স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা | Chapter 1 | Class 12 Education | Development of Secondary Education in India and Assam (Post Independence Period) Solutions for Assamese Medium | Class 12 Education Question and Answer Assamese Medium | প্ৰশ্ন আৰু উত্তৰ । Class 12 Education Solutions | Questions and Answers Assam | Assam HS 2nd Year Education Textbook Solutions – AHSEC | Asseb Board | Assam State School Education Board
স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা
শুদ্ধ নে অশুদ্ধ লিখা (মূল্যাংক- ১)
1. কোঠাৰী আয়োগৰ প্ৰতিবেদনৰ শীৰ্ষক আছিল ‘শিক্ষা সম্পৰ্কত চৰকাৰ সমূহৰ নীতি’।
উত্তৰঃ অশুদ্ধ।
2. নতুন শিক্ষা নীতিয়ে শিক্ষাৰ গাঁথনি ১০ + ২ + ৩ কৰাৰ পৰামৰ্শ দিছিল।
উত্তৰঃ অশুদ্ধ।
3. কোঠাৰী আয়োগে সাধাৰণ আৰু বৃত্তিমুখী শিক্ষাৰ সম্পূৰ্ণৰূপে পৃথক কৰাৰ পােষকতা কৰিছিল।
উত্তৰঃ শুদ্ধ।
4. শিক্ষা আয়োগে স্কুলীয়া শিক্ষাৰ গাঁথনিক তিনিটা স্তৰত ভগাইছিল।
উত্তৰঃ শুদ্ধ।
5. কোঠাৰী আয়োগ নিযুক্ত হৈছিল ১৯৬৪ চনৰ ১ জানুৱাৰীত।
উত্তৰঃ অশুদ্ধ।
6. ‘শিক্ষাৰ প্ৰত্যাহ্বান এক নীতিগত’ শীৰ্ষক নথিখন ৰাষ্ট্ৰীয় নীতি, ১৯৬৪ ৰ সৈতে সম্পৰ্কিত।
উত্তৰঃ অশুদ্ধ।
7. নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে জোৰ দিছিল বৃত্তিমুখীকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত।
উত্তৰঃ শুদ্ধ।
8. মুদালিয়াৰ আয়োগৰ প্ৰতিবেদন প্ৰথম অধ্যায়ত আছিল মাধ্যমিক শিক্ষাৰ উদ্দেশ্য সম্পৰ্কীয় পৰামৰ্শাৱলী।
উত্তৰঃ শুদ্ধ।
9. শিক্ষা সম্পৰ্কীয় ৰাষ্ট্ৰীয় নীতি পূনৰীক্ষণ কৰা হৈছিল ১৯৯২ চনত।
উত্তৰঃ অশুদ্ধ।
10. কোঠাৰী আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ অৱধি ৩ ৰ পৰা ৪ বছৰ হােৱা উচিত।
উত্তৰঃ অশুদ্ধ।
11. ১৯৬৪-৬৬ ৰ শিক্ষা আয়োগখনেই স্বাধীন ভাৰতৰ প্ৰথমখন আয়োগ আছিল।
উত্তৰঃ শুদ্ধ।
12. মুদালিয়াৰ আয়োগে ইয়াৰ প্ৰতিবেদন দাখিল কৰিছিল ১৯৫২ চনত।
উত্তৰঃ অশুদ্ধ।
13. মুদালিয়াৰ আয়োগখন নিযুক্ত কৰা হৈছিল ড° লক্ষণ। মুদালিয়াৰৰ অধ্যক্ষতাত।
উত্তৰঃ শুদ্ধ।
14. বৃক্তিগত দক্ষতাৰ বিকাশ আছিল মুদালিয়াৰ আয়োগে আঙুলিয়াই দিয়া শিক্ষাৰ লক্ষ্য।
উত্তৰঃ শুদ্ধ।
15. ভাৰতীয় শিক্ষা আয়োগে গুৰুত্ব দিছিল উৎপাদনশীলতাৰ ওপৰত।
উত্তৰঃ শুদ্ধ।
16. মুদালিয়াৰ আয়োগ প্ৰতিবেদনৰ প্ৰথমটো অধ্যায়ত ভাৰতৰ মাধ্যমিক ত্ৰুটীসমূহৰ বিষয়ে আলােচনা কৰিছিল।
উত্তৰঃ অশুদ্ধ।
17. মাধ্যমিক শিক্ষা আইন, অসম গৃহীত হৈছিল ১৯৬২ চনত।
উত্তৰঃ অশুদ্ধ।
খালী ঠাই পূৰ কৰা (মূল্যাংক- ১)
1. অসম মাধ্যমিক শিক্ষা আইনখন গৃহীত হৈছিল ______ চনত।
উত্তৰঃ ১৯৬১ চনত।
2. অসমৰ মাধ্যমিক শিক্ষাৰ নিয়ন্ত্ৰণৰ দক্ষতা কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ স্থানান্তৰিত কৰা হৈছিল_____ চনত।
উত্তৰঃ ১৯৫৭ চনত।
3. মুদালিয়াৰ আয়োগৰ প্ৰতিবেদনৰ তৃতীয় অধ্যায় দ্বিতীয় খণ্ডত আগবঢ়োৱা হৈছিল মাধ্যমিক শিক্ষাৰ _____।
উত্তৰঃ লক্ষ্য।
4. অসম মাধ্যমিক শিক্ষা আইনে _____ক ‘মাধ্যমিক শিক্ষা পৰিষদ’ৰ অধ্যক্ষ হিচাপে স্বীকৃতি দিছে।
উত্তৰঃ শিক্ষাধিকৰ্তা।
5. ১৯৬৯-৭০ চনত অসমত বহুমুখী বিদ্যালয়ৰ সংখ্যা আছিল _____।
উত্তৰঃ ৭০ খন।
6. ডি এছ কোঠাৰীৰ অধ্যক্ষতাত শিক্ষা আয়োগ নিযুক্ত হৈছিল _____ ত।
উত্তৰঃ ১৯৬৪ চনত।
7. নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি পুনৰীক্ষণ কৰা হৈছিল ১৯৯২ চনত _____ কমিটিৰ দ্বাৰা।
উত্তৰঃ জনাৰ্দন কমিটিৰ দ্বাৰা।
8. প্ৰাক প্ৰাথমিক শিক্ষা হ’ল _____ পূৰ্বৰ সুৰ।
উত্তৰঃ প্ৰাথমিক।
9. ‘মাধ্যমিক শিক্ষা পৰিষদ অসম’ৰ কাৰ্যালয় _____ত আছে।
উত্তৰঃ গুৱাহাটী।
10. ১৯৬৪ চনত ভাৰত চৰকাৰে নিযুক্তি দিয়া আয়োগখনৰ অধ্যক্ষ গৰাকী আছিল _____।
উত্তৰঃ ড° ডি. এছ. কোঠাৰী।
11. বৰ্তমান কটন কলেজিযেট স্কুলখনৰ নাম আছিল _____।
উত্তৰঃ গুৱাহাটী ছেমিনাৰী স্কুল।
12. প্ৰাক – বিশ্ববিদ্যালয় পাঠ্যক্ৰমটোক বিশ্ববিদ্যালয়ৰ পৰা মাধ্যমিক বিদ্যাল্যলৈ নিয়াৰ পৰামৰ্শ দিছিল _____ আয়োগে।
উত্তৰঃ কোঠাৰী আয়োগ।
13. মুদালিয়াৰ আয়োগ নিযুক্ত হৈছিল _____ চনত।
উত্তৰঃ ১৯৫২ চনৰ ২৩ ছেপ্টেম্বৰত।
14. ‘ভাৰতৰ ভাগ্যক ইয়াৰ শ্ৰেণীকোঠা সমূহত সম্প্ৰতি গঢ় দি থকা হৈছে ‘ – এই মন্তব্য কৰিছিল _____এ।
উত্তৰঃ কোঠাৰী আয়োগে।
15. অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ স্থাপিত হৈছিল _____ আয়োগৰ পৰামৰ্শৰ ভিক্তিত।
উত্তৰঃ মুদালিয়াৰ আয়োগ।
16. ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ ৰ চুড়ান্ত খচৰাথন উত্থাপন কৰা হৈছিল _____ চনত।
উত্তৰঃ ১৯৮৬ চনত।
17. মুদালিয়াৰ আয়োগ _____ হিচাপে জনাজাত।
উত্তৰঃ মাধ্যমিক শিক্ষা আয়োগ।
18. অসম মাধ্যমিক শিক্ষা পৰিষদ স্থাপিত হৈছিল _____ চনত।
উত্তৰঃ ১৯৮৪ চনত।
19. প্ৰাথমিক শিক্ষাৰ বিকাশৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ত পৰামৰ্শ দিয়া কাৰ্যসূচীটোক _____ হিচাপে জনা যায়।
উত্তৰঃ অপাৰেচন ব্লেকবােৰ্ড।
20. অসমত বহুমুখী মাধ্যমিক বিদ্যালয় আৰু _____ আয়োগৰ পৰামৰ্শৰ ভিত্তিত প্ৰতিষ্ঠা কৰা হৈছিল ?
উত্তৰঃ মুদালিয়া আয়োগৰ।
21. ‘শিক্ষাৰ প্ৰত্যাহ্বানঃ এক নীতিগত দিশ’ শীৰ্ষক নথিখন ৰে সম্পৰ্কিত।
উত্তৰঃ ১৯৮৪ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি।
22. মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষ আছিল _____।
উত্তৰঃ ড° লক্ষণস্বামী মুদালিয়াৰ।
23. অসমত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ _____ চনত স্থাপিত হৈছিল।
উত্তৰঃ জুন ১, ১৯৮৪।
24. মুদালিয়াৰ আয়োগৰ প্ৰতিবেদনত _____টা অধ্যায় আছিল।
উত্তৰঃ ১৫ টা।
25. অসমত প্ৰথমখন মাধ্যমিক বিদ্যালয় স্থাপিত হৈছিল _____ত।
উত্তৰঃ ১৯৩৫ চনৰ ১৫ জুনত।
26. চাকৰিৰ পৰা ডিগ্ৰীক যােগসূত্ৰহীন কৰাই —এই ধাৰণাক তুলি ধৰিছিল _____এ।
উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষানীতি।
27. কোঠাৰী আয়োগৰ মতে প্ৰথম বাজহুৱা পৰীক্ষা হােৱা উচিত স্কুললৈ যােৱাৰ প্ৰথম _____ বছৰৰ শেষত।
উত্তৰঃ ১০ বছৰ।
28. কোঠাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰা হৈছিল _____ চনত।
উত্তৰঃ ১৯৬৬ চনত।
অতি চমু প্ৰশ্নোত্তৰ (মূল্যাংক- ১)
1. মাধ্যমিক শিক্ষা বৃত্তিমুখী কৰাৰ ক্ষেত্ৰত শিক্ষা আয়োগ ১৯৬৪-৬৬ৰ নিৰ্ধাৰিত লক্ষ্য কি আছিল?
উত্তৰঃ মাধ্যমিক শিক্ষা বৃত্তিমুখী কৰাৰ ক্ষেত্ৰত শিক্ষা আয়োগ ১৯৬৪-৬৬ৰ নিৰ্ধাৰিত লক্ষ্য আছিল –
১। শিক্ষা আৰু উৎপাদনমুখিতা।
2. শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ লক্ষ্য হিচাপে আধুনিকীকৰণ প্ৰক্ৰিয়াক স্বৰান্বিত কৰাৰ পৰামৰ্শ কোনে আগবঢ়াইছিল।
উত্তৰঃ শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ লক্ষ্য হিচাপে আধুনিকীকৰণ প্ৰক্ৰিয়াক স্বৰান্বিত কৰাৰ পৰামৰ্শ কোঠাৰী আয়োগে আগবঢ়াইছিল।
3. কোন বছৰত ভাৰতত প্ৰথম ৰাষ্ট্ৰীয় শিক্ষা নীতি যুগুত কৰা হৈছিল?
উত্তৰঃ ১৯৮৬ চনত ভাৰতত প্ৰথম ৰাষ্ট্ৰীয় শিক্ষা নীতি যুগুত কৰা হৈছিল।
4. অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম কি?
উত্তৰঃ অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম হ’ল— কটন কলেজিয়েট হাইস্কুল।
5. নবােদয় বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ উদ্দেশ্য এটা উল্লেখ কৰা।
উত্তৰঃ নবােদ্য বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ উদ্দেশ্য এটা উল্লেখ হ’ল—
১। ছাত্ৰ – ছাত্ৰীক থকা, থােৱা আৰু পঢ়া বিনামূলীয়া কৰা।
6. মুদালিয়াৰ আয়োগ নিযুক্তিৰ উদ্দেশ্য কি আছিল?
উত্তৰঃ মুদালিয়াৰ আয়োগ নিযুক্তিৰ উদ্দেশ্য কি আছিল –
১। মাধ্যমিক শিক্ষাৰ পুনৰ গঠন আৰু উন্নতিকৰণ।
7. আগতীয়া বাল্যকালৰ যত্ন আৰু শিক্ষাৰ উদ্দেশ্য কি?
উত্তৰঃ আগতীয়া বাল্যকালৰ যত্ন আৰু শিক্ষাৰ উদ্দেশ্য হ’ল—
১। শিশুসকলক আনন্দমুখৰ পৰিৱেশত বিকাশ সাধন কৰা।
8. মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত নিযুক্ত প্ৰথমখন আয়োগৰ নাম লিখা
উত্তৰঃ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত নিযুক্ত প্ৰথমখন আয়োগৰ নাম হ’ল—১৯৫২-৫৩ চনৰ মােদালিয়াৰ আয়োগ।
9. প্ৰাথমিক শিক্ষাৰ বিকাশৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে পৰামৰ্শ দিয়া কাৰ্যসূচীটোৰ নাম কি?
উত্তৰঃ প্ৰাথমিক শিক্ষাৰ বিকাশৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে পৰামৰ্শ দিয়া কাৰ্যসূচীটোৰ নাম হ’ল— “অপাৰেচন ব্লেকবােৰ্ড”।
10. মুদালিয়াৰ আয়োগৰ প্ৰতিবেদন কেতিয়া দাখিল কৰা হৈছিল?
উত্তৰঃ মুদালিয়াৰ আয়োগৰ প্ৰতিবেদন ১৯৫৩ চনত দাখিল কৰা হৈছিল।
11. শিক্ষা আয়োগে ১৯৬৪-৬৬ ৰ আন নামটো কি?
উত্তৰঃ শিক্ষা আয়োগে ১৯৬৪-৬৬ ৰ আন নামটো হ’ল— কোঠাৰী আয়োগ।
12. মুদালিয়াৰ আয়োগৰ পৰামৰ্শক্ৰমে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ সলনি কৰা মাধ্যমিক বিদ্যালয়ৰ সংখ্যা উল্লেখ কৰা।
উত্তৰঃ মুদালিয়াৰ আয়ােগৰ পৰামৰ্শক্ৰমে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ সলনি কৰা মাধ্যমিক বিদ্যালয়ৰ সংখ্যা হ’ল—২০৬ খন।
13. শিক্ষা আয়োগ ১৯৬৪-৬৬ ৰ অধ্যক্ষ কোন আছিল?
উত্তৰঃ শিক্ষা আয়োগ ১৯৬৪-৬৬ ৰ অধ্যক্ষ ড° ডি.এ কোঠাৰীযে আছিল।
14. মাধ্যমিক শিক্ষা পৰিষদ গঠনৰ উদ্দেশ্য কি আছিল?
