অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা | Chapter 3 | Class 10 Geography Question and Answer | Assam Class 10 Geography Elective Solutions Assamese Medium | Asseb Class 10 HSLC Geography Chapter 3 Notes Assamese Medium | Asseb Class 10 Geography Chapter 3 Question and Answer Assamese Medium | Questions and Answers for Class 10 Geography Chapter 3 অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা | Questions and Answers Assam | Asseb Board | Assam State School Education Board (ASSEB)
অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা
1. পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন? সেই মহাদেশখনৰ ভৌগােলিক অৱস্থিতি সম্পৰ্কে দুআষাৰ লিখা।
উত্তৰঃ ওছেনিয়া পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ। ওছেনিয়াৰ মুঠ মাটিকালি প্ৰায় ৯ নিযুত বৰ্গ। কিঃমিঃ। ই অষ্ট্ৰেলিয়া মহাদ্বীপ, নিউজিলেণ্ড, টাছমেনিয়া, নিউগিনি আদি বহুতাে সৰু-ডাঙৰ দ্বীপৰ দ্বাৰা গঠিত। এই মহাদেশ সম্পূৰ্ণৰূপে দক্ষিণ গােলাৰ্ধত অৱস্থিত। ই উত্তৰে ০° নিৰক্ষীয় ৰেখাৰ পৰা দক্ষিণে ৪৮ দক্ষিণ অক্ষাংশলৈ আৰু পশ্চিমে ১১৩° পূঃ দ্ৰাঘিমাংশৰ পৰা পূবে ১৮০° পূৰ্ব দ্ৰাঘিমাংশলৈ বিস্তৃত। যাৰ উত্তৰে দক্ষিণ-পূৰ্ব এছিয়াৰ জাভা-সুমাত্ৰা-ছেলেবিচদ্বীপসমূহ আৰু প্ৰশান্ত মহাসাগৰ, দক্ষিণে দক্ষিণ মহাসাগৰ আৰু এন্টাৰ্কটিকা, পূবে প্ৰশান্ত মহাসাগৰ আৰু পশ্চিমে ভাৰত মহাসাগৰ।
অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু টাছমেনিয়াৰ বাহিৰে বাকী দ্বীপসমূহক মাইক্ৰ’নেছিয়া (ইণ্ডোনেছিয়া আৰু পাপুৱা নিউগনিৰ উত্তৰে অৱস্থিত উত্তৰ মেৰিয়ানা দ্বীপপুঞ্জ, মাৰ্শাল দ্বীপপুঞ্জ, গুৱাম, কেৰােলিন দ্বীপপুঞ্জ, গিলবাৰ্ট আদি।) মেলানেছিয়া (ইণ্ডোনেছিয়াৰ পূবত অৱস্থিত পাপুৱা নিউগিনি, ছল ‘মন দ্বীপপুঞ্জ, নিউকেলেড’নিয়া, নিউহেব্ৰিডছ আদি) আৰু পলিনেছিয়া (হাৱাই, কুক, আমেৰিকান ছেম ‘ডা, ছ’ছাইটী,ফ্ৰেন্স পলিনেছিয়া, মাকুইচাচ, টোকেলাও আদি দ্বীপপুঞ্জ) অঞ্চল হিচাপে বিভাজন কৰা হৈছে।
2. ভূপৃষ্ঠত অঞ্চল কেনেদৰে চিনাক্তকৰণ কৰিব পাৰি ব্যাখ্যা কৰা।
উত্তৰঃ চৌপাশৰ অঞ্চলতকৈ ভিন্ন আৰু অনন্য ভূপৃষ্ঠৰ অংশক ভূগােলত অঞ্চল বুলি কোৱা হয়। অন্যাৰ্থত ‘অঞ্চল’ শব্দটোৱে ভূপৃষ্ঠৰ এনে অংশক সূচায় যাৰ প্ৰাকৃতিক বা মানৱসৃষ্ট বৈশিষ্ট্যই ইয়াক চৌপাশৰ অঞ্চলতকৈ ভিন্ন কৰে। দুটা ক্ষেত্ৰৰ আধাৰত অঞ্চল একোটা চিনাক্ত কৰিব পাৰি।
(i) সাদৃশ্যৰ ভিত্তিত
(ii) ক্ৰিয়াত্মক সম্পৰ্কৰ ভিত্তিত
(i) সাদৃশ্যৰ ভিত্তিতঃ ভূপৃষ্ঠৰ এক অন্যতম প্ৰধান বৈশিষ্ট্য হৈছে ইয়াৰ বিচিত্ৰতা। সৌৰজগতত পৃথিৱীৰ অৱস্থান, পৃথিৱীৰ আকৃতি আৰু গঠন, ইয়াৰ আৱৰ্তন, পৰিভ্ৰমণ আদি কাৰকৰ বাবে পৃথিৱীৰ বিভিন্ন স্থানৰ জলবায়ু, বৃষ্টিপাতৰ পৰিমাণ, উষ্ণতা, ভূ-প্ৰকৃতি আদি ভিন ভিন। গতিকে, কিছুমান স্থানত একেধৰণৰ ভৌগােলিক অৱস্থা বিৰাজ কৰাৰ বিপৰীতে অন্য বহুতাে স্থানত ভিন ভিন প্ৰাকৃতিক পৰিৱেশ বিৰাজ কৰে। জলবায়ু, বৃষ্টিপাতৰ মাত্ৰা, মাটি, অৰ্থনৈতিক স্থিতি একেধৰণৰ হােৱা স্থানবােৰে অঞ্চল গঠন কৰে। নিৰ্বাচিত উপাদানৰ সাদৃশ্যৰ ভিত্তিত এই বিভাজন কৰা হয়। উদাহৰণস্বৰূপে, সমগ্ৰ অসম উপত্যকা একোটা অঞ্চল হিচাপে সংঘবদ্ধ কৰিব পাৰি কিয়নাে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় সকলােবােৰ স্থানৰ জলবায়ু, বৃষ্টিপাতৰ মাত্ৰা, উষ্ণতা, মাটিৰ প্ৰকৃতি আদি একেধৰণৰ। মাটি, জলবায়ু, উদ্ভিদ আদি প্ৰাকৃতিক বৈশিষ্ট্যবােৰৰ সাদৃশ্যৰ সমধৰ্মী অঞ্চল ভিত্তিত একোটা অঞ্চল (এটা উপাদানৰ ভিত্তিত) চিনাক্ত কৰিব পাৰি।
(ii) ক্ৰিয়াত্মক আন্তঃসম্পৰ্কৰ ভিত্তিতঃ বিভিন্ন উপাদানৰ মাজৰ আন্তঃসম্পৰ্ক ভিত্তিতে অঞ্চল একোটা চিনাক্তকৰণ কৰিব পাৰি। স্বাভাৱিকতে বজাৰ কেন্দ্ৰ বা চহৰক কেন্দ্ৰ কৰি ক্ৰিয়াত্মক অঞ্চলৰ চিনাক্তকৰণ কৰা হয়। প্ৰত্যেক অঞ্চলত থকা চহৰ, বজাৰ আদিক কেন্দ্ৰ কৰি কিছুমান কাৰ্যকলাপ সম্পন্ন হয়। চহৰ বা বজাৰৰ সৈতে আন্তঃনিৰ্ভৰশীল ক্ৰিয়াকলাপৰ জৰিয়তে চৌপাশৰ অঞ্চলটো ক্ৰিয়াত্মকভাৱে আন্তঃ সংলগ্ন। এনেদৰে সংশ্লিষ্ট চহৰৰ সৈতে সংযােজিত অঞ্চলটোৰ পৰিসীমা সহজে নিৰূপণ কৰিব পাৰি।
উদাহৰণস্বৰূপে, কলকাতা মহানগৰীৰ চৌপাশৰ অঞ্চলটো মহানগৰীখনৰ সৈতে নিকটভাৱে আন্তঃসংলগ্ন কিয়নাে অঞ্চলটোৱে বিভিন্ন ক্ৰিয়াকলাপ সম্পাদন কৰিবৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী আৰু জনসম্পদৰ যােগান ধৰে। চৌপাশৰ অঞ্চলৰ লােকে তেওঁলােকৰ দৈনন্দিন জীৱনৰ ক্ৰিয়াকলাপ আৰু ব্যৱসায়ৰ বাবে মহানগৰীখনৰ ওপৰত নিৰ্ভৰ কৰে আৰু মহানগৰীখনে আন্তঃসংলগ্ন অঞ্চলবােৰ বৰ্তাই ৰাখে। গতিকে, কলকাতা মহানগৰীৰ চৌপাশে এটা ক্ৰিয়াত্মক অঞ্চল আছে য’ত আভ্যন্তৰীণ উপাদানবােৰ সাদৃশ্যহীন যদিও এইবােৰ আন্তঃনিৰ্ভৰশীল সম্পৰ্কৰ জৰিয়তে নিকটভাৱে আন্তঃসংলগ্ন। আনসকলাে চহৰ, নগৰ, ঔদ্যোগিক কেন্দ্ৰ, পৰ্যটন কেন্দ্ৰ, শৈক্ষিক কেন্দ্ৰ আদিতাে একেই কথা প্ৰযােজ্য।
3. প্ৰাকৃতিক অঞ্চল অধ্যয়নৰ জৰিয়তে কেনেকৈ পৃথিবীৰ আঞ্চলিক ভূগােল সম্পৰ্কীয় জ্ঞান লাভ কৰিব পাৰি ? চমুকৈ লিখা।
উত্তৰঃ প্ৰাকৃতিক অঞ্চল অধ্যয়নৰ জৰিয়তে পৃথিৱীৰ আঞ্চলিক ভূগােল সম্পৰ্কীয় জ্ঞান লাভ কৰিব পাৰি। প্ৰাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিয়েই পৃথিৱীৰ কিছুমান অঞ্চল প্ৰধানকৈ কৃষি আৰু আন কিছুমান অঞ্চল উদ্যোগ অঞ্চল হিচাপে গঢ় লৈ উঠে। এখন মহাদেশ, দেশ বা ৰাজ্যৰ সামগ্ৰিক অৱস্থাৰ বিষয়ে জানিবলৈ হ’লে প্ৰাকৃতিক আৰু মানৱ পৰিৱেশৰ প্ৰতিটো উপাদান আৰু সিহঁতৰ মাজত থকা সম্পৰ্ক গুৰুত্ব সহকাৰে অধ্যয়ন কৰাটো জৰুৰী।
প্ৰাকৃতিক পৰিৱেশৰ সাদৃশ্যৰ ওপৰত ভিত্তি কৰি পৃথিৱীত কেইবাটাও প্ৰাকৃতিক অঞ্চল চিনাক্ত কৰা হয় আৰু একো – একোটা প্ৰাকৃতিক অঞ্চলৰ প্ৰাকৃতিক আৰু আৰ্থ সামাজিক বৈশিষ্ট্যসমূহৰ ভৌগােলিক অধ্যয়নৰ জৰিয়তে বিভিন্ন উন্নয়নমূলক আঁচনি প্ৰস্তুত কৰা হয়। প্ৰতিটো প্ৰাকৃতিক অঞ্চলে ভিন্ন ভৌগােলিক উপাদানেৰে ভৰি থাকে আৰু পৃথিৱীৰ আঞ্চলিক ভূগােল সম্পৰ্কীয় জ্ঞান লাভ কৰিবলৈ হ’লে প্ৰাকৃতিক অঞ্চল অধ্যয়নৰ অধিক গুৰুত্ব আছে। ভিন্ন প্ৰাকৃতিক অঞ্চলৰ জলবায়ু, উষ্ণতা, বৃষ্টিপাত, তুষাৰপাত আদিৰ তাৰতম্য দেখা যায়। প্ৰাকৃতিক অঞ্চল অধ্যয়নৰ জৰিয়তে, অঞ্চলভেদে থকা উপাদানসমূহৰ তাৰতম্যৰ কথা সহজে গম পাব পাৰি আৰু এটা সিদ্ধান্তত উপনীত হ’ব পাৰি।
4. সমধৰ্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ মাজত পাৰ্থক্য দাঙি ধৰা।
উত্তৰঃ সহধর্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ মাজৰ পাৰ্থক্যবোৰ হৈছে—
পাৰ্থক্যৰ ভিত্তি | সহধর্মী অঞ্চল | ক্রিয়াত্মক অঞ্চল |
