ভূগোলৰ ব্যৱহাৰিক কাৰ্যাৱলী | Chapter 7 | Class 10 Geography Question and Answer | Assam Class 10 Geography Elective Solutions Assamese Medium | Asseb Class 10 HSLC Geography Chapter 7 Notes Assamese Medium | Asseb Class 10 Geography Chapter 7 Question and Answer Assamese Medium | Questions and Answers for Class 10 Geography Chapter 7 ভূগোলৰ ব্যৱহাৰিক কাৰ্যাৱলী | Questions and Answers Assam | Asseb Board | Assam State School Education Board (ASSEB)
ভূগোলৰ ব্যৱহাৰিক কাৰ্যাৱলী
Multiple Choice Questions and Answers (MCQs)
1. প্ৰচলিত সাংকেতিক চিহ্ন + -এ কিহক প্ৰতিনিধিত্ব কৰে?
(ক) পুখুৰী
(খ) শুকান নদী
(গ) কুঁৱা
(ঘ)নিজৰা
উত্তৰঃ (ঘ) নিজৰা
2. নিৰূপক ভগ্নাংশৰ বিশেষত্ব হৈছে ইয়াৰ লৰৰ মান সদায় ______ হয়।
(ক) ০
(খ) ১০
(গ) ১
(ঘ) ১০০
উত্তৰঃ (গ) ১
3. মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ দূৰত্বৰ অনুপাতক যেতিয়া এক বিশেষ ভগ্নাংশৰ সহায়ত প্ৰকাশ কৰা হয় তেতিয়া সেই মাপনীক কি বােলে ?
(ক) ভাষাৰ মাপনী
(খ) নিৰূপক ভগ্নাংশৰ মাপনী
(গ) ৰৈখিক মাপনী
(ঘ) ইয়াৰে এটাও নহয়
উত্তৰঃ (খ) নিৰূপক ভগ্নাংশৰ মাপনী
4. সাগৰ পৃষ্ঠৰ পৰা সমান উচ্চতাৰ ঠাইবােৰক সংযােগ কৰা ৰেখাড়াল হৈছে ______ ।
(ক) সমােচ্চ ৰেখা
(খ) অক্ষাংশ
(গ) দ্ৰাঘিমাংশ
(ঘ) প্ৰচলিত সাংকেতিক চিহ্ন
উত্তৰঃ (ক) সমােচ্চ ৰেখা।
5. মানচিত্ৰ আৰু ভূ-পৃষ্ঠৰ দূৰত্বৰ অনুপাতক যেতিয়া এডাল সৰলৰেখাৰ সহায়ত প্ৰকাশ কৰা হয় তাক কি বােলা হয় ?
(ক) নিৰূপুৰু ভগ্নাংশ মাপনী
(খ) ভাষাৰ মাপনী।
(গ)ৰৈখিক মাপনী
(ঘ) লেখ দণ্ডচিত্ৰ।
উত্তৰঃ (গ) ৰৈখিক মাপনী
6. ভূ-পৃষ্ঠ বা ইয়াৰ কোনাে এটা অংশ এখন সমতলত এক নিৰ্দিষ্ট মাপনী অনুসৰি কৰা উপস্থাপন বা অংকনক ______ বুলি জনা যায়।
(ক) মানচিত্ৰ
(খ) মাপনী
(গ) গােলক
(ঘ) অনুপাত
উত্তৰঃ (ক) মানচিত্ৰ
7. বনাঞ্চল পৰিৱেশৰ শ্ৰেণীৰ অন্তৰ্গত।
(ক) সামাজিক
(খ) প্ৰাকৃতিক
(গ) সাংস্কৃতিক
(ঘ) মানৱ-সৃষ্ট
উত্তৰঃ (খ) প্ৰাকৃতিক
Very Short Type Questions and Answers
1. প্ৰত্যেক সমােচ ৰেখাৰে ______ ৰ নিৰ্দিষ্ট মান থাকে।
উত্তৰঃ উচ্চতা
2. বিভিন্ন ভৌগােলিক পৰিঘটনা সম্পৰ্কীয় বিভিন্ন তথ্য যেতিয়া উপযুক্তভাৱে চিত্ৰৰ সহায়ত উপস্থাপন কৰা হয় তাক ______ বােলা হয়।
উত্তৰঃ লেখচিত্ৰ
3. ______ মাপনীক অনুভূমিক ৰেখা বা দণ্ডচিত্ৰৰ সৈতে দেখুওৱা হয়।
উত্তৰঃ ৰৈখিক
4. ______ লেখচিত্ৰৰ সহায়ত কোনাে এটা ভৌগােলিক উপাদান আনুপাতিক হিচাপে বৃত্তৰ সহায়ত দেখুৱাব পাৰি।
উত্তৰঃ বৃত্ত
5. নিৰূপক ভগ্নাংশৰ মাপনীত ______ ৰ মানে মানচিত্ৰ স্কেল নিৰ্ধাৰণ কৰে।
উত্তৰঃ হৰ
6. ব্যৱহাৰিক ভূগােলত মানচিত্ৰ অংকন আৰু মানচিত্ৰ ______ হৈছে এক গুৰুত্বপূৰ্ণ বিষয়।
উত্তৰঃ অধ্যয়ন
7. হৰৰ মান যিমানেই বেছি হয়, সিমানেই মানচিত্ৰ _________ হয়।
উত্তৰঃ সৰু
8. এখন মানচিত্ৰৰ স্কেল ১ ছেঃমিঃ = ৫ কিঃমিঃ ৰ অৰ্থ হ’ল মানচিত্ৰৰ ১ ছেঃমিঃ ______ দূৰত্বই ৫ কিল’মিটাৰ দূৰত্ব নিৰ্দেশ কৰিছে।
উত্তৰঃ ভূ-পৃষ্ঠৰ
Short Type Questions and Answers
1. ভাষাৰ মাপনী কাক বােলে। উদাহৰণসহ আলােচনা কৰা।