উত্তৰঃ মাধ্যমিক শিক্ষা পৰিষদ গঠনৰ উদ্দেশ্য কি আছিল –
১।মাধ্যমিক শিক্ষাৰ (+ ২) পৰিচালনা, নিয়ন্ত্ৰণ আৰু প্ৰশাসনৰ দায়িত্ব বিশ্ববিদ্যালয় সমূহৰ পৰা পৃথক কৰা।
15. কোন বৰ্ষত অসম মাধ্যমিক শিক্ষা আইন বলবৎ কৰা হৈছিল ?
উত্তৰঃ ১৯৬১ চনত অসম মাধ্যমিক শিক্ষা আইন বলবৎ কৰা হৈছিল।
16. শিক্ষাৰ গাঁথনি ১০ + ২ + ৩ হ’ব লাগে বুলি কোনখন আয়োগে পৰামৰ্শ দিছিল?
উত্তৰঃ শিক্ষাৰ গাঁথনি ১০ + ২ + ৩ হ’ব লাগে বুলি কোঠাৰী আয়োগে পৰামৰ্শ দিছিল।
17. শিক্ষা আয়োগে ১৯৬৪ ৰ পৰামৰ্শ অনুসৰি শিক্ষাৰ গাঁথনিটো লিখা।
উত্তৰঃ শিক্ষা আয়োগ ১৯৬৪ চনৰ পৰামৰ্শ অনুসৰি শিক্ষাৰ গাঁথনিটো হ’ল —১০ + ২ + ৩
চমু প্ৰশ্নোত্তৰ (মূল্যাংক- ২)
1. এনপিচিক চূড়ান্তৰূপ দিয়াৰ আঁৰৰ লক্ষ্য কি?
উত্তৰঃ NPC ক চূড়ান্ত ৰূপ দিয়াৰ লক্ষ্যবােৰ হ’ল—
(১) এক নিৰ্দিষ্ট পৰ্যায়লৈকে ছাত্ৰ – ছাত্ৰীসকলে জাতি, বৰ্ণ, লিংগ, স্থান নিৰ্বিশেষে তুলনামূলকভাৱে উন্নত গুণমানৰ শিক্ষা লাভৰ সুবিধা কৰা।
(২) ১০ + ২ + ৩ শিক্ষা গাঁথনি সমগ্ৰ দেশতে সাধাৰণভাৱে প্ৰচলিত কৰােৱা ইত্যাদি।
2. শিক্ষা আয়োগ ১৯৬৪ ৰপৰামৰ্শ মতে প্ৰাথমিক স্তৰৰ গাঁথনি সম্পৰ্কে আলােচনা কৰা।
উত্তৰঃ শিক্ষা আয়োগে ১৯৬৪ ৰ পৰামৰ্শ অনুসৰি প্ৰাথমিক শিক্ষাৰ গাঁথনিটো হ’ল—
(১) প্ৰাক – প্ৰাথমিক পৰ্যায় ১ বছৰৰ পৰা ৩ বছৰলৈ।
(২) প্ৰাথমিক পৰ্যায় ৭-৮ বছৰলৈ। ইয়াক দুটা উপ – পৰ্যায় স্বৰূপে। ভাগ কৰি নিম্ন প্ৰাথমিক ৪-৫ বছৰৰ আৰু উচ্চ প্ৰাথমিক ৩ বছৰৰ।
3. মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণৰ দুটা প্ৰয়ােজনীয়তা উল্লেখ কৰা।
উত্তৰঃ মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণৰ দুটা প্ৰয়ােজনীয়তা হ’ল—
(ক) নিবনুৱা সমস্যা সমাধান কৰা ক্ষেত্ৰত বৃত্তিমুখীকৰণৰ য়োজনীয়তা আছে।
(খ) বিস্তৃতভাৱে বৃত্তিমূলক শিক্ষা প্ৰবৰ্তন কৰিব পাৰিলেহে শিক্ষাৰ অপচয় ৰােধ কৰিব পৰা হ’ব।
4. মুদালিয়াৰ আয়োগে আঙুলিয়াই দিয়া শিক্ষাৰ দুটা ত্ৰুটী লিখা।
উত্তৰঃ মুদালিয়াৰ আয়োগে আঙুলিয়াই দিয়া শিক্ষাৰ দুটা ত্ৰুটী হ’ল—
(i) প্ৰচলিত শিক্ষা ব্যৱস্থা সংকীৰ্ণ আৰু এক পক্ষীয় বিধৰ যি ছাত্ৰ – ছাত্ৰীৰ সম্পূৰ্ণ বিকাশ সাধন কৰিব নােৱাৰে। আৰু
(ii) এই শিক্ষাই ইংৰাজী ভাষাৰ ওপৰত বেছি গুৰুত্ব আৰােপ কৰে।
5. ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতি মানে কি বুজায় ?
উত্তৰঃ ভাৰতৰ সংবিধানে ৰাষ্ট্ৰীয় পদ্ধতিৰ শিক্ষা ব্যৱস্থাৰ কথা প্ৰকাশ কৰিছে। ইয়াৰ অৰ্থ হ’ল— জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলাে লােককে শিক্ষা গ্ৰহণৰ সুবিধা দিয়া। প্ৰবৰ্তিত শিক্ষানীতিত এক সৰ্বভাৰতীয়। দৃষ্টিভংগী অন্তৰ্নিহিত হৈ আছে আৰু ইয়াক দেশত এটা উপযুক্ত ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা প্ৰতিষ্ঠা কৰিবৰ বাবে অবিৰতভাৱে চলােৱা প্ৰচেষ্টা বুলি ক’ব পাৰি। ১৯৬৮ চনৰ শিক্ষানীতিয়ে প্ৰৱৰ্তন কৰিবলৈ বিচৰা। ‘সাধাৰণ স্কুলব্যৱস্থা এই ক্ষেত্ৰত অধিক ফলপ্ৰসূ হ’ব। ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাত সকলােৰে বাবে সাধাৰণ শিক্ষাৰ গাঁথনিৰ কথা কোৱা হৈছে।
দেশৰ সকলাে অংশতে ১০ + ২ + ৩ সূত্ৰৰ গাঁথনিৰ শিক্ষা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
6. অপাৰেশ্যন ব্লেক ব’ৰ্ড কি?
উত্তৰঃ প্ৰাথমিক শিক্ষাৰ গুণমান উন্নত কৰি তােলাৰ দিশত জাতীয় শিক্ষা নীতিয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ বাবে গ্ৰহণ কৰা ক্ৰিয়া আঁচনিক সাংকেতিকভাৱে কৃষ্ণফলি আঁচনি (Operation Black Board ) নামে অভিহিত কৰা হয়। ই্যাৰ যােগেদি স্কুলৰ বৈষয়িক অৱস্থাৰ উন্নতি কৰি তােলাৰ আঁচনি গ্ৰহণ কৰা হয়। সেইমতে এজনীয়া শিক্ষকৰ ব্যৱস্থা তুলি দি প্ৰতিখন স্কুলতে কমেও দুজন শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা হয়। ইয়াৰ এগৰাকী মহিলা শিক্ষক হ’ব লাগে। প্ৰতিখন স্কুলতে শিক্ষা দানৰ ন্যূনতম সা – সুবিধাখিনি প্ৰদান কৰিব লাগে। ই্যাৰ ভিতৰত স্কুলঘৰ নিৰ্মাণ, আহল বহল শ্ৰেণী কোঠা, শিক্ষাদানৰ সা – সঁজুলি, যেনে ব্লেক বােৰ্ড, মেপ, চাৰ্ট, পুতলা আদি প্ৰধান এই কৃষ্ণফলি আঁচনিৰ অন্তৰ্ভুক্ত কৰা হয়।
7. শিক্ষা আয়োগ ১৯৬৪ ৰ পৰামৰ্শ অনুসৰি প্ৰাথমিক শিক্ষাৰ গাঁথনিটো লিখা।
উত্তৰঃ শিক্ষা আয়োগে ১৯৬৪ ৰ পৰামৰ্শ অনুসৰি প্ৰাথমিক শিক্ষাৰ গাঁথনিটো হ’ল—
(১) প্ৰাক – প্ৰাথমিক পৰ্যায় ১ বছৰৰ পৰা ৩ বছৰলৈ।
(২) প্ৰাথমিক পৰ্যায় ৭-৮ বছৰলৈ। ইয়াক দুটা উপ – পৰ্যায় স্বৰূপে। ভাগ কৰি নিম্ন প্ৰাথমিক ৪-৫ বছৰৰ আৰু উচ্চ প্ৰাথমিক ৩ বছৰৰ।
8. নবােদ্য বিদ্যালয় কি?
উত্তৰঃ ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ এটা মূল্যৱান প্ৰস্তাৱ আছিল নবােদয় বিদ্যালয়ৰ প্ৰতিষ্ঠা। শিক্ষানীতিত কোৱা হৈছিল যে বিশেষ। অৰ্হতাসম্পন্ন ল’ৰা – ছােৱালীৰ শৈক্ষিক চাহিদা পূৰণ কৰিব পৰাকৈ। সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ভিতৰতে ভাৰতবৰ্ষৰ প্ৰতিখন জিলাতে একোখনকৈ নবােদয় বিদ্যালয় স্থাপন কৰা হ’ব। পিতৃ – মাতৃৰ আৰ্থ সামাজিক স্থিতি তথা তেওঁলােকৰ মাচুল দিব পৰাৰ সামৰ্থ যিযেই। নহওক লাগিলে, নবােদ্য বিদ্যালয়ত তেওঁলােকৰ প্ৰতিভা এই বিদ্যালয়ত ৭৫ ভাগ আসন গাঁও অঞ্চলৰ ল’ৰা – ছােৱালীৰ বাবে সংৰক্ষিত হ’ব।
তদুপৰি জিলাখনত অনুসূচিত জাতি (SC) আৰু অনুসূচিত জনজাতি (ST) ৰ লােকৰ সংখ্যা অনুপাতে নবােদয় বিদ্যালয়ত এই দুই শ্ৰেণীৰ লােকৰ ল’ৰা – ছােৱালীৰ বাবে আসন সংৰক্ষিত হ’ব। প্ৰচেষ্টা চলােৱা হ’ব যাতে নবােদ্য বিদ্যালয়ত এই দুই শ্ৰেণীৰ লােকৰ ল’ৰা – ছােৱালী হয়। নবােদয় বিদ্যালয়ত ছাত্ৰ – ছাত্ৰীৰ এক তৃতীয়াংশ ছােৱালী হয়। নবােদ্য বিদ্যালয়ত ছাত্ৰ – ছাত্ৰীৰ থকা, খােৱা আৰু পঢ়া – শুনা সম্পূৰ্ণ বিনামূলীয়া হ’ব।
9. ই চি চি ই কি?
উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষানীতিত, বিশেষকৈ কণ কণ শিশুসকলৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়া হয়। শিশুসকলে আনন্দমুখৰ পৰিবেশৰ মাধ্যমত যাতে বিকশিত হ’ব পাৰে তাৰ ব্যৱস্থা লােৱাৰ অৰ্থে খাদ্য, স্বাস্থ্য আৰু সামাজিক – মানসিক আৰু শাৰিৰীক দিশৰ ওপৰত গুৰুত্ব দিয়া হয়। আগতীয়া বাল্যকালৰ তত্বৱধান আৰু শিক্ষাই (E.C.C.E ) এই ক্ষেত্ৰত প্ৰাধন্য লাভ কৰিব।
10. শিক্ষা আয়োগ ১৯৬৪ ৰ পৰামৰ্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাঁথনিটো লিখা।
উত্তৰঃ শিক্ষা আয়োগ ১৯৬৪ ৰ পৰামৰ্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাঁথনিটো হ’ল—
(১) নিম্ন মাধ্যমিক বা হাইস্কুলৰ সাধাৰণ শিক্ষা ৩ বা ২ বছৰৰ আৰু বৃত্তি শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ হ’ব লাগে।
(২) উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা ২ বছৰৰ আৰু বৃত্তি শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ হ’ব লাগে।
11. শিক্ষকৰ মৰ্যাদা আৰু দায়িত্ব সম্পৰ্কত ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ পৰামৰ্শ কি কি?
উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষানীতিত শিক্ষকসকলৰ মৰ্যাদা উন্নত কৰাৰ অৰ্থে আৰু লগতে শিক্ষকৰ তাৰ ভিতৰত আছে—
(১) শিক্ষক বাছনি প্ৰক্ৰিয়াৰ সংস্কাৰ সাধন।
(২) শিক্ষকৰ সংস্থান, কৰ্মপদ্ধতি আৰু সেৱা ব্যৱস্থাৰ উন্নয়ন।
(৩) শিক্ষক সমাজৰ অসুবিধাসমূহ দূৰীকৰণৰ বাবে উপযুক্ত আৰু কাৰ্যকৰী প্ৰশাসনীয় ব্যৱস্থা গ্ৰহণ।
(৪) শিক্ষকসকলৰ বৃত্তিগত আচৰণবিধি প্ৰস্তুতকৰণ ইত্যাদি।
12. নবােদ্য বিদ্যালয়ৰ উদ্দেশ্যসমূহ কি কি?
উত্তৰঃ নৱােদ্য বিদ্যালয়ৰ উদ্দেশ্যসমূহ হ’ল
(i) ছাত্ৰ – ছাত্ৰীৰ থকা, খােৱা আৰু পঢ়া সম্পূৰ্ণ বিনামূলীয়া কৰা।
(ii) আৰ্থিকভাৱে পিচপৰা অথচ বিশেষ অহৰ্তা সম্পন্ন লৰা ছােৱালীৰ শৈক্ষিক চাহিদা পূৰণ কৰা।
13. পৰীক্ষাৰ সংস্কাৰ সম্পৰ্কিত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ ৰ দ্বাৰা আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা।
উত্তৰঃ পৰীক্ষাৰ সংস্কাৰ সম্পৰ্কিত নতুন শিক্ষানীতি ১৯৮৬ ৰ দ্বাৰা আগবঢ়োৱা দুটা পৰামৰ্শ হ’ল—
(i) বিষাত্মক আৰু সুযােগৰ উপাদানসমূহ বাদ দিয়াৰ লগতে মুখস্থ, পদ্ধতিৰ ওপৰত গুৰুত্বহীনতা দেখুৱাব লাগিব।
(ii) পৰীক্ষা নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিকাশ সাধন কৰিব লাগিব।
14. শিক্ষা আয়োগ ১৯৬৪ ৰ পৰামৰ্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাঁথনিটো লিখা।
উত্তৰঃ শিক্ষা আয়োগ ১৯৬৪ ৰ পৰামৰ্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাঁথনিটো হ’ল—
(১) নিম্ন মাধ্যমিক বা হাইস্কুলৰ সাধাৰণ শিক্ষা ৩ বা ২ বছৰৰ আৰু বৃত্তিয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ হ’ব লাগে।
(২) উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা ২ বছৰৰ আৰু বৃত্তি শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ হ’ব লাগে।
15. ডিগ্ৰীৰ পৰা চাকৰিক যােগসূত্ৰহীন কৰা মানে কি বুজায় ?
উত্তৰঃ কিছুমান নিৰ্বাচিত অঞ্চলত ডিগ্ৰীক চাকৰিৰ পৰা বিচ্ছিন্ন কৰাৰ আৰম্ভণী কৰা হ’ব। এই প্ৰস্তাৱটো কিছুমান ক্ষেত্ৰত প্ৰযােগ কৰিব পৰা। নাযাব, যেনে অভিযান্ত্ৰিক শিক্ষা, চিকিৎসাবিজ্ঞান, আইন, শিক্ষকতা আদি বৃত্তিত। সেইদৰেই কলা, সমাজবিজ্ঞান, বিজ্ঞান আদি কিছুমান দিশৰ বিদ্যালয়তনিক উপাধিৰ ক্ষেত্ৰত নিযােগৰ সুবিধা থাকিব।
পৃথকীকৰণ অৱস্থা কিছুমান সেৱাৰ ক্ষেত্ৰত প্ৰযােগ হ’ব যিবােৰত বিশ্ববিদ্যালয় উপাধি প্ৰয়ােজন নহয়। ডিগ্ৰী প্ৰযােজন নােহােৱা কৰ্মক্ষেত্ৰ অথবা চাকৰিত দক্ষ আৰু অৰ্হতাসম্পন্ন ব্যক্তিকহে নিযােগৰ সুবিধা দিয়া হয়। এই ক্ষেত্ৰত সহায় হােৱাকৈ জাতীয় অভীক্ষা সেবা নামৰ গােট স্থাপন কৰা হ’ব। এই গােটৰ মাধ্যমত ক্ষেত্ৰ অনুযায়ী দক্ষ ব্যক্তি নিৰ্বাচন কৰি লােৱা হ’ব আৰু এই পদ্ধতি নীতিগত হব।
16. শিক্ষা বৃত্তিমুখীকৰণে কি বুজায় ?