অর্থ | ই হৈছে নিৰ্বাচিত উপাদানবোৰৰ মাজত থকা সাদৃশ্য অঞ্চল। | ই এনে এক অঞ্চল যাৰ সামজিক, অর্থনৈতিক ক্রিয়াকলাপ এক সাধাৰণ নগৰ, বজাৰ ইত্যাদিৰ লগত জড়িত। |
ভিত্তি | ই উপাদানৰ সাদৃশ্যৰ ওপৰত আধাৰিত। | ই উপাদানৰ ক্ৰিয়াত্মক আত্মসম্পৰ্কৰ ওপৰত নিৰ্ভৰশীল। |
উপাদান | সমগ্ৰ অঞ্চলত নির্বাচিত বোৰৰ স্পষ্ট সাদৃশ্য দেখা যায়। | অঞ্চলটোৰ আভ্যন্তৰীণ উপাদানবোৰৰ সাদৃশ্য নাথাকে। |
নিৰ্ভৰশীলতা | প্ৰান্তৰ বিভিন্ন অংশ আন্তঃনিৰ্ভৰশীল নহয়। | নগৰ আৰু ইয়াৰ অঞ্চলবোৰ আন্তঃনিৰ্ভৰশীল। |
উদাহৰণ | ব্রহ্মপুত্র উপত্যকা, আমাজান উপত্যকা, নিৰক্ষীয় অঞ্চল ইত্যাদি। | গুৱাহাটী, কলকাতা, দিল্লী আদি মহানগৰৰ চৌপাশৰ অঞ্চল। |
5. প্ৰাকৃতিক অঞ্চল বুলিলে কি বুজা ? সমগ্ৰ পৃথিৱীক কিমানটা প্ৰাকৃতিক অঞ্চলত বিভক্ত কৰিব পাৰি ? প্ৰতিটোৰ নাম লিখা আৰু মানচিত্ৰত দেখুওৱা।
উত্তৰঃ প্ৰাকৃতিক অঞ্চল (Natural Region) বুলিলে পৃথিৱীৰ উপৰিভাগৰ যিবােৰ অংশৰ ভূ – অৱয়ব, জলবায়ু, প্ৰাকৃতিক উদ্ভিদ আৰু মাটিৰ গুণাগুণ প্ৰায় একে ধৰণৰ হয়, সেইবােৰক একেলগে প্ৰাকৃতিক অঞ্চল বােলা হয়। অৰ্থাৎ পৃথিৱীৰ যি অংশত একে ধৰণৰ প্ৰাকৃতিক প্ৰণালীসমূহৰ প্ৰভাৱ অনুভূত হয় আৰু তাৰ ফলত মানুহৰ কাৰ্যাৱলীও সেইমতে, সেই অংশবােৰক একোটা প্ৰাকৃতিক অঞ্চল বুলি কোৱা হয়।
জলবায়ু আৰু প্ৰাকৃতিক উদ্ভিদৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি সমগ্ৰ পৃথিৱীক এঘাৰটা প্ৰাকৃতিক অঞ্চলত বিভক্ত কৰিব পাৰি। সেইবােৰ হৈছে—
(i) নিৰক্ষীয় অঞ্চল।
(ii) মৌচুমী অঞ্চল।
(iii) ক্ৰান্তীয় তৃণভূমি অঞ্চল।
(iv) ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল।
(v) ভূমধ্য সাগৰীয় অঞ্চল।
(vi) মধ্য অক্ষাংশৰ মৰু অঞ্চল।<p>
(vii) মধ্য অক্ষাংশৰ নাতিশীতােষ্ণ অঞ্চল।
(viii) মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চল।
(ix) শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চল।
(x) শীতল মেৰু অঞ্চল। আৰু
6. পৃথিৱীৰ প্ৰতিটো প্ৰাকৃতিক অঞ্চলৰ ভূ – প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কে লিখা।
উত্তৰঃ পৃথিৱীৰ প্ৰতিটো প্ৰাকৃতিক অঞ্চলৰ ভূ – প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কে তলত আলােচনা কৰা হ’ল—
(ক) নিৰক্ষীয় প্ৰাকৃতিক অঞ্চলৰ জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ। এই অঞ্চলটোত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে বাবে গ্ৰীষ্ম – শীতকালৰ তাৰতম্য নিচেই কম হয়। এই অঞ্চলত গড় উত্তাপৰ পৰিমাণ ২৭° ছেলছিয়াচ আৰু বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ ২০০ ছেণ্টিমিটাৰ। অঞ্চলটো চিৰসেউজীয়া ডাঠ অৰণ্য আৰু সৰু সৰু জোপােহা বনৰে পৰিপূৰ্ণ।
(খ) মৌচুমী অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য হৈছে ঋতু পৰিৱৰ্তন, অৰ্থাৎ উষ্ণ আৰু আৰ্দ্ৰ গ্ৰীষ্মকাল আৰু ঠাণ্ডা তথা শুকান শীতকাল। গ্ৰীষ্মকাল আৰু শীতকালৰ মাজত উত্তাপৰ পাৰ্থক্য ১৫° ছেলছিয়াচ আৰু বছৰ বৃষ্টিপাতৰ পৰিমাণ গড়ে ২০০ ছেণ্টিমিটাৰ। এই অঞ্চলত ঋতু পৰিৱৰ্তনৰ লগে লগে বৰষুণৰ তাৰতম্য ঘটে, সেয়ে এনে অঞ্চলত অধিক পৰিমাণে পৰ্ণপাতী উদ্ভিদ দেখা যায়।
(গ) ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য হৈছে উষ্ণ আৰু চুটি গ্ৰীষ্মকাল আৰু শুকান তথা দীঘল শীতকাল। এনে অঞ্চলত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ তাৰতম্য অধিক হয়। এই অঞ্চলত বছৰি বৰষুণৰ পৰিমাণ মধ্যমীয়া, অৰ্থাৎ ২৫ ৰ পৰা ১০০ ছেণ্টিমিটাৰ পৰ্যন্ত, আৰু ইয়াত ওখ ঘাঁহ জাতীয় উদ্ভিদ দেখা যায়।
(ঘ) ক্ৰান্তয়ী উষ্ণ মৰু অঞ্চলৰ জলবায়ু সদায়েই উষ্ণ আৰু শুকান হয়। আৰু তাত দিন আৰু ৰাতিৰ উষ্ণতাৰ তাৰতম্য বেছি। গ্ৰীষ্মকালত দিনৰ ভাগত উত্তাপ ৪৫° ছেলছিয়াচলৈ বৃদ্ধি পায়। এই অঞ্চলত বছৰি গড় বৰষুণৰ পৰিমাণ ২০-২৫ ছেণ্টিমিটাৰ। মৰু অঞ্চলত বৰষুণৰ অভাৱত কেৱল চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ জন্মে।
(ঙ) ভূমধ্য সাগৰীয় অঞ্চলৰ ভূ – প্ৰাকৃতিক পৰিৱেশ এয়ে যে ইয়াত গ্ৰীষ্মকাল উষ্ণ আৰু শুকান, আৰু শীতকাল ঠাণ্ডা আৰু সেমেকা। এই অঞ্চলত শীতকালত বৰষুণ হয়, গােটেই বছৰটোৰ গড় উচ্চতা ৮ ৰ পৰা ২৫° ছেলছিয়াচৰ ভিতৰত থাকে আৰু বছৰি বৰষুণৰ পৰিমাণ ২৫-৭৫ ছেণ্টিমিটাৰ। এই অঞ্চলত চিৰসেউজীয়া চুটি গছ – গছনি আৰু জোপােহা বননি দেখা যায়।
(চ) মধ্য অক্ষাংশৰ মৰু অঞ্চলৰ চাৰিওফালে উচ্চ পৰ্বতে আগুৰি আছে। এই অঞ্চলত বৰষুণৰ পৰিমাণ অতি কম আৰু মহাদেশীয় অৱস্থানৰ বাবে ইয়াত গ্ৰীষ্মকাল আৰু শীতকালৰ মাজত উষ্ণতাৰ পাৰ্থক্য অধিক হয়। এই অঞ্চলত শীতকালি কিছু পৰিমাণে তুষাৰপাত হয়।
(ছ) মধ্য অক্ষাংশৰ নাতিশীতােষ্ণ অঞ্চলত ঠাণ্ডা – গৰমৰ প্ৰকোপ কম। ইয়াত গ্ৰীষ্মকালৰ উত্তাপ গড়ে ১৫° ছেলছিয়াচ আৰু শীতকালত ৫° ৰ পৰা ১০° ছেলছিয়াচ। বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ ৭৫ ৰ পৰা ১৫০ ছেণ্টিমিটাৰৰ ভিতৰত থাকে। এই অঞ্চলৰ শীতকাল অতি শুকান হয়। বৃষ্টিপাতৰ তাৰতম্য অনুসৰি ইয়াত ভিন্ন প্ৰকাৰৰ প্ৰাকৃতিক উদ্ভিদ দেখা যায়।
(জ) মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলত গ্ৰীষ্মকাল আৰু শীতকালৰ মাজত পাৰ্থক্য অধিক আৰু এই অঞ্চলত গ্ৰীষ্মকালত কিছু পৰিমাণে বৰষুণ হয়। বৰষুণৰ অভাৱ আৰু শীতৰ প্ৰকোপৰ বাবে এই অঞ্চলত গছ – গছনিৰ সংখ্যা নিচেই কম। জৈৱ পদাৰ্থৰ প্ৰাচুৰ্যতাৰ বাবে এই অঞ্চলৰ মাটি ভাগ সাৰুৱা।
(ঝ) শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চলৰ জলবায়ু কিছু শুকান আৰু ঠাণ্ডা। এই অঞ্চলত গ্ৰীষ্মকালত উত্তাপ গড়ে ১৫° ছেলছিয়াচলৈ বৃদ্ধি পায় আৰু শীতকালত উষ্ণতা হ্ৰাস পােৱাৰ ফলত বৰফ পৰে। এই অঞ্চলত গ্ৰীষ্মকালত কিছু পৰিমাণে বৰষুণ হয় আৰু শীতল তথা শুকান জলবায়ুৰ বাবে ইয়াত চিৰসেউজীয়া সৰলবৰ্গীয় অৰণ্য পােৱা যায়।
(ঞ) শীতল মেৰু অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হৈছে অতিপাত ঠাণ্ডা জলবায়ু। এই অঞ্চলৰ গ্ৰীষ্মকাল চুটি আৰু শীতকাল দীঘলীয়া আৰু গ্ৰীষ্মকালত দিনৰ ভাগৰ উষ্ণতা ০-১০° ছেলছিয়াচৰ ভিতৰত থাকে আৰু শীতকালত উষ্ণতা –১৮° ছেলছিয়াচলৈ হ্ৰাস পায়। এই অঞ্চলত বৰষুণৰ পৰিমাণ অতি কম আৰু শীতকালত প্ৰচুৰ তুষাৰপাত হয়।
(ট) উচ্চ পৰ্বত্য অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ পৰ্বতৰ ঢাল ভেদে ভিন্ন হয়। অধিক উচ্চতাত থকা শৃংগবােৰ উষ্ণতা কম হােৱা বাবে সদায়ে বৰফেৰে ঢাক খাই থাকে। এই অঞ্চলত উচ্চতা আৰু ঢালৰ পৰিৱৰ্তনৰ বাবে অতি কম দূৰত্বৰ ভিতৰত বেলেগ বেলেগ জলবায়ু পৰিলক্ষিত হয়।
7. পৃথিৱীৰ আঞ্চলিক ভূগোল বুলিলে কি বুজা ? এনে অধ্যয়নৰ তাৎপৰ্য কি ?
