিহিত আগ্ৰহৰ ফলত মনােযােগৰ সৃষ্টি হয়। আগ্ৰহেই মনােযােগৰ বিষয়বস্তু নিৰ্দ্ধাৰণ কৰে। অৱশ্যে আগ্ৰহ যিদৰে মনােযােগৰ কাৰণ, মনােযােগাে সেইদৰে আগ্ৰহৰ। কাৰণ হৈ উঠিব পাৰে।

মনােবিদ ৰচৰ (Ross) মতে প্ৰত্যেক প্ৰেৰণামূলক কাৰ্যৰ পাছত কোনাে এক মানসিক সংগঠনে কাম কৰে। গতিকে মনােযােগৰ পাছত কাম কৰা। মানসিক প্ৰৱণতাই হৈছে আগ্ৰহ। সেয়েহে মনােযােগ আৰু আগ্ৰহক এটা মুদ্ৰৰ ইপিঠি সিপিঠি বুলি ক’ব পাৰি।

ৰচনাধৰ্মী প্ৰশ্নোত্তৰ (মূল্যাংক- ৫ / ৬)

1. আগ্ৰহৰ বৈশিষ্ট্যবােৰ ব্যাখ্যা কৰা।
উত্তৰঃ ৰাপ বা আগ্ৰহৰ বৈশিষ্ট্যবােৰ হ’ল—
(১) আগ্ৰহ হৈছে ব্যক্তিৰ সুপ্ত আৰু অন্তৰ্নিহিত মানসিক অৱস্থা।
(২) ই মনৰ ব্যক্তিনিষ্ঠ আনুভূমিক অভিজ্ঞতাৰ পৰা সৃষ্টি হয়।
(৩) আগ্ৰহে ব্যক্তিৰ ক্ৰিয়া – আচৰণত গতিশীলতাৰ শক্তি প্ৰদান কৰে। (৪) ই ক্ষণস্থায়ী আৰু দীৰ্ঘস্থায়ী দুযাে বিধৰেই হৈ উঠিব পাৰে।
(৫) মনৰ আগ্ৰহসমূহৰ ব্যক্তিৰ জৈৱিক প্ৰযােজন, প্ৰেৰণা, কামনা আৰু অভিপ্ৰায় আদিৰ পৰা উদ্ভৱ হ’ব পাৰে।
(৬) আগ্ৰহে মনােযােগ সৃষ্টি কৰি শিক্ষাক সাৰ্থক কৰি তুলিব পাৰে।
(৭) মনৰ স্থায়ী আগ্ৰহে ব্যক্তিৰ ক্ৰিয়া – আচৰণত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব পাৰে।

2. মনােযােগ কি? ইয়াৰ নিৰ্ধাৰকবােৰ ব্যাখ্যা কৰা।
উত্তৰঃ কোনােবা এটা নিৰ্বাচিত উদ্দীপকক সচেতন মনৰ কেন্দ্ৰস্থলত স্থাপন কৰা মানসিক প্ৰক্ৰিয়াকে মনােযােগ বােলে। মনােযােগৰ নিৰ্ধাৰকবােৰ হ’ল—
(১) আকাৰ:- বাহয়িক জগতৰ সৰু বস্তুতকৈ যিবােৰ বস্তুৰ আকাৰ ডাঙৰ সেইবােৰে আমাৰ মনােযােগ সােনকালে আকৰ্ষণ কৰে।

(২) তীব্ৰতা:- উজ্জল পােহৰ, তীব্ৰ গােন্ধ, ডাঙৰ শব্দ আদিয়ে সহজে মনােযােগ আকৰ্ষণ কৰে।

(৩) নতুনত্ব:- পুৰণা বস্তুতকৈ নতুন বস্তুৰ প্ৰতি মানুহৰ আগ্ৰহ স্বাভাবিকতে বেছি।

(৪) পৰিবৰ্তন:- কেতিয়াবা হঠাতে হােৱা কিছুমান পৰিবৰ্তনেও আমাৰ মনােযােগ আকৰ্ষণ কৰে।

(৫) বৈসদৃশ্য:- বাটেদি যােৱা এজন অতি ওথ আৰু অতি চাপৰ মানুহে আমাৰ মনােযােগ আকৰ্ষণ কৰে।

(৬) দীৰ্ঘস্থায়িত্ব:- উদ্দীপকৰ স্থায়িত্বব ওপৰতাে আমাৰ মনােযােগ বহু পৰিমাণে নিৰ্ভৰ কৰে।

(৭) আগ্ৰহ:- প্ৰত্যেক ব্যক্তিয়ে নিজৰ আগ্ৰহ থকা বস্তুৰ প্ৰতি বেছি মনােযােগী হয়।

(৮) প্ৰবৃত্তি:- প্ৰবৃত্তিজাত সকলাে বস্তু বা কাৰ্যৰ প্ৰতি মানুহ মনােযােগী হয়।

(৯) অভ্যাস:- অভ্যাস গঠন হােৱাৰ ফলতাে কোনাে বিষয় বা কামৰ প্ৰতি মানুহ মনােযােগী হয়।

(১০) অভিজ্ঞতা:- অতীত অভিজ্ঞতা হ’ল মনােযােগৰ এক অন্যতম কাৰণ। এই অভিজ্ঞতাৰ সহায়ত নতুন বিষয়ত জ্ঞান আহৰণৰ বাবে আমি মনােযােগ দিওঁ।

3. আগ্ৰহ কি? ই নিৰ্ভৰ কৰা উৎস। কাৰকসমূহ কি কি?
উত্তৰঃ আগ্ৰহ হ’ল মনােযােগৰ এটি অপৰিহাৰ্য অংগ। আগ্ৰহ হৈছে কিছুমান মানসিক সংগঠন যি সংগঠনে ব্যক্তিক কিছুমান বস্তু বা কাৰ্যৰ প্ৰতি মনােযােগ আকৰ্ষণ কৰাত সহায় কৰে।

আগ্ৰহ শব্দটো আচলতে গ্ৰীক ভাষাৰ পৰা অহা যিটোৰ থুলমূল অৰ্থ হ’ল— যিযে আমাক কেন্দ্ৰ কৰে সেই আগ্ৰহ। পৰিবেশৰ বিষয়বস্তুৰ সংস্পৰ্শত বা সম্বন্ধ স্থাপনৰ ফলত সুপ্ত জৈৱ মানসিক উপাদানবােৰ সক্ৰিয় হৈ উঠে আৰু আগ্ৰহ সৃষ্টি হয়।
আগ্ৰহৰ উৎস বা কাৰকসমূহ হ’ল—
(১) দৈহিক অৱস্থা:- এজন দৈহিকভাবে সুস্থ মানুহ বিভিন্ন কাম তথা। পৰিস্থিতিৰ প্ৰতি আগ্ৰহী হয়। দৈহিকভাৱে ক্লান্ত বা অসুস্থ ব্যক্তিযে কোনাে ক্ষেত্ৰতেই নিজৰ আগ্ৰহ ব্যক্ত কৰি নােৱাৰে।