উত্তৰঃ শিক্ষা উৎপাদনমূখী কৰি তুলিবৰ বাবে মাধ্যমিক শিক্ষা বৃত্তিমূলক প্ৰবণতা শক্তিশালী কৰা উচিত। ই্যাৰ বাবে বিশ্ববিদ্যালয় পৰ্যায়তাে কৃষিমূলক আৰু কাৰিকৰী বিজ্ঞানমূলক শিক্ষাৰ ওপৰত জোৰ দিব লাগে। বৃত্তিমুখী শিক্ষা আয়োগৰ অৰ্থ হ’ল আত্মনিয়ােগৰ ব্যৱস্থা কৰাৰ লগতে চাহিদা আৰু দক্ষ মানৰ শক্তিৰ মাজত থকা অপসমযােজন নােহােৱা কৰা। ইয়াৰ উপৰি যিবিলাকে কোনাে ধৰণৰ আগ্ৰহ আৰু উদ্দেশ্য নােহােৱাকৈ উচ্চ শিক্ষা লাভ কৰিবলৈ বিচাৰে তেওঁলােকক অন্য উপায় দিয়াৰ ব্যৱস্থা কৰা।
17. কৰ্ম অভিজ্ঞতা কি?
উত্তৰঃ কৰ্ম অভিজ্ঞতা আমাৰ সাধাৰণ আৰু বৃত্তিমূলক সকলােবােৰ বিষযৰ শিক্ষাৰ অবিচ্ছেদ্য অংগ হ’ব লাগে। গৃহ, স্কুল, কৰ্মশালা, ফাৰ্ম, ফেক্টৰী অথবা আন যিকোনাে উৎপাদনমূলক পৰিস্থিতিত অংশ গ্ৰহণ কৰা কাৰ্যই হৈছে কৰ্ম অভিজ্ঞতা। কোঠাৰী আয়োগৰ মতে। উদ্দেশ্যপ্ৰণােদিতভাৱে দিয়া সকলােবােৰ শিক্ষাতে সাক্ষৰতা, কৰ্ম অভিজ্ঞতা আৰু সমাজসেৱা এই চাৰিটা শিক্ষা উপাদান থাকিব লাগিব। কৰ্ম অভিজ্ঞতা প্ৰৱৰ্তনে আধুনিক শিক্ষাত থকা কৰ্ম বিমুখতাৰ দুৰ্বলতা গুচাব পাৰেই হৈছে শিক্ষা আৰু কৰ্মৰ মাজত সমন্বয় সাধনকাৰী, বিজ্ঞানভিত্তিক কাৰিকৰী বিজ্ঞান গ্ৰহণ কৰা। বৰ্তমান সকলােবােৰ সমাজৰ বাবেই কৰ্ম অভিজ্ঞতা হৈছে – অপৰিহাৰ্যই বুদ্ধিজীৱী আৰু শ্ৰমজীৱীসকলৰ মাজত ব্যৱধান আঁতৰ কৰিব পাৰে।
প্ৰশ্নোত্তৰ (মূল্যাংক- ৩)
1. কি পৰিস্থিতিত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ যুগুত কৰা হৈছিল ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰত চৰকাৰে ১৯৮৫ চনত ৰাজীৱ গান্ধীৰ নেতৃত্বত ঘােষণা কৰে যে দেশৰ বাবে বৰ্তমান সময়ৰ পৰিবৰ্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এক নতুন শিক্ষানীতি প্ৰস্তুত কৰি তােলা হ’ব। তেওঁ মত প্ৰকাশ কৰিছিল, “ ভাৰতে স্বাধীনতাৰ পিছৰে পৰা বিজ্ঞান আৰু কাৰিকৰী দিশত বিস্ময়কৰ সম্পদৰ বিকাশ নােহােৱাকৈয়ে আছে।”
কুৰি শতিকাৰ শেষ মুহূৰ্তত পদাৰ্পণ কৰি ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাই নতুন চিন্তাধাৰা আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰসূত জ্ঞানৰ মাজেৰেহে নতুন পুৰুষক একৈছু শতিকাৰ বাবে প্ৰস্তুত কৰি তুলিব লাগিব। এই উদ্দেশ্য আগত ৰাখি ১৯৮৫ চনত ‘শিক্ষা প্ৰত্যাহ্বান ‘ নামৰ এখন শিক্ষা সম্পৰ্কীয় এখন পত্ৰ প্ৰকাশ কৰা হয়। শিক্ষা প্ৰত্যাহ্বান ‘ পত্ৰৰ ভেটীত গণতান্ত্ৰিক ভাৱধাৰাৰে বিভিন্ন দিশৰ ভাৰতীয় নাগৰিকসকলৰ পৰা শিক্ষা সম্পৰ্কীয় পৰামৰ্শ গ্ৰহণ কৰা হয়। শিক্ষা ৰাষ্ট্ৰৰ বৰ্তমান আৰু ভৱিষ্যতৰ সংযােজনৰ ক্ষেত্ৰত এক অদ্বিতীয় আৰু উল্লেখযােগ্য। বিনিযােগ ব্যবস্থা। এইটোৰ ওপৰত ভিত্তি কৰি ১৯৮৬ চনৰ মে’ মাহত ভাৰতবৰ্ষৰ দুয়ােখন সংসদ অধিবেশনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি গৃহীত কৰা হয়। ইয়াক ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৪৬ ‘ বুলি জনা যায়।
2. মাধ্যমিক শিক্ষা আয়োগ নিযুক্তিৰ চৰ্তসমূহ কি কি?
উত্তৰঃ মাধ্যমিক শিক্ষা আয়োগ নিযুক্তিৰ চৰ্তসমূহ হ’ল—
(ক) প্ৰচলিত মাধ্যমিক শিক্ষাৰ সৰ্বদিশৰ অনুসন্ধান সম্বলিত প্ৰতিবেদন প্ৰস্তুত কৰা। আৰু
(খ) মাধ্যমিক শিক্ষাৰ পুনৰ গঠন আৰু উন্নতিৰ বাবে ল’বলগা ব্যৱস্থা, বিশেষকৈ নিম্নলিখিত দিশসমূহৰ সংক্ৰান্তত—
(i) মাধ্যমিক শিক্ষাৰ লক্ষ্য, বিষয়বস্তু আৰু সংগঠন সম্পৰ্কে।
(ii) প্ৰাথমিক, বুনিয়াদী আৰু উচ্চ শিক্ষাৰ সৈতে মাধ্যমিক শিক্ষাৰ সম্বন্ধ।
(i) বিভিন্ন ধৰণৰ মাধ্যমিক স্কুলৰ আন্তঃসম্বন্ধ। আৰু
(iv) আন আন সংশ্লিষ্ট সমস্যাসমূহ।
3. শিক্ষাৰ মান সম্পৰ্কত এনটিপিযে আগবঢ়োৱা পৰামৰ্শসমূহ উল্লেখ কৰা।
উত্তৰঃ আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত শিক্ষাৰ মান আৰু প্ৰয়ােজনীয়তা। সম্পৰ্কত কোৱা হৈছে যে, সকলােৰে বাবে শিক্ষা হ’ল আমাৰ দেশৰ এক
জাতীয় দৃষ্টিভংগী। ইয়াৰ ভূমিকা তলত দিয়া ধৰণে হ’ব লাগে—
(ক) দেশৰ জাতীয় ঐক্য, বিজ্ঞানমূলত মনােভাব, মন আৰু আত্মাৰ সংযােগ আদিৰ দৰে সূক্ষ চেতনাসমূহৰ বিকাশত এক নিৰ্দিষ্ট ভূমিকা আছে।
(খ) শিক্ষা হ’ল আমাৰ পৰ্থিৱ, আধ্যাত্মিক তথা সৰ্বাংগীন বিকাশৰ মূল সমল।
(গ) শিক্ষাই দেশৰ অৰ্থনীতিৰ বিভিন্ন ক্ষেত্ৰত প্ৰযােগ হ’ব পৰাকৈ মানৱশক্তি বিকাশ সাধন কৰিব লাগে।
4. মুদালিয়াৰ আয়োগে আঙুলিয়াই দিয়া মতে এখন গণতান্ত্ৰিক দেশত ‘নেতৃত্বৰ শিক্ষা’ৰ গুৰুত্ব সম্পৰ্কে আলােচনা কৰা।
উত্তৰঃ গণতন্ত্ৰ সুস্থ বিকাশৰ বাবে নেতৃত্বৰ শিক্ষা অতি প্ৰযােজনীয়। বিশ্ববিদ্যালয়ে উচ্চতম নেতৃত্বৰ যােগান ধৰিব লাগে। সাহিত্য, বিজ্ঞান, কলা, বাণিজ্য, কাৰিকৰী, উদ্যেগ সকলােতে উচ্চতম নেতৃত্বৰ যােগান ধৰাটো বিশ্ববিদ্যালয়ৰ কাম। কিন্তু সকলােৱে বিশ্ববিদ্যাল্যলৈ যাব নােৱাৰে। সেইবাবে সৰহভাগ নাগৰিকৰ কাৰণে মাধ্যমিক শিক্ষাই শেষ শিক্ষা। এনেস্থলত মাধ্যমিক শিক্ষাই মাধ্যমিক পৰ্যায়ত সাহিত্য, কলা, বিজ্ঞান, ৰাজনীতি, উদ্যোগ, বাণিজ্য আদিত নেতৃত্বৰ যােগান ধৰিব লাগিব।
5. আধুনিকীকৰণৰ প্ৰক্ৰিয়া স্বৰান্বিত কৰিবলৈ কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ কি কি?
উত্তৰঃ আধুনিকৰণৰ প্ৰক্ৰিয়াত কোঠাৰী আয়োগে আগবঢ়োৱা। পৰামৰ্শবােৰ হ’ল –
(ক) বৰ্তমান পৃথিবীত বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰভাৱত সমাজৰ দ্ৰুত পৰিবৰ্তন ঘটিছে আৰু তাৰ লগে লগে জ্ঞানৰ বিস্ফোৰণ ঘটাও দেখা। গেছে। গতিকে সমাজৰ এই পৰিবৰ্তনৰ ধাৰাৰ লগত মিলাকে শিক্ষা। পদ্ধতিৰাে পৰিবৰ্তন হ’ব লাগিব।
(খ) তাৰ বাবে ছাত্ৰ – ছাত্ৰীৰ মনৰ আগ্ৰহ ৰুচি আৰু মূল্যবােধৰ ঠাইত বিকাশৰ বাবে শিক্ষকৰ বাবেও বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব।
(গ) বৰ্তমান সমাজত দ্ৰুত পৰিবৰ্তৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ ক্ষেত্ৰত বিকাশশীল আৰু গতিশীল নীতি গ্ৰহণ কৰিব লাগিব।
6. মাধ্যমিক শিক্ষা আয়োগৰ পৰামৰ্শ অনুসৰি মাধ্যমিক শিক্ষাৰ এটা লক্ষ্য হিচাপে নাগৰিকত্বৰ বিকাশ সম্পৰ্কে ব্যাখ্যা কৰা।
উত্তৰঃ মাধ্যমিক শিক্ষা আয়োগে উল্লেখ কৰিছিল যে মাধ্যমিক শিক্ষাই যিহেতু সৰহভাগ নাগৰিকৰে শেষ শিক্ষা হ’ব সেইহেতু ছাত্ৰ – ছাত্ৰীসকলে গণতান্ত্ৰিক ভাৰতবৰ্ষৰ প্ৰয়ােজনীয়তা পূৰণ কৰিব পৰাকৈ শিক্ষা লাভ কৰিব লাগিব। গণতন্ত্ৰৰ বাবে প্ৰত্যেকজন নাগৰিকৰে বহু গুণ, দৰকাৰ হয়। যেনে—
(ক) প্ৰত্যেক নাগৰিকৰে সুস্থ চিন্তাধাৰাৰ অতি প্ৰযােজন।
(খ) সমাজৰ সৈতে সুস্থ সমাযােজনৰ বাবে প্ৰতিজন নাগৰিকে উপযুক্ত শিক্ষা লাভ কৰিব লাগিব।
(গ) বাক – পটুতা আৰু লিখনিৰ স্পষ্টতা।
(ঘ) সহনশীলতা আৰু প্ৰকৃত দেশপ্ৰেম ইত্যাদি।
7. নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ত প্ৰস্তাৱিত গাঁথনিত পৰিৱৰ্তনসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ ১৯৫৩ চনত মাধ্যমিক শিক্ষা আয়োগে দিয়া স্কুলীয়া শিক্ষাৰ সাংগঠনিক ব্যৱস্থাৰ বিষয়টো ১৯৬৪-৬৬ চনৰ ভাৰতীয় শিক্ষা আয়োগে কিছু সংশােধন কৰে। মাধ্যমিক শিক্ষা আয়োগৰ মতে স্কুলীয়া শিক্ষা হ’ল ১১ বছৰীয়া। ইয়াৰ প্ৰথম পাঁচ বছৰ হ’ল নিম্ন প্ৰাথমিক, ৩ বছৰ হ’ল উচ্চ প্ৰাথমিক আৰু শেষৰ ৩ বছৰ উচ্চতৰ মাধ্যমিক স্বৰূপে বিভক্ত কৰা হৈছিল। সেইদৰে স্নাতক পৰ্যায়টো ৩ বছৰীয়া আৰু স্নাতকোত্তৰ পৰ্যাযটো ২ বছৰীয়া কৰা হৈছিল।
কোঠাৰী আয়োগৰ দৃষ্টিত এই ব্যৱস্থা সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হােৱা নাছিল, কেৱল। পাঁচখন ৰাজ্যতহে এই ব্যৱস্থা কাৰ্যকৰী কৰা হৈছিল। তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ শেষলৈকে সমগ্ৰ দেশতে মাত্ৰ শতকৰা ২৫ শতাংশ ভাগ স্কুলকহে উচ্চতৰ মাধ্যমিক স্তৰলৈ ৰূপান্তৰ কৰা হয়, সেইবাবে এই গাঁথনি পৰিবৰ্তন কৰি ১০ + ২ + ৩ ৰ নতুন গাঁথনিৰ পৰামৰ্শ দিয়া হয়।
8. মাধ্যমিক শিক্ষাৰ এটা উদ্দেশ্য হিচাপে সামাজিক আৰু ৰাষ্ট্ৰীয় সংহতিৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ কোঠাৰী আয়োগে অনুভৱ কৰে যে সকলাে ধৰণৰ উন্নতি সাধনৰ বাবে এখন শক্তিশালী আৰু ঐক্যবদ্ধ দেশ গঢ়ি তােলাটোৱে হ’ব। আমাৰ পূৰ্বচৰ্ত। এই ক্ষেত্ৰত দেশৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশ জড়িত হৈ আছে। এই দিশ সমূহেই সমাজৰ বিভিন্ন শ্ৰেণী লােকৰ মাজত সামাজিক ব্যৱধান বৃদ্ধি কৰি তােলে আৰু সামাজিক বিশৃংখলাৰ সৃষ্টি কৰে। এনে ব্যৱস্থাই আঞ্চলিক, ভাষিক, ধৰ্মীয় আৰু আন আন বিভেদমূলক ভাবৰ সৃষ্টি কৰি জাতীয় সংহতি। দূৰ্বল কৰি তুলিব পাৰে। আয়োগে এই দিশত আগবঢ়োৱা পৰামৰ্শসমূহ হ’ল—
(ক) সাধাৰণ বিদ্যালয় স্থাপন।
(খ) সামাজিক আৰু জাতীয় সেৱা।
(গ) ভাষা – নীতি গঢ় দি তােলা।
(ঘ) জাতীয় সচেতনতা আৰু আন্তৰ্জাতিক বুজা পৰা।
9. নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ পৰামৰ্শ মতে শিক্ষাৰ লক্ষ্যসমূহ উল্লেখ কৰা।
উত্তৰঃ ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল উদ্দেশ্যবােৰ হ’ল—
(ক) এক নিৰ্দিষ্ট পৰ্যায়লৈকে ছাত্ৰ – ছাত্ৰী সকলে জাতি, বৰ্ণ, লিংগ, স্থান নিৰ্বিশেষে তুলনামূলকভাৱে উন্নত গুণমানৰ শিক্ষা লাভৰ সুবিধা পাব লাগে।
(খ) জাতীয় শিক্ষা ব্যৱস্থাই ১০ + ২ + ৩ শিক্ষা গাঁথনি সমগ্ৰ দেশতে সাধাৰণভাৱে গ্ৰহণ কৰি উঠিব।
(গ) শিক্ষাই আমাৰ উঠি অহা ছাত্ৰসকলৰ মনত আৰ্ন্তজাতিক সহযােগিতা আৰু সহ অৱস্থানৰ মনােভাব গঢ়ি তুলিব।
10. অসম মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ প্ৰভাৱ কেনেকুৱা?