উত্তৰঃ পৃথিৱীৰ আঞ্চলিক ভূগােল হৈছে প্ৰাকৃতিক পৰিৱেশত উপাদান সমূহৰ আঞ্চলিক অধ্যয়ন। পৃথিৱীৰ উপৰিভাগৰ প্ৰাকৃতিক উপাদান সমূহৰ কিছু কিছু অঞ্চলভিত্তিক সাদৃশ্য আছে। পৃথিৱীৰ প্ৰতিটো অঞ্চলৰ ভূগােল অধ্যয়নৰ সামগ্ৰিক ৰূপটোৱেই হৈছে পৃথিৱীৰ আঞ্চলিক ভূগােল।
পৃথিৱীৰ আঞ্চলিক ভূগোল অধ্যয়নৰ তাৎপৰ্য আৰু গুৰুত্ব অধিক। এখন মহাদেশ, দেশ বা ৰাজ্যৰ সামগ্ৰিক অৱস্থাৰ বিষয়ে জানিবলৈ হ’লে ইয়াৰ প্ৰাকৃতিক আৰু মানৱ পৰিৱেশৰ প্ৰতিটো উপাদান আৰু সিহঁতৰ মাজত থকা সম্পৰ্ক গুৰুত্ব সহকাৰে অধ্যয়ন কৰাটো দৰকাৰ। অঞ্চল ভিত্তিক অধ্যয়নৰ জৰিয়তে কোনাে এখন দেশ বা একোটা অঞ্চলৰ আৰ্থ সামাজিক উন্নয়ন আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন সমস্যাৰ বিষয়ে জানিব পাৰি। একো একোটা অঞ্চলৰ প্ৰাকৃতিক আৰু আৰ্থ – সামাজিক বৈশিষ্ট্যসমূহৰ ভৌগােলিক অধ্যয়ন কৰিয়েই বিভিন উন্নয়নমূলক আঁচনি যুগুত কৰা হয়। সেয়ে পৃথিৱীৰ কোনাে এক অঞ্চলৰ আঞ্চলিক জ্ঞান লাভ কৰিবলৈ হ’লে পৃথিৱীৰ আঞ্চলিক ভূগােল আধ্যয়ন কৰাটো বিশেষ প্ৰয়ােজন। সেই কাৰণে পৃথিৱীৰ আঞ্চলিক ভূগােল অধ্যয়নৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাইছে।
8. পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক অঞ্চলসমূহত বিৰাজ কৰা জলবায়ু আৰু উদ্ভিদ সম্পৰ্কে আলােচনা কৰা।
উত্তৰঃ পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক অঞ্চলত বিৰাজ কৰা জলবায়ু আৰু উদ্ভিদ সম্পৰ্কে তলত আলােচনা কৰা হ’ল—
(i) নিৰক্ষীয় অঞ্চলৰ জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ প্ৰকৃতিৰ। এই অঞ্চলটোত সূৰ্যৰ ৰশ্মি প্ৰায় লম্বভাৱে পৰে বাবে দিন – ৰাতি আৰু গ্ৰীষ্ম তথা শীতকালৰ উত্তাপৰ তাৰতম্য নিচেই কম হয়। সমগ্ৰ নিৰক্ষীয় অঞ্চলটো চিৰসেউজীয়া ডাঠ আৰণ্যৰে ভৰা আৰু তাত সৰু সৰু জোপােহা বনৰ লগতে নানা ধৰণৰ লতাজাতীয় উদ্ভিদ পোৱা যায়।
(ii) মৌচুমী অঞ্চলত গ্ৰীষ্মকালৰ জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ হয় আৰু শীতকালত ঠাণ্ডা আৰু শুকান হয়। অৰ্থাৎ ঋতু পৰিৱৰ্তন মৌচুমী অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য। এই অঞ্চলত গ্ৰীষ্মকাল আৰু শীতকালৰ মাত্ৰ উত্তাপৰ পাৰ্থক্য হৈছে ১৫° ছেলিছিয়াচ। মৌচুমী অঞ্চলত পৰ্ণপাতী উদ্ভিদ অধিক পৰিমাণে জন্মে। শীতকালত বৰষুণৰ অভাৱত গছ – গছনিবােৰৰ পাত পৰে।
(iii) ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হৈছে উষ্ণ আৰু চুটি গ্ৰীষ্মকাল আৰু শুকান তথা দীঘল শীতকাল। ক্ৰান্তীয় অঞ্চলত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ তাৰতম্য অধিক হয়। এই অঞ্চলত ওখ ঘাঁহজাতীয় উদ্ভিদ জন্মে আৰু এনে ঘাঁহনি হাভানা (Savannah) বুলি জনা যায়।
(iv) ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ জলবায়ু সদায় উষ্ণ আৰু শুকান হয়। আৰু এনে অঞ্চলত দিন – ৰাতিৰ উত্তৰ তাৰতম্য অধিক হয়। এনে জলবায়ুত বৰষুণৰ অভাৱত কিছু অংশত চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ জন্মে। মৰুভূমিৰ কোনাে অংশত খেজুৰ জাতীয় গছ জন্মে।
(v) ভূমধ্য সাগৰীয় অঞ্চলৰ জলবায়ু গ্ৰীষ্মকালত উষ্ণ আৰু শুকান হয় আৰু শীতকাল ঠাণ্ডা আৰু সেমেকা হয়। এই অঞ্চলটোৰ প্ৰধান উদ্ভিদ হৈছে চিৰসেউজীয়া চুটি গছ – গছনি আৰু জোপােহা বননি।
(vi) মধ্য অক্ষাংশৰ মৰু অঞ্চলৰ জলবায়ু গ্ৰীষ্মকাল আৰু শীতকালত। বেলেগ বেলেগ হয়। গ্ৰীষ্মকাল আৰু শীতকালত উষ্ণতাৰ তাৰতম্য অধিক হয়। এই অঞ্চলত শীতকালি কিছু পৰিমাণে তুষাৰপাত হয়। এই অঞ্চলত গছ – গছনিৰ পৰিমাণ নিচেই কম আৰু বৰষুণৰ পৰিমাণ অতি কম হােৱা বাবে ঘাঁহ জাতীয় উদ্ভিদ অতি কম পৰিমাণে হয়।
(vii) মধ্য অক্ষাংশৰ নাতিশীতােষ্ণ অঞ্চলৰ জলবায়ু শীতল আৰু তাত জাৰ – জহৰ প্ৰকোপ কম। সমুদ্ৰৰ কাষৰীয়া ঠাইবােৰৰ জলবায়ু সমভাবাপন্ন আৰু সাগৰৰ পৰা দূৰত্ব বঢ়াৰ লগে লগে বৃষ্টিপাতৰ পৰিমাণ হ্ৰাস পায়। এই অঞ্চলত শীতকাল অতি শুকান হয়। এই অঞ্চলৰ অধিকাংশ ঠাইতে পৰ্ণপাতী উদ্ভিদ জন্মে আৰু বেছি বৰষুণ হােৱা ঠাইবােৰত চিৰসেউজীয়া। উদ্ভিদৰ লগতে পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলত সৰলবৰ্গীয় উদ্ভিদ পােৱা যায়।
(viii) মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলত গ্ৰীষ্ম আৰু শীতকালৰ মাজত উষ্ণতাৰ তাৰতম্য দেখা যায়। এই অঞ্চলৰ জলবায়ু অতি শীতল আৰু শীতৰ প্ৰকোপৰ বাবে ইয়াত গছ – গছনি প্ৰায় নথকাৰ নিচিনা। এই অঞ্চলত বিভিন্ন প্ৰকাৰৰ ঘাঁহনি দেখা যায়।
(ix) শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চলৰ জলবায়ু কিছু পাৰিমাণে শুকান আৰু ঠাণ্ডা হয়। শীতকালত উষ্ণতা হ্ৰাস পােৱাৰ ফলত বৰফ পৰা দেখা যায় আৰু গ্ৰীষ্মকালত কিছু পৰিমাণে বৰষুণ হয়। শীতল আৰু শুকান জলবায়ুৰ বাবে এই অঞ্চলত অধিক পৰিমাণে চিৰসেউজীয়া সৰলবগীয় অৰণ্য দেখা যায়।
(x) শীল মেৰু অঞ্চলৰ জলবায়ু অতিপাত ঠাণ্ডা আৰু এই অঞ্চলত গ্ৰীষ্মকাল চুটি আৰু শীতকাল দীঘলীয়া হয়। এই অঞ্চলত বৰষুণৰ পৰিমাণ অতি কম আৰু শীতকালত প্ৰচুৰ তুষাৰপাত হয়। শীতৰ প্ৰকোপৰ বাবে এই অঞ্চলত বিশেষ উদ্ভিদ জন্মিব নােৱাৰে আৰু কোনাে কোনাে ঠাইত ঘাঁহ, শেলুৱৈ, ঢেকীয়া জাতীয় উদ্ভিদ জন্ম দেখা যায়।
(xi) উচ্চ পাৰ্বত্য অঞ্চল প্ৰায় সদায় বৰফেৰে ঢাক খাই থাকে আৰু ইয়াৰ জলবায়ু বতাহৰ দিশৰ ওপৰত নিৰ্ভৰ কৰি পৰিৱৰ্তন হয়। উচ্চতা আৰু ঢালৰ পৰিৱৰ্তনৰ বাবে এই অঞ্চলত ভিন্ন প্ৰকাৰৰ জলবায়ু আৰু প্ৰাকৃতিক উদ্ভিদ দেখা যায়। পৰ্বতৰ উচ্চ অংশত বৰষুণৰ অভাৱত গছ গছনি নজন্মে আৰু কোনাে অংশত মৌচুমী জলবায়ুৰ প্ৰভাৱত ডাঠ অৰণ্য দেখা যায়।