উত্তৰঃ মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাই দুখনৰ দূৰত্বক ভাষাৰে প্ৰকাশ কৰাকে ভাষাৰ মাপনী বােলে।
উদাহৰণস্বৰূপে, ১ ছেঃমিঃ= ১০ কিঃমিঃ, ১ ইঞ্চি = ৫ মাইল ইত্যাদি। অৰ্থাৎ মানচিত্ৰ এখনৰ স্কেল ১ ছেঃমিঃ = ১০ কিঃমিঃ বুলিলে মানচিত্ৰৰ ১ ছেঃমিঃ য়ে ভূ-পৃষ্ঠৰ ১০ কিঃমিঃ দূৰত্বক বুজায়।
2. মানচিত্ৰ এখনৰ নিৰূপক ভগ্নাংশৰ মাপনী ১ ও ২৫০,০০০। ইয়াক ভাষাৰ মাপনীলৈ ৰূপান্তৰ কৰা।
উত্তৰঃ নিৰূপক ভগ্নাংশ ১ঃ ২৫০,০০০
১ ছেঃ মিঃ = ২,৫০,০০০ ছেঃমিঃ
১ ছেঃ মিঃ = ২.৫ কিঃমিঃ (১ কিঃমিঃ = ১,০০,০০০ ছেঃমিঃ)
গতিকে, নিৰ্ণেয় ভাষাৰ মাপনী হৈছে ১ ছেঃমিঃ = ২.৫ কিঃ মিঃ
3. অতি কমেও ১ কিলােমিটাৰ পৰ্যন্ত জোখ ল’ব পৰাকৈ নিৰূপক ভগ্নাংশ ১৪৫০০,০০০ ৰ বাবে এটি ৰৈখিক মাপনী অংকন কৰা।
উত্তৰঃ প্ৰদত্ত স্কেল অনুযায়ী মানচিত্ৰ ১ একক দূৰত্ব = ভূ-পৃষ্ঠৰ ৫০০ একক বা, ১ ছেঃমিঃ = ৫ কিঃমিঃ (১ কিঃমিঃ = ১০০,০০০ ছেঃমিঃ)
4. ২ ইঞ্চি = ৫ মাইল ভাষাৰ মাপনী ব্যৱহাৰ কৰি অতি কমেও ১ মাইল পৰ্যন্ত জোখ ল’ব পৰাকৈ এটি ৰৈখিক মাপনী অংকন কৰা।
উত্তৰঃ দিয়া আছে, ভাষাৰ মাপনী ২ ইঞ্চি = ৫ মাইল।
5. মানচিত্ৰ এখনৰ ভাষাৰ মাপনী ২ ছেণ্টিমিটাৰ = ৩৫ কিলােমিটাৰ। ইয়াক নিৰূপক ভগ্নাংশলৈ ৰূপান্তৰ কৰা।
উত্তৰঃ ভাষাৰ মাপনী
২ ছেঃমিঃ = ৩৫ কিঃমিঃ
= ৩৫,০০,০০০ ছেঃমিঃ
১ কিঃমিঃ = ১,০০, ০০০ ছেঃমিঃ)
১ ছেঃমিঃ = ১৭,৫০,০০০ ছেঃমিঃ
গতিকে, নিৰূপক ভগ্নাংশত ইয়াৰ মাপনী হ’ব—
১ঃ ১৭, ৫০,০০০ বা ১/১৭,৫০,০০০
6. ৰৈখিক লেখচিত্ৰ। চমু টোকা লিখা ৷
উত্তৰঃ ৰৈখিক লেখচিত্ৰঃ কোনাে এখন ঠাইৰ জনসংখ্যা, উৎপাদন আদিৰ একদীঘলীয়া সময়ৰ ধাৰা ৰেখাৰ সহায়ত প্ৰদৰ্শন কৰা ৰৈখিক চিত্ৰক ৰৈখিক লেখচিত্ৰ বােলা হয়। ই হৈছে লেখচিত্ৰত সৰ্বাধিক ব্যৱহৃত ৰূপ। ইয়াক সাধাৰণতে বিভিন্ন তথ্য যেনে— জনসংখ্যা বৃদ্ধি, উৎপাদন হ্ৰাস বা বৃদ্ধি, বিভিন্ন অৰ্থনৈতিক খণ্ডৰ বৃদ্ধি, জনমুৰি আয় বৃদ্ধি, কৃষিজাত সামগ্ৰী আৰু ঔদ্যোগিক বৃদ্ধি, দুটা বস্তুৰ মাজত তুলনা ইত্যাদি দেখুৱাবৰ বাবে ব্যৱহাৰ কৰা হয়। দণ্ড লেখচিত্ৰৰ সৈতে ৰৈখিক লেখচিত্ৰ প্ৰায় একেই। দণ্ডচিত্ৰত সাধাৰণতে আয়তাকৃতিৰ দণ্ড ব্যৱহাৰ কৰা হয় আৰু ৰৈখিক লেখচিত্ৰত তথ্য উপস্থাপনৰ বাবে সাধাৰণ ৰেখা ব্যৱহাৰ কৰা হয়। ৰৈখিক লেখচিত্ৰ পৰিসাংখ্যিক তথ্যৰ তুলনাৰ ক্ষেত্ৰত অধিক ব্যৱহাৰ হয়।
7. লেখচিত্ৰ। চমু টোকা লিখা ৷
উত্তৰঃ লেখচিত্ৰঃ লেখচিত্ৰ ও যেতিয়া ভৌগােলিক তথ্যবােৰ লেখচিত্ৰ বা ছবিৰ সহায়ত প্ৰকাশ কৰা হয় তেতিয়া তথ্যবােৰ সহজবােধ্য হয়। সেয়ে জলবায়ু, ভূমি ব্যৱহাৰ, জনসংখ্যা আৰু উৎপাদন ইত্যাদি সম্পৰ্কীয় বিভিন্ন ভৌগােলিক তথ্য লেখচিত্ৰৰ সহায়ত উপস্থাপন কৰা হয়। লেখচিত্ৰই তলত দিয়া ধৰণে সহায় কৰে—
(i) সময় সম্বন্ধীয় তথ্য উপস্থাপনৰ বাবে লেখচিত্ৰ উপযােগী।
(ii) ই এটাৰ লগত আনটোৰ সম্পৰ্ক থকা তথ্যবােৰৰ লৈখিক উপস্থাপন কৰে।
(iii) ই ভূগােল অধ্যয়নক আকৰ্ষণীয় আৰু বিজ্ঞানভিত্তিক কৰি তােলে।
(iv) লেখচিত্ৰই ভূ-পৃষ্ঠৰ প্ৰকৃতি, আকৃতি হ্ৰাস কৰি এনে এটা আকৃতি প্ৰদান কৰে যাক এটা চিত্ৰ বা মানচিত্ৰত সহজে উপস্থাপন কৰিব পাৰি। সাধাৰণতে, ভৌগােলিক তথ্যসমূহ তিনি প্ৰকাৰৰ লেখচিত্ৰৰ দ্বাৰা উপস্থাপন কৰা হয়। সেইকেইটা হ’ল দণ্ডচিত্ৰ, ৰৈখিক লেখচিত্ৰ আৰু বৃত্ত লেখচিত্ৰ।