(২) বৌদ্ধিক যােগ্যতা:- হীন বুদ্ধিৰ মানুহ এজনতকৈ তীক্ষ্ণ বুদ্ধিৰ মানুহৰ মনত পৰিবেশৰ বিভিন্ন বস্তুৱে আগ্ৰহ সৃষ্টি কৰিব পাৰে।

(৩) লিংগ পাৰ্থক্য:- লিংগ অনুযায়ী ব্যক্তি আগ্ৰহ পৰিবৰ্তন হয়। মহিলাৰ আগ্ৰহৰ লগত পুৰুষৰ আগ্ৰহ পাৰ্থক্য দেখা যায়।

(৪) পৰিবেশৰ প্ৰভাৱ:- আগ্ৰহৰ আন এটা প্ৰয়ােজনীয় উৎস হ’ল। পৰিৱেশৰ প্ৰভাৱ। ভাল আৰু সুন্দৰ পৰিবেশে মানুহৰ মনত সহজে আৰু সােনকালে আগ্ৰহ সৃষ্টি কৰে।।

(৫) শিক্ষণ পদ্ধতি:- শিক্ষা প্ৰদানৰ ক্ষেত্ৰত শিক্ষকে যদি বিজ্ঞানসন্মত আৰু উন্নত পদ্ধতি প্ৰযােগ কৰে তেনেহ’লে ছাত্ৰ – ছাত্ৰীৰ মনত শিক্ষা গ্ৰহণৰ [গ্ৰহ জন্মাব পাৰে।

4. মনােযােগ কি? মনােযােগৰ কেইটামান গুৰুত্বপূৰ্ণ সূত্ৰ দিয়া।
উত্তৰঃ মনােযােগ হৈছে সচেতন মনক নিয়ন্ত্ৰিত কৰি পৰিবেশৰ কোনাে এক বিষয়বস্তুৰ ওপৰত কেন্দ্ৰিভূত কৰি তােলা মানসিক ক্ৰিয়া প্ৰচেষ্টা। নিৰ্দিষ্ট কোনাে বস্তু বা বিষযৰ প্ৰতি এজন ব্যক্তিযে নিজৰ চেতনা আৰােপ কৰাটোৱেই হ’ল মনােযােগৰ মূল উদ্দেশ্য।
মনােবিদ ৰছৰ (ROSS ) মতে মনৰ আগত কোনাে এটা বস্তুৰ ভাবধাৰা পৰিষ্কাৰকৈ পাবৰ বাবে মনােযােগ এটা প্ৰক্ৰিয়া মাথােন।
উইলিয়াম মেকভূগেলৰ মতে মনােযােগ হৈছে ক্ৰিয়া বৃত্তি বা প্ৰচেষ্টা যাক সংজ্ঞায়ক প্ৰক্ৰিয়াৰ স্বৰূপ বুলি ধৰি ল’ব পৰা যায়।
মনােবিজ্ঞানী ৰাইবাৰ্ণ (Ryburn) ৰ মতে মনােযােগ হৈছে কোনাে এক ব্যক্তিত্বৰ অনুভূতি, ইচ্ছা, ক্ৰিয়াবৃত্তি আৰু সংজ্ঞানাত্মক ক্ৰিয়া মাথােন। উডৱৰ্থে মনােযােগ মনৰ স্থিৰতা মাথােন বুলি অভিমত কৰিছিল। মনৰ স্থিতা সদায বাছনিমুখী আৰু স্পষ্ট হয়।

5. বিভিন্ন প্ৰকাৰৰ আগ্ৰহৰ বিষয়ে ব্যাখ্যা কৰা।
উত্তৰঃ ৰাপ বা আগ্ৰহক তাৰ প্ৰযোগকৰণৰ বিবেচনাৰে নিম্নলিখিত বিভাজনকেইটা দাঙি ধৰিব পৰা যায়।
(১) সুপ্ত আগ্ৰহ:- আগ্ৰহৰ উৎস হৈছে সুপ্ত মানসিক প্ৰৱণতাসমূহ। এই জৈৱিক প্ৰৱণতাৰ বাবেই পৰিস্থিতিৰ সংস্পৰ্শ আৰু সান্নিধ্য লাভ কৰি আগ্ৰহ সৃষ্টি কৰে আৰু তাক সক্ৰিয় ৰূপত মনােযােগ আকাৰে প্ৰকাশ লাভ কৰি। উঠে। যেনে – নৱজাত শিশুৰ মাতৃস্তন পানৰ আগ্ৰহ।

(২) আৰ্জিত আগ্ৰহ:- শিক্ষা – অভিজ্ঞতা আহৰণ আৰু অভ্যাস গঠনৰ ফলত পূৰ্বে আগ্ৰহ নথকা বস্তু আৰু বিষয়ৰ প্ৰতি অৱশেষত মানুহৰ সৃষ্টি হৈ উঠিব পাৰে। তেনে আগ্ৰহক আৰ্জিত আগ্ৰহ বােলা হয়। ব্যক্তিৰ প্ৰযােজন আৰু পৰিবেশৰ প্ৰাপ্ত অভিজ্ঞতা অনুসৰি এইবিধ আগ্ৰহ মনত গঢ়ি উঠে।

(৩) স্থায়ী আগ্ৰহ:- সময়ৰ ব্যৱধানেৰে আগ্ৰহক স্থায়ী আৰু অস্থায়ীভাৱে দুটা ভাগত বিভক্ত কৰিব পাৰি। মনৰ আগ্ৰহ দীৰ্ঘ সময়ৰ বাবে বৰ্তি থকা অৱস্থাক স্থায়ী আগ্ৰহ বােলা হয়। সময়ৰ অগ্ৰগতিযে ব্যক্তি – মনৰ আগ্ৰহক দুৰ্বল আৰু বিলুপ্ত কৰি পেলাব নােৱাৰে।

(৪) অস্থায়ী আগ্ৰহ:- স্থায়ী আগ্ৰহৰ বিপৰীতে ব্যক্তিৰ মনত কম সময়ৰ বাবে বৰ্তি থকা আগ্ৰহক অস্থায়ী আগ্ৰহ বােলা হয়। এনে আগ্ৰহ একো। একোটা বিশেষ ক্ষণ বা পৰিস্থিতিতহে ব্যক্তি মনত শক্তিশালী ৰূপত দেখা। দিয়ে। দৈনিক বাতৰি কাকতখন পুৱাৰ বেলিকা পঢ়ুৱৈনৰ বাৰে যিমান আগ্ৰহৰ হৈ উঠে গধূলি সময়লৈ তাৰ প্ৰতি আগ্ৰহ তেনে অৱস্থাত নাথাকে।