9. আফ্ৰিকা মহাদেশৰ জলবায়ু আৰু জীৱন নিৰ্বাহ প্ৰণালীৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ জলবায়ুঃ আফ্ৰিকা পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ। ইয়াৰ মাটিকালি ৩০ নিযুত বৰ্গ কিঃমিঃ। আফ্ৰিকা মহাদেশ বিষুৱ ৰেখাৰ দ্বাৰা দুভাগত বিভক্ত হৈছে আৰু ফলত মহাদেশখনৰ উত্তৰ অংশ উত্তৰ গােলাৰ্ধত আৰু দক্ষিণ অংশ দক্ষিণ গােলাৰ্ধত পৰিছে। গতিকে আফ্ৰিকাৰ বিভিন্ন অঞ্চলৰ জলবায়ুৰ মাজত বৃহৎ পাৰ্থক্য দেখা যায়। মহাদেশখনৰ এক বৃহৎ অংশত ক্ৰান্তীয় জলবায়ু বিৰাজ কৰে। কেৱল উত্তৰ আৰু দক্ষিণ প্ৰান্তত ক্ৰান্তীয় আৰু নাতিশীতােষও জলবায়ু বিৰাজ কৰে। আফ্ৰিকাৰ সমভূমি অঞ্চল আৰু উপকূলীয় অঞ্চলত প্ৰচুৰ বৃষ্টিপাত হয়। কিন্তু চাহাৰা কালাহাৰি আৰু নামিবিয়াৰ মৰুভূমি অঞ্চলত কাচিৎহে বৃষ্টিপাত হয়। সেয়ে আফ্ৰিকাৰ বহুতাে অংশ ক্ৰমান্বয়ে শুষ্ক হ’ব ধৰিছে।
জীৱন নিৰ্বাহ প্ৰণালী ও মহাদেশখন জলসম্পদ, অৰণ্য আৰু খনিজ সম্পদত চহকী। অৱশ্যে ইয়াৰ অৰ্থনীতি কৃষিভিত্তিক। আফ্ৰিকাৰ, প্ৰায় ৭০ শতাংশ লােক কৃষিত জড়িত। উৎপাদিত হােৱা মুখ্য কৃষি সামগ্ৰীবােৰ হৈছে গােমধান, জোৱাৰ, বাজ, ধান, মিঠা আলু, চীনা বাদাম, কপাহ, কফি, চাহপাত, কুঁহিয়াৰ, ধপাত, কল ইত্যাদি। আফ্ৰিকাত পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, লাে, তাম, সােণ, হীৰা, ইউৰেনিয়াম আদি খনিজ সম্পদে উপলব্ধ। আফ্ৰিকা মহাদেশৰ গড় জনমূৰি জাতীয় আয় ২,৫৫০ আমেৰিকান ডলাৰ। মুঠ জনসংখ্যাৰ ৩৭ শতাংশ চহৰ অঞ্চলত বাস কৰে।
10. পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক অঞ্চলত বাস কৰা মানুহৰ জীৱন-প্ৰণালীৰ এটি বিৱৰণ দিয়া।
উত্তৰঃ জলবায়ু, ভূমি, ভূ-প্ৰকৃতি, অৱস্থিতি, সাগৰৰ পৰা দূৰত্ব, উচ্চতা আদিৰ ভিন্নতাৰ বাবে বিভিন্ন প্ৰাকৃতিক অঞ্চলত বাস কৰা লােকৰ জীৱন-ধাৰণ প্ৰণালী, একে নহয়। পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক অঞ্চলত পােৱা মুখ্য অৰ্থনৈতিক ক্ৰিয়াকলাপবােৰ হৈছে—
(i) নিৰক্ষীয় অঞ্চলঃ নিৰক্ষীয় অঞ্চলৰ অন্তৰ্গত মুখ্য অঞ্চলবােৰ হৈছে, দক্ষিণ আমেৰিকাৰ আমাজান নদীৰ অৱবাহিকা, আফ্ৰিকাৰ কংগাে অববাহিকা (বৰ্তমানৰ নাম জাইৰে অৱবাহিকা) পশ্চিম আফ্ৰিকাৰ গিনি উপকূল, মালয়েছীয় উপদ্বীপ, দক্ষিণ-পূৰ্ব এছিয়াৰ ইণ্ডোনেচীয় আৰু ফিলিপাইন দ্বীপপুঞ্জ। আমাজান আৰু কংগাে অৱবাহিকাৰ লােকসকলে চিকাৰ কৰা, মাছ ধৰা আৰু অৰণ্যৰ পৰা খাদ্য সংগৃহীতকৰণৰ দ্বাৰা জীৱন নিৰ্বাহ কৰে। গভীৰ অৰণ্য আৰু পৰিবহণ আৰু যােগাযােগৰ অভাৱৰ বাবে কৃষি আৰু জনবসতি বহুলভাৱে বিকশিত হােৱা নাই। মালয়েছিয়া আৰু ইণ্ডোনেছিয়াও এই প্ৰাকৃতিক অঞ্চলৰ অন্তৰ্গত, যদিও এই অঞ্চলকেইটাই কৃষিত বিশেষতঃ কফি, চাহ আৰু ৰবৰৰ দৰে খেতিত যথেষ্ট প্ৰগতি কৰিছে।
(ii) মৌচুমী অঞ্চলঃ মৌচুমী অঞ্চলৰ অন্তৰ্গত অঞ্চলবােৰ হৈছে ভাৰত প্ৰমুখ্যে দক্ষিণ এছিয়া, দক্ষিণ-পূৰ্ব এছিয়া, অষ্ট্ৰেলিয়াৰ উত্তৰ পূব অংশ, আফ্ৰিকা পূৰ্ব অংশ, ব্ৰাজিলৰ পূব অংশ, মধ্য আমেৰিকা ইত্যাদি। ই পৃথিৱীৰ অন্যতম ঘন জনবসতিপূৰ্ণ অঞ্চল। মৌচুমী অঞ্চলৰ লােকৰ মুখ্য জীৱিকা হৈছে কৃষি। এই অঞ্চলত ধান, মৰাপাট, চাহপাত, তৈলবীজ, কপাহ, কুঁহিয়াৰ, ঘেঁহু, আদি শস্য বহুলভাৱে খেতি কৰা হয়। এই গােটৰ বহুতাে দেশ প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধ আৰু গতিকে ভালে সংখ্যক লােক ইয়াত নিষ্কাষণ, শুদ্ধিকৰণ আৰু সম্পদৰ বিকাশত জড়িত হৈ এই অঞ্চলৰ অৰ্থনৈতিক বিকাশত অৰিহণা যােগাইছে।
(iii) ক্ৰান্তীয় তৃণভূমি অঞ্চলঃ দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াত ১০°-২৫° অক্ষাংশৰ মাজত অৱস্থিত, এই অঞ্চলৰ অধিকাংশ ঠাই তৃণভূমিৰ দ্বাৰা গঠিত যাক সাধাৰণতে ছানা বুলি কোৱা হয়। সেইবােৰ বিভিন্ন দেশত, বিভিন্ন নামেৰেও জনাজাত। উদাহৰণস্বৰূপে, ভেনিজুৱেলা আৰু ব্ৰাজিলৰ তৃণভূমি স্থানীয়ভাৱে যথাক্ৰমে লানােছ আৰু কেম্পােছ নামে জনাজাত। এই প্ৰান্তত আদিবাসী লােকো বাস কৰে। তেওঁলােকৰ বহুতে পশু পালন আৰু চিকাৰত ব্যস্ত হৈ থাকে। জোৱাৰ, কপাহ, চীনাবাদাম ইত্যাদি শস্যৰ খেতি কিছুমান অংশত ক্ষুদ্ৰ মাত্ৰাত কৰা হয়। এই অঞ্চলৰ জনবসতি যথেষ্ট সেৰেঙা। উপযুক্ত পৰিবহণ আৰু যােগাযােগৰ সুবিধাৰ অভাৱত, এই অঞ্চল অৰ্থনৈতিক আৰু সামাজিক বিকাশত যথেষ্ট পিছ পৰা।
(iv) ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলঃ আৰৱ, ইৰাণ আৰু আফগানিস্তানৰ মৰুভূমি,।এছিয়াৰ ভাৰতীয় থৰ মৰুভূমি, আফ্ৰিকাৰ ছাহাৰা আৰু কালাহাৰী, দক্ষিণ আমেৰিকাৰ আটাকামা মৰুভূমি, অষ্ট্ৰেলিয়াৰ বৃহৎ মৰুভূমি আদি ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ অন্তৰ্গত। এই মৰুভূমি অঞ্চলবােৰৰ বেছিভাগ অঞ্চল বসতিহীন। কিছুমান অঞ্চলত অঘৰী পশুপালকসকলে বাস কৰে। এই অঞ্চলত বাস কৰা প্ৰধানগােষ্ঠীকেইটা হৈছে- কালাহাৰী মৰুভূমিৰ বুছমেন, অষ্ট্ৰেলিয়াৰ বৃহৎ মৰুভূমিৰ আদিবাসীসকল, ছাহাৰা আৰু আৰব অঞ্চলত বাস কৰা বেদুইন ইত্যাদি। এই অঞ্চলৰ অধিকাংশ লােকে উট, ঘোঁৰা, ভেড়া, ছাগলী আদি পালন কৰি তেওঁলােকৰ জীৱিকা অৰ্জন কৰে। নীল উপত্যকা অঞ্চলে কৃষিৰ ক্ষেত্ৰত কিছু প্ৰগতি কৰিছে আনহাতে, কুৱেইট, চৌডি আৰৱ, ইৰাণ, ইৰাক আদি দেশে তেলৰ আৱিষ্কাৰৰ বাবে অৰ্থনৈতিকশপ্ৰগতি কৰিছে।
(v) ভূমধ্য সাগৰীয় অঞ্চলঃ ভূমধ্য সাগৰৰ কাষৰীয়া অঞ্চলৰ দক্ষিণ ইউৰােপ, দক্ষিণ-পশ্চিম এছিয়া, উত্তৰ আফ্ৰিকা, উত্তৰ আমেৰিকাৰ উপকূলবৰ্তী কেলিফোৰ্ণিয়া, দক্ষিণ আমেৰিকাৰ মধ্য চিলি, দক্ষিণ আফ্ৰিকাৰ কেপ উপকূল, অষ্ট্ৰেলিয়াৰ দক্ষিণ-পশ্চিম উপকূল আদি ভূমধ্য সাগৰীয় অঞ্চলৰ অন্তৰ্গত। ভূমধ্য সাগৰীয় অঞ্চলৰ লােকসকলৰ প্ৰধান জীৱিকা হ’ল কৃষি। এই অঞ্চলত উৎপাদিত শস্যবােৰ হ’ল ঘেঁহু, বাৰ্লি, মাকৈ, কপাহ, ধপাত ইত্যাদি। এই অঞ্চলৰ বহুতাে অংশত বাণিজ্যিকভিত্তিত পশুপালন কৰা হয়। আঙুৰ, আপেল আদি ফলমূলৰ খেতিৰ বাবে অঞ্চলটো বিখ্যাত। ইয়াৰ ফলত বৃহৎ মাত্ৰাত ফল-মূল ভিত্তিক উদ্যোগ গঢ়ি উঠিছে। এনে এক উদ্যোগ হৈছে সুৰা উৎপাদনৰ উদ্যোগ।