8. ৰৈখিক মাপনী। চমু টোকা লিখা ৷
উত্তৰঃ ৰৈখিক মাপনীঃ যেতিয়া মানচিত্ৰ আৰু ভূ-পৃষ্ঠৰ দূৰত্বৰ অনুপাতক এডাল ৰেখাৰ সহায়ত প্ৰকাশ কৰা হয় তাক লৈখিক মাপনী বােলা হয়। ৰৈখিক মাপনী সদায় অনুভূমিক সৰলৰেখা বা দণ্ডত দেখুওৱা হয়। এনে ৰেখা বা দণ্ডৰ কোনাে নিৰ্দিষ্ট দৈৰ্ঘ্য নাথাকে। অৱশ্যে ইয়াৰ দৈৰ্ঘ্য ৮ ছেণ্টিমিটাৰৰ পৰা ১৫। ছেণ্টিমিটাৰৰ ভিতৰত ৰখা হয়। ৰৈখিক মাপনীৰ সহায়ত আমি যিকোনাে দুখন ঠাইৰ প্ৰকৃত দূৰত্ব অনায়াসে নিৰ্ধাৰণ কৰিব পাৰে। ইয়াৰ আন এটা সুবিধা হ’ল যান্ত্ৰিক পদ্ধতিৰে যেতিয়া মানচিত্ৰ এখনক এটা অনুপাতত।সৰু বা ডাঙৰ কৰা হয় সেই একে অনুপাততেই ৰৈখিক মাপনীৰ দৈৰ্ঘ্য চমু বা দীঘল হয়। সম্প্ৰতি ৰৈখিক মাপনীৰ গুৰুত্ব আৰু ব্যৱহাৰ বৃদ্ধি হােৱা দেখা গৈছে।
9. দণ্ড লেখচিত্ৰ। চমু টোকা লিখা ৷
উত্তৰঃ দণ্ড লেখচিত্ৰঃ কোনাে এখন ঠাইৰ জনসংখ্যা বা উৎপাদনৰ এক দীঘলীয়া সময়ৰ ধাৰা বা কেইবাখনাে ঠাইৰ এটা নিৰ্দিষ্ট সময়ৰ জনসংখ্যা বা উৎপাদন আয়তাকাৰ দণ্ডৰ জৰিয়তে প্ৰদৰ্শন কৰা লেখচিত্ৰক দণ্ড লেখচিত্ৰ বােলা হয়। দণ্ড লেখচিত্ৰত বিভিন্ন ধৰণৰ দণ্ডচিত্ৰ ব্যৱহাৰ কৰা হয় কিন্তু প্ৰতিটোৰে প্ৰস্থ সমান হয়। সাধাৰণতে দুই প্ৰকাৰৰ দণ্ড লেখচিত্ৰ পােৱা যায়।
(ক) সাধাৰণ দণ্ড লেখচিত্ৰঃ সাধাৰণ লেখ দণ্ডচিত্ৰ এটা চলক প্ৰতিনিধিত্ব কৰিবলৈ ব্যৱহাৰ কৰা হয়। সময়, স্থান,সামগ্ৰী ইত্যাদিক আয়তাকাৰ দণ্ডৰ সহায়ত উপস্থাপন কৰা হয়।
(খ) বহু অংশবিশিষ্ট দণ্ড লেখচিত্ৰঃ বহু অংশবিশিষ্ট লেখ দণ্ডচিত্ৰ আন্তঃ সম্পৰ্ক থকা দুটা বা অধিক তথ্যক উপস্থাপন কৰা হয়। লেখ দণ্ডচিত্ৰৰ দুটা অক্ষ থাকে। ‘x’ অক্ষই সময় বা মৌলিক তথ্যক প্ৰতিনিধিত্ব কৰে আৰু পৰিবৰ্তনশীল তথ্যবােৰ ‘y’ অক্ষই প্ৰতিনিধিত্ব কৰে।
10. সমােচচ ৰেখা। চমুটোকা লিখা।
উত্তৰঃ প্ৰাকৃতিক অৱয়ব যেনে – বােৱতী নৈ, পাহাৰ, পৰ্বত, উপত্যকা, সমতল, নিজৰা, জলাশয়, ঘাঁহনি ইত্যাদি সাগৰ পৃষ্ঠৰ পৰা কিমান উচ্চতাত অৱস্থিত সেইকথা বুজাবলৈ সমােচ্চ ৰেখা ব্যৱহাৰ কৰা হয়। সমােচ্চ ৰেখা হৈছে এডাল কাল্পনিক ৰেখা যিয়ে একেই উচ্চতাত থকা ঠাইসমূহক সংযােগ কৰে। প্ৰায় আটাইবােৰ মানচিত্ৰৰে সমােচ্চ। ৰেখা থাকে। সাধাৰণতে, মানচিত্ৰত বিভি. ব্যৱহাৰ কৰি সমােচ্চ ৰেখাক নিৰ্দেশ কৰা হয়। প্ৰত্যেক সমােচ্চ ৰেখাৰে এটা নিৰ্দিষ্ট মান থাকে। কোনাে নিৰ্দিষ্ট মানৰ সমােচ্চ ৰেখা এডাল মানচিত্ৰৰ যিবােৰ ঠাইৰ ওপৰেদি আঁকা হয় সেইবােৰ ঠাইৰ উচ্চতা (সাগৰ পৃষ্ঠৰ পৰা) সমােচ্চ ৰেখাডালৰ মানৰ সমান হয়।
11. বৃত্ত লেখচিত্ৰ। চমু টোকা লিখা ৷
উত্তৰঃ বৃত্ত লেখচিত্ৰঃ ই হৈছে এনে এবিধ লেখচিত্ৰ য’ত কোনাে এটা ভৌগােলিক উপাদানৰ অংশভিত্তিক মানবােৰ আনুপাতিক হিচাপেবৃত্তৰ সহায়ত দেখুওৱা হয়। বৃত্ত লেখচিত্ৰৰ জৰিয়তে এখন ঠাইৰ ভূমিৰ ব্যৱহাৰ, জনসংখ্যাৰ গাঁথনি ইত্যাদি তথ্য অনায়াসে উপস্থাপন কৰিব পাৰি। ইয়াৰ তথ্যবােৰ সহজে বুজি পােৱা যায়। একেই ধৰণৰ ক্ষুদ্ৰ তথ্যৰ বাবে বৃত্ত লেখচিত্ৰ অধিক উপযােগী। এই লেখচিত্ৰক ঘূৰণীয়া লেখচিত্ৰ বুলিও কোৱা হয়।
Long Type Questions and Answers