6. মনােযােগৰ উন্নত মনােনিবেশৰ বাবে কেইটামান পৰামৰ্শ আগবঢ়োৱা।
উত্তৰঃ মনােযােগ ধৰি বা উন্নত কৰি ৰাখিবৰ কাৰণে তলত সংক্ষেপে কেতবােৰ ব্যৱস্থা উল্লেখ কৰা হ’ল—
(১) অভ্যাস গঠন:- মুনক নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টাক পুনৰাবৃত্তি কৰণৰ যােগে স্থায়ী ৰূপ দান কৰি অভ্যাসত পৰিণত কৰিব পৰা যায়।

(২) অনুশাসনৰ প্ৰভাৱ আনুষ্ঠানিক শিক্ষাব্যৱস্থাৰ যােগে অভ্যাস গঠনৰ লগে লগে ছাত্ৰ – ছাত্ৰীৰ ক্ৰিয়া – আচৰণত শিক্ষকে অনুশাসনৰ প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিব লাগে।

(৩) অভিবােচনৰ সৃষ্টিকৰণ:- শিক্ষকে পাঠদানকাৰী ৰূপে ভূমিকা গ্ৰহণৰ পৰিবৰ্তে ছাত্ৰৰ মনত অভিৰােচনৰ সৃষ্টিকাৰী ৰূপেহে ভূমিকা গ্ৰহণ কৰিব লাগে। ই এক মনােবৈজ্ঞানিক কৌশল যাৰ দ্বাৰা মনােযােগ ধৰি ৰাখিব পাৰি।

(৪) ক্ৰিয়াৰ যােগেদি শিক্ষা:- সক্ৰিয় শিক্ষা পদ্ধতিযে শিক্ষাৰ্থী মনােযােগ সহজতে আকৰ্ষিত কৰিব পাৰে। – আত্ম – ক্ৰিয়াৰ যােগেদি আত্ম শিক্ষাই ছাত্ৰৰ মনত আত্মবিশ্বাস গঢ়ি তুলিব পাৰে, যি তেওঁৰ মনােযােগক। ইচ্ছাকৃত কৰি তুলিব পাৰে।

(৫) আদৰ্শ পৰিবেশ:- মনােযােগ প্ৰদানৰ বাবে শিক্ষা – পৰিবেশক নিয়ন্ত্ৰিত কৰি তােলাটো অতি প্ৰযােজনীয়। এক আদৰ্শ পৰিবেশতহে ব্যক্তি প্ৰবৃত্তিমূলক প্ৰৱণতাবােৰক নিয়ন্ত্ৰিত কৰি মনক শিক্ষা বিষয়ত কেন্দ্ৰিভূত কৰি তুলিব পাৰি। ছাত্ৰ – ছাত্ৰীসকলে পৰিবেশৰ পৰিস্থিতি অনুসৰিহে নিজৰ প্ৰতিক্ৰিয়া আচৰণ আৰু মনােযােগ প্ৰযােগ কৰে।

7. মনােযােগৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ মনােবিজ্ঞানীসকলে মনােযােগৰ কেইটামান বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰিছে। সেইবােৰ হ’ল—
(১) মনােযােগ মনৰ শক্তি নহয়, ই এক মানসিক ক্ৰিহে।

(২) মনােযােগৰ ক্ষেত্ৰত সচেতন মনক পৰিৱেশৰ কোনাে বিষয় বস্তুৰ ওপৰত আৰােপিত কৰা হয়।

(৩) আমাৰ পঞ্চেন্দ্ৰিক প্ৰভাৱিত কৰা সকলাে বিষয় প্ৰতি মনােযােগ প্ৰদান কৰা নহয়, মনােযােগ এটা সময়ত এক বিশেষ বস্তু বা বিষয়ৰ ওপৰতহে নিবদ্ধ কৰা হয়।

(৪) নিৰ্বাচনধৰ্মিতা মনােযােগৰ এক বিশেষ বৈশিষ্ট্য। মনােযােগ প্ৰদানৰ বাবে মনে সদায় এক বিশেষ বিষয্য বা বস্তু নিৰ্বাচন কৰি লয়।

(৫) মনােযােগ গতিশীল। এটা বস্তু বা বিষয়ৰ ওপৰত মনােযােগ বেছি সময় ধৰি ৰাকিব নােৱাৰি। ই এটা বিষযৰ পৰা আন এটা বিষযলৈ অতি ক্ষীপ্ৰ গতিত সঞ্চাৰিত হােৱা দেখা যায়।

(৬) মনােযােগৰ আন এটি বৈশিষ্ট্য হ’ল ইয়াৰ নিৰ্দ্ধাৰণী বা নিয়ন্ত্ৰণমূলক ক্ৰ্যি। মনােযােগ প্ৰদানৰ ক্ষেত্ৰত মনক জোৰ কৰি কোনাে বিশেষ বস্তু। আৰু বিষয়ৰ ওপৰত নিবদ্ধ বা আৰােপিত কৰা হয়।

(৭) মনােযােগৰ সহায়ত মানুহৰ কৌতুহল পূৰণ হয়। কাৰণ ই ব্যক্তিক অনুসন্ধান কাৰ্যত সহায় কৰে। সেইকাৰণে অনুসন্ধানধৰ্মিত মনােযােগৰ এক বৈশিষ্ট্য বুলি গণ্য কৰে।

(৮) সীমাবদ্ধতা মনােযােগৰ আন এক বৈশিষ্ট্য। এটা বিশেষ সময়ৰ ভিতৰত মাথােন, কেইবিধমান বিষয় বা বস্তুৰ প্ৰতিহে মনােযােগ প্ৰদান কৰিব পাৰি। বহুসংখ্যক বিষয়লৈ মনােযােগ প্ৰদান অসম্ভৱ।

8. আগ্ৰহৰ বিভিন্ন উৎসৰ বিষয়ে ব্যাখ্যা কৰা।
উত্তৰঃ আগ্ৰহৰ মূল উৎসসমূহ তলত আলােচনা কৰা হ’ল—
(১) দৈহিক অৱস্থা:- আগ্ৰহৰ এটা মুখ্য উৎস হ’ল– দৈহিক সুস্থতা। এজন দৈহিকভাৱে সুস্থ মানুহ বিভিন্ন কাম তথা পৰিস্থিতিৰ প্ৰতি আগ্ৰহী হয়। কিন্তু দৈহিকভাৱে ক্লান্ত বা অসুস্থ ব্যক্তিযে কোনাে ক্ষেত্ৰতেই নিজৰ আগ্ৰহ ব্যক্ত কৰিব নােৱাৰে।