উত্তৰঃ ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত ১০ + ২ + ৩ শিক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই শিক্ষানীতিৰ ভিত্তিত সংযােজিত বিভিন্ন পৰিৱৰ্তনসমূহ অসমৰ মাধ্যমিক শিক্ষা ব্যৱস্থাত পৰিলক্ষিত হােৱা দেখা গৈছিল। ইয়াত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী অসমৰ প্ৰতিখন জিলাতে একোখন নবােদ্য বিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰা হয়। এই সিদ্ধান্ত। অনুসৰি প্ৰথম অৱস্থাত ৭ খন নবােদ্য বিদ্যালয় স্থাপন কৰা হৈছিল। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে মাধ্যমিক শিক্ষা বৃত্তিমুখী কৰি তােলা।
১৯৯৫ চনৰ ভিতৰত শতকৰা ২৫ ভাগ ছাত্ৰই এই বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰাটো সম্ভৱ কৰি তােলাটো আছিল ইত্যাৰ লক্ষ্য। সেই সময়ত অসম চৰকাৰে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ৩৩ খন স্কুলত বৃত্তিমূলক শিক্ষা প্ৰণালীৰ ব্যৱস্থা হাতত লৈছিল। ইয়াৰ পিছৰ পৰ্যায়ত মুঠ ১৫০ খন উচ্চ মাধ্যমিক বিদ্যালয়ত এই। বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল।
বৰ্তমান অসমত মাধ্যমিক শিক্ষাৰ সংখ্যাগত দিশত উৰ্ধ্বমুখী ধাৰা পৰিলক্ষিত হ’লেও ইয়াৰ গুণগত দিশটো সন্তোষজনক নহয়।
11. কোঠাৰী আয়োগৰ পৰামৰ্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাঁথনি। চমুটোকা লিখা।
উত্তৰঃ (ক) কোঠাৰী আগেৰ পৰামৰ্শ অনুসৰি মাধ্যমিক শিক্ষাৰ। গাঁথনি:- কোঠাৰী আয়োগৰ পৰামৰ্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাৰ্থনি হ’ল—
(i) নিম্ন – মাধ্যমিক বা হাইস্কুলৰ সাধাৰণ শিক্ষা ৩ বা ২ বছৰৰ আৰু বৃত্তীয় শিক্ষা ১ বছৰ পৰা ৩ বছৰৰ বাবে হ’ব লাগে।
(ii) উচ্চতৰ মাধ্যমিক সাধাৰণ শিক্ষা ২ বছৰৰ আৰু বৃত্তীয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ হব লাগে।
12. সংহত শিশু বিকাশ কাৰ্যসূচী। চমুটোকা লিখা।
উত্তৰঃ সংহত শিশু বিকাশ কাৰ্যসূচী:- শিশু বিকাশৰ বাবে বিনিয়ােগ ব্যৱস্থাত এই জাতীয় শিক্ষানীতিয়ে গুৰুত্ব আৰােপ কৰে আৰু তাগ্ৰাধিকাৰ প্ৰদান কৰে। ইয়াৰ বাবে সংহত শিশু বিকাশ সেৱা আঁচনি গ্ৰহণৰ কথা কোৱা হয়। ঘৰত কেঁচুৱাৰ যত্ন লােৱা ছােৱালীবােৰক সাৰ্বজনীন প্ৰাথমিক শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদান কৰিবলৈ আৰু দুখীয়া শ্ৰেণীৰ শ্ৰমিক মাতৃসকলক সহায় কৰিবলৈ দিনৰ ভাগত শিশু যতন কেন্দ্ৰ স্থাপন কৰি শিশুক সহায়ক সেবা গঢ় দি তােলা হ’ব।
এই সময়ৰ শিশু যতন আৰু শিক্ষা ব্যৱস্থা লিখা – পঢ়া শিকোৱা বিধৰ নহৈ খেলা – ধূলাৰ যােগেদি শিশুক ব্যক্তিসত্তা বিকাশ সাধনমুখী কৰি তােলা হ’ব। এনে কাৰ্যত স্থানীয় লােকসকলক সম্পূৰ্ণৰূপে জড়িত কৰি তােলা হ’ব। এই শিশু। যতন আঁচনি আৰু প্ৰাক প্ৰাথমিক শিক্ষাৰ সমন্বয় সাধন কৰি তােলা হ’ব যাতে ইয়াৰ এটাই আনটোৰ বিকাশত সহায়ক হৈ উঠিব পাৰে।
13. অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ। চমুটোকা লিখা।
উত্তৰঃ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ:- কোঠাৰী আয়োগৰ। পৰামৰ্শৰ আধাৰতেই ১৯৮৪ চনত অসমত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অসম চৰকাৰে গঠন কৰে আৰু উচ্চতৰ। মাধ্যমিক পৰ্যায়ৰ ( +২) পৰিচালনা, নিয়ন্ত্ৰণ আৰু প্ৰশাসনৰ দায়িত্ব সংসদৰ হাতলৈ আহে। ফলস্বৰূপে তেতিয়াৰ পৰা পূৰ্বে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালযে হাতত লােৱা উচ্চতৰ মাধ্যমিক শিক্ষাৰ (+২) পাঠ্যক্ৰম প্ৰস্তুতি, পাঠ্যপুথি প্ৰণয়ন, পৰীক্ষা আদিৰ সকলাে দাযিত্ব সংসদৰ দাযিত্ব হৈ পৰে। স্কুলৰ বাহিৰেও কলেজ সমূহত উচ্চতৰ মাধ্যমিক শ্ৰেণী দুটা সংলগ্ন হৈ আছে যদিও ই্যাৰ সকলাে দায়িত্বভাৰ সংসদৰ হাতত। তাৰােপৰি + ২’শ্ৰেণী দুটাৰ স্বীকৃতিৰে জুনিয়ৰ কলেজ’গঠন কৰাৰাে চিন্তা অসম চৰকাৰে কৰি আছিল। যাৰ ফলস্বৰূপে বৰ্তমান এই কলেজসমূহ অব্যাহত আছে।
প্ৰশ্নোত্তৰ (মূল্যাংক- ৪)
1. অসমৰ মাধ্যমিক শিক্ষা আইন ১৯৬১ ৰ চাৰিটা বিধান লিখা।
উত্তৰঃ অসম মাধ্যমিক শিক্ষা আইন ১৯৬১ ৰ চাৰিটা বিধান হ’ল—
(ক) এই আইন সমগ্ৰ অসমতে প্ৰযােজ্য হ’ব।
(খ) ইতিমধ্যে থকা মাধ্যমিক স্কুলসমূহ মাধ্যমিক শিক্ষা বৰ্ডৰ অধীনলৈ আহিব।
(গ) মাধ্যমিক শিক্ষা বৰ্ডে মাধ্যমিক শিক্ষাৰ নিয়ন্ত্ৰণ, প্ৰশাসন আৰু উন্নতীকৰণৰ সকলাে ব্যৱস্থা গ্ৰহণ কৰিব।
(ঘ) শিক্ষা বিভাগৰ সঞ্চালক গৰাকীযেই মাধ্যমিক শিক্ষা ব’ৰ্ডৰ সভাপতি হ’ব আৰু বিভিন্ন বিভাগৰ বিশেজ্ঞসকলৰ ব’ৰ্ডৰ সদস্য হিচাপে থাকিব।
(ঙ) কিন্তু ব’ৰ্ডৰ সচিব গৰাকীক চৰকাৰে নিযুক্তি দিব আৰু তেৱে ব’ৰ্ডৰ সদস্য হ’ব।
2. অসমৰ মাধ্যমিক শিক্ষা ব্যৱস্থাত মাধ্যমিক শিক্ষা আয়োগৰ প্ৰভাৱ কেনেকুৱা ?
উত্তৰঃ অসমৰ মাধ্যমিক শিক্ষা ব্যৱস্থাত মাধ্যমিক শিক্ষা আয়োগৰ। যথেষ্ট প্ৰভাব বিদ্যমান। বহুত সময়ত এই আয়োগৰ মাধ্যমিক শিক্ষা সংস্কাৰৰ পৰামৰ্শসমূহ আজিও প্ৰাসংগিক হৈ আছে। বিশেষকৈ আয়োগে আগবঢ়োৱা শিক্ষাৰ লক্ষ্য, ইত্যাৰ সংগঠন, পাঠ্যক্ৰম অথবা পৰীক্ষা তথা মূল্যায়ন ব্যৱস্থাৰ ওপৰত আগবঢ়োৱা পৰামৰ্শসমূহ অতি মূল্যবান শিক্ষাৰ লক্ষ্যৰ ক্ষেত্ৰত আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহে অসমৰ। শিক্ষাবিদসকলক নতুনকৈ শৈক্ষিক মানচিত্ৰ অংকনত সহায় কৰিছে। বিশেষকৈ গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ সাধন, বৃত্তীয় যােগ্যতাৰ। বিকাশ, ব্যক্তিত্বৰ বিকাশ সাধন অথবা নেতৃত্বৰ শিক্ষা এই আটাইকেইটা পৰামৰ্শই অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ।
আযোগে ইয়াৰ চতুৰ্থ অধ্যায়ত মাধ্যমিক শিক্ষাৰ পুনৰ গঠনৰ বিভিন্ন দিশ সামৰি পৰামৰ্শ আগবঢ়াইছিল। সেই – অনুসৰি পিছৰ কালত অসমৰ মাধ্যমিক শিক্ষাৰ পুনৰ গঠনৰ কাম হাতত লােৱা হয়। অৱশ্যে বিভিন্ন কাৰণবশতঃ বৰ্তমানেও অসমৰ সকলাে বিদ্যালয়কে উচ্চতম মাধ্যমিকলৈ ৰূপান্তৰিত কৰা হােৱা নাই। আয়োগে ছাত্ৰ – ছাত্ৰীৰ সৰ্বাত্মক বিকাশৰ স্বাৰ্থত বহুমুখী বিদ্যালয় স্থাপনৰ পােষকতা কৰিছিল। আয়োগৰ পৰামৰ্শ অনুসৰি অসমত কেবাখনাে বহুমুখী বিদ্যালয় স্থাপন হৈছিল যদিও অসমত এই বিদ্যালয় সমূহে সৰ্বাত্মক জনপ্ৰিয় হৈ উঠিবলৈ অপাৰগ হ’ল।
কাৰণ আয়োগৰ সেই পৰামৰ্শসমূহ বাস্তৱত ৰূপায়িত কৰিবলৈ যিধৰণৰ বিদ্যালযৰ বৈষয়িক অৱস্থা, উন্নত মানৰ পাঠ্যক্ৰম প্ৰৱৰ্তনৰ প্ৰযােজন সে সম্ভৱ হৈ নুঠিল। আনহাতে নতুন। বিষয় দিয়া হ’ল যদিও উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ, পাঠ্যপুথিৰ অভাৱ। পৰীক্ষাগাৰ, প্ৰযােগশালা আদিৰ ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত মাধ্যমিক শিক্ষাৰ পৰামৰ্শসমূহে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল। পৰীক্ষা আৰু মূল্যায়ন সম্পৰ্কতাে এই আয়োগে ভালেমান।
গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে। অসমত বিদ্যালয়সমূহত আভ্যন্তৰীণ পৰীক্ষাৰ লগতে বস্তুনিষ্ট পৰীক্ষাৰ ওপৰতাে অগ্ৰাধিকাৰ দিবলৈ আৰম্ভ কৰিলে আয়োগৰ পৰামৰ্শ অনুযায়ী। অৱশ্যে আয়োগে প্ৰচলিত পাঠ্যক্ৰমৰ যিবােৰ দোষ – ক্ৰটি আঙুলিয়াই দিছিল দুৰ্ভাগ্যবশতঃ আজিও তাৰ সৰহ সংখ্যক বিদ্যমান।
3. অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰশাসনিক সমস্যাসমূহৰ বিষযে আলােচনা কৰা।
উত্তৰঃ মাধ্যমিক শিক্ষাৰ শৈক্ষিক দিশটোৰ প্ৰতি অসমত আগতে গুৱাহাটী বিশ্ববিদ্যালয়ে দায়িত্ব বহন কৰিছিল। এই দায়িত্ব ১৯৬২ চনত অসম মাধ্যমিক শিক্ষা বাৰ্ড গঠন হােৱাৰ পিচত ব’ৰ্ডে বহন কৰিছে। কিন্তু মাধ্যমিক শিক্ষাৰ প্ৰশাসনৰ শৈক্ষিক দিশটোত বৰ্তমানলৈকে কোনাে বিশেষ উন্নতি পৰিলক্ষিত হােৱা নাই।
মাধ্যমিক স্কুললৈ চৰকাৰৰ সাহায্য দানৰ নীতি ৰাজনৈতিক হেঁচাইহে। থিৰাং কৰে, স্কুলখনৰ আভ্যন্তৰীণ অৱস্থাই নহয়। স্কুলৰ আভ্যন্তৰীণ পৰিচালনাৰ ক্ষেত্ৰতাে নানা ৰকমৰ বিজুতিয়ে দেখা দিছে।
পৰিদৰ্শন ব্যৱস্থাৰাে অকণাে উন্নতি হােৱা নাই বুলিবই পাৰি। আজি-কালি বহু বছৰৰ পিচতাে একোখন স্কুল পৰিদৰ্শন কৰা নহয়, হ’লেও পৰিদৰ্শন পালমৰা বিধৰ।
4. এখন গণতান্ত্ৰিক দেশত মাধ্যমিক শিক্ষাৰ এটা উদ্দেশ্য হিচাপে বৃত্তিগত দক্ষতা’ৰ গুৰুত্ব কি?