1. মানচিত্ৰ কি? ইয়াৰ প্ৰধান উপাদানবােৰৰ এখন তালিকা প্ৰস্তুত কবি প্ৰত্যেকৰে চিত্ৰ আঁকি বুজাই দিয়া।
উত্তৰঃ উপযুক্ত স্কেল ব্যৱহাৰ কৰি সমতল ক্ষেত্ৰত ভূ-পৃষ্ঠৰ যিকোনাে এটা অংশ উপস্থাপন কৰাকেই মানচিত্ৰ বােলে। ভূগােল অধ্যয়নৰ বাবে মানচিত্ৰ অপৰিহাৰ্য। মানচিত্ৰক এখন অভিধানৰ সৈতে তুলনা কৰিব পাৰি। মানচিত্ৰৰ অধ্যয়ন আৰু বিশ্লেষণৰ জৰিয়তে কোনাে এটা অঞ্চলৰ প্ৰাকৃতিক, ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক অৱস্থানৰ বিষয়ে জানিব পাৰি।
বিভিন্ন প্ৰকাৰৰ মানচিত্ৰৰ অধ্যয়নৰ বাবে মানচিত্ৰৰ উপাদানবােৰৰ বিষয়ে জনাটো প্ৰয়ােজনীয়। মানচিত্ৰৰ কেইটামান অপৰিহাৰ্য উপাদান হ’ল—
(ক) মানচিত্ৰৰ নাম,
(খ) মানচিত্ৰৰ সীমাৰেখা,
(গ) মানচিত্ৰৰ মাপনী,
(ঘ) সাংকেতিক চিহ্ন,
(ঙ) দূৰত্ব, (চ) দিশ,
(ছ) মাটিকালি আৰু
(জ) মানচিত্ৰৰ আকৃতি আৰু আকাৰ।
তলৰ চিত্ৰত মানচিত্ৰৰ উপাদানবােৰ উপস্থাপন কৰি দেখুওৱা হ’ল—
2. মানচিত্ৰত প্ৰাকৃতিক অৱয়বসমূহ উপস্থাপন কৰিবলৈ ব্যৱহাৰ কৰা যিকোনাে পাঁচোটা প্ৰচলিত সাংকেতিক চিহ্ন আঁকি সিহঁতৰ নাম লিখা।
উত্তৰঃ সাধাৰণতে এখন মানচিএত তিনিটা উপাদান থাকে। সেইকেইটা হ’ল পৰিচিতিমুক বিৱৰণ, প্ৰাকৃতিক পৰিৱেশৰ বিৱৰণ আৰু সাংস্কৃতিক পৰিৱেশৰ বিৱৰণ। প্ৰাকৃতিক পৰিৱেশৰ অতি প্ৰাকৃতিক অৱয়বসমূহ হৈছে পাহাৰ, পৰ্বত, নদী, সমতল, উপত্যকা, অৰণ্য, জলাশয় ইত্যাদি। প্ৰাকৃতিক অৱয়বসমূহ উপস্থাপনৰ বাৰে কিছুমান প্ৰচলিত সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয়।
তলত পাঁচটা প্ৰাকৃতিক অৱয়বৰ প্ৰচলিত সাংকেতিক চিহ্ন আঁকি সিহঁতৰ নাম উল্লেখ কৰা হ’ল—
3. মানচিত্ৰত সাংস্কৃতিক অৱয়বসমূহ উপস্থাপন কৰিবলৈ ব্যৱহাৰ কৰা যিকোনাে পাঁচোটা প্ৰচলিত সাংকেতিক চিহ্ন আঁকি সিহঁতৰ নাম লিখা।
উত্তৰঃ সাধাৰণতে সাংস্কৃতিক পৰিৱেশৰ উপাদানবােৰ মানৱসৃষ্ট। মানচিত্ৰই প্ৰাকৃতিক অৱয়বসমূহ বুজাত সহায় কৰাৰ উপৰিও বহুতাে সাংস্কৃতিক অৱয়ব যেনেঃ ঘৰ, পথ, মন্দিৰ, গীৰ্জা, মছজিদ, জনবসতিপূৰ্ণ স্থান, খেতিপথাৰ, গাঁও, নগৰ, চহৰ ইত্যাদি বিষয়ে জনাত সহায় কৰে। মানচিত্ৰত এই সাংস্কৃতিক উপাদানবােৰ কিছুমান প্ৰচলিত সাংকেতিক চিহ্নৰ সহায়ত উপস্থাপন কৰা হয়। প্ৰচলিত সাংকেতিক চিহ্নৰ সহায়ত তলত পাঁচটা সাংস্কৃতিক অৱয়ব উল্লেখ কৰা হ’ল—
(i) পকী পথ
(ii) মন্দিৰ, মছজিদ, গীৰ্জা ইত্যাদি
(iii) মৰিশালী/কৰৰস্থান
(iv) ব্ৰডগজ ৰে’লপথ (ষ্টেচনৰ সৈতে)
(v) সুৰংগ থকা ৰে’লপথ
4. আন্তৰ্জাতিক, ৰাজ্যিক, জিলা আৰু মহকুমাৰ প্ৰচলিত সাংকেতিক চিহ্ন অংকন কৰি নামকৰণ কৰা।
উত্তৰঃ মানচিত্ৰ অধ্যয়নৰ জৰিয়তে পৃথিৱীৰ লগতে বিভিন্ন অঞ্চল, মহাদেশ, দেশ, ৰাজ্য আদিৰ প্ৰাকৃতিক, ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক অৱস্থাৰ বিষয়ে জানিব পাৰি। কিছুমান প্ৰচলিত সাংকেতিক চিহ্নৰ জৰিয়তে মানচিত্ৰত বিভিন্ন সীমা যেনে আন্তৰ্জাতিক, ৰাজ্যিক, জিলা আৰু মহকুমা অংকন কৰা হয়। তলত সীমা বুজাবলৈ ব্যৱহৃত কিছুমান প্ৰচলিত সাংকেতিক চিহ্ন উল্লেখ কৰা হ’ল—
(i) আন্তৰ্জাতিক সীমা
(ii) আন্তঃৰাজ্যিক সীমা
(iii) আন্তঃজিলা সীমা।
(iv) মহকুমাৰ সীমা।
5. তলত উল্লেখ কৰা অৱয়বসমূহৰ প্ৰচলিত সাংকেতিক চিহ্ন আঁকা।