(vi) মধ্য অক্ষাংশীয় মৰু অঞ্চলঃ তিব্বত মালভূমি, গােবি মৰুভূমি, উত্তৰ আমেৰিকাৰ ৰকি পৰ্বতশ্ৰেণীয়ে আগুৰি থকা দ্ৰোণী, দক্ষিণ আমেৰিকাৰ পেটাগনিয়া মালভূমি আদি এই প্ৰাকৃতিক অঞ্চলৰ অন্তৰ্ভুক্ত। কিছুমান অঘৰী পশুপালকে তিব্বত পেটাগনিয়া মালভূমি আৰু গােবি মৰুভূমি অঞ্চলত বাস কৰে। পশুখাদ্যৰ সন্ধানত তেওঁলােকে ঠাই সলনি কৰি ফুৰাৰ বাবে তেওঁলােকৰ কোনাে স্থায়ী বসতি নাই। বৰ্তমান জলসিঞ্চনৰ জৰিয়তে কিছুপৰিমাণে কৃষিকাৰ্য সম্পাদন কৰা হৈছে। খনিজ দ্ৰব্য উদঘাটন আৰু ঔদ্যোগিকৰণৰ বাবেও কিছুপৰিমাণে অৰ্থনৈতিক বিকাশ সাধন হৈছে।
(vi) মধ্য অক্ষাংশীয় নাতিশীতােষ্ণ অঞ্চলঃ চীনদেশৰ উত্তৰ আৰু পূৰ্ব অংশ, দক্ষিণ কানাডাৰ কিছুঅংশ, ইংলেণ্ড, ইউৰােপমহাদেশৰ উত্তৰ-পশ্চিম অংশ, ব্ৰাজিল দক্ষিণ-পূৰ্ব অংশ, উৰুগুৱে, চিলিৰ দক্ষিণ অংশ, দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ পূৰ্ব উপকূল আৰু নিউজিলেণ্ড এই অঞ্চলৰ অন্তৰ্গত। এই অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা হৈছে কৃষি। ইয়াত উন্নত পদ্ধতিৰে খেতি কৰা হয়। কপাহ, ধপাত, বাৰ্লি, আলু, ঘেঁহু, চাউল, কুঁহিয়াৰ আদি প্ৰচুৰ পৰিমাণে উৎপাদিত হয়। এই অঞ্চলৰ বহুতাে অংশত বাণিজ্যিক ভিত্তিত পশুপালনাে কৰা হয়। খনিজ সম্পদৰ উপলব্ধতাৰ বাবে ঔদ্যোগিক ক্ৰিয়াকলাপাে বিকশিত হৈছে। সমগ্ৰ অঞ্চলটো ঔদ্যোগিক দিশত আগবঢ়া।
(viii) মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চলঃ মধ্য অক্ষাংশীয় তৃণভূমি প্ৰায় সকলাে মহাদেশতে অৱস্থিত। এই তৃণভূমিবােৰ মহাদেশবােৰত পৃথক পৃথক নামেৰে জনাজাত। এইবােৰ এছিয়া আৰু ইউৰােপত ষ্টেপছ, উত্তৰ আমেৰিকাত প্ৰেইৰী, আৰ্জেন্টিনা আৰু দক্ষিণ আমেৰিকাত পম্পাচ, দক্ষিণ আফ্ৰিকাত ভেল্ড আৰু অষ্ট্ৰেলিয়াত ডাউনচ নামে জনাজাত। এই তৃণভূমি অঞ্চলত বাস কৰা অধিকাংশ লােকেই আদিবাসী। এই অঞ্চলৰ লােকসকলৰ প্ৰধান জীৱিকা কৃষি। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, অষ্ট্ৰেলিয়া আৰু ৰাছিয়াৰ তৃণভূমি অঞ্চলত বৃহৎ মাত্ৰাত কৃষি উৎপাদন কৰা হয়। এই অঞ্চলৰ বহুতাে অংশত ঘেহুৰ খেতি কৰা হয়। বাণিজ্যিক ভিত্তিত কৰা পশুপালন যথেষ্ট বিকশিত হৈছে। গৰু, মহআৰু ভেড়া পালনত আধুনিক বিজ্ঞানসন্মত পদ্ধতি প্ৰয়ােগৰ ফলত দুগ্ধ শিল্প গঢ়ি উঠিছে। এই দেশসমূহৰ পৰা উপাে ৰপ্তানি কৰা হয়।
(ix) শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চলঃ ইউৰােপৰ স্কাণ্ডিনেভিয়াৰ পৰা পূবে প্ৰশান্ত উপকূললৈকে আৰু উত্তৰ আমেৰিকাৰ আলস্কাৰ পৰা পূবে আটলান্টিক উপকূললৈকে এই অঞ্চল বিস্তৃত। এই অঞ্চলটো কৃষি আৰু পশু পালনৰ বাবে উপযুক্ত নহয়। এই অঞ্চলৰ অধিকাংশ লােকে জন্তুৰ চিকাৰ আৰু কাঠ সংগ্ৰহৰ দ্বাৰা নিজৰ জীৱিকা অৰ্জন কৰে। নৰৱে, ফিনলেণ্ড, ছুইডেন আদি ইউৰােপীয় দেশে কাগজ উদ্যোগ আৰু কাঠ-ভিত্তিক উদ্যোগৰ বিকাশ কৰিছে। কানাডা, আলাস্কা আৰু ছাইবেৰিয়াত বিভিন্ন খনিজ সম্পদৰ আৱিষ্কাৰে এই প্ৰান্তৰ অৰ্থনৈতিক বিকাশ দ্ৰুত কৰিছে। টাইগা অঞ্চলৰ দক্ষিণ অংশত বৰ্তমান সামান্য কৃষিকাৰ্য আৰু ভেড়া পালন কৰা হয়।
(x) শীতল মেৰু অঞ্চলঃ এছিয়া, ইউৰােপ, উত্তৰ আমেৰিকাৰ মেৰুৰ কাষৰীয়া অঞ্চল, গ্ৰীনলেণ্ড, ছাইবেৰিয়া আৰু এন্টাৰ্কটিকা শীতল মেৰু অঞ্চলৰ অন্তৰ্ভুক্ত। এই অঞ্চলত সাধাৰণতে এস্কিমাে আৰু লেছ নামৰ আদিবাসীয়ে বাস কৰে। তেওঁলােকে শীতকালত ‘ঈগলু’ত আৰু গ্ৰীষ্মকালত ‘টিউপিক নামৰ তদ্ভুত বাস কৰে। তেওঁলােকে মাছ ধৰা আৰু চিকাৰৰ দ্বাৰা জীৱন ধাৰণ কৰে। এই লােকসকলৰ মাজত কুকুৰে টনা শ্লেজ গাড়ীয়েই সবাতােকৈ গুৰুত্বপূৰ্ণ পৰিবহণৰ মাধ্যম। যােগাযােগৰ বিস্তাৰৰ ফলত এই অঞ্চলৰ বহুতাে লােকে স্থায়ী ঘৰত বাস কৰিবলৈ আৰম্ভ কৰিছে। মাছধৰা আৰু জন্তু চিকাৰ কৰাৰ বাবে আধুনিক যন্ত্ৰপাতি ব্যৱহৃত হৈছে। ছাইবেৰিয়াত বাণিজ্যিক ভিত্তিত বৈজ্ঞানিক পদ্ধতিৰে বল্গাহৰিণ পালনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আলস্কাত ট্ৰেলিয়াম আৰু সােণ, লাব্ৰাডােৰত লাে আৰু ছাইবেৰিয়াত নিকেলৰ আৱিষ্কাৰে এই অঞ্চলত যথেষ্ট অৰ্থনৈতিক প্ৰগতি আনিছে।
(xi) উচ্চ পাৰ্বত্য অঞ্চলঃ হিমালয় পৰ্বত শ্ৰেণী আছ, কি আৰু এণ্ডিজ পৰ্বত শ্ৰেণী এই অঞ্চলৰ অন্তৰ্ভুক্ত। এই অঞ্চলৰ জনবসতি সেৰেঙা। পশুপালন আৰু কাঠ কটা এই লােকসকলৰ মুখ্য জীৱিকা। কৃষিকাৰ্য মাত্ৰ নদী উপত্যকাতহে কৰা হয়। এই পাৰ্বত্য অঞ্চলত বাস কৰা জনজাতীয় লােকসকলে অস্থায়ী খেতি বা ঝুম খেতি কৰে। উপলব্ধতা সাপেক্ষে খনিজ সম্পদৰ খননাে কৰা হৈছে। পাৰ্বত্য অঞ্চলৰ বহুতাে স্থান পৰ্যটন কেন্দ্ৰ আৰু স্বাস্থ্য নিবাসত পৰিণত হৈছে। ইয়াৰ ফলত অঞ্চলটোত দ্ৰুতভাৱে উন্নয়ন সাধন হৈছে।
11. পৃথিৱীৰ প্ৰধান পৰ্বতশ্ৰেণী আৰু নদীসমূহৰ নাম উল্লেখ কৰি সেইবােৰ মানচিত্ৰত দেখুওৱা।
উত্তৰঃ পৃথিৱীৰ প্ৰধান পৰ্বত প্ৰণালীবােৰ হৈছে—
(i) এছিয়াৰ মধ্য পৰ্বতশ্ৰেণী
(ii) ইউৰােপৰ আল্পছ পৰ্বতশ্ৰেণী
(iii) উত্তৰ আমেৰিকাৰ ৰকি পৰ্বতশ্ৰেণী
(iv) দক্ষিণ আমেৰিকাৰ এণ্ডিজ পৰ্বতশ্ৰেণী।
পৃথিৱীৰ প্ৰধান নদীবােৰ হৈছে—
(i) এছিয়া ও সিন্ধু, গংগা,ব্ৰহ্মপুত্ৰ, মেকং, হােৱাংহাে, টাইগ্ৰিছ, ইউফ্ৰেটিছ ইত্যাদি।
(ii) ইউৰােপঃ ভক্সা, ডন, ডানিয়ুব, ৰাইন, ছিয়েন, য়ুৰাল ইত্যাদি।
(iii) আফ্ৰিকা নীল, কংগাে, লিম্পােপাে, ভােল্ট, ছেনেগাল, নাইজাৰ, জাম্বেজি ইত্যাদি।
(iv) দক্ষিণ আমেৰিকাঃ আমাজান, অৰিনিক’, উৰুগুৱে, পাৰাগুৱে ইত্যাদি।
(v) উত্তৰ আমেৰিকাঃ কলম্বিয়া, কলৰাডাে, ছেন্ট লঞ্চে, মিছিছিপি মেকেঞ্জি ইত্যাদি।
(vi) ওছেনিয়াঃ মূৰে আৰু ডাৰ্লিং
12. ইউৰােপ মহাদেশৰ ভৌগােলিক বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ ইউৰােপৰ মুঠ মাটিকালি ১০.৯ নিযুত বৰ্গ কিঃমিঃ যি পৃথিৱীৰ মুঠ মাটিকালিৰ ৭.৩ শতাংশ। ইউৰােপমহাদেশ সম্পূৰ্ণৰূপে উত্তৰ গােলাৰ্ধত অৱস্থিত। ইউৰােপ মহাদেশৰ প্ৰধান ভৌগােলিক বৈশিষ্ট্যবােৰ হ’ল—