উত্তৰঃ মাধ্যমিক শিক্ষা আয়োগৰ মতে আমাৰ দ্বিতীয় প্ৰযােজনীয় দিশটো হৈছে ছাত্ৰ ছাত্ৰীসকলৰ বৃত্তি দক্ষতা বৃদ্ধি কৰা কাৰণ ছাত্ৰ – ছাত্ৰীযে হাতৰ কাম, উৎপাদনমূলক কাম কৰিব নাজানে, ফলত আনৰ পৰিশ্ৰমৰ ওপৰত শিক্ষিত শ্ৰেণীৰ মানুহে ৰঘুমলাৰ দৰে খাবলৈ লৈছে।। কায়িক শ্ৰমৰ প্ৰতি গুৰুত্ব কমি গৈছে। গতিকে ছাত্ৰ ছাত্ৰীক কায়িক শ্ৰমৰ প্ৰতি শ্ৰদ্ধাভাৱ জগাই ভােলা, স্ব – ক্ৰ্যিাৰ প্ৰতি সচেতন কৰি তােলা কৰ্ম তৎপৰতা বৃদ্ধি কৰা, শিল্প – উদ্যোগৰ বাবে প্ৰয়ােজনীয় কৌশল আযধকৰণৰ ব্যৱস্থা সূচল কৰা ইত্যাদি দিশৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব। কোনাে এটা বৃত্তি সকলাে ছাত্ৰ – ছাত্ৰীকে বাধ্যতামূলক ভাৱে শিকালে তাৰ পৰা তেওঁলােকৰ ব্যক্তিত্বৰ কেউটা দিশৰ বিকাশ হব।
জীৱিকা উপাৰ্জনৰ বাট বিচাৰি পাব, আগলৈ কাৰিকৰী বা ব্যৱহাৰিক শিক্ষা লাভৰ সুবিধা পাব, দেশৰ সম্পদ বৃদ্ধি হ’ব। তেতিয়াহে মাধ্যমিক শিক্ষাই শিক্ষাৰ্থীসকলক স্বাৱলম্বী কৰি তােলাৰ লগতে জাতীয় অৰ্থ ভঁৰাল টনক্যিাল হ’ব আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত হ’ব।
5. উৎপাদনশীলতা আৰু শিক্ষাৰ মাজত সম্পৰ্ক স্থাপন কৰিবলৈ কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ কি কি?
উত্তৰঃ উৎপাদনশীলতা আৰু শিক্ষাৰ মাজত সম্পৰ্ক স্থাপন কৰিবলৈ কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শ সমূহ হ’ল –
(ক) বিদ্যালয়ৰ শিক্ষক বিজ্ঞানভিত্তিক হ’ব লাগিব। ক্ৰমান্বয়ে এই শিক্ষা উচ্চ শিক্ষাৰ পাঠ্যক্ৰমতাে অন্তৰ্ভুক্ত কৰা হ’ব।
(খ) কৰ্ম অভিজ্ঞতা সকলাে শিক্ষা স্তৰতে বাধ্যতামূলক হ’ব।
(গ) শিক্ষা বৃত্তিমুখীকৰণ কৰিব লাগিব, বিশেষকৈ মাধ্যমিক শিক্ষাক ব্যাপক ৰূপত বৃত্তিমুখী কৰি গঢ়ি তুলিব লাগিব।
(ঘ) বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ উন্নতীকৰণৰ লগতে কৃষি উৎপাদন, প্ৰযুক্তিবিদ্যা আৰু উদ্যোগীকৰণ আদিৰ উন্নতীকৰণৰ প্ৰচেষ্টা ল’ব লাগিব।
6. কোঠাৰী আয়োগৰ নিযুক্তি সম্পৰ্কত আলােচনা কৰা।
উত্তৰঃ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত দেশৰ শিক্ষা ব্যবস্থাৰ উন্নতি সাধনৰ বাবে চৰকাৰৰ নিৰ্দেশ মৰ্মে কেইবাখনাে সমিতি গঠন কৰা হৈছিল। তাৰ ভিতৰত ১৯৫৪ চনৰ বিশ্ববিদ্যালয় শিক্ষা আয়োগ আৰু তাৰ পিছত ১৯৫২-৫৩ চনৰ মুদালিয়াৰ আয়োগ অথবা মাধ্যমিক শিক্ষা আয়োগ। ইয়াৰ পাছতে পুনৰ দেশৰ আৰ্থ- সামাজিক উন্নতিৰ বাবে পুনৰ প্ৰচলিত শিক্ষা ব্যবস্থা পৰ্যালােচনা কৰি গণতান্ত্ৰিক দেশ। এখনৰ প্ৰয়ােজন পূৰাব পৰাকৈ এক নতুন জাতীয় শিক্ষা ব্যবস্থা গঠনৰ বাবে দেশৰ বিভিন্ন শিক্ষাবিদসকলে পৰামৰ্শ আগবঢ়াইছিল।
অবশেষত এই পৰামৰ্শ অনুযায়ী শিক্ষাৰ সকলাে স্তৰ আৰু দিশতে সাধাৰণ সূত্ৰ আৰু নীতি নিৰ্ধাৰণ কৰি সৰ্বভাবতীয় ভিত্তিত একেজাতীয় শিক্ষা ব্যৱস্থা গঠনৰ বাবে ১৯৬৪ চনত চৰকাৰে সেইসময়ৰ বিশ্ববিদ্যালয়ৰ শিক্ষা আয়োগৰ সভাপতি ড° ডি এছ কোঠাৰীক সভাপতিৰূপে লৈ ভাৰতীয় শিক্ষা আয়োগ গঠন কৰিছিল। এই আয়োগত দেশ – বিদেশৰ আন ১৬ গৰাকী সদস্যৰ্ক অন্তৰ্ভুক্ত কৰা হৈছিল। এই প্ৰতিবেদনথন আয়োগৰ সভাপতি ড° ডি এছ কোঠাৰীৰ নামেৰে অৰ্থাৎ কোঠাৰী আয়োগ ” বুলিও কোৱা হয়।
7. অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ অতিক্ৰম কৰাৰ বাবে। চাৰিটা উপায় পৰামৰ্শ দিয়া।
উত্তৰঃ অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ অতিক্ৰম কৰাৰ বাবে ৪। টা উপায়ৰ পৰামৰ্শ হ’ল—
(ক) বৃত্তিমূলক মাধ্যমিক শিক্ষাৰ প্ৰৱৰ্তন:- চাকৰি পােৱাত সহায় কৰাই যে মাধ্যমিক শিক্ষাৰ উদ্দেশ্য নহয়, সেইটো সচৰ্চা। কিন্তু এই শিক্ষাই ব্যক্তিক জীৱিকা উপাৰ্জনৰ উপায় দিব লাগিব। উচ্চ শিক্ষাৰ কাৰণে মাধ্যমিক শিক্ষাই ব্যক্তিক প্ৰস্তুত কৰি তুলিব লাগিব। আৰু যিবিলাকে উচ্চ শিক্ষাৰ বাবে ইচ্ছুক বা উপযােগী নহয়, তেনে শিক্ষাৰ্থীৰ বাবে। বৃত্তিমূলক শিক্ষা অপৰিহাৰ্য।
(খ) বহুমুখী পাঠ্যক্ৰম:- মাধ্যমিক শিক্ষা ঘাইকৈ বৃত্তিমুখী আৰু স্বয়ং সম্পূৰ্ণ হ’ব লাগিব। বিভিন্ন ব্যক্তিৰ চাহিদা বা ৰুচি অভিৰুচি পূৰণ। কৰাৰ কাৰণে বিভিন্ন ধৰণৰ পাঠ্যক্ৰম থাকিব লাগে যাতে শিক্ষাৰ্থীযে ইচ্ছানুযায়ী বিষয়বােৰ বাছনি কবি ল’ব পাৰে।
(গ) শিক্ষক নিযুক্তি:- শিক্ষকৰ চাকৰি আকৰ্ষণীয় কৰিব লাগে আৰু অৰ্হতা সম্পন্ন ব্যক্তিকহে শিক্ষকতা কামৰ বাবে নিযুক্তি দিব লাগে।
(ঘ) নেতৃত্ব শিক্ষা:- নেতৃত্ব শিক্ষা তথা উপযুক্ত নাগৰিকৰ শিক্ষাৰ কাৰণে প্ৰয়ােজনীয় সা – সুবিধা আগবঢ়াব লাগে।
8. উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ। চমুটোকা লিখা।
উত্তৰঃ কোঠাৰী আয়োগৰ পৰামৰ্শৰ আধাৰতেই ১৯৪৪ চনত অসমত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অসম চৰকাৰে গঠন কৰে আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ( +২) পৰিচালনা, নিয়ন্ত্ৰণ আৰু প্ৰশাসনৰ দায়িত্ব সংসদৰ হাতলৈ আহে। ফলস্বৰূপে তেতিয়াৰ পৰা পূৰ্বে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে হাতত লােৱা উচ্চতৰ মাধ্যমিক শিক্ষাৰ (+২) পাঠ্যক্ৰম প্ৰস্তুতি, পাঠ্যপুথি প্ৰণয়ন, পৰীক্ষা আদিৰ সকলাে দাযিত্ব সংসদৰ দাযিত্ব হৈ পৰে। স্কুলৰ বাহিৰেও কলেজ সমূহত উচ্চতৰ মাধ্যমিক শ্ৰেণী দুটা সংলগ্ন হৈ আছে যদিও ইয়াৰ সকলাে দায়িত্বভাৰ সংসদৰ হাতত। তাৰােপৰি + ২’শ্ৰেণী দুটাৰ স্বীকৃতিৰে জুনিয়ৰ কলেজ’গঠন কৰাৰাে চিন্তা অসম চৰকাৰে কৰি আছিল। যাৰ ফলস্বৰূপে বৰ্তমান এই কলেজসমূহ অব্যাহত আছে।
9. কোঠাৰী আয়োগ আৰু অসমৰ মাধ্যমিক শিক্ষা। চমুটোকা লিখা।
উত্তৰঃ ১৯৬৬ চনৰ কোঠাৰী আয়োগৰ প্ৰতিবেদন অনুসৰি ১৯৭৩ চনৰ পৰা অসমত। মাধ্যমিক শিক্ষা বৰ্ডে ১২ বছৰীয়া স্কুলীয়া শিক্ষাৰ প্ৰৱৰ্তন কৰে আৰু দুবছৰীয়া উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমে ইয়াৰ লগে লগে যুগুত কৰে। এই পাঠ্যক্ৰম ১৯৭৩ চনৰ পৰা ৬৩ খন স্কুলত চলে।
এই কোঠাৰী আয়ােগৰ পৰামৰ্শৰ আধাৰতেই ১৯৮৪ চনত অসমতাে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অসম চৰকাৰে গঠন কৰে আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ (+২) পৰিচালনা, নিয়ন্ত্ৰণ আৰু প্ৰশাসনৰ দায়িত্ব সংসদৰ হাতলৈ আহে। ফলস্বৰূপে তেতিয়াৰ পৰা পূৰ্বে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে হাতত লােৱা উচ্চতৰ মাধ্যমিক শিক্ষাৰ (+২) পাঠ্যক্ৰম প্ৰস্তুতি, পাঠ্যপুথি প্ৰণয়ন পৰীক্ষা আদিৰ সকলাে দায়িত্ব। সংসদৰ দায়িত্ব হৈ পৰে।
১৯৬৬ চনত অসম মাধ্যমিক শিক্ষা ব’ৰ্ড গঠন কৰা হয় আৰু তেতিয়াৰ পৰা অসমৰ সকলাে মাধ্যমিক স্কুল ইয়াৰ নিয়ন্ত্ৰণলৈ অনা হয়। কোঠাৰী আয়োগৰ প্ৰতিবেদনৰ ফলস্বৰূপে অসম চৰকাৰে পৰ্যায়ক্ৰমে উচ্চ মাধ্যমিক স্কুলসমূহক উচ্চতৰ মাধ্যমিক স্কুললৈ পৰিবৰ্তন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু + ২’ শ্ৰেণী দুটাৰ স্বীকৃতিৰে “ জুনিয়ৰ কলেজ” গঠনৰ চিন্তা অসম চৰকাৰে আৰম্ভ কৰে।
10. মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণ। চমুটোকা লিখা।
উত্তৰঃ বহু ছাত্ৰ – ছাত্ৰীযে সফলতাৰে মাধ্যমিক পৰ্যায় শেষ কৰাৰ পাছত একো একোটা উপযুক্ত বৃত্তি লাভ কৰিবলৈ আৰু নিজ বৃত্তিত এক সন্তোষজনক কাৰ্যদক্ষতা আহৰণ। কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। কিন্তু আন বহু ছাত্ৰই উচ্চ শিক্ষা অনুধাবন। কৰিবলৈ ইচ্ছা কৰে। এনেবিলাক ছাত্ৰ – ছাত্ৰীৰ কাৰণে ততােধিক বছৰৰ পলিটেকনিক বা কাৰিকৰী অনুষ্ঠানৰ পাঠ্যক্ৰমৰ ব্যৱস্থা থাকিব।
কোঠাৰী আয়োগে স্কুলীয়া শিক্ষাৰ দুটা পৰ্যায়ত বৃত্তিমূলক শিক্ষাৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ দিচ্ছে। বৃত্তিমূলক শিক্ষা হৈছে বিজ্ঞান আৰু প্ৰযুক্তি কৌশল প্ৰয়ােগ কৰি, কম শাৰীৰিক পৰিশ্ৰমত অধিক আৰু উন্নত উৎপাদন বা কাৰ্যসম্পাদন কৰাই আধুনিকীকৰণ। ইয়াৰে নিমিত্তে বিজ্ঞানৰ ব্যৱহাৰিক জ্ঞান আৰু প্ৰযুক্তি কৌশল প্ৰযােগ শিক্ষা প্ৰয়ােজন।
ফলপ্ৰসু বিজ্ঞান শিক্ষা আৰু কৰ্ম অভিজ্ঞতা আঁচনিৰ মাধ্যমত ছাত্ৰ – ছাত্ৰীক বৃত্তিমূলক শিক্ষাৰ নিমিত্তে প্ৰস্তুত কৰিব পৰা হয়। শিক্ষাৰ্থীযে ব্যক্তিগতভাৱে বৃত্তি নিৰ্বাচন কৰােতে নিজৰ শক্তি, সামৰ্থ্য, ৰাপ, ৰুচি, আদিৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লােৱা আৱশ্যক। বিস্তৃতভাৱে বৃত্তিমূলক শিক্ষা প্ৰৱৰ্তন কৰিব পাৰিলেহে, শিক্ষিত নিবনুৱা সমস্যা আৰু শিক্ষাৰ অপচয় ৰােধ কৰিব পৰা হ’ব।
11. ১০ + ২ + ৩ পদ্ধতি। চমুটোকা লিখা।