(ক) পকী নকৰা ৰাস্তা (unmetalled road)
(খ) নিজৰা (spring)
(গ) পৰ্ণপাতী উদ্ভিদ (deciduous forests)
(ঘ) দুৰ্গ (fort)
(ঙ) কুঁৱা (well)
(চ) জুপুৰি (hut) আৰু
(ছ) জনবসতিপূৰ্ণ গাঁও (inhabited village)।
উত্তৰঃ
6. তােমাক যােগান ধৰা অসমৰ সীমাৰেখাৰ মানচিত্ৰখন জালিকা পদ্ধতিৰে (grid system) বেলেগ কাগজত অংকন কৰা আৰু প্ৰধান আবশ্যকীয় উপাদানবােৰ সন্নিৱিষ্ট কৰা।
উত্তৰঃ জালিকা পদ্ধতি ব্যৱহাৰ কৰি অংকন কৰা অসমৰ মানচিত্ৰ।
বিভিন্ন প্ৰকাৰৰ মানচিত্ৰৰ অধ্যয়নৰ বাবে মানচিত্ৰৰ উপাদানবােৰৰ বিষয়ে জনাটো প্ৰয়ােজনীয়। মানচিত্ৰৰ কেইটামান অপৰিহাৰ্য উপাদান হ’ল—
(ক) মানচিত্ৰৰ নাম
(খ) মানচিত্ৰৰ সীমাৰেখা
(গ) মানচিত্ৰৰ মাপনী
(ঘ) সাংকেতিক চিহ্ন
(ঙ) দূৰত্ব, (চ) দিশ
(ছ) মাটিকালি আৰু
(জ) মানচিত্ৰৰ আকৃতি আৰু আকাৰ।
তলৰ চিত্ৰত মানচিত্ৰৰ উপাদানবােৰ উপস্থাপন কৰি দেখুওৱা হ’ল—
7. তােমাক যােগান ধৰা’ তােমাৰ জিলা অথবা ৰাজ্যখনৰ মানচিত্ৰখনত প্ৰধান নদৰাষ্ট্ৰীয় ঘাইপথ, ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য, জলাশয়, ৰে’লপথ আদি অৱয়ববােৰ সাংকেতিক চিহ্নৰ সহায়ত উপস্থাপন কৰিবলৈ অভ্যাস কৰা।
উত্তৰঃ
8. তােমাৰ ৰাজ্যৰ মানচিত্ৰখনত আন্তৰ্জাতিক আৰু ৰাজ্যিক সীমাৰেখা সাংকেতিক চিহ্নৰ দ্বাৰা শুদ্ধকৈ অংকন কৰা।
উত্তৰঃ
9. তোমাক দিয়া মানচিত্ৰখনৰ এটি বিৱৰণ তিনিটা পৰ্যায়ত দাঙি ধৰাঃ
(ক) পাতনি।
(খ) প্ৰাকৃতিক অৱস্থাৰ বিৱৰণ।
(গ) সাংস্কৃতিক অৱস্থাৰ বিৱৰণ।
উত্তৰঃ (ক) পাতনিঃ এখন মানচিত্ৰৰ পাতনিত তলৰ কথাখিনি উল্লেখ কৰিব লাগে—
(i) দেশ, ৰাজ্য, জিলা, অঞ্চল ইত্যাদি নাম।
(i) মানচিত্ৰখনৰ অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখাৰ বিস্তৃতি, মাপনী আৰু চাৰিসীমাৰ বিষয়ে উল্লেখ কৰিব লাগে।
(খ) প্ৰাকৃতিক অৱস্থাৰ বিৱৰণঃ মানচিত্ৰ উপস্থাপন কৰা অঞ্চলটোৰ প্ৰাকৃতিক অবয়বৰ বৰ্ণনা কৰোঁতে তলৰ কথাকেইটা বিবেচনা কৰা উচিত—
(i) মানচিত্ৰত ব্যৱহৃত প্ৰতীকবােৰৰ চিনাক্তকৰণ।
(ii) অঞ্চলটোৰ সামগ্ৰিক বৰ্ণনা দিবৰ বাবে প্ৰাকৃতিক অৱয়ব যেনেঃ বোৱতী নৈ, শুকান নৈ, নিজৰা, জলাশয়, সংৰক্ষিত বনাঞ্চল, ঘাঁহনি, পৰ্ণপাতী উদ্ভিদ, সৰলবৰ্গীয় উদ্ভিদ আদি চিনাক্ত কৰিব লাগিব।
(iii) মানচিত্ৰৰ ভু-প্ৰাকৃতিক বৈশিষ্ট্য জানিবলৈ দুই প্ৰকাৰৰ চিহ্নৰ সহায় লােৱা—
(a) সমােচ্চ ৰেখাঃ ই হ’ল এডাল ৰৈখিক চিহ্ন।
(b) উচচতা বিন্দু ও ই হ’ল এটা বিন্দু চিহ্ন।
(গ) সাংস্কৃতিক অৱস্থাৰ বিৱৰণঃ সাংস্কৃতিক পৰিৱেশৰ উপাদানবােৰ মানবসৃষ্ট। কিছুমান সাংস্কৃতিক পৰিৱেশৰ উপাদান হৈছে -বাট-পথ, ঘৰ-দুৱাৰ, বসতি, খেতিপথাৰ, গাঁও, নগৰ-চহৰ, বজাৰ, শিল্প-উদ্যোগ ইত্যাদি মানচিত্ৰত এই অৱয়ববােৰ সাংকেতিক চিহ্নৰ সহায়ত উপস্থাপন কৰা হয়। এই চিহ্নবােৰৰ জৰিয়তে সাংস্কৃতিক অৱয়ববােৰ চিনাক্ত কৰি সেইবােৰ অৱস্থান আৰু বৈশিষ্ট্য সম্পৰ্কে জানি লৈ অঞ্চলটোৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অৱস্থাৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰি।
উদাহৰণস্বৰূপে, অঞ্চলটোৰ উচ্চতা, ভূ-প্ৰকৃতি, যাতায়ত ব্যৱস্থা, বজাৰ, নগৰচহৰ আৰু উদ্যোগৰ অৱস্থান আৰু বিতৰণ, নদ-নদীৰ অৱস্থান, গছ-গছনিৰপ্ৰকাৰ আৰু বনাঞ্চলৰ অৱস্থিতি আদি বহুতাে তথ্য আমি মানচিত্ৰৰ পৰা পাব পাৰোঁ।