(i) ভূ-প্ৰাকৃতিক বিভাগঃ ভূ-প্ৰকৃতিৰ ভিত্তিত ইউৰােপক দুটা অংশত বিভক্ত কৰিব পাৰি ৷<p>(ক) উত্তৰ অংশ<p>(খ) দক্ষিণ অংশ
উত্তৰ অংশটো পশ্চিমৰ, ফ্ৰান্স উপকূলৰ পৰা পূবে ইউৰাল পৰ্বতশ্ৰেণীলৈ বিস্তৃত এয়া সমভূমি অঞ্চল। দক্ষিণ অংশ স্পেইনৰ পৰা কৃষ্ণ সাগৰলৈ বিস্তৃত। এই অঞ্চল পাহাৰ, পৰ্বত আৰু মালভূমিৰ দ্বাৰা আবৃত। উত্তৰ সীমান্ত অঞ্চল আৰু দক্ষিণৰ উচ্চভূমি অঞ্চলত হিমবাহৰ প্ৰভাৱ অতি বেছি।
(ii) পৰ্বত শ্ৰেণী ও ইউৰােপৰ পৰ্বতশ্ৰেণীবােৰ হ’ল আছ, পাইৰেনিজ, কাৰ্পেথিয়ান, ককেচাছ ইত্যাদি। ককেচাছ পৰ্বতশ্ৰেণীত অৱস্থিত এলব্ৰাছ শৃংগ (৫,৬৩৩ মিঃ) ইউৰােপৰ উচ্চতম শৃংগ আনহাতে মাউন্ট ব্লেংক (৪,৮০৭ মিঃ) আল্পছৰ উচ্চতম শৃংগ।
(iii) নদী আৰু হ্ৰদঃ ইউৰােপ বহুতাে নদীৰে আশীৰ্বাদ ধন্য। এই মহাদেশৰ গুৰুত্বপূৰ্ণ নদীবােৰ হৈছে স্পেইনৰ এলব্ৰো, ফ্ৰান্সৰ ৰােন আৰু ছেইন, জাৰ্মানীৰ ৰাইন আৰু এম্বে, পােলেণ্ডৰ ওডাৰ আৰু ভিষ্টুলা; অষ্ট্ৰিয়া, হাংগেৰী আৰু ৰােমানিয়াৰ ডানিয়ুব, বেলাৰুচ আৰু ইউক্ৰেইনৰ নিপাৰ; ইটালীৰ পাে; গ্ৰেট বৃটেইনৰ থেমচ; ৰাছিয়াৰ ডন, ভ, ইউৰাল ইত্যাদি। ইউৰােপৰ কেইটামান উল্লেখযােগ্য হ্ৰদ হৈছে ওনেগা, লেউ গা, চুডস্ক’য়ে,ভেনান ইত্যাদি।
(iv) দ্বীপ সমূহঃ ইউৰােপ মহাদেশৰ প্ৰধান দ্বীপসমূহ হৈছে আটলান্টিক মহাসাগৰৰ বৃটিছ দ্বীপপুঞ্জ, আয়াৰলেণ্ড, আইচলেণ্ড আৰু ছেটলেণ্ড; ভূমধ্য সাগৰৰ ক্ৰিট, ছিছিলি, মাল্টা, ছাভিনিয়া কচিকা আৰু বেলিয়াৰিক দ্বীপপুঞ্জ আৰু উত্তৰ মহাসাগৰৰ গটলেণ্ড, এলাণ্ড, নভায়া, জেমল্যা, গ্ৰীণলেণ্ড ইত্যাদি।
13. পৃথিৱীত মহাদেশ কেইখন আৰু কি কি ? প্ৰতিখন মহাদেশৰে এটি চমু ভৌগােলিক পৰিচয় দাঙি ধৰা।
উত্তৰঃ পৃথিৱীত সাতখন মহাদেশ আছে। এই সাতখনৰ ভিতৰত বৰফাবৃত এন্টাৰ্কটিকা মহাদেশত কোনাে স্থায়ী জনবসতি নাই। গতিকে এই মহাদেশ নামতহে মহাদেশ হৈ ৰ’ল। অন্য ছখন মহাদেশ হৈছে এছিয়া, আফ্ৰিকা, ইউৰােপ, উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা আৰু ওছেনিয়া।
(i) এছিয়াঃ এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ। ইয়াৰ মাটিকালি ৪৪.৪ নিযুত বৰ্গ কিঃমিঃ যিয়ে পৃথিৱীৰ স্থলভাগৰ প্ৰায় ৩০ শতাংশ জুৰি আছে। ইয়াৰ বেছিভাগ উত্তৰ গােলাৰ্ধত পৰে। এই মহাদেশ দক্ষিণে ১°উত্তৰ অক্ষাংশৰ পৰা উত্তৰে ৭৮° উত্তৰ অক্ষাংশলৈ আৰু পূবে ২৫° পূৰ্ব দ্ৰাঘিমাংশৰ পৰা ১৭০° পশ্চিম দ্ৰাঘিমাংশলৈ বিস্তৃত। এছিয়া মহাদেশৰ উত্তৰে উত্তৰ মহাসাগৰ; পূবে বেৰিং প্ৰণালী আৰুপ্ৰশান্ত মহাসাগৰ, দক্ষিণে ভাৰত মহাসাগৰ আৰু পশ্চিমে লােহিত সাগৰ, চুৱেজ খাল, ভূমধ্য সাগৰ ককেছাছ পৰ্বত, কাস্পিয়ান সাগৰ, ইউল নদী আৰু ইউৰাল পৰ্বতশ্ৰেণী। উত্তৰ-দক্ষিণাকৈ ইয়াৰ দৈৰ্ঘ্য ৮,৪০০ কিঃমিঃ আৰু পূৰ্ব-পশ্চিমাকৈ ইয়াৰ দৈৰ্ঘ্য ৯,৬০০ কিঃমিঃ। ইয়াৰ উপকূলৰ দৈৰ্ঘ্য ৫৮,০০০ কিঃমিঃ।
(ii) আফ্ৰিকাঃ আফ্ৰিকা পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ। ইয়াৰ মুঠ মাটিকালি ৩০ নিযুত বৰ্গ কিঃমিঃ। মহাদেশখনে পৃথিৱীৰ মুঠ মাটিকালিৰ ২০ শতাংশ জুৰি আছে। বিষুৱৰেখাই মহাদেশখনৰ মাজেৰে অতিক্ৰম কৰি ইয়াক দুটা ভাগত বিভক্ত কৰিছে। এই মহাদেশখন উত্তৰে ৩৭” উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে ৩৪° দক্ষিণ অক্ষাংশ আৰু পূবে ৫১° পূৰ্ব দ্ৰাঘিমাংশৰ পৰা পশ্চিমে ১৭° পশ্চিম দ্ৰাঘিমাংশৰ মাজত অৱস্থিত। আফ্ৰিকাৰ উত্তৰে ভূমধ্য সাগৰ; দক্ষিণে দক্ষিণ মহাসাগৰ, পূবে ভাৰত মহাসাগৰ আৰু পশ্চিমে আটলান্টিক মহাসাগৰ। ইয়াৰ উপকূলৰেখাৰ দৈৰ্ঘ্য হৈছে ৩০,০০০ কিঃমিঃ।
(iii) ইউৰােপঃ ইউৰােপ মহাদেশ সম্পূৰ্ণৰূপে উত্তৰ গােলাৰ্ধত অৱস্থিত। ইয়াৰ মাটিকালি ১০.৯ নিযুত বৰ্গ কিঃ মিঃ যি পৃথিৱীৰ স্থলভাগৰ ৭.৩ শতাংশ জুৰি আছে। ইদক্ষিণে ৩৬° উত্তৰ অক্ষাংশ আৰু উত্তৰে ৭১° উঃ অক্ষাংশ আৰু পশ্চিমে ১০° পঃ দ্ৰাঘিমাংশ আৰু পূবে ৬৫° পূঃ দ্ৰাঘিমাংশৰ মাজত অৱস্থিত। ইউৰােপ মহাদেশৰ উত্তৰে উত্তৰ মহাসাগৰ আছে আনহাতে দক্ষিণে ভূমধ্য সাগৰ, কাস্পিয়ান সাগৰ আৰু কৃষ্ণ সাগৰ আছে। পূবে এছিয়া মহাদেশ আৰু পশ্চিমে আটলান্টিক মহাসাগৰ অৱস্থিত। ইউৰাল পৰ্বতশ্ৰেণী আৰু ইউৰাল নদীয়ে ইউৰােপ মহাদেশক এছিয়াৰ পৰা পৃথক কৰিছে। ইউৰােপৰ উপকুলৰেখাৰ দৈৰ্ঘ্য ৩৮,০০০ কিঃমিঃ।
(iv) উত্তৰ আমেৰিকাঃ উত্তৰ আমেৰিকা পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ। ইয়াৰ মুঠ মাটিকালি ২৪.৩ নিযুত বৰ্গ কিঃমিঃ। উত্তৰ আমেৰিকাৰ মাটিকালি পৃথিৱীৰ মুঠ মাটিকালিৰ ১৬.৩ শতাংশ। মহাদেশখন দক্ষিণে ৭° উত্তৰ অক্ষাংশৰ পৰা উত্তৰে ৮৩° উত্তৰ অক্ষাংশলৈ আৰু পূবে ৫০° পশ্চিম দ্ৰাঘিমাংশৰ পৰা পশ্চিমে ১৬৮° পশ্চিম দ্ৰাঘিমাংশলৈ ব্যাপ্ত হৈ আছে। মহাদেশখনৰ উত্তৰ-দক্ষিণাকৈ দূৰত্ব ৯,৬০০ কিঃমিঃ আনহাতে পূৰ্বপশ্চিমাকৈ দূৰত্ব ৪,৯৬০ কিঃমিঃ। এই মহাদেশৰ উত্তৰে উত্তৰ মহাসাগৰ; দক্ষিণে দক্ষিণ আমেৰিকা, মেক্সিকো উপসাগৰ আৰু প্ৰশান্ত মহাসাগৰ, পূবে আটলান্টিক মহাসাগৰ আৰু পশ্চিমে বেৰিং সাগৰ; বেৰিং প্ৰণালী আৰু প্ৰশান্ত মহাসাগৰ।
(v) দক্ষিণ আমেৰিকাঃ দক্ষিণ আমেৰিকা মহাদেশ উত্তৰে ১২° উঃ অক্ষাংশৰ পৰা দক্ষিণে ৫৫° দঃ অক্ষাংশলৈ আৰু পূৱে ৩৫° পঃ দ্ৰাঘিমাংশৰ পৰা পশ্চিমে ৮১° পঃ দ্ৰাঘিমাংশলৈ বিস্তৃত।ইওলােটা ত্ৰিভুজাকৃতিৰ। অন্যাৰ্থত ইয়াৰ উত্তৰ অংশ বৰ প্ৰশান্ত আৰু দক্ষিণ অংশ যথেষ্ট ঠেক। দক্ষিণ আমেৰিকাৰ মুঠ মাটিকালি হৈছে ১৮ নিযুত বৰ্গ কিঃ মিঃ যি পৃথিৱীৰ মুঠ মাটিকালিৰ প্ৰায় ১২.২ শতাংশ। উত্তৰৰ পৰা দক্ষিণলৈ ইয়াৰ দৈৰ্ঘ্য ৭,৫০০ কিঃ মিঃ আৰু পূবৰ পৰা পশ্চিমলৈ ইয়াৰ দৈৰ্ঘ্য ৫,১০০ কিঃমিঃ। দক্ষিণ আমেৰিকা মহাদেশৰ উত্তৰে উত্তৰ আমেৰিকা, কেৰিবিয়ান সাগৰ আৰু আটলান্টিক মহাসাগৰ; দক্ষিণে দক্ষিণ মহাসাগৰ, পশ্চিমে প্ৰশান্ত মহাসাগৰ আৰু পূৱে আটলান্টিক মহাসাগৰ।