(২) বৌদ্ধিক যােগ্যতা:- বৌদ্ধিক যােগ্যতাও আগ্ৰহৰ আন এটা গুৰুত্বপূৰ্ণ দিশ। হীন বুদ্ধিৰ মানুহ এজনতকৈ তীক্ষ্ণ বুদ্ধিৰ মানুহৰ মনত পৰিবেশৰ বিভিন্ন বস্তুৱে আগ্ৰহ সৃষ্টি কৰিব পাৰে।

(৩) লিংগ পাৰ্থক্য:- লিংগ অনুযায়ী ব্যক্তি আগ্ৰহৰ পৰিৱৰ্তন হয়। মহিলা বা ছােৱালীৰ আগ্ৰহৰ লগত পুৰুষ বা ল’ৰাৰ আগ্ৰহৰ পাৰ্থক্য দেখা যায়।

(৪) পৰিবেশৰ প্ৰভাৱ:- আগ্ৰহৰ আন এটা প্ৰযােজনীয় উৎস হ’ল পৰিবেশৰ প্ৰভাৱ। ভাল আৰু সুন্দৰ পৰিবেশে মানুহৰ মনত সহজে আৰু সােনকালে আগ্ৰহ সৃষ্টি কৰিব পাৰে।

(৫ ) শিক্ষণ পদ্ধতি:- আগ্ৰহ সৃষ্টিৰ ক্ষেত্ৰত শিক্ষণ পদ্ধতিৰ ধনাত্মক আৰু ঋণাত্মক প্ৰভাৱ দেখা যায়। শিক্ষা প্ৰদানৰ ক্ষেত্ৰত শিক্ষকে যদি। বিজ্ঞানসন্মত আৰু উন্নত শিক্ষণ পদ্ধতি প্ৰয়ােগ কৰে তেনেহ’লে ছাত্ৰ – ছাত্ৰীৰ মনত শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহ জন্মাব পাৰে।

9. শিক্ষা মনযােগৰ গুৰুত্ব সম্পৰ্কে আলােচনা কৰা।
উত্তৰঃ শিক্ষাত মনােযােগ আৰু আগ্ৰহৰ গুৰুত্ব:- শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দিশত সকলাে ছাত্ৰ – ছাত্ৰীৰ বিকাশ ঘটোৱাটোৱেই হৈছে শিক্ষাৰ উদ্দেশ্য। এই উদ্দেশ্য সাধনৰ বাবে বিভিন্ন বিষয়ৰ প্ৰতি ছাত্ৰ – ছাত্ৰীৰ মনােযােগ আকৰ্ষণ কৰােৱাব পাৰিব লাগিব। কিন্তু আগ্ৰহৰ অবিহনে মনােযােগ সম্ভব নহয় আৰু মনােযােগৰ অবিহনে কোনাে কথা শিকা সম্ভৱ নহয়। সেইবাবে শিক্ষাৰ আচল মৌলিক কথা হ’ল ছাত্ৰ – ছাত্ৰীৰ মনত। বিভিন্ন বিষযৰ প্ৰতি আগ্ৰহ জন্মােৱা।

ছাত্ৰ – ছাত্ৰীৰ মনবিলাক যদি কিছুমান আলী আৰু খােলা বটলৰ দৰে হ’লহেঁতেন তেন্তে সেইবিলাকক ইচ্ছানুযায়ী বিভিন্ন জ্ঞানেৰে ভৰপূৰ কৰিব পৰা হ’লহেঁতেন। কিন্তু দুৰ্ভাগ্যক্ৰমে শিক্ষা দান আৰু শিক্ষা আহৰণ কাৰ্য বটলত পানী ভৰােৱাৰ দৰে কেৱল এক যান্ত্ৰিক প্ৰক্ৰিয়া নহয়। এই প্ৰক্ৰিয়াত শিক্ষাৰ্থী আৰু শিক্ষক দুযােৰে সুক্ৰিয় সহযােগিতাৰ নিতান্ত আৱশ্যক। এনে সহযােগিতাৰ বাবে প্ৰযােজন শিক্ষাৰ্থীৰ ক্ষেত্ৰত বিভিন্ন বিষয়ত থকা উপযুক্ত পৰিমাণৰ আগ্ৰহ আৰু শিক্ষকৰ ক্ষেত্ৰত ছাত্ৰ – ছাত্ৰীৰ মনােযােগ আকৰ্ষণ কৰিব পৰা ক্ষমতা আৰু কৌশল এই দুটাৰ সংমিশ্ৰণতহে শিক্ষাৰ দান – আহৰণ প্ৰক্ৰিয়া কাৰ্যকৰী হ’ব পাৰে।

এই সন্দৰ্ভত শিক্ষানুষ্ঠানসমূহৰ ঘাই দায়িত্ব দুটা—
১। ছাত্ৰ – ছাত্ৰীৰ মনােযােগ আকৰ্ষণ কৰা (Drawing students attention)।
২। ছাত্ৰ – ছাত্ৰীৰ মনত নতুন আগ্ৰহ সৃষ্টি কৰা (Creating new interests in students ) এই সংক্ৰান্তত কেইটামান প্ৰযােজনীয় কথা উল্লেখ কৰা হৈছে।

ছাত্ৰ – ছাত্ৰীৰ মনােযােগ আকৰ্ষণ কৰা—
১। ব্যসৰ বিভিন্ন স্তৰত মনােযােগৰ বিষয়বস্তু কেনেকৈ পৰিৱৰ্তন হয় সেই কথা শিক্ষক শিক্ষয়িত্ৰীসকলে ভালকৈ জনা প্ৰযােজন।

২। কম বয়সী শিশুৰ মনােযােগ অনৈচ্ছিক আৰু সংবেদনাত্মক। সেইবাবে প্ৰাথমিক স্তৰত শিক্ষাদান কৰা শিক্ষক – শিক্ষয়িত্ৰীসকলে সততে আকৰ্ষণীয় দৃশ্য – শ্ৰব্য সঁজুলি ব্যৱহাৰ কৰিব লাগে।

৩। মাধ্যমিক স্তৰত শিক্ষক – শিক্ষয়িত্ৰীসকলে ছাত্ৰ – ছাত্ৰীৰ আগ্ৰহ থকা বিষয়ৰ লগত পঠনীয় সামগ্ৰী সংযােগ কৰিবলৈ চেষ্টা কৰা উচিত।

৪। নিম্নস্তৰত পিৰিয়ডবিলাক চুটি হ’ব লাগে যাতে ছাত্ৰ – ছাত্ৰীযে পঢ়ি আমনি নাপায়।

৫। পাঠ্যক্ৰম, পাঠদান পদ্ধতি আদি ছাত্ৰ – ছাত্ৰীৰ বয়সৰ উপযােগী হ’ব লাগে।

৬। পাঠ্যক্ৰমত সন্নিৱিষ্ট বিষয়সমূহৰ লগত পাৰ্যমানে দৈনন্দিন জীৱন নিৰ্বাহ প্ৰণালীৰ কৰিবলৈ চেষ্টা কৰিব লাগে।