10. ৰৈখিক মাপনীৰ বৈশিষ্ট্য আৰু প্ৰয়ােজনীয়তাসমূহ লিখা।
উত্তৰঃ যেতিয়া মানচিত্ৰ আৰু ভূ-পৃষ্ঠৰ দূৰত্বৰ অনুপাতক এডাল ৰেখাৰ সহায়ত প্ৰকাশ কৰা হয় তাক ৰৈখিক মাপনী বােলা হয়। উদাহৰণস্বৰূপে, যদি মানচিত্ৰখনৰ ভাষাৰ মাপনী ১ ছেঃমিঃ = ২৫০ কিঃমিঃ হয়, তেন্তে ৪ ছেঃমিঃ দৈৰ্ঘ্যৰ এডাল সৰলৰেখাই ভূ-পৃষ্ঠৰ ১০০০ কিঃমিঃ দূৰত্বক বুজাব।
ৰৈখিক মাপনীৰ প্ৰধান বৈশিষ্ট্য আৰু প্ৰয়ােজনীয়তাসমূহ হ’ল—
(i) ৰৈখিক মাপনী সদায় এডাল অনুভূমিক ৰেখা বা দণ্ডত দেখুওৱা হয়।
(ii) এই ৰেখা বা দণ্ডৰ কোনাে নিৰ্দিষ্ট দৈৰ্ঘ্য নাথাকে। সাধাৰণতে ইয়াৰ দৈৰ্ঘ্য ৮ ছেঃ মিঃৰ পৰা ১৫ ছেঃ মিঃৰ ভিতৰত হয়।
(iii) এই মাপনীৰ সহায়ত মানচিত্ৰত থকা যিকোনাে দুখন ঠাইৰ মাজৰ আচল দূৰত্ব সহজে নিৰ্ধাৰণ কৰিব পাৰি।
(iv) এই পদ্ধতিৰ আন এই সুবিধা হ’ল যান্ত্ৰিক পদ্ধতিৰে যেতিয়া মানচিত্ৰ এখনক দুটা অনুপাতত সৰুবা ডাঙৰ কৰা হয় সেই একে অনুপাততেই ৰৈখিক মাপনীৰ দৈৰ্ঘ্য চুটি বা দীঘল হয়। ইয়াৰ পিছতাে মানচিত্ৰ এখনৰ মাপনী শুদ্ধ হৈ থাকে।
11. মানচিত্ৰ অধ্যয়নৰ গুৰুত্ব আৰু প্ৰয়ােজন সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ ভূ-পৃষ্ঠ বা ইয়াৰ কোনাে এটা অংশ এখন সমতলত এক নিৰ্দিষ্ট মাপনী অনুসৰি কৰা উপস্থাপন বা অংকনকে মানচিত্ৰ হিচাপে জনা যায়। ভূগােল অধ্যয়নত এক গুৰুত্বপূৰ্ণ। সামগ্ৰী হৈছে মানচিত্ৰ। সেয়ে, ভূগােল অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীয়ে মানচিত্ৰ কেনেকৈ অধ্যয়ন কৰিব লাগে সেয়া জনা উচিত কিয়নাে মানচিত্ৰই বিভিন্ন ভৌগােলিক বৈশিষ্ট্য। যেনে-পাহাৰ, পৰ্বত, উপত্যকা, সমভূমি, মালভূমি,বনাঞ্চল, তৃণভূমি, খেতিপথাৰ, ঘৰ, নগৰ, চহৰ ইত্যাদি ভৌগােলিক বৈশিষ্ট্যবােৰ বুজি পােৱাত সহায় কৰে। পৃথিৱীৰ আকাৰ বিশাল সেয়ে ইয়াৰ প্ৰতিটো অংশ চোৱাটো আমাৰ বাবে সম্ভৱপৰ নহয়। সেইবাবে, মানচিত্ৰ অধ্যয়ন এক গুৰুত্বপূৰ্ণ বিষয়।
কাগজৰ ওপৰত অংকিত মানচিত্ৰক ক্ষুদ্ৰ পৃথিৱী বােলা হয় য’ত বিভিন্ন ভৌগােলিক বৈশিষ্ট্যবােৰ সৰু আকৃতিত মানচিত্ৰত উপস্থাপন কৰা হয়। সেয়ে, মানচিত্ৰই ভূগােল শিকন সহজ, দ্ৰুত আৰু কোনাে ধৰণৰ খােকোজা নলগাকৈ বুজাত সহায় কৰে। ই পৃথিৱী বা কোনাে এটা অঞ্চলৰ বিভিন্ন বৈশিষ্ট্যবােৰ বুজাত সহায় কৰে। সম্প্ৰতি মানচিত্ৰ অধ্যয়ন ভূগােলৰ এটা। অন্যতম দৰকাৰী বিষয় হিচাপে পৰিগণিত হৈছে। সকলাে পৰ্যায়ৰ লােকৰ বাবে মানচিত্ৰৰ অধ্যয়ন আৰুব্যৱহাৰ নিতান্তই প্ৰয়ােজনীয় বিষয়। সেইদৰে দেশৰ প্ৰতিক্ষা সভাণ- নিয়ােজিত সেনাবাহিনীৰ জোৱানসকলৰ বাবেও মানচিত্ৰৰ ব্যৱহাৰ আৰু অধ্যয়ন অত্যন্ত গুৰুত্বপূৰ্ণ। ৭.০২ঃ মানচিত্ৰৰ স্কেলঃ
12. মাপনী কাক বােলে ? ই কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ আচল দূৰত্বক যি অনুপাতত মানচিত্ৰত কম বা চুটি কৰি লােৱা হয় তাকে মানচিত্ৰ বিদ্যাত স্কেল বা মাপনী বােলা হয়। অন্যাৰ্থত স্কেল বা মাপনী হৈছে এক গাণিতিক উপায় যাৰ সহায়ত পৃথিৱী বা ইয়াৰ যিকোনাে অংশক প্ৰয়ােজন। সাপেক্ষে সৰু কৰি দেখুৱাব পাৰি। সেয়ে মানচিত্ৰবােৰক পৃথিৱীখনক সৰু কৰি চোৱাৰ এটি কৌশল বুলি ক’ব পাৰি। উদাহৰণস্বৰূপে, যদি প্ৰকৃত দূৰত্ব ১০ কিঃমিঃ ক ১ ছেঃমিঃ দূৰত্বত উপস্থাপন কৰা হয় তেনেহ’লে মানচিত্ৰৰ দূৰত্ব আৰু প্ৰকৃত দূৰত্বৰ অনুপাতেই হ’ব মানচিত্ৰৰ স্কেল।