উত্তৰঃ ১০ + ২ + ৩ পদ্ধতি:- ভাৰতবৰ্ষৰ স্কুলীয়া শিক্ষাৰ বিভিন্ন পৰ্যায়সমূহক স্তৰ অনুযায়ী ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগে বিভিন্ন ভাগত ভাগ কৰিছে। প্ৰাথমিক পৰ্যায় ১ বছৰৰ পৰা ৩ বছৰলৈ আৰু। প্ৰাথমিক পৰ্যায় ৭-৮ বছৰলৈ। ই্যাক দুটা উপ পৰ্যন্ত স্বৰূপে ভাগ কৰি নিম্ন প্ৰাথমিক ৪-৫ বছৰব আৰু উচ্চ প্ৰাথমিক ৩ বছৰৰ কৰিব লাগে। নিম্ন মাধ্যমিক বা হাইস্কুলৰ সাধাৰণ শিক্ষা ৩ বা ২ বছৰ আৰু বৃত্তীয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ হ’ব লাগে।
উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা ২ বছৰৰ আৰু বৃত্তীয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰ হ’ব লাগে। উচ্চ শিক্ষা প্ৰথম ডিগ্ৰীৰ অধ্যয়ন সূচী ৩ বছৰ অৰ্থাৎ ৩ বছৰৰ প্ৰথম স্নাতক ডিগ্ৰী। বিদ্যালয় স্তৰৰ বাবে আয়োগে অনুমােদন জনােৱা মযসূচীকে ১০+ ২ + ৩ বুলি জনা যায়।
12. মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ সন্দৰ্ভত ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ প্ৰস্তাৱসমূহ আলােচনা কৰা।
উত্তৰঃ মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ সন্দৰ্ভত ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ ৰ প্ৰস্তাৱসমূহ হ’ল—
(ক) ৰাষ্ট্ৰীয় শিক্ষানীতিত এক সু – শৃংখলাবদ্ধ আৰু পদ্ধতিগত ভাৱে শিক্ষা পুনৰ গঠন আঁচনিত বৃত্তিমূলক শিক্ষাৰ কাৰ্যসূচীৰ পাতনি মেলা। হ’ব। ই্যাৰ জৰিয়তে শিক্ষাৰ্থীযে নিজৰ জীৱিকাৰ পথ বিচাৰি পাব লগতে কোনাে উদ্দেশ্য নথকাকৈ উচ্চ শিক্ষা ল’বলৈ যােৱা শিক্ষাৰ্থীসকলে এক বিকল্প পথৰ সন্ধান পাব।
(খ) বৃত্তিমূলক শিক্ষাক এক নিৰ্দিষ্টশাখা হিচাপে ধৰি ই্যাৰ দ্বাৰা শিক্ষাৰ্থীক নিজৰ জীৱিকাৰ লক্ষ্যত উপনীত কৰিব পৰা যাব। এই বিষয়টো মাধ্যমিক স্তৰৰ শেষত প্ৰৱৰ্তন কৰা হব যদিও অষ্টম শ্ৰেণীৰ পৰাই ইযাক আৰম্ভ কৰিব পৰা যাব। ইযাক অধিক ফলপ্ৰসূ কৰি। তােলাৰ বাবে ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰবােৰত অধিক সা – সুবিধা প্ৰধান কৰা হ’ব।
(গ) স্বাস্থ্যজড়িত বৃত্তিমুখী বিষয়সমূহৰ জৰিয়তে স্বাস্থ্য পৰিকল্পনাৰ আৰু স্বাস্থ্যসেৱা ব্যৱস্থাপনা অন্তৰ্ভুক্ত কৰি প্ৰয়ােজনীয় মানৱসম্পদ গঢ়ি তােলা আৰু তেওঁলােকৰ বাবে শিক্ষা আৰু প্ৰশিক্ষণৰ ব্যৱস্থাও কৰা হ’ব।
(ঘ) বৃত্তিমূলক শিক্ষাৰ স্নাতকসকলৰ বাবে সাধাৰণ প্ৰযুক্তিবিদ্যা আৰু ব্যৱসাযিক শিক্ষাৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰা হ’ব।
(ঙ) ন শিকাৰু, প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰা, অকালতে বিদ্যালয় এৰা, নিবনুৱা, আংশিকভাবে চাকৰি কৰা আৰু মহিলাসকলৰ প্ৰতি অনানুষ্ঠানিক বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা থাকিব।
13. মুদালিয়াৰ আয়োগ নিযুক্তিৰ প্ৰয়ােজনীয়তা সৃষ্টিকাৰী পৰিস্থিতি ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতবৰ্ষ ব্ৰিট্ৰি শাসনৰ পৰা মুক্ত হােৱাৰ পাছত সামাজিক বা ৰাজনৈতিক প্ৰেক্ষাপটৰ দ্ৰুত পৰিবৰ্তন ঘটাৰ বাবে দেশৰ আৰ্থ সামাজিক দিশৰ সৰল পৰিৱৰ্তন সাধন বাবে প্ৰযােজন আহি পৰিল।। আৰু সেযে দেশৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটাবলগীয়া হ’ল। এই উদ্দেশ্য আগত ৰাখি ১৯৪৮ চনত কেন্দ্ৰীয় শিক্ষা বােৰ্ডে (CABE ) ভাৰত চৰকাৰক এক নিৰ্দেশযােগে মাধ্যমিক শিক্ষাৰ পুংখানুপুঙ্খ বিচাৰ কৰি শিক্ষা বিস্তাৰৰ বাবে কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ এখনি মাধ্যমিক শিক্ষা আয়োগ নিযুক্তি দিবলৈ পৰামৰ্শ আগবঢ়াইছিল।
বৰ্ডৰ এই পৰামৰ্শ মানি লৈ চৰকাৰে ১৯৫২ চনৰ ২৫ ছেপ্টেম্বৰ তাৰিখে তেতিয়াৰ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° লক্ষণস্বামী মুদালিয়াৰক সভাপতি নিয়ােগ কৰি এখনি আয়োগ গঠন কৰিলে। আৰু এই আয়োগখনেই হ’ল মাধ্যমিক শিক্ষা আয়োগ -১৯৫২ চন’ অথবা আয়ােগৰ সভাপতিৰ নামেৰে এই আয়োগক ‘ মুদালিয়াৰ আয়োগ’ বুলিও নামাকৰণ কৰা হয়।
ৰচনাধৰ্মী প্ৰশ্নোত্তৰ (মূল্যাংক- ৫ / ৬)
1. মাধ্যমিক শিক্ষা পৰিষদ, অসমৰ ক্ষমতা আৰু কাৰ্যৰ বিষযে আলােচনা কৰা।
উত্তৰঃ কোঠাৰী আয়োগৰ পৰামৰ্শৰ আধাৰতেই ১৯৮৪ চনত অসমতাে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ‘ অসম চৰকাৰে গঠন কৰে আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰিচালনা, নিয়ন্ত্ৰণ আৰু প্ৰশাসনৰ দায়িত্ব সংসদৰ হাতলৈ আহে। ফলস্বৰূপে তেতিয়াৰে পৰা পূৰ্বে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে হাতত লােৱা উচ্চতৰ মাধ্যমিক শিক্ষাৰ। পাঠ্যক্ৰম প্ৰস্তুতি, পাঠ্যপুথি প্ৰণয়ন, পৰীক্ষা আদিৰ সকলাে দায়িত্ব সংসদৰ দাযিত্ব হৈ পৰে।
১৯৬১ চনত অসম মাধ্যমিক শিক্ষা আইন গৃহীত হয়। এই আইনৰ প্ৰস্তাৱমতে মাধ্যমিক শিক্ষা ব’ৰ্ড গঠন কৰা হয়। এই ব’ৰ্ডৰ মূল। কাৰ্যাৱলীসমূহ হ’ল—
(ক) মাধ্যমিক আৰু উচ্চ মাধ্যমিকৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰা।
(খ) পৰীক্ষা পৰিচালনা আৰু ফলাফল ঘােষণা কৰা।
(গ) বৃত্তি আৰু পুৰস্কাৰ বিতৰণৰাে নীতি প্ৰস্তুত কৰা।
(ঘ) মাধ্যমিক বিদ্যালয়ৰ সমস্যাসমূহ পৰীক্ষা আৰু অধ্যয়ন কৰা।।
(ঙ) মাধ্যমিক স্কুলৰ পুঁজি সমন্ধীয় ব্যৱস্থাৰ দায়িত্ব গ্ৰহণ কৰা।
2. শিক্ষাৰ প্ৰমূল্যসমূহ কৰ্ষিত কৰিবলৈ কোঠাৰী আয়োগৰ পৰামৰ্শৱলী উল্লেখ কৰা।
উত্তৰঃ জাতীয় শিক্ষাৰ লক্ষা হিচাপে কোঠাৰী আয়োগে প্ৰমূল্যবােধ বিকাশ সাধনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। এই প্ৰমূল্যবােধৰ এক সক্ৰিয় শিক্ষা ব্যবস্থা গঢ় দি তুলিবৰ বাবে আয়োগে নিম্নলিখিত পৰামৰ্শ আগবঢ়ায়।
(ক) কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰবােৰে তেওঁলােকৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত থকা সকলােবােৰ শিক্ষানুষ্ঠাতে নৈতিক, সামাজিক আৰু আধ্যাত্মিক মূল্যবােধৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে।
(খ) ব্যক্তিগতভাৱে পৰিচালিত অনুষ্ঠানেও এনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
(গ) এনে মূল্যবােধৰ শিক্ষা স্কুলৰ কাৰ্যসূচীৰ অবিচ্ছেদ্য অংগ হােৱাৰ উপৰি ইয়াৰ বাবে স্কুলৰ সময তালিকাত আছুতীয়াকৈ শ্ৰেণীৰ ব্যৱস্থা ৰাখিব লাগে।
(ঘ) ধৰ্মৰ তুলনামূলক অধ্যয়নৰ দিশত বিশ্ববিদ্যালয়ৰ সংশ্লিষ্ট বিভাগবােৰে ইয়াৰ প্ৰয়ােজনীয় শিক্ষাৰ উপায় উদ্ভাৱন কৰিব লাগে।
(ঙ) প্ৰথম স্নাতক উপাধি পাঠ্যক্ৰমত পৃথিৱীৰ বিভিন্ন ধৰ্মৰ সাধাৰণ অধ্যয়ন অন্তৰ্ভুক্ত কৰিব লাগে।
(চ) ছাত্ৰসকলে দলীয়ভাৱে মৌন – ধ্যান কৰাত উৎসাহ যােগাব লাগে ইত্যাদি।
3. মাধ্যমিক শিক্ষা পৰিষদ, অসমৰ কাৰ্যাৱলীৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ কোঠাৰী আয়োগৰ পৰামৰ্শৰ আধাৰতেই ১৯৮৪ চনত অসমতাে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ‘ অসম চৰকাৰে গঠন কৰে আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰিচালনা, নিয়ন্ত্ৰণ আৰু প্ৰশাসনৰ দায়িত্ব সংসদৰ হাতলৈ আহে। ফলস্বৰূপে তেতিয়াৰে পৰা পূৰ্বে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে হাতত লােৱা উচ্চতৰ মাধ্যমিক শিক্ষাৰ। পাঠ্যক্ৰম প্ৰস্তুতি, পাঠ্যপুথি প্ৰণয়ন, পৰীক্ষা আদিৰ সকলাে দায়িত্ব সংসদৰ দায়িত্ব হৈ পৰে।
১৯৬১ চনত অসম মাধ্যমিক শিক্ষা আইন গৃহীত হয়। এই আইনৰ প্ৰস্তাৱমতে মাধ্যমিক শিক্ষা ব’ৰ্ড গঠন কৰা হয়। এই ব’ৰ্ডৰ মূল। কাৰ্যাৱলীসমূহ হ’ল–
(ক) মাধ্যমিক আৰু উচ্চ মাধ্যমিকৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰা।
(খ) পৰীক্ষা পৰিচালনা আৰু ফলাফল ঘােষণা কৰা।
(গ) বৃত্তি আৰু পুৰস্কাৰ বিতৰণৰাে নীতি প্ৰস্তুত কৰা।
(ঘ) মাধ্যমিক বিদ্যালয়ৰ সমস্যাসমূহ পৰীক্ষা আৰু অধ্যয়ন কৰা।
(ঙ) মাধ্যমিক স্কুলৰ পুঁজি সমন্ধীয় ব্যৱস্থাৰ দায়িত্ব গ্ৰহণ কৰা।
4. মুদালিয়াৰ আয়োগে আঙুলিয়াই দিয়া মাধ্যমিক শিক্ষাৰ ত্ৰুটীসমূহ আলােচনা কৰা।
উত্তৰঃ মুদালিয়াৰ আয়োগে আঙুলিয়াই দিয়া মাধ্যমিক শিক্ষাৰ ত্ৰুটীসমূহ হ’ল—
(ক) আয়োগে প্ৰচলিত শিক্ষা বাৱস্থাক যান্ত্ৰিক, পুথিগত আৰু একঘেয় বুলি অভিহিত কৰি এনে শিক্ষাই শিক্ষাৰ্থীৰ লক্ষ্য পূৰণত বাধাৰ সৃষ্টি। কৰে বুলি কয়।
(খ) আয়োগে আঙুলিয়াই দিছিল যে এই শিক্ষা ব্যৱস্থা সম্পূৰ্ণ পৰীক্ষাকেন্দ্ৰিক, পাঠ্যক্ৰমৰ অতিৰিক্ত বােজা, শিকন পদ্ধতি বিজ্ঞানসন্মত নহয় আৰু শিক্ষাৰ্থীক লক্ষ্যত উপনীত কৰােৱাত ব্যৰ্থ হৈছে।
(গ) শ্ৰেণীত ছাত্ৰ – ছাত্ৰীৰ সংখ্যা অত্যাধিক হােৱা বাবে শিক্ষক – ছাত্ৰৰ ব্যৱধান বেছি হয়, ফলত শিকন ফলপ্ৰসূ নহয়।
(ঘ) শিক্ষক নিৰ্বাচন প্ৰক্ৰিয়া আসোঁৱাহপূৰ্ণ হােৱাত শিকনৰ বাবে উপযুক্ত বা আগ্ৰহী শিক্ষক নিযুক্তিত বাধা জন্মে।
(ঙ) বিদ্যালয়ত সহপাঠক্ৰমিক কাৰ্যসূচী ৰূপায়ণৰ সুবিধা নথকা, খেল পথাৰৰ অভাৱ আদিয়ে শিক্ষাৰ্থীৰ সৰ্বাংগীন বিকাশত বাধাৰ সৃষ্টি কৰে।
5. অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ অসমৰ মাধ্যমিক সমস্যাসমূহ হ’ল –
(ক) পাঠ্যক্ৰম:- আমাৰ দেশত মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত প্ৰচলিত পাঠ্যক্ৰম জীৱনৰ প্ৰয়ােজনীয়তাৰ লগত তেনে সম্বন্ধ নাই। এই পাঠ্যক্ৰমে উচ্চ শিক্ষাৰ কাৰণে প্ৰস্তুত কৰিব পাৰে, কিন্তু জীৱনৰ বাবে নহয়।
(খ) শিক্ষক:- শিক্ষা কাৰ্যৰ সফলতা বহুলাংশে নিৰ্ভৰ কৰে অৰ্হতা সম্পন্ন শিক্ষক মণ্ডলীৰ ওপৰত। কিন্তু অসমৰ মাধ্যমিক স্কুলবােৰৰ এটি প্ৰধান সমস্যাৰূপে দেখা দিছে—যােগ্য তথা প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ। আনকি প্ৰশিক্ষণ কলেজবােৰৰ অৱস্থাও বেছিভাগৰে মাধ্যমিক স্কুলৰ দৰেই।
(গ) ঘৰ – দুৱাৰ আৰু সা – সঁজুলি:- স্কুলঘৰৰ অৱস্থা বেছিভাগৰে সন্তোষজনক নহয়। মাধ্যমিক শিক্ষাবৰ্ডে স্কুলঘৰ সজাৰ নিয়ম বান্ধি দিলেও বহুত স্কুলে টকাৰ অভাৱত সেইমতে ঘৰ সাজিব পৰা নাই। পুথিভঁৰাল, পঢ়া – কোঠা, পৰীক্ষাগাৰ আদি ছাত্ৰ – ছাত্ৰীক আৱশ্যক অনুযায়ী দিব পৰা নাই।
(ঘ) পৰীক্ষা পদ্ধতি:- পৰীক্ষাত উত্তীৰ্ণ হােৱাই যেন আমাৰ শিক্ষাৰ মূল উদ্দেশ্য এনে ধাৰণাই আমাৰ মনত সােমাই গৈছে। এইটো হােৱাৰ মূলতে হ’ল পৰীক্ষাৰ ফলাফলৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ বাবে।
(ঙ) বিদ্যালয়ৰ পুঁজিৰ অভাৱ:- প্ৰযােজনীয় পুঁজিৰ অভাৱে বিদ্যালয়ৰ সাংগঠনিক দিশত প্ৰভাৱ পেলায়। প্ৰযােজনীয় সা – সঁজুলিৰ অভাৱে বাহয়িক দিশত শিক্ষাৰ্থীক আগুৱাই নিযাত ব্যৰ্থ হয়।
6. কোঠাৰী আয়োগে উল্লেখ কৰা শিক্ষাৰ লক্ষ্যসমূহ ব্যাখ্যা কৰা। নাইবা, মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে কোঠাৰী আয়োগৰ পৰামৰ্শসমূহ আলােচনা কৰা।
উত্তৰঃ ভাৰতবৰ্ষৰ জাতীয় বিকাশৰ বাবে শিক্ষাৰ লক্ষ্য আদৰ্শ নিম্নলিখিত ভাৱে কোঠাৰী আয়োগে দাঙি ধৰিছে।
১। বৰ্তমান দেশৰ সামাজিক আৰু অৰ্থনৈতিক দিশত জাতীয় বিকাশৰ বাবে বিজ্ঞান আৰু কাৰিকৰী দিশৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰােপ কৰিছে। এই দিশত কৰা আয়োগৰ বিশ্লেষণে ভাৰতীয় শিক্ষাৰ লক্ষ্যত থকা গতানুগতিকতাৰ জড়তা ভংগ কৰি গতিশীলতাৰ প্ৰবণতা আনি দিছে।
২। বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ অগ্ৰগতি পাশ্চাত্যমুখী কৰি তােলাৰ পৰিৱৰ্তে ভাৰতীয় আধ্যাত্মিক আৰু নৈতিক দিশত বিকাশমুখী কৰি তুলিবলৈ চেষ্টা কৰা হৈছে।
৩। আয়োগে আমাৰ শিক্ষাত উৎপাদনমুখিতাৰ ধাৰণা প্ৰদান কৰি অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক স্থিৰতা আৰু প্ৰগতিৰ এক নিশ্চিত পথ ৰচনা কৰিছে। বৰ্তমান উন্নত দেশৰবাৰে গ্ৰহণ কৰা শিক্ষাৰ প্ৰযােগবাদ দৰ্শনৰ কৰ্মমুখিতা আৰু কৰ্ম অভিজ্ঞতা আমাৰ শিফাত জনপ্ৰিয় কৰি তােলা হৈছে।
৪। ভাৰতীয় সংবিধানৰ সমতা, ভ্ৰাতৃত্ব আৰু সামাজিক ন্যায়ৰ। গণতান্ত্ৰিক আদৰ্শ শিক্ষাৰ লক্ষ্য আদৰ্শত আৰু ইয়াৰ কাৰ্যব্যৱস্থাতে প্ৰতিষ্ঠা কৰি তােলাৰ প্ৰয়াস কৰা হৈছে।
৫। বৰ্তমান বিকাশশীল সমাজত দ্ৰুত আধুনিকীকৰণৰ প্ৰয়ােজনীয়তাৰ প্ৰতি আয়োগে আমাৰ দৃষ্টি আকৰ্ষণ কৰিছে।
৬। দেশৰ জাতীয় ঐক্য সাধনাৰ বাবে ভাৰতীয় শিক্ষাত ধৰ্ম নিৰপেক্ষতা নীতি গ্ৰহণ প্ৰয়োজনীয়তা আৰু যুক্তিযুক্ততা আয়োগে প্ৰতিপন্ন কৰে।
7. শিক্ষা আয়োগ ১৯৬৪ ৰ দ্বাৰা অনুমােদিত শিক্ষাৰ গাঁথনিৰ বিষযে চমুকৈ লিখা।
উত্তৰঃ ১৯৬৪-৬৬ চনত শিক্ষা আয়োগে পৰামৰ্শ প্ৰদান কৰা শিক্ষা আঁচনি তলত দিয়া ধৰণৰ
(ক) প্ৰাক প্ৰাথমিক পৰ্যায় ১ বছৰৰ পৰা ৩ বছৰলৈ।
(খ) প্ৰাথমিক পৰ্যায় ৭-৮ বছৰলৈ। ইয়াক দুটা উপ – পৰ্যায় স্বৰূপে ভাগ কৰি নিম্ন ) প্ৰাথমিক ৪-৫ বছৰৰ আৰু উচ্চ প্ৰাথমিক ৩ বছৰৰ কৰিব লাগে।
(গ) নিম্ন মাধ্যমিক বা হাইস্কুলৰ সাধাৰণ শিক্ষা ৩ বা ২ বছৰৰ আৰু বৃত্তীয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ হ’ব লাগে।
(ঘ) উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা ২ বছৰৰ আৰু বৃত্তীয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ হ’ব লাগে।
(ঙ) উচ্চ শিক্ষা প্ৰথম ডিগ্ৰীৰ অধ্যয়ন সূচী ৩ বছৰ বা অধিক হ’ব লাগে। এই আঁচনিকে ১০ + ২ + ৩ শিক্ষা আঁচনি বুলি কোৱা হয়।
8. সামাজিক আৰু ৰাষ্ট্ৰীয় সংহতি শক্তিশালী কৰাৰ বাবে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শবলী কি কি ?
উত্তৰঃ সামাজিক আৰু ৰাষ্ট্ৰীয় সংগতি শক্তিশালী কৰাৰ বাবে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শবােৰ হ’ল—
(ক) আয়োগৰ মতে জাতীয় উন্নয়ন লক্ষ্য হিচাপে সৰ্বসাধাৰণ লােকৰ বাবে সাধাৰণ বিদ্যালয় (Common School ) স্থাপন কৰিব লাগিব।
(খ) সকলাে ল’ৰা – ছােৱালীৰ কাৰণে সামাজিক আৰু জাতীয় সেৱা আঁচনি বাধ্যতামূলক হ’ব আৰু ই শিক্ষাৰ সকলাে স্তৰতে প্ৰযােজ্য হ’ব।
(গ) মাতৃভাষাক বিদ্যালয় বা উচ্চতৰত শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাটো উচিত হ’ব।
(ঘ) সৰ্বভাৰতীয় পৰ্যায়ত ইংৰাজীত মাধ্যম স্বৰূপে ব্যৱহাৰ কৰিব যদিও আঞ্চলিক পৰ্যায়ত আঞ্চলিক ভাষা হিচাপে ব্যৱহাৰ কৰিব লাগিব।
(ঙ) জাতীয় চেতনাৰ উন্নতিৰ কাৰণে জাতীয় সংস্কৃতিৰ পুনৰ মূল্যায়ন কৰিব লাগিব।
(চ) আন্তৰ্জাতিক বুজাপৰাৰ বাবে শিক্ষা নীতি গ্ৰহণ কৰিব লাগিব।
9. ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ পাঁচটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্যৰ বিষয়ে লিখা।
উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৪৬ চনৰ ৫ টা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল –
(১) বিদ্যালয়ৰ খেল পথাৰৰ বাবে ওচৰ – পাজৰত থকা থালী ঠাই অধিগ্ৰহণ কৰিব লাগিব, এইবিলাক ওচৰা – উচৰিকৈ কেইবাখনাে। বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰীযে ব্যৱহাৰ কৰিব পাৰিব।
২। অতিৰিক্ত শ্ৰেণীকোঠা আৰু পৰীক্ষাগাৰ সাজিবৰ বাবে নিৰ্মাণকাৰ্যৰ আঁচনি হাতত লােৱা হ’ব। বিদ্যালয় স্তৰীয় শিক্ষাৰ দাযিত্ব মূলতঃ ৰাজ্যিক চৰকাৰ আৰু কৰ্তৃপক্ষৰ ওপৰত। তথাপি সম্ভৱ হ’লে কেন্দ্ৰীয় চৰকাৰে এনেধৰণৰ নিৰ্মাণ কাৰ্যৰ বাবে সাহায্য আগবঢ়াব।
৩। অধিক অৰ্হতাসম্পন্ন ব্যক্তিক শিক্ষক বৃত্তিলৈ আকৰ্ষণ কৰি শিক্ষকৰ দক্ষতা বৃদ্ধি কৰা হ’ব। শিক্ষকক প্ৰাক নিযুক্তি আৰু নিযুক্তিকালীন প্ৰশিক্ষণ নিয়াৰিকৈ দিবৰ বাবে শিক্ষক প্ৰশিক্ষণ অনুষ্ঠানবিলাক। টনকিল কৰি তােলা হ’ব। এই প্ৰক্ৰিয়া এতিয়াই আৰম্ভ কৰা হ’ব।
৪। কোঠাৰী আয়োগে পৰামৰ্শ আগবঢ়াইছিল যে উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ অনুপাত ১৪৩ হােৱা উচিত। এই পৰামৰ্শ। কাৰ্যত পৰিণত কৰা হ’ব। বৰ্তমান অৱস্থিত বহুতাে উচ্চতৰ মাধ্যমিক বিদ্যালযত কলা, বিজ্ঞান আৰু বাণিজ্যৰ ভিতৰত মাত্ৰ এটা বা দুটা ধাৰাহে আছে আৰু বেছিভাগতে বৃত্তিমূলক ধাৰা নাই।
৫। শিক্ষানীতিত কোৱাৰ দৰে শৈক্ষিক সুদৃঢ়কৰণৰ বাবে মূল পাঠ্যক্ৰমে এক মুখ্য ভূমিকা ল’ব। ইয়াৰ বাবে পাঠ্যপুথিৰ উন্নীতকৰণ, শিক্ষক – প্ৰশিক্ষণ, পৰীক্ষা / মূল্যায়ন আদিৰ উন্নতিৰ জৰিয়তে পাঠ্যক্ৰমৰ উন্নতি আনিবলৈ চেষ্টা কৰা হ’ব।
10. মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ সম্পৰ্কত শিক্ষা আয়োগ ১৯৬৪ এ দিহা পৰামৰ্শসমূহৰ বিষয়ে লিখা।
উত্তৰঃ ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগে বৃত্তিমুখী কৰণত যথেষ্ট গুৰুত্ব আৰােপ কৰিছিল। আয়োগে ভাৰতত বৃত্তিমূলক শিক্ষাৰ অনগ্ৰসৰতা আক্ষেপেৰে লক্ষ্য কৰে। বৃত্তিমুখী শিক্ষা প্ৰযােগৰ অৰ্থ হ’ল আত্মনিযােগৰ ব্যৱস্থা কৰাৰ লগতে চাহিদা আৰু দক্ষ মানৱ শক্তিৰ। মাজত থকা অপসমযােজন নােহােৱা কৰা। ইয়াৰ উপৰি যিবিলাকে। কোনাে ধৰণৰ আগ্ৰহ আৰু উদ্দেশ্য নােহােৱাকৈ উচ্চ শিক্ষা লাভ কৰিবলৈ বিচাৰে তেওঁলােক অন্য উপায় দিয়াৰ ব্যৱস্থা কৰা। বৃত্তিমুখী শিক্ষা এটা নিৰ্দিষ্ট শাখা হিচাপে পৰিগণিত হ’ব আৰু শিক্ষাৰ্থীসকলক নিৰ্দিষ্ট পেচাৰ বা প্ৰস্তুত কৰি তােলা হ’ব।
পলিটেকনিক আৰু টেকনিকেল হাইস্কুলৰ পৰা পাছ কৰা ছাত্ৰ – ছাত্ৰীযে স্থানীয় জনগােষ্ঠীৰ চাহিদা পূৰণ কৰিব পৰাকৈ সৰু সৰু কাৰখানা, উদ্যোগ প্ৰতিষ্ঠান, সেবা – সংস্থা আদি গঢ়ি তুলিব পাৰে। স্বাস্থ্য পৰিকল্পনা আৰু স্বাস্থ্যসেৱা ব্যৱস্থাপনা কৰি স্বাস্থ্য জড়িত বৃত্তি বিষয় শিক্ষাত সন্নিৱিষ্ট কৰি বৃত্তিৰ উপযােগী কৰি তােলা হ’ব। এই শিক্ষা + ২ স্তৰৰ উচ্চতৰ মাধ্যমিক শিক্ষাত প্ৰযােগ কৰা হ’ব। বৃত্তিমুখী শিক্ষাৰ অনুষ্ঠানসমূহ স্থাপন কাৰাৰ দায়িত্ব চৰকাৰৰ ওপৰত থাকিব। সেইদৰে ৰাজহুৱা আৰু ব্যক্তি মালিকানা নিযােগকাৰী সকলৰ ওপৰতাে দায়িত্ব থাকিব।
11. শিক্ষাৰ সমতা স্থাপনৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৪৬ ত উল্লেখ কৰা ব্যৱস্থাসমূহ কি কি?