৭। মনােযােগ আকৰ্ষণৰ বাবে পুৰস্কাৰ আৰু শাস্তিৰ সস্তীয়া কৌশলৰ পৰিৱৰ্তে শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ – ছাত্ৰীৰ মনত স্বতঃস্ফূৰ্ত মনােযােগ সৃষ্টি কৰিবলৈ চেষ্টা কৰা উচিত।

ছাত্ৰ – ছাত্ৰীৰ মনত আগ্ৰহ জন্মােৱা—
১। শিক্ষক – শিক্ষয়িত্ৰীৰ কটুক্তি আৰু বক্ৰ সমালােচনাই ছাত্ৰ – ছাত্ৰীক পঢ়া – শুনাৰ প্ৰতি নিৰুৎসাহ কৰে। তেখেতসকলে প্ৰত্যেক ছাত্ৰ – ছাত্ৰীক কৃতকাৰ্যতাৰে অভিজ্ঞতা প্ৰদান কৰি বিষয়বস্তুৰ প্ৰতি আগ্ৰহ জন্মাবলৈ চেষ্টা কৰা উচিত।

২। শিক্ষাদান পদ্ধতি ব্যৱহাৰিক আৰু কৰ্মমুখী হ’ব লাগে, আৰু দ্বিতীয়তে, বাস্তৱ জীৱনত আহৃত শিক্ষাৰ প্ৰযােগ ছাত্ৰ – ছাত্ৰীযে স্পষ্টকৈ দেখিবলৈ পাব লাগে, তেহে তেওঁলােকৰ বিষয়বস্তু সম্বন্ধে আগ্ৰহ সৃষ্টি হ’ব।

৩। পাঠ্যপুথিৰ সীমিত বিষয়বস্তুৰ অলিম লৈযেই শিক্ষক – শিক্ষয়িত্ৰীযে বিষয়টোৰ বহল আৰু আকৰ্ষণীয় পৰিসৰৰ লগত ছাত্ৰ – ছাত্ৰীক পৰিচয় কৰােৱাব পাৰিব লাগে। ইয়াৰ বাবে দৃষ্টান্ত, উপমা আৰু নানান কথাৰ। প্ৰসংগ অৱতাৰণা কৰা প্ৰযােজন।

৪। অধ্যয়ন আৰু কলা – সংস্কৃতিৰ বিভিন্ন দিশত শিক্ষক – শিক্ষয়িত্ৰীসকলৰ নিজৰ আগ্ৰহ থাকিব লাগিব, তেতিয়াহে তেখেতসকলে ছাত্ৰ – ছাত্ৰীৰ মনত আগ্ৰহ জন্মাব পাৰিব।

৫। শিক্ষানুষ্ঠানবিলাকে সহপাঠ্যক্ৰমৰ বিভিন্ন কাৰ্যসূচী নিষ্ঠা সহকাৰে হাতত ল’ব লাগে, এইবিলাকে ছাত্ৰ – ছাত্ৰীৰ মনত আগ্ৰহ সৃষ্টি হােৱাত প্ৰচুৰ সহায় কৰে।

10. মনােযােগক বিভিন্ন ধৰণে শ্ৰেণীবিভক্ত কৰা আৰু প্ৰতিটো ধাৰণকে উদাহৰণসহ ব্যাখ্যা কৰা।
উত্তৰঃ মনােবিজ্ঞানীসকলে মনােযােগক বিভিন্ন ভাগত ভাগ কৰিছে। সেয়া হ’ল—

(১) ঐচ্ছিক আৰু অনৈচ্ছিক মনােযােগ (Voluntary and non – voluntary at tention):- যেতিয়া মনােযােগ ব্যক্তিৰ নিজস্ব ইচ্ছাৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচালিত হয় তাকে ঐচ্ছিক মনােযােগ বােলা হয়। ঐচ্ছিক মনােযােগ ব্যক্তিৰ ইচ্ছা, আগ্ৰহ আৰু মানসিক প্ৰস্তুতিৰ ওপৰত নিৰ্ভৰ কৰে। বিভিন্ন ধৰণৰ বাধা অতিক্ৰম কৰিও এই মনােযােগে ব্যক্তিক। লক্ষ্যত উপনীত হােৱাত সহায় কৰে। উদাহৰণ স্বৰূপে পৰীক্ষাত সমৰ পৰিমাণ নিৰ্ধাৰিত হােৱা বাবে বাহিৰৰ হাই – উকলি আওকাণ কৰিও প্ৰশ্নৰ উত্তৰ ছাত্ৰ ছাত্ৰীযে কৰে। এই মনােযােগক দুই ভাগত ভাগাৱা হৈছে—
(ক) স্পষ্ট মনােযােগ। আৰু

(খ) গুপ্ত মনােযােগ যেতিয়া আমাৰ ইচ্ছা শক্তিক বাৰে বাৰে প্ৰয়ােগ কৰিব লাগে তেতিয়া তাক স্পষ্ট মনােযােগ বােলে হয়। যেতিয়া কোনাে বস্তুৰ প্ৰতি মনােযােগ দিওঁতে সামান্য ইচ্ছা শক্তি প্ৰযােজন হয় তেতিয়া তাক গুপ্ত মনােযােগ বােলা।

যেতিয়া আমি উদ্দীপনাৰ তীৰুতাৰ কাৰণে অনিচ্ছাসত্বেও স্বতঃস্ফূৰ্তভাৱে কোনাে কামত মনােযােগ দিবলৈ বাধ্য হওঁ তাকে অনৈচ্ছিক মনােযােগ। বােলা হয়। এই প্ৰকাৰৰ মনােযােগত কোনাে চেষ্টা বা শক্তিৰ প্ৰযােজন। নহয়। এই মনােযােগ ইন্দ্ৰিয়সমূহৰ দৈহিক আকৰ্ষণীয়তাৰ ওপৰত। নিৰ্ভৰশীল হােৱা বাবে ইযাক প্ৰবৃত্তি পৰিচালিত আৰু স্বতঃস্ফুৰ্ত বুলি ক’ব পাৰি। উদাহৰণস্বৰূপে, আকৰ্ষণীয় বিজ্ঞাপন, ৰেডিঅ’ৰ গীত ইত্যাদি।