স্কেল বা মাপনী তিনি প্ৰকাৰৰ। সেইকেইবিধ হ’ল—
(i) ভাষাৰ স্কেল (Scale in statement) : কেতিয়াবা মানচিত্ৰত দুখন ঠাইৰ।মাজৰ দূৰত্ব আৰু ঠাই দুখনৰ মাজৰ প্ৰকৃত দূৰত্ব ভাষাৰ সহায়ত প্ৰকাশ কৰা হয়। এনেধৰণে প্ৰকাশ কৰা অনুপাতক ভাষাৰ স্কেল বােলা হয়। উদাহৰণস্বৰূপে— ১ ছেঃমিঃ = ৫ কিঃমিঃ
১ ইঞ্চি ১০ মাইল ২ ছেঃমিঃ = ১ কিঃমিঃ ইত্যাদি।
(ii) নিৰূপক ভগ্নাংশৰ স্কেল (Scale in representative fraction) : মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ দূৰত্বৰ অনুপাতক যেতিয়া এক বিশেষ ভগ্নাংশৰ জৰিয়তে প্ৰকাশ কৰা হয় তেতিয়া সেই স্কেলক নিৰূপক ভগ্নাংশৰ স্কেল বােলা হয়। যেনেঃ ১ঃ ১০০০০ বা ১/১০০০০। এই ভগ্নাংশটোৰ লব ১ এ মানচিত্ৰৰ দূৰত্ব আৰু ১০০০০ এশ ভূ-পৃষ্ঠৰ প্ৰকৃত দূৰত্বক বুজায় (এই ভগ্নাংশটোৰ বিশেষত্ব হ’ল ইয়াৰ লব সদায়-১)
(iii) ৰৈখিক স্কেল (Graphical scale) : যেতিয়া মানচিত্ৰ আৰু ভূ-পৃষ্ঠৰ দূৰত্বৰ অনুপাতক এডাল সৰলৰেখাৰ সহায়ত প্ৰকাশ কৰা হয় তাকে ৰৈখিক স্কেল বা মাপনী বােলে।
13. মানচিত্ৰ অংকনত মাপনীৰ ভূমিকা উদাহৰণসহ বুজাই লিখা।
উত্তৰঃ মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাই দূখনৰ মাজৰ প্ৰকৃত দূৰত্বৰ অনুপাতেই হৈছে সেই মানচিত্ৰখনৰ স্কেল বা মাপনী। উদাহৰণস্বৰূপে, যদি প্ৰকৃত দূৰত্ব ১০ কিঃ মিঃ ক মানচিত্ৰত ১ ছেঃ মিঃ দূৰত্বত উপস্থাপন কৰা হয়, তেনেহ’লে মানচিত্ৰৰ দূৰত্ব আৰু প্ৰকৃত দূৰত্বৰ অনুপাতেই হ’ব মানচিত্ৰৰ স্কেল। বিশাল পৃথিৱীৰ উপৰিভাগত থকা সক েশকৃতিক আৰু মানৱসৃষ্ট উপাদানবােৰক একেলগে চোৱাটো সম্ভৱপৰ নহয়৷ হয়। ২ সম্ভৱপৰ কৰিব পাৰি মানচিত্ৰ জৰিয়তেহে।
কাৰণ এখন মানচিত্ৰত সম্পূৰ্ণ ভূ-পৃষ্ঠ বা ইয়াৰ যিকোনাে অংশৰ ভৌগােলিক উপাদানবােৰ উপস্থাপন কৰি পুংখানুপুংখভাৱে তাক অধ্যয়ন কৰিব পৰা যায়। অৱশ্যে এয়া কৰিবলৈ যাওঁতে প্ৰয়ােজন সাপেক্ষে পৃথিৱীৰ আকাৰ সৰু কৰিবলগীয়া হয়। সাধাৰণভাৱে ক’বলৈ গ’লে যি অনুপাতত পৃথিৱীৰ উপৰিভাগৰ প্ৰকৃত দূৰত্বক কম বা চুটি কৰি লােৱা হয় তাকেই মানচিত্ৰ বিদ্যাত স্কেল বা মাপনী বােলা হয়। অৰ্থাৎ স্কেল হৈছে এক গাণিতিক উপায় যাৰ সহায়ত পৃথিৱীবা ইয়াৰ যিকোনাে অংশক প্ৰয়ােজন সাপেক্ষে সৰু কৰি দেখুৱাব পাৰি।
সেয়ে মানচিত্ৰক পৃথিৱীখনক সৰু কৰি চোৱাৰ কৌশল বুলিও কোৱা হয়। উদাহৰণস্বৰূপে, যদি আমি ভাৰতৰ দৰে এখন দেশ যিয়ে ৩.২৮ নিযুত বৰ্গ কিঃ মিঃ আগুৰি আছে তাক মানচিত্ৰত দেখুৱাব লাগে তেন্তে আমি ইয়াৰ আকাৰ স্কেলৰ জৰিয়তে হ্ৰাস কৰিব লাগিব। সেইদৰে যদি কোনাে এখন ঠাইৰ প্ৰকৃত দূৰত্ব মানচিত্ৰত ২৫০ কিঃমিঃ দেখুৱাব লাগে তেতিয়া আমি মানচিত্ৰত ঠাইখনৰ আকাৰ হ্ৰাস কৰিব লাগিব। যদি আমি ১ছেঃ মিঃ = ৫০ কিঃমিঃ স্কেল ধৰা হয় তেন্তে ২৫০ কিঃমিঃ দূৰত্ব মানচিত্ৰত ৫ ছেঃ মিঃ ৰৈখিক দূৰত্বত প্ৰকাশ কৰিব পৰা যাব।