(vi) ওছেনিয়াঃ ওচেনিয়া মহাদেশ অষ্ট্ৰেলিয়া মহাদ্বীপ আৰু অন্যান্য দ্বীপ যেনে– নিউজিলেণ্ড, তাচমেনিয়া, নিউ গিনি আদিৰ দ্বাৰা গঠিত। ই সম্পূৰ্ণৰূপে দক্ষিণ গােলাৰ্ধত অৱস্থিত। ই উত্তৰে ০৭ বিষুৱীয় ৰেখাৰ পৰা দক্ষিণে ৪৮ দঃ অক্ষাংশলৈ আৰু পশ্চিমে ১১৩ ° পূঃ দ্ৰাঘিমাংশৰ পৰা পূবে ১৮০° দ্ৰাঘিমাংশলৈ বিস্তৃত। ওচেনিয়াৰ মুঠ মাটিকালি ৯ নিযুত বৰ্গ কিঃমিঃ। ই পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ। ইয়াৰ উত্তৰে, দক্ষিণ-পূৰ্ব এছিয়াৰ, জাভা-সুমাত্ৰা-ছেলেবিচ দ্বীপপুঞ্জ আৰু প্ৰশান্ত মহাসাগৰ; দক্ষিণে দক্ষিণ মহাসাগৰ আৰু এন্টাৰ্কটিকা, পূবে প্ৰশান্ত মহাসাগৰ আৰু পশ্চিমে ভাৰত মহাসাগৰ।
14. উত্তৰ আমেৰিকা মহাদেশৰ ভূ-প্ৰকৃতি আৰু খনিজ সম্পদৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ উত্তৰ আমেৰিকা পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ। ইয়াৰ মুঠ মাটিকালি ২৪.৩ নিযুত বৰ্গ কিঃমিঃ যি পৃথিৱীৰ মুঠ মাটিকালিৰ ১৬.৩ শতাংশ। তলত দিয়া ভূ-প্ৰাকৃতিক বৈশিষ্ট্যবােৰ এই মহাদেশত দেখা পােৱা যায়। ভূ-প্ৰাকৃতিক বিভাগঃ ভূ-প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি উত্তৰ আমেৰিকাক চাৰিটা ভাগত বিভক্ত কৰিব পাৰি।
(i) ৰকি পাৰ্বত্য অঞ্চলঃ ৰকি পাৰ্বত্য অঞ্চল উত্তৰ আমেৰিকাৰ পশ্চিম অংশত অৱস্থিত। আলস্কাৰ পৰা মেক্সিকো পৰ্যন্ত উত্তৰ-দক্ষিণাকৈ থকা সুউচ্চ নবীন ভংগিল পৰ্বতশ্ৰেণী এই অঞ্চলটোত আছে। এই অঞ্চলৰ মুখ্য পৰ্বতশ্ৰেণীবােৰ হৈছে ব্ৰকছ পৰ্বতশ্ৰেণী, আলস্কা পৰ্বতমালা, মেকেঞ্চিত পৰ্বতশ্ৰেণী, কষ্টৰেঞ্জ, কাস্কেড, ছিয়ে নেভাডা, চিয়ে মাড্ৰে ইত্যাদি। এই অঞ্চলটো প্ৰধানতঃ দুটা উত্তৰ-দক্ষিণা সমান্তৰাল পৰ্বতশ্ৰেণীৰে গঠিত—
(১) পূবৰ ৰকি পৰ্বত শ্ৰেণী আৰু
(২) পশ্চিম উপকূলবৰ্তী পৰ্বতশ্ৰেণী।
(ii) বিশাল উচচ সমভূমি অঞ্চলঃ ৰকি পাৰ্বত্য অঞ্চলৰ পূবে আৰু আপেলেছিয়ান উচ্চভূমিৰ পশ্চিমে অবস্থিত এই প্ৰশস্ত অঞ্চলটো কানাডাৰ উত্তৰ অংশৰ পৰা মেক্সিকো উপসাগৰলৈকে বিস্তৃত। এই অঞ্চলটো ক্ষয়জাত মালভূমি আৰু সাৰুৱা সমতলৰ দ্বাৰা গঠিত। মিছিছিপি, মিছেৰী, অহিয়’ আদি নদীবােৰে এই অঞ্চলৰ দক্ষিণ অংশক সাৱা সমতল ভূমিত পৰিণত কৰিছে ৷
(ii) আপেলেছিয়ান উচ্চভূমি অঞ্চল ? উত্তৰ আমেৰিকাৰ পূৰ অংশত উত্তৰে নিউফাউগুলেণ্ডৰ পৰা দক্ষিণে ফ্লোৰিডা পৰ্যন্ত বিস্তৃত পৰ্বত-পাহাৰ, ঠেক উপত্যকা, ভগ্ন মালভূমি আদিৰে গঠিত ওখােৰা-মােখােৰা অঞ্চলটোক আপেলেছিয়ান উচ্চভূমি বুলি জনা যায়। এলিঘেনি আৰুৱৰিজ পৰ্বতশ্ৰেণী এই অঞ্চলৰ দক্ষিণ অংশত অৱস্থিত। এই অঞ্চল খনিজ সম্পদেৰে সমৃদ্ধ আৰু অৰ্থনৈতিক বিকাশত অধিক অগ্ৰসৰ।
(iv) উপকূলীয় সমতলভূমি অঞ্চলঃ আপেলেছিয়ান উচ্চভূমি অঞ্চলৰ পূৰে থকা আটলান্টিক মহাসাগৰৰ উপকূলবৰ্তী উত্তৰেন’ভাস্কটিয়াৰ পৰা দক্ষিণে পানামালৈকে বিস্তৃত সমতল ভূমিখণ্ডই হৈছে উপকূলীয় সমতল ভূমি। এই অঞ্চল খনিজ তেল, প্ৰাকৃতিক গেছ, লৱণ আদি সম্পদেৰে সমৃদ্ধ। কেলিফোৰ্ণিয়াৰ ঠেক উপকূলীয় সমতলৰ বাহিৰে উত্তৰ আমেৰিকাৰ পশ্চিম উপকূলত কোনাে বিশাল সমতল অঞ্চল নাই। পশ্চিমৰ আলস্কাৰ পৰা পূবৰ নিউফাউণ্ডলেণ্ডলৈকে বিস্তৃত উত্তৰ উপকূলীয় ভূমি বহু পৰিমাণে ভগন।
(v) নদীসমূহঃ উত্তৰ আমেৰিকা মহাদেশত মিছেীৰী, মিছিছিপি, যুকুম, মেকেজি, বিওগ্ৰেণ্ডেচ ৰেড, কোলােৰাড়াে, কলম্বিয়া, স্নেক, ওহিত’, টেনেছি, হাত, ছেণ্ট লঞ্চে আদিৰ দৰে বহুতাে গুৰুত্বপূৰ্ণ নদী আছে। ইয়াত চুপিৰিয়ৰ, হুৰন, মিচিগান, এৰি, ওন্টেৰিও, গ্ৰেট বিয়েৰ, গ্ৰেট ফ্লেভ, উইনিপেগ আৰু গ্ৰেট চন্ট লেকৰ দৰে বহুতাে হ্ৰদো আছে।
(vi) দ্বীপঃ উত্তৰ আমেৰিকাৰ দক্ষিণ -পূব আৰু উত্তৰ অংশত বহু সংখ্যক ক্ষুদ্ৰ আৰু বৃহৎ দ্বীপআছে। খনিজ সম্পদ ও উত্তৰ আমেৰিকাত বহুতাে খনিজ পদাৰ্থ পৰ্যাপ্ত পৰিমাণে প্ৰচুৰ উৎস উপলব্ধ হয়। লাে, নিকেল, কোবাল্ট, মাইকা আদি খনিজ পদাৰ্থ<p>এই মহাদেশত সহজেই উপলব্ধ। একেদৰে কয়লা, স্ট্ৰেলিয়াম আৰু প্ৰাকৃতিক গেছৰ দৰে জীৱষ্ম ইন্ধনাে কানাডা, আমেৰিকা আৰু মেক্সিকোত বহুল পৰিমাণে উৎপাদিত হয়। কানাডাই জলবিদ্যুত শক্তি উৎপাদনত যথেষ্ট অগ্ৰগতি লাভ কৰিছে।
15. দক্ষিণ আমেৰিকা মহাদেশৰ নদ-নদী আৰু উদ্ভিদৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ দক্ষিণ আমেৰিকা পৃথিৱীৰ চতুৰ্থ বৃহত্তম মহাদেশ। ইয়াৰ মুঠ মাটিকালি ১৮ নিযুত বৰ্গ কিঃমিঃ। দক্ষিণ আমেৰিকাৰ মুখ্য নদীবােৰ হৈছে আমাজান, অৰিনিক’, পাৰানা, উৰুগুৱে, পাৰাগুৱে ইত্যাদি। আমাজান নদী এণ্ডিজ পৰ্বতশ্ৰেণীত উৎপত্তি হৈ ব্ৰাজিল বিষুবীয় অৰণ্যৰ মাজেদি বৈ আটলান্টিক মহাসাগৰত পৰিছে। ইয়াৰ বহু সংখ্যক উপনদী আছে। পাৰানা আৰু পাৰাগুৱে ব্ৰাজিলিয়ান মালভূমিত উৎপত্তি হৈছে। এইকেইখন কিছু দূৰলৈকে পৃথককৈ বয় আৰু পৰৱৰ্তী পৰ্যায়ত পাৰানা নাম লৈ মিলিত হৈছে। দক্ষিণে উৰুগুৱে নদী পাৰানাত মিলিত হৈৰিও’ ডে লা প্লাটা নামেৰে আটলান্টিক মহাসাগৰত পৰিছে। দক্ষিণত এই নদী প্ৰণালী যথেষ্ট উপকাৰী, কাৰণ ই উৰুগুৱে, পাৰাগুৱে আৰু আৰ্জেন্টিনাৰ সমৃদ্ধিশালী আৰু উৎপাদনশীল অঞ্চলৰ মাজেদি বৈ যায়। এই নদী প্ৰণালীয়ে সৃষ্টি কৰা বৃহৎ সংখ্যক সমভূমিয়ে সমগ্ৰ মহাদেশখন জুৰি আছে।
দক্ষিণ আমেৰিকাৰ প্ৰাকৃতিক গছ-গছনি, জলবায়ু আৰু বন্ধুৰতা অনুসৰি বিভিন্ন হয়। উচ্চ তাপমাত্ৰা বিৰাজ কৰা আৰু অধিক বৃষ্টিপাত হােৱা বিষুৱীয় অঞ্চলৰ আমাজান নদী উপত্যকা চিৰসেউজ গভীৰ বিষুৱীয় অৰণ্য আছে। এই অঞ্চলক ছেলভা হিচাপে জনা যায়। বিষুৱীয় অঞ্চলৰ উত্তৰ আৰু দক্ষিণ ফালে বৃষ্টিপাত ক্ৰমান্বয়ে হ্ৰাস পায়। ইয়াৰ ফলত এই অঞ্চবােত তৃণভূমিৰ সৃষ্টি হয়। অৰিনিক অৱবাহিকাৰ তৃণভূমিকলামােজ বুলি কোৱা হয়। আনহাতে পাৰাগুৱে-পাৰানা উৰুগুৱে অৱবাহিকাৰ তৃণভূমিক কম্পােজ, গ্ৰেণচাকো আৰু পম্পাছ বুলি কোৱা হয়।