অনৈচ্ছিক মনােযােগক আকৌ দুটা ভাগত বিভক্ত কৰা হৈছে – আৰােপিত আৰু স্বতঃস্ফূৰ্ত। উদ্দীপকৰ তীব্ৰ আকৰ্ষণে যেতিয়া মনােযােগ টানি নিয়ে তেতিয়া তাক আৰােপিত মনােযােগ বােলা হয়। এই মনােযােগত জন্মগত প্ৰবৃত্তিৰ প্ৰভাৱ বেছি। উচুল পােহৰ অথবা বিকট চিঞৰে আমাৰ এই প্ৰকাৰ মনােযােগ আকৰ্ষণ কৰে। আনহাতে ব্যস বৃদ্ধিৰ লগে লগে যেত্যি অনুভূতি, ভাববৃত্তি আদিৰ দ্বাৰা আমাৰ মনােযােগ নিয়ন্ত্ৰিত হয়, তেনে মনােযােগক স্বতঃস্ফূৰ্ত মনােযােগ বােলে। আমি পঢ়ি অহা বিদ্যালযখনৰ বিষযে কিবা আলােচনা হ’লে স্বতঃস্ফূৰ্তভাৱেই সেই আলােচনা প্ৰতি মনােযােগ ধাবিত হয়।

(২) সংবেদনাত্মক আৰু ভাবাত্মক মনােযােগ:- উদ্দীপকৰ পৰা প্ৰত্যক্ষভাৱে সংবেদন লাভৰ ফলত যি মনােযােগ দিয়া হয় তাক সংবেদনাত্মক মনােযােগ বােলা হয়। এই মনােযােগৰ বাবেই আমি ইন্দ্ৰিয়গ্ৰাহয় বস্তুৰ প্ৰতি আকৰ্ষিত হওঁ। দৃষ্টি, শক, গন্ধ, স্পৰ্শ, স্বাদ আদি সংবেদন। অনুভূতিৰ ফলত দিয়া মনােযােগ এনে ধৰণৰ। প্ৰাকৃতিক সৌন্দৰ্য, সংগীত আদিৰ প্ৰতি মনােযােগ সংবেদনাত্মক মনােযােগ।
ভাবাত্মক মনােযােগ ইন্দ্ৰিয়যােগে পােৱা প্ৰত্যক্ষ সংবেদনৰ ওপৰত নিৰ্ভৰ নকৰে। ইয়াৰ বাবে প্ৰযােজন হয় অতীত অভিজ্ঞতাৰ। পূৰ্ব অভিজ্ঞতা। থকা কোনাে বস্তু বা ভাৱ চিন্তা, আবেগ আদিৰ প্ৰতি যেতিয়া মনােযােগ দিওঁ তাক ভাবত্মক মনােযােগ বােলে।

(৩) প্ৰত্যক্ষ আৰু পৰােক্ষ মনােযােগ:- প্ৰত্যক্ষ মনােযােগত উদ্দীপক নিজস্ব আকৰ্ষণ শক্তি থাকে আৰু এই আকৰ্ষণীয় শক্তিৰ বাবেই মনােযােগ দিয়া হয়। ইযাত ব্যক্তিৰ ইচ্ছ, আগ্ৰহ অথবা উদ্দেশ্যৰ কোনাে প্ৰযােজন হয়। প্ৰত্যক্ষ মনােযােগৰ দৰে পৰােক্ষ মনােযােগত উদ্দীপকৰ এনে। স্বাভাৱিক আকৰ্ষণীয়তা আৰু নতুনতা নাথাকে, কিন্তু তাৰ লগত এনে এটা আকৰ্ষণীয় বিষয়, ব্যক্তি বা ঘটনা সংশ্লিষ্ট হৈ থাকে যে তাৰ প্ৰতি মনােযােগ দিবলৈ বাধ্য হােৱা যায়। পৰােক্ষ মনােযােগৰ কাৰণ মূল। বিষয়বস্তু নহয়, বৰং তাৰ লগত জড়িত আন এটা বিষয় বা ঘটনাহে মাথােন।

(৪) বিশ্লেষণাত্মক আৰু সংশ্লেষণাত্মক মনােযােগ:- কোনাে ব্যক্তিযে যেতিযা বস্তুৰ প্ৰতিটো অংশৰ প্ৰতি মনােযােগ দিয়ে তেত্যি এনে মনােযােগক বিশ্লেষাত্মক মনােযােগ বােলা হয়। বিজ্ঞানীসকল পৰীক্ষণ কাৰ্য সমাপন কৰােতে এই মনােযােগৰ ব্যৱহাৰ কৰে। আনহাতে বস্তুৰ বিভিন্ন অংশলৈ মন নকৰি সমগ্ৰ বস্তুটোত এককভাৱে মনােযােগ দিলে তাক সংশ্লেষণাত্মক মনােযােগ বােলে। দাৰ্শনিকসকলৰ দৃষ্টিভংগী এই মনােযােগৰ অন্তৰ্গত।

11. মনােযােগৰ বৈষয়িক চৰ্তসমূহ কি কি? মনােযােগৰ কেইটামান গুৰুত্বপূৰ্ণ বৈষয়িক চৰ্তৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ মনােযােগৰ কাৰণসমূহক দুটা ভাগত বিভক্ত কৰা হৈছে—
(১) বস্তুনিষ্ঠ চৰ্ত (Objective or External Condition)
(২) asoslao so ( Subjective or Internal Condition )

এই কাৰণসমূহ তলত আলােচনা কৰা হ’ল—
(১) বস্তুনিষ্ঠ চৰ্ত (Objective Condition)
(ক) আকাৰ (Size):- বস্তুৰ ডাঙৰ আকাৰে আমাৰ মন সহজে। আকৰ্ষণ কৰে। ডাঙৰ ডাঙৰ আখৰেৰে লিখা বিজ্ঞাপন, দোকানত আঁৰি থােৱা ডাঙৰ আকাৰৰ বেলুন, চিনেমাৰ পােষ্টাৰ আদিয়ে মানুহৰ মনােযােগ অতি সােনকালে আকৰ্ষণ কৰে।

(খ) তীব্ৰ (Intensity):- পৰিবেশৰ যি উদ্দীপৰ তীব্ৰতা বেছি সেই। উদ্দীপকৰ প্ৰতিযেই আমাৰ মনােযােগ আকৰ্ষিত হয়। ক্ষীণ আৰু উচ্চ এই দুই স্তৰৰ ভিতৰত উচ্চ স্তৰৰ স্বৰে আমাৰ মনােযােগ সহজে আকৰ্ষণ কৰে।

(গ) নতুনত্ব (Novelty) নতুন বস্তু, নতুন কথা, নতুন দৃশ্যৰ প্ৰতি সকলাে মানুহৰে আগ্ৰহ। নতুন পুতলা, পােছাক, নন কিতাপ, সংগীত আদিয়ে মানুহৰ মন সহজে আকৰ্ষণ কৰে।

(ঘ) বৈশাদৃশ্য (Contrast ):- সৰ্বসাধাৰণতকৈ বৰ বেছি ওখ আৰু বৰ বেছি ‘ চাপৰ মানুহ সদায় সকলােৰে আকৰ্ষণৰ বিন্দু। বগা বেৰখনৰ ওপৰত সামান্যকৈ লগা দাগ এটাযে মানুহৰ মনােযােগ আকৰ্ষণ কৰে।