14. নিৰূপক ভগ্নাংশৰ মাপনী বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ প্ৰকৃত দূৰত্বৰ অনুপাতক এক বিশেষ ভগ্নাংশৰ সহায়ত প্ৰকাশ কৰা মাপনীক নিৰূপক ভগ্নাংশৰ মাপনী হিচাপে জনা যায়। এই ভগ্নাংশৰ লবৰ মান সদায় ১। গতিকে, কেৱল হৰৰ মানেহে মানচিত্ৰৰ মাপনী নিৰ্ধাৰণ কৰে। এই মাপনীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সুবিধাটো হ’ল ইয়াত দূৰত্বৰ যিকোনাে একক বহুৱালেও ইয়াৰ মান ঠিকে থাকে।
উদাহৰণস্বৰূপেঃ ১ ছেঃমিঃ ৰে ১ কিঃমিঃ বুজালে ইয়াক ১ঃ১,০০,০০০ আকাৰে প্ৰকাশ কৰিব পাৰি (১ কিঃমিঃ ১০০০০০ ছেঃ মিঃ) নিৰূপক ভগ্নাংশৰ মাপনীত কিছুমান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হল—
(i) এই মাপনীত লবই মানচিত্ৰৰ এক একক দূৰত্ব আৰু হবই ভূ-পৃষ্ঠৰ প্ৰকৃত দূৰত্ব বুজায়।
(ii) এই ভগ্নাংশৰ লবৰ মান সদায় ১ একক। সেয়ে ভগ্নাংশত থকা হৰৰ মানে মাপনী নিৰ্ধাৰণ কৰে।
(iii) ই যিকোনাে একক বহুৱালেও শুদ্ধ হৈ থাকে।
15. তলত দিয়া ভৌগােলিক তথ্যসমূহ উপযুক্ত লেখচিত্ৰৰ দ্বাৰা উপস্থাপন কৰা।
(ক) নিবনুৱাৰ সংখ্যা।
জৰীপ বৰ্ষ | নিবনুৱাৰ সংখ্যা |
১৯৯২ | ৩৫১২ |
১৯৯৩ | ৩৯০৫ |
১৯৯৪ | ৮২৩৫ |
১৯৯৫ | ৪৯৫০ |
১৯৯৬ | ৫০৬৪ |
১৯৯৭ | ৫১১২ |
১৯৯৮ | ৫৭৩০ |
১৯৯৯ | ৫৯৩১ |
২০০০ | ৬৫৭৩ |
২০০১ | ৬৮৮২ |
উত্তৰঃ
(খ) মৰাপাট উৎপাদন
উৎপাদন বৰ্ষ | উৎপাদনৰ পৰিমাণ (টন হিচাপত) |
১৯৯৫-১৯৯৬ | ২০৯২ |
১৯৯৬-১৯৯৭ | ২১৩৫ |
১৯৯৭-১৯৯৮ | ২৮৩০ |
১৯৯৮-১৯৯৯ | ২৬৫৭ |
১৯৯৯-২০০০ | ২৯৮১ |
২০০০-২০০১ | ৩২৪৮ |
২০০১-২০০২ | ৩৮৯৩ |
২০০২-২০০৩ | ৮২০৫ |
উত্তৰঃ
(গ) আঞ্চলিক পৰ্যায়ত জনসংখ্যা
অঞ্চল | জনসংখ্যা (লাখ হিচাপত) |
উত্তৰ অঞ্চল | ৩২.৯ |
দক্ষিণ অঞ্চল | ১৩০.০ |
পূৱ অঞ্চল | ২৯৫.১ |
পশ্চিম অঞ্চল | ৫৫.৪ |
উত্তৰঃ
(ঘ) গাঁও আৰু নগৰৰ জনসংখ্যা
অঞ্চল | জনসংখ্যা |
গ্ৰাম্যাঞ্চল | ৩৪৯,৭৮২ |
নগৰাঞ্চল | ১,২৭,৯৭৩ |
উত্তৰঃ
(ঙ) কৃষিভূমিৰ বিতৰণ
কৃষিভূমিৰ | কৃষিভূমিৰ পৰিমাণ (হেজাৰ হেক্টৰ হিচাপত) |
ধান | ৯২,৫৬৩ |
মৰাপাট | ১৯,৩৯৭ |
কুঁহিয়াৰ | ১৭,২১৮ |
আলু | ৩,৮৮৪ |
অন্যান্য | ২৩,০৭৩ |
উত্তৰঃ
16. মানচিত্ৰৰ কেইটামান ব্যৱহাৰ উল্লেখ কৰা।
উত্তৰঃ তলত মানচিত্ৰৰ কেইটামান ব্যৱহাৰ উল্লেখ কৰা হ’ল—
(ক) যিকোনাে এখন দেশৰ অৱস্থিতি, বিস্তৃতি আৰু আপেক্ষিক অৱস্থান বুজাত মানচিত্ৰই সহায় কৰে।
(খ) মানচিত্ৰৰ সহায়ত পৃথিৱীৰ বিভিন্ন ঠাইৰ অৱস্থিতি বা আপেক্ষিক অৱস্থান।আৰু ঠাইসমূহৰ মাজৰ দূৰত্ব আৰু দিশ নিৰূপণ কৰিব পাৰি।
(গ) এখন ঠাইৰ প্ৰাকৃতিক, ৰাজনৈতিক তথা আৰ্থ-সামাজিক তথ্যসমূহৰ উদ্ঘাটন মানচিত্ৰ অধ্যয়নৰ জৰিয়তে সম্ভৱ হয়।
(ঘ) পৃথিৱীৰ উপৰিভাগৰ বা ভূ-পৃষ্ঠৰ যিকোনাে এটা অংশৰ বাবে বিভিন্ন সময়ৰ তথ্যৰে যদি মানচিত্ৰ এখন প্ৰস্তুত কৰা হয়, তেতিয়া সেই ঠাইখনত হােৱা পৰিৱৰ্তনবােৰ সহজে উলিয়াব পাৰি।
(ঙ) ভূ-পৃষ্ঠৰ বিভিন্ন উপাদানসমূহৰ বিতৰণ আৰু গুণাগুণৰ স্থানিক তাৰতম্যৰ সহজ মূল্যায়নত মানচিত্ৰই সহায় কৰে।
(চ) এখন ডাঙৰ স্কেলৰ সাধাৰণ মানচিত্ৰৰ পৰা ভালেমান মধ্যমীয়া আৰু সৰু স্কেলৰ বিষয়ভিত্তিক মানচিত্ৰ প্ৰস্তুত কৰিব পাৰি।
(ছ) মানচিত্ৰৰ সহায়ত জটিল ভৌগােলিক পৰিঘটনা সহজে বৰ্ণনা কৰিব পাৰি আৰু বুজিব পাৰি।
(জ) বহুক্ষেত্ৰত নিৰক্ষৰ আৰু ন-শিকাৰুৰ বাবে মানচিত্ৰ অতিশয় উপযােগী।