উত্তৰঃ নতুন শিক্ষানীতিয়ে বিভিন্নতা দূৰ কৰাৰ বাবে বিশেষ গুৰুত্ব আৰােপ কৰিছে। শিক্ষাৰ সুবিধাসমূহ সমভাৱে দিয়াৰ ক্ষেত্ৰত বিশেষ প্ৰযােজনীয় দিশবােৰ হাতত লােৱাৰ ব্যৱস্থা কৰিছে। সুবিধাৰ পৰা বঞ্চিত লােকসকলক সমপৰ্যায়ৰ শিক্ষা প্ৰদানৰ সা – সুবিধা। আগবঢ়োৱাত গুৰুত্ব আৰােপ কৰিছে। সমতাৰ বাবে শিক্ষাই সকলাে লােককে সমঅধিকাৰত শিক্ষা লাভ কৰাৰ কথাকে সূচোৱা হয়।
ৰাষ্ট্ৰীয় শিক্ষানীতি (১৯৮৬) যে মহিলাৰ বাবে শিক্ষাৰ বিকাশ আৰু প্ৰগতিত বিশেষ গুৰুত্ব দিছে। মহিলাসকলক সম অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত শিক্ষাই মূল বাহক হিচাপে পৰিগণিত হ’ব অতীতৰ সৃষ্টি হােৱা বৈষম্যতা দূৰ কৰি নিৰপেক্ষ দৃষ্টিভংগী লােৱাৰ ক্ষেত্ৰসমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ’ব। শিক্ষানুষ্ঠানসমূহত মহিলা শিক্ষাৰ বিকাশৰ বাবে প্ৰযােজনীয় সা – সুবিধাসমূহৰ ব্যৱস্থা কৰা হ’ব, পাঠ্যপুথি, শিক্ষক, প্ৰশিক্ষণ আৰু অভিৰােচন ব্যৱস্থা কৰা হ’ব। উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত মহিলা অধ্যয়ন আদিৰ দৰে বিষয়বােৰ সামৰি লােৱা হ’ব আৰু অনুষ্ঠানসমূহে যাতে মহিলাসকলৰ ভৱিষ্যৎ বিকাশত উৎগনি যােগায় তাৰ প্ৰতি দৃষ্টি ৰখা হ’ব। মহিলাসকলৰ মাজৰ পৰা নিৰক্ষৰতা নিৰ্মূল কৰাৰ ব্যৱস্থা কৰি প্ৰাথমিক শিক্ষা যাতে নিশ্চিতভাৱে লাভ কৰিবলৈ সক্ষম হয় তাৰ প্ৰতি গুৰুত্ব দিয়া হ’ব।
অনুসূচিত জাতিৰ লােকসকলে যাতে অ – অনুসূচীত জাতিৰ লােকসকলৰ সমানে শিক্ষা লাভ কৰিবলৈ সক্ষম হয় তাৰ ব্যৱস্থা কৰা হ’ব। গ্ৰামাঞ্চলৰ মহিলা আৰু পুৰুষ আৰু চহৰ – অঞ্চলৰ মহিলা – পুৰুষৰ মাজত সমতা ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰােপ কৰা হ’ব। অনুসূচিত জনজাতি অধ্যুষিত অঞ্চলত প্ৰাথমিক বিদ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হ’ব। জনজাতিৰ মাজৰ পৰা শিক্ষক নিয়ােগ ব্যৱস্থাও কৰা হ’ব। কিছুমান অঞ্চলৰ সংখ্যালঘু সম্প্ৰদায় সমূহ শিক্ষাৰ পৰা বঞ্চিত আৰু পিছপৰা হৈ আছে। সমতা আৰু সামাজিক ন্যায় স্থাপন কৰাৰ অৰ্থে এনে সম্প্ৰদায় সমূহৰ | ওপৰত মনােযােগ দিয়া হ’ব। বাধাগ্ৰস্ত শিক্ষাৰ্থীসকলৰ বাবে প্ৰতিখন জিলাতে আবাসিক বিদ্যালয় স্থাপন কৰা হ’ব।
12. অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশৰ ধাৰা সম্পৰ্কে চমুকৈ আলােচনা কৰা।
উত্তৰঃ ১৯৪৮ চনত গুৱাহাটী চহৰত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হয়। এই বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত। সন্দিকৈ। ১৯৪৮ চনৰ পৰা অসমৰ মাধ্যমিক শিক্ষাৰ ভাৰ গুৱাহাটী বিশ্ববিদ্যালয়ে গ্ৰহণ কৰে। সেই বছৰৰ পৰা অসমৰ সকলােবিলাক মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক প্ৰশাসন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনলৈ আহে আৰু সেইবছৰৰ পৰাই গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰৱেশিক্ষা পৰীক্ষা পাতিবলৈ আৰম্ভ কৰে। ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ অনুমােদনক্ৰমে অসমতাে ১৯৬২ চনত এখন মাধ্যমিক শিক্ষা বােৰ্ড স্থাপন হয়। তেতিয়াৰ পৰা মাধ্যমিক শিক্ষাৰ শৈক্ষিক প্ৰশাসনৰ ভাৰ বিশ্ববিদ্যালয়ৰ পৰিৱৰ্তে এই বােৰ্ডৰ তললৈ আহে।
এই বােৰ্ডৰ কাৰ্যালয় তেতিয়াৰে পৰা এতিয়ালৈকে গুৱাহাটী চহৰত অৱস্থিত। মুডালিযাৰ ( ১৯৫২-৫৩ ) আয়োগে উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বহুমুখী বিদ্যালয় স্থাপন কৰাৰ পৰামৰ্শ আগ বঢ়াইছিল। আয়োগৰ এই। অনুমােদন ক্ৰমে সেই সময়ত অসমৰ ৬৭ খন উচ্চ মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ পৰিবৰ্তিত হ’ল। ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগ (কোঠাৰী আয়োগ) ৰ প্ৰতিবেদন অনুসৰি ১৯৭৩ চনৰ পৰা। অসম মাধ্যমিক শিক্ষা বােৰ্ডে অসমত -১২ বছৰীয়া স্কুলীয়া শিক্ষা প্ৰৱৰ্তন কৰে। ১৯৬১ চনত অসম চৰকাৰে মাধ্যমিক শিক্ষা বিল প্ৰস্তুত। কৰি বিধানসভাত উপস্থাপন কৰে আৰু ই পাছত আইনত পৰিণত হয়। এই আইনৰ ফলতেই জন্ম হয় অসম মাধ্যমিক শিক্ষা বােৰ্ড।
13. মাধ্যমিক শিক্ষা সন্দৰ্ভত এনপিচিৰ দ্বাৰা আগবঢ়োৱা পৰামৰ্শৱলী উল্লেখ কৰা।
উত্তৰঃ মাধ্যমিক শিক্ষা সন্দৰ্ভত NPC ৰ দ্বাৰা আগবঢ়োৱা পৰামৰ্শবােৰ তলত উল্লেখ কৰা হ’ল—
(ক) মাধ্যমিক শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীক কলা, বিজ্ঞান, সমাজবিজ্ঞান আদিৰ বিভিন্ন জ্ঞান দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
(খ) মানৱতাবােধ, সাংবিধানিক দায়বদ্ধতা, মিশ্ৰিত সংস্কৃতিৰ মূল্যবােধ আৰু শাৰীৰিক শ্ৰমৰ প্ৰতি সুস্থ মনােভাব গঠনৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
(গ) মাধ্যমিক শিক্ষাক বিশেষ অনুষ্ঠানসমূহৰ জৰিয়তে বৃত্তিমুখী কৰি গঢ়ি তােলা হ’ব। যাতে এই ব্যৱস্থাই প্ৰযােজনীয় মানৱশক্তিৰ যােগান। ধৰাৰ লগতে দেশৰ অৰ্থনীতিও সবল কৰি তুলিব।
(ঘ) মাধ্যমিক শিক্ষাৰ সুবিধা নথকা অঞ্চলসমূহৰ ছাত্ৰ – ছাত্ৰীৰ বাবে মাধ্যমিক শিক্ষাৰ প্ৰসাৰৰ ব্যবস্থা গ্ৰহণ কৰাৰ লগতে ইতিমধ্যে থকা। মাধ্যমিক বিদ্যালয়সমূহ উন্নীতকৰণ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
(ঙ) মেধাবী আৰু বিশেষ যােগ্যতাসম্পন্ন শিক্ষাৰ্থীৰ বাবে দেশৰ বিভিন্ন স্থানত “ নবােদ্য বিদ্যালয় স্থাপন কৰা হ’ব। (চ) নবােদ্য বিদ্যালযত বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা থকাৰ উপৰিও দেশৰ সকলাে অঞ্চলৰ লগতে গাঁৱৰ ছাত্ৰ – ছাত্ৰীক থকাৰ বাবে আৱাসৰ ব্যৱস্থাও থাকিব ইত্যাদি।
14. প্ৰাথমিক শিক্ষা সন্দৰ্ভত এনপিচিয়ে আগবঢ়োৱা পৰামৰ্শৱলী আলােচনা কৰা।
উত্তৰঃ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত দুটা দিশৰ ওপৰত গুৰুত্ব দিয়া হ’ব –
(ক) সাৰ্বজনীন নাম ভৰ্তিকৰণ আৰু ১৪ বছৰ ব্যসলৈকে শিক্ষানুষ্ঠানত উপস্থিতি। আৰু
(খ) শিক্ষাৰ গুণগত দিশৰ বিষয়াক উন্নীতকৰণ। প্ৰাথমিক শিক্ষা সন্দৰ্ভত এন . পি . চিয়ে আগবঢ়োৱা পৰামৰ্শাসমূহ হ’ল—
(১) শিশুকেন্দ্ৰিক শিক্ষা:- শিশুসকলক শিক্ষানুষ্ঠানত উপস্থিত হােৱা। কথাটো শিকাৰ বাবে সুন্দৰভাৱে স্বাগতম জনাই উৎসাহপূৰ্ণ ধাৰণা ল’ব লাগিব আৰু প্ৰযােজনসমূহ পূৰণৰ চেষ্টা কৰিব লাগিব। প্ৰাথমিক স্তৰত শিক্ষণ প্ৰক্ৰিয়া কৰ্মশীল শিশুকেন্দ্ৰিক কৰি তুলিব লাগিব। প্ৰথম গােষ্ঠীৰ শিক্ষাৰ্থীসকলৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হ’ব। তেওঁলােকৰ ব্যক্তিগত চাহিদা, পঠনীয় বিষযৰ প্ৰতি অনুৰাগ, দৃষ্টিভংগী আৰু সামৰ্থ্যৰ প্ৰতি লক্ষ্য ৰাখিহে শিক্ষা প্ৰদান কৰা হ’ব। শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা বাদ দি শিশুৰ সুবিধা হােৱাকৈ স্কুলৰ সময় আৰু বন্ধৰ দিন। মিলাই লােৱা হ’ব।
(২) স্কুলৰ সুবিধাসমূহ:- প্ৰাথমিক বিদ্যালয়সমূহক প্ৰযােজনীয় সা – সুবিধাখিনি দিয়াৰ ব্যৱস্থা কৰিব লাগিব। সকলাে সময়ৰ উপযােগীকৈ দুটা ডাঙৰ কোঠা, পুতলা, কলা বােৰ্ড, চাৰ্ট আৰু আন আন সঁজুলিসমূহ যােগান ধৰিব লাগিব। প্ৰত্যেকথন বিদ্যালয়তে দুজনকৈ। শিক্ষক নিয়ােগ কৰিব লাগিব, তাৰে এগৰাকী মহিলা হােৱাটো বাঞ্ছনীয়। পাৰিলে শিক্ষকৰ সংখ্যা বৃদ্ধি কৰি প্ৰত্যেক শ্ৰেণীৰ বাবে একোজনকৈ শিক্ষকৰ ব্যৱস্থা কৰিব লাগিব। সমগ্ৰ ৰাষ্ট্ৰতে বিদ্যালয়বিলাকক। অপাৰেচন ব্লেকবােৰ্ড ‘ আঁচনিৰ মাধ্যমেৰে উন্নত কৰাৰ ব্যৱস্থা সােনকালে ফলপ্ৰসূ হােৱাকৈ হাতত লােৱা হ’ব। এই ক্ষেত্ৰত স্থানীয় সন্থাসমূহ, স্বেচ্ছাকে অনুষ্ঠান আৰু ব্যক্তিসকলক সম্পূৰ্ণৰূপে জড়িত কৰা হ’ব। N.R.E.P. আৰু R.L.E.G.P. আঁচনিৰ সহায়ত বিদ্যালয়ৰ ঘৰবােৰ নিৰ্মাণৰ ব্যৱস্থা হাতত লােৱা হ’ব।
15. মাধ্যমিক শিক্ষা আয়োগৰ পৰামৰ্শ অনুসৰি শিক্ষাৰ লক্ষ্যসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ মাধ্যমিক শিক্ষা আয়োগে (১৯৫২-৫৩ ) নিৰূপণ কৰি দিয়া শিক্ষাৰ লক্ষ্যবােৰ হৈছে—
(ক) গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ ও মাধ্যমিক শিক্ষা সৰহভাগ নাগৰিকৰে শেষ শিক্ষা হ’ব, সেযেহে ছাত্ৰ – ছাত্ৰীসকলে গণতান্ত্ৰিক। ভাৰতবৰ্ষৰ প্ৰয়ােজনীয়তা পূৰণ কৰিব পৰাকৈ শিক্ষা লাভ কৰিব। প্ৰতিজন নাগৰিকৰ গণতন্ত্ৰৰ বাবে নিম্নলিখিত গুণসমূহৰ প্ৰয়ােজন হয়।
(১) সুস্থ চিন্তাধাৰা:- এখন গণতান্ত্ৰিক দেশত প্ৰত্যেক নাগৰিকৰে সুস্থ চিন্তাধাৰাৰ অতি প্ৰযােজন। মাধ্যমিক শিক্ষাই এনে শিক্ষা প্ৰদান কৰিব লাগে যাতে প্ৰতিজন নাগৰিকে সু – চিন্তা কৰি নিজৰ ভাব স্পষ্টভাৱে প্ৰকাশ কৰিব পাৰে আৰু কু – সংস্কাৰ, অজ্ঞানতা, অন্ধবিশ্বাস আদি জ্য কৰি বৈজ্ঞানিক দৃষ্টিভংগীৰে বিবেচনা কৰিব পাৰে।
(২) সুস্থ সামাজিক সমাযােজন:- প্ৰতিজন নাগৰিকে নিজৰ কৰ্তব্য, ওচৰ – চুবুৰীয়াৰ সৈতে সদভাৱ, মিলা – প্ৰীতি, বন্ধুত্ব, সহানুভূতি, সামাজিক চেতনা, সংযম আদি গুণ সমূহৰ বিকাশ সাধন কৰি মাধ্যমিক শিক্ষাৰ জৰিয়তে সমাজৰ লগত সুস্থ সমাযােজনৰ শিক্ষা লাভ কৰিব।
(৩) সামাজিক ন্যায়:- মাধ্যমিক শিক্ষাই কোনাে ধৰণৰ ব্যক্তি বৈষম্যতাক গুৰুত্ব নিদি সামাজিক ন্যায় প্ৰতি সু – মনােভাব ছাত্ৰ – ছাত্ৰীৰ মনত গঢ় দি তােলাত গুৰুত্ব দিব লাগিব।
(৪) বাকপটুতা আৰু লিখনিৰ স্পষ্টতা:- মাধ্যমিক শিক্ষাই ছাত্ৰ – ছাত্ৰীৰ সৃষ্টিকামী মনােভাব, নতুন চিন্তা – চৰ্চা, নতুন আদৰ্শ আৰু বৌদ্ধিক সংহতি গ্ৰহণ কৰা যােগ্যতা আদি গুণৰ বিকাশ কৰাৰ উপৰি তেওঁলােকৰ প্ৰকাশভংগী, কথন কৌশল, লিখন ভংগী আদি দিশত উপযুক্ত প্ৰশিক্ষণ দিব লাগিব।
(৫) সহনশীলতা:- মাধ্যমিক শিক্ষা ব্যৱস্থাই ছাত্ৰ – ছাত্ৰীৰ কষ্ট সহিষ্ণুতা, কৰ্তব্য পৰায়ণতা, নিয়মানুবৰ্তিতা আদি গুণৰ বিকাশ ঘটাব লাগিব।
(৬) প্ৰকৃত দেশপ্ৰেম:- মাধ্যমিক শিক্ষাৰ জৰিয়তে ছাত্ৰ – ছাত্ৰীৰ মনত দেশ মাতৃৰ প্ৰতি প্ৰেম ভালপােৱা জাগ্ৰত কৰি হিত সাধন কৰিবলৈ গুৰুত্ব দিব লাগে।
(খ) বৃত্তীয় যােগ্যতাৰ শ্ৰীবৃদ্ধিকৰণ:- মাধ্যমিক শিক্ষাই ছাত্ৰ – ছাত্ৰীৰ কায়িক শ্ৰমৰ প্ৰতি শ্ৰদ্ধাভাব জগাই তােলা; স্ব – ক্ৰিযাৰ প্ৰতি সচেতন। কৰি তােলা, কৰ্ম তৎপৰতা বৃদ্ধি কৰা, শিল্প, উদ্যোগৰ বাবে প্ৰযােজনীয় কৌশল আয়ত্তকৰণ ব্যৱস্থা সুচল কৰা ইত্যাদি দিশসমূহৰ প্ৰতি গুৰুত্ব প্ৰদানূ কৰিব লাগিব। ছাত্ৰ – ছাত্ৰীসকলে জীবিকা উপাৰ্জনৰ বাট বিচাৰি পাবলৈ, কাৰিকৰী বা ব্যৱহাৰিক শিক্ষা লাভৰ সুবিধাৰ বাবে যিকোনাে এটা বৃত্তি সকলাে ছাত্ৰ – ছাত্ৰীযে বাধ্যতামূলকভাৱে মাধ্যমিক শিক্ষাত সন্নিৱিষ্ট কৰিব লাগিব।
(গ) ব্যক্তিত্বৰ বিকাশ:- মাধ্যমিক শিক্ষাই ছাত্ৰ – ছাত্ৰীৰ শাৰীৰিক, মানসিক আনুভূতিক, সামাজিক আৰু ব্যৱহাৰিক জ্ঞানৰ সৰ্বাংগীন বিকাশৰ চাহিদা পূৰণ কৰিব লাগিব।
(ঘ) নেতৃত্বৰ শিক্ষা:- মাধ্যমিক শিক্ষাই মাধ্যমিক পৰ্যায়ত সাহিত্য, কলা, ৰাজনীতি, উদ্যোগ, বাণিজ্য আদিত নেতৃত্বৰ যােগান ধৰিব লাগে।গণতন্ত্ৰ সুস্থ বিকাশৰ বাবে নেতৃত্বৰ অতি প্ৰযােজন। নেতৃত্বৰ বিকাশৰ ক্ষেত্ৰত মাধ্যমিক স্কুলে স্কুলৰ ভিতৰতে সকলাে সা – সুবিধা কৰি ল’ব লাগিব।