(ঙ) গতিশীলতা (Mobility):- স্থিতিশীল বস্তুতকৈ গতিশীল বস্তুৱে মানুহৰ মন সহজে আকৰ্ষণ কৰে। নচা, দৌৰা, জপিওৱা, গৈ থকা। এবােপ্লেন, চলন্ত ট্ৰেইন, দৌৰি থকা ঘোঁৰা আদিয়ে আমাৰ মনােযােগ সােনকালে আকৰ্ষণ কৰে।

(চ) পুনৰাবৃত্তি (Repetition):- যিকোনাে এটা কথাৰ নাইবা ঘটনাৰ পুনৰাবৃত্তি হৈ থাকিলে তাৰ প্ৰতি মানুহ মনােযােগী হয়। সদায় একে সময়তে পাৰ হৈ যােৱা অচিনাকি মানুহজনৰ গতিবিধিত চুবুৰীয়াৰ লােকসকলৰ মনােযােগ আকৰ্ষিত হয়।

(ছ) গােপনীয়তা ( Secrecy):- কোনাে ৰহসাত্মক মানুহ বা ঘটনাৰ প্ৰতি আমাৰ মন সহজে আকৰ্ষণ হয়। বিষয়বস্তুৰ গােপনীয়তাই মানুহৰ মনত কৌতুহল তথা মনােযােগৰ সৃষ্টি কৰে। সেয়েহে কোনাে কথা ক’বলৈ মানা কৰিলে শিশুসকল অধিক মনােযােগী হৈ উঠা দেখা যায়।

(জ) শৃংখলাবদ্ধতা ( Discipline):- বিশৃংখল হৈ থকা বস্তুতকৈ। শৃংখলাবদ্ধভাৱে সজ্জিত হৈ থকা বা শৃংখলাবদ্ধভাৱে প্ৰদান কৰা কথাই মনক অধিক সহজে আকৰ্ষণ কৰে। এটা বিশেষ আকৃতিত একেলগে উৰি যােৱা এৰােপ্লেন, একেলগে খােজ মিলাই আগবাঢ়ি যােৱা সৈনিকৰ দলে। মানুহৰ মনােযােগ সহজে আকৰ্ষণ কৰে।

12. মনােযােগ ব্যাক্তিনিষ্ঠ চৰ্তসমূহ কি কি? মনােযােগৰ কেইটামান গুৰুত্বপূৰ্ণ ব্যক্তিনিষ্ঠ কাৰকৰ বিষয়ে আলােচনা কৰা।।
উত্তৰঃ মনােযােগৰ দ্বিতীয়বিধ কাৰণ হ’ল ব্যক্তিনিষ্ঠ। ব্যক্তি যিবিলাক নিজস্ব অভিজ্ঞতা আৰু মানসিক অৱস্থাই মনােযােগ নিৰ্ধাৰণ কৰে। সেইবিলাককে ব্যক্তিনিষ্ঠ কাৰণ বােলে। এই কাৰণসমূহ তলত আলােচনা। কৰা হ’ল—
(ক) আগ্ৰহ (Interest ):- প্ৰত্যেক ব্যক্তিযেই নিজৰ নিজৰ আগ্ৰহ থকা বিষয়ৰ প্ৰতি অধিক মনােযােগ দিয়ে। কাৰােবাৰ খেল – ধেমালিৰ প্ৰতি, কাৰােবাৰ সংগীতৰ প্ৰতি, কাৰােবাৰ পঢ়া – শুনাৰ প্ৰতি আগ্ৰহ ইত্যাদি। আগ্ৰহ নাথাকিলে মনােযােগৰ জন্ম নহয়। সেযেহে মেডুগলে (Mc . Dougall) আগ্ৰহক মনােযােগৰ সুপ্ত অৱস্থা বুলি কৈছে।

(খ) আবেগ (Emotion):- ভয়, ক্ৰোধ, স্নেহ, ঘৃণা আদি আবেগৰ বশৱৰ্তী হৈ মানুহে কিছুমান বিশেষ বস্তুৰ প্ৰতি মনােযােগ দিয়ে আৰু আন। কিছুমানৰ পৰা মনােযােগ আঁতৰাই আনে। উদাহৰণস্বৰূপে কাৰােবাক শ্ৰদ্ধা কৰিলে তেওঁৰ সজগুণবিলাকৰ প্ৰতি মনােযােগ আঁতৰাই অনা হয়।

(গ) প্ৰবৃত্তি (Instinct ):- প্ৰবৃত্তিজাত সকলাে বস্তু বা কাৰ্যৰ প্ৰতি মানুহে মনােযােগ দিয়ে। ভােকাতুৰ ব্যক্তিৰ থােৱা বস্তুৰ প্ৰতি আৰু বিপদত পৰা। মানুহৰ পৰিত্ৰাণৰ উপায় প্ৰতি মনােযােগ আকৰ্ষিত হয়।

(ঘ) মনােবৃত্তি ( Attitude):- কিছুমান বস্তু, কথা, কাৰ্য আৰু ভাবৰ প্ৰতি আমাৰ মনােবৃত্তি। সন্তোষজনক বা ধনাত্মক আৰু আনহাতে আন।
কিছুমানৰ প্ৰতি ঋণাত্মক। মনােবৃত্তি ধনাত্মক হ’লে সেইবিলাকৰ প্ৰতি মনােযােগ সহজে আকৰ্ষিত হয় আৰু ঋণাত্মক হ’লে মনােযােগ বিকৰ্ষিত হয়।

(ঙ) অভ্যাস (Habit):- কোনাে বিষয় বা কামত অভ্যাস গঠিত হ’লেও পিছত সিযেই মনােযােগৰ কাৰণ হােৱা দেখা যায়।

(চ) পূৰ্ব অভিজ্ঞতা ( Past experience):- পূৰ্ব অভিজ্ঞতাই মানুহৰ মনত মনােযােগ সুদৃঢ় কৰে।

(ছ) ভাবাবেশ (Mood ):- কৰ্মব্যস্ত মানুহৰ মন সততে ভাব – চিন্তাৰে আচ্ছন্ন হৈ থাকে। আহৰি পৰত মন যেতিয়া উত্তেজনা আৰু দুশ্চিন্তাৰ পৰা কিছু পৰিমাণে হ’লেও মুক্ত হৈ থাকে তেতিয়া মানুহে সৰু – সুৰা আমােদ দায়ক কথাত বা কামত মনােযােগ দিয়ে, যেনে—ফুলনিৰ ফুলত, এটা পুৰণা কবিতা, কেঁচুৱাৰ সৰু পুতলাত ইত্যাদি।

13. ছাত্ৰ – ছাত্ৰীৰ মাজত ৰাপ আৰু মনােযােগৰ বিকাশত শিক্ষকৰ ভূমিকাৰ বিষয়ে আলােচনা কৰা।
অথবা, শিক্ষা ক্ষেত্ৰত মনােযােগ আৰু আৰু আগ্ৰহৰ গুৰুত্ব সম্পৰ্কে আলােচনা কৰা।
উত্তৰঃ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দিশত সকলাে ছাত্ৰ – ছাত্ৰীৰ বিকাশ ঘটোৱাটোৱেই হৈছে শিক্ষাৰ উদ্দেশ্য। এই উদ্দেশ্য সাধনৰ বাবে বিভিন্ন বিষযৰ প্ৰতি ছাত্ৰ- ছাত্ৰীৰ মনােযােগ আকৰ্ষণ কৰােৱাব পাৰিব লাগিব। কিন্তু আগ্ৰহৰ অবিহনে মনােযােগ সম্ভৱ নহয় আৰু মনােযােগৰ অবিহনে কোনাে কথা শিকা সম্ভৱ নহয়। সেইবাবে শিক্ষাৰ আচল মৌলিক। কথা হ’ল ছাত্ৰ – ছাত্ৰীৰ মনত বিভিন্ন বিষযৰ প্ৰতি আগ্ৰহ জন্মেৱা।

এই সন্দৰ্ভত শিক্ষানুষ্ঠানসমূহৰ ঘাই দায়িত্ব দুটা –
১। ছাত্ৰ – ছাত্ৰীৰ মনােযােগ আকৰ্ষণ কৰা (Drawing students attention )
২। ছাত্ৰ – ছাত্ৰীৰ মনত নতুন আগ্ৰহ সৃষ্টি কৰা (Creating new interests in students ) এই সংক্ৰান্তত কেইটামান প্ৰযােজনীয় কথা উল্লেখ কৰা হৈছে।

ছাত্ৰ – ছাত্ৰীৰ মনােযােগ আকৰ্ষণ কৰা—
১। ব্যসৰ বিভিন্ন স্তৰত মনােযােগৰ বিষয়বস্তু কেনেকৈ পৰিৱৰ্তন হয় সেই কথা শিক্ষক শিক্ষয়িত্ৰীসকলে ভালকৈ জনা প্ৰযােজন।

২। কম বয়সী শিশুৰ মনােযােগ অনৈচ্ছিক আৰু সংবেদনাত্মক। সেইবাবে প্ৰাথমিক স্তৰত শিক্ষাদান কৰা শিক্ষক – শিক্ষয়িত্ৰীসকলে সততে আকৰ্ষণীয় দৃশ্য – শ্ৰব্য সঁজুলি ব্যৱহাৰ কৰিব লাগে।

৩। মাধ্যমিক স্তৰত শিক্ষক – শিক্ষয়িত্ৰীসকলে ছাত্ৰ – ছাত্ৰীৰ আগ্ৰহ থকা বিষযৰ লগত পঠনীয় সামগ্ৰী সংযােগ কৰিবলৈ চেষ্টা কৰা উচিত।

৪। নিম্নক্তৰত পিৰিযড়বিলাক চুটি হ’ব লাগে যাতে ছাত্ৰ – ছাত্ৰীয়ে পঢ়ি আমনি নাপায়।

৫। পাঠ্যক্ৰম, পাঠদান পদ্ধতি আদি ছাত্ৰ – ছাত্ৰীৰ বয়সৰ উপযােগী হ’ব লাগে।

৬। পাঠ্যক্ৰমত সন্নিৱিষ্ট বিষয়সমূহৰ লগত পাৰ্যমানে দৈনন্দিন জীৱন নিৰ্বাহ প্ৰণালীৰ সঙ্গতি স্থাপন কৰিবলৈ চেষ্টা কৰিব লাগে।

৭। মনােযােগ আকৰ্ষণৰ বাবে পুৰস্কাৰ আৰু শাস্তিৰ সস্তীয়া কৌশলৰ পৰিবৰ্তে শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ – ছাত্ৰীৰ মনত স্বতঃস্ফূৰ্ত মনােযােগ সৃষ্টি কৰিবলৈ চেষ্টা কৰা উচিত।

ছাত্ৰ – ছাত্ৰীৰ মনত আগ্ৰহ জন্মােৱা—
১। শিক্ষক – শিক্ষয়িত্ৰীৰ কটুক্তি আৰু বক্ৰ সমালােচনাই ছাত্ৰ – ছাত্ৰীক পঢ় – শুনাৰ প্ৰতি নিৰুৎসাহ কৰে। তেখেতসকলে প্ৰত্যেক ছাত্ৰ – ছাত্ৰীক। কৃতকাৰ্যতাৰে অভিজ্ঞতা প্ৰদান কৰি বিষয়বস্তুৰ প্ৰতি আগ্ৰহ জন্মাবলৈ চেষ্টা কৰা উচিত।

২। শিক্ষাদান পদ্ধতি ব্যৱহাৰিক আৰু কৰ্মমুখী হ’ব লাগে, আৰু দ্বিতীয়তে, বাস্তৱ জীৱনত আহৃত শিক্ষাৰ প্ৰযােগ ছাত্ৰ – ছাত্ৰীযে স্পষ্টকৈ দেখিবলৈ পাব লাগে, তেহে তেওঁলােকৰ বিষয়বস্তু সম্বন্ধে আগ্ৰহ সৃষ্টি হ’ব।

৩। পাঠ্যপুথিৰ সীমিত বিষয়বস্তুৰ আলম লৈযেই শিক্ষক – শিক্ষয়িত্ৰীযে বিষয়টোৰ বহল আৰু আকৰ্ষণীয় পৰিসৰৰ লগত ছাত্ৰ – ছাত্ৰীক পৰিচয় কৰােৱাব পাৰিব লাগে। ই্যাৰ বাবে দৃষ্টান্ত, উপমা আৰু নানান কথাৰ প্ৰসংগ অৱতাৰণা কৰা প্ৰয়ােজন।

৪। অধ্যয়ন আৰু কলা – সংস্কৃতিৰ বিভিন্ন দিশত শিক্ষক – শিক্ষয়িত্ৰীসকলৰ নিজৰ আগ্ৰহ থাকিব লাগিব, তেতিয়াহে তেখেতসকলে ছাত্ৰ – ছাত্ৰীৰ মনত আগ্ৰহ জন্মাব পাৰিব।

৫। শিক্ষানুষ্ঠানবিলাকে সহপাঠ্যক্ৰমৰ বিভিন্ন কাৰ্যসূচী নিষ্ঠা সহকাৰে হাতত ল’ব লাগে, এইবিলাকে ছাত্ৰ – ছাত্ৰীৰ মনত আগ্ৰহ সৃষ্টি হােৱাত প্ৰচুৰ সহায় কৰে।

Leave a Comment

error: Content is protected !!
Scroll to Top

Discover more from Bellal Hossain Mondal

Subscribe now to keep reading and get access to the full archive.

Continue reading