16. অঞ্চল বুলিলে কি বুজা ? ভূগােল অধ্যয়নত অঞ্চলৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা আগবঢ়োৱা।
উত্তৰঃ অঞ্চল হৈছে আঞ্চলিক ভূগােল অধ্যয়নৰ ভিত্তি আৰু পৃথিৱীৰ উপৰিভাগৰ এক ক্ষুদ্ৰ অংশ বা ঠাই। ভূগােল অধ্যয়নত অঞ্চলৰ অধিক গুৰুত্ব আছে। ভূগােলবিদসকলে নিৰ্দিষ্ট কিছুমান উদ্দেশ্যৰ ভিত্তিত পৃথিৱীৰ উপৰিভাগক অধ্যয়নৰ সুবিধাৰ্থে ভাগ কৰে। ভৌগােলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত আৰু উপাদানবােৰৰ ক্ৰিয়াত্মক সম্পৰ্কৰ ভিত্তিত এই অঞ্চলবােৰ ভাগ কৰা হয়।
আঞ্চলিক ভূগােলে পৃথিৱীৰ একোটা অঞ্চল, ঠাই বা দেশ – মহাদেশৰ সামগ্ৰিক ভৌগােলিক চিত্ৰখন প্ৰতিফলিত কৰে। আঞ্চলিক ভূগােল অধ্যয়নে সংশ্লিষ্ট অঞ্চলটোৰ অন্তৰ্গত প্ৰাকৃতিক, সামাজিক, অৰ্থনৈতিক তথা যাতায়ত, পৰিবহণ আদি ব্যৱস্থাৰ বিতং বিৱৰণ দাঙি ধৰে। পৃথিৱীৰ প্ৰতিটো অঞ্চলৰে বা প্ৰতিখন ঠাইৰে এক নিজা নিজা অস্তিত্ব আৰু সুকীয়া বৈশিষ্ট্য আছে। ভিন্ন প্ৰাকৃতিক পৰিৱেশত সম্পদৰ স্থিতি আৰু গুণাগুণ বেলেগ বেলেগ হােৱা বাবে ইয়াৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা আৰ্থিক বিকাশো ভিন্ন হয়। সামাজিক পটভূমি, ৰীতি-নীতি, ভাৱ ভাষা, পােছাক – পৰিচ্ছেদ, খাদ্যাভ্যাস আদিৰ ক্ষেত্ৰতো পৰিৱেশভেদে পাৰ্থক্য থাকে। সেয়ে পৃথিবীৰ ভৌগােলিক বৈচিত্ৰ্যৰ বিষয়ে সঠিকভাৱে জানিবলৈ হ’লে ভূগােল অধ্যয়নত অঞ্চলৰ প্ৰয়ােজনীয়তা আছে। কেইবাটাও অঞ্চল একেলগে অধ্যয়ন কৰিলে অঞ্চলবােৰৰ মাজত আঞ্চলিক উন্নয়নৰ বুজ ল’ব পাৰি ৷
17. পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন ? সেই মহাদেশখনৰ ভূ-প্ৰকৃতিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ। ইয়াৰ মাটিকালি ৪৪.৪ নিযুত বৰ্গ কিঃমিঃ যি পৃথিৱীৰ মুঠ মাটিকালিৰ প্ৰায় ৩০ শতাংশ জুৰি আছে। এছিয়া মহাদেশৰ অধিকাংশ উত্তৰ গােলাৰ্ধত অৱস্থিত। মহাদেশখনৰ ভূ-প্ৰাকৃতিক বৈশিষ্ট্য সম্পৰ্কে তলত উল্লেখ কৰা হল—
(i) পৰ্বতশ্ৰেণীঃ এছিয়া মহাদেশৰ মধ্য অংশত অৱস্থিত নবীন ভঙ্গিল পৰ্বতশ্ৰেণী পশ্চিৰ পৰা পূবলৈ বিস্তৃত। এই অঞ্চলৰ পৰ্বতশ্ৰেণী দুটা গুৰুত্বপূৰ্ণ শৈলগ্ৰন্থিৰ পৰা উদ্ভৱ হৈছে। এই শৈলগ্ৰন্থি দুটা হৈছে পামিৰ শৈলগ্ৰন্থি আৰু আৰ্মেনীয় শৈলগ্ৰন্থি। এই মহাদেশৰ গুৰুত্বপূৰ্ণ পৰ্বতশ্ৰেণীবােৰ হৈছেইউৰাল পৰ্বতশ্ৰেণী, হিমালয় পৰ্বতমালা, কাৰাকোম পৰ্বতশ্ৰেণী, হিন্দুকুশ পৰ্বতশ্ৰেণী, আৰাৱলী পৰ্বতশ্ৰেণী ইত্যাদি। পৃথিৱীৰ উচ্চতম শৃংগ মাউন্ট এভাৰেষ্ট হিমালয় পৰ্বতশ্ৰেণীত অৱস্থিত। আনহাতে পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ গউইন। অষ্টিন (K2) কাৰাকোম পৰ্বত শ্ৰেণীত অৱস্থিত।
(ii) মালভূমিঃ এছিয়া মহাদেশত মালভূমিৰ এক শৃংখলা আছে। পৃথিৱীৰ উচ্চতম মালভূমি পামিৰ মালভূমি এই মহাদেশত অৱস্থিত। অন্যান্য গুৰুত্বপূৰ্ণ মালভূমিবােৰ হৈছে তিব্বত মালভূমি, ছাইবেৰিয়া মালভূমি, মংগােলীয় মালভূমি, দক্ষিণা মালভূমি, ইৰান মালভূমি ইত্যাদি।
(iii) নদীঃ এছিয়া মহাদেশ বহুতাে নদীৰে আৰ্শীবাদ ধন্য। বহুতাে ডাঙৰ নদী মহাদেশখনৰ মধ্যাংশৰ পৰ্বতশ্ৰেণীৰ পৰা উৎপত্তি হৈ উত্তৰ, দক্ষিণ আৰু পূৰ্ব দিশৰ মহাসাগৰ আৰু সাগৰ-মহাসাগৰৰ ফালে ধাৱমান হৈছে। গুৰুত্বপূৰ্ণ নদীবােৰ হৈছে দক্ষিণ মধ্য এছিয়াৰ সিন্ধু, গংগা আৰুব্ৰহ্মপুত্ৰ; উত্তৰ এছিয়াৰ ওব, ইয়েনিছি আৰু লেনা; পূব অংশৰ আমুৰ, হােৱাংহাে, ইয়াং চিকিয়াং আৰু মেকং, দক্ষিণ আৰু দক্ষিণ-পূৰ্ব এছিয়াৰ মহানদী, কৃষ্ণা; কাবেৰী, মেনাম, ইৰাৱতী আৰু মেকং।
(iv) সাৰুৱা সমতল আৰু ব দ্বীপঃ এছিয়াৰ নদীবােৰে বহু সংখ্যক সাৰুৱা সমতল আৰুব-দ্বীপৰ সৃষ্টি কৰিছে। তদুপৰি এছিয়াৰ উত্তৰ-পূব আৰু দক্ষিণ ফালৰ সাগৰ-মহাসাগৰে ভালেমান উপকূলীয় সমভূমিৰ সৃষ্টি কৰিছে।
(v) দ্বীপসমূহঃ এছিয়াৰ গুৰুত্বপূৰ্ণ দ্বীপসমূহ হৈছে জাপান, টাইৱান, ফিলিপাইন, জাভা, সুমাত্ৰা, বৰ্ণিও, ছেলিবিচ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, শ্ৰীলংকা, লাক্ষাদ্বীপ, মালদ্বীপ, বাহৰেইন ইত্যাদি। এই দ্বীপসমূহৰ অৰ্থনৈতিক বিকাশ। ইয়াৰ ভূ-প্ৰকৃতি, জলবায়ু আৰু অৱস্থিতি অনুসৰি ভিন ভিন হয়।
(vi) মৰুভূমিঃ এছিয়াত তিনিখন মৰুভূমি আছে। এইকেইখন হৈছে গােবি, থৰ আৰু আৰীয় মৰুভূমি। ভাৰতৰ থৰ মৰুভূমি আৰু আৰুব মৰুভূমি ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ অন্তৰ্গত। আনহাতে গােবি মৰুভূমি মধ্য অক্ষাংশীয় মৰু অঞ্চলৰ অন্তৰ্গত।
18. পৃথিৱীৰ সৰ্বোচ্চ জনসংখ্যাৰ মহাদেশ কোনখন? সেই মহাদেশৰ জনসংখ্যা আৰু অৰ্থনৈতিক বৈশিষ্ট্যৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ এছিয়া পৃথিৱীৰ সবাতােকৈ অধিক জনবসতিপূৰ্ণ মহাদেশ। ২০০৭ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি, এছিয়াৰ জনসংখ্যা ৪০১ কোটি। ইয়াত পৃথিৱীৰ জনসংখ্যাৰ পাঁচভাগৰ তিনিভাগ আছে। জলবায়ু, উচ্চতা, মাটি, সাগৰৰ পৰা দূৰত্ব আদিৰ ভিন্নতাৰ কাৰণে, জনসংখ্যাৰ বিতৰণ অসমান। ইয়াৰ জনসংখ্যাৰ তিনি-চতুৰ্থাংশ, এছিয়াৰ দক্ষিণ, দক্ষিণ-পূব আৰু পূব অঞ্চলত বাস কৰে। এছিয়াৰ মুঠ জনসংখ্যাৰ ৬১ শতাংশ ভাৰত আৰু চীনত বাস কৰে। চীন পৃথিৱীৰ সবাতােকৈ জনবসতিপূৰ্ণ অঞ্চল, যাৰ পিছতেই ভাৰতৰ স্থান। ৩৪ নিযুত জনসংখ্যাৰে টকিঅ’ পৃথিৱীৰ সবাতােকৈ জনবসতিপূৰ্ণ মহানগৰ।
এই মহাদেশৰ অন্যান্য ঘন জনবসতিপূৰ্ণ মহানগৰবােৰ হৈছে বেইজিং, মুম্বাই, দিল্লী, কলকাতা, ছিংগাপুৰ, হিল, ১াহী এছিয়া প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধ। গতিকে এই মহাদেশৰ লােকৰ অৰ্থনৈতিক। মহাদেশত উৎপাদিত মুখ্য শস্যবােৰ হৈছে ধান, ঘেঁহু, কুঁহিয়াৰ, ধপাত, কপাহ, চাহপাত। হংকং, বেংকক, কুৱালালামপুৰ, টাইপেই ইত্যাদি। এছিয়াৰ প্ৰায় ৪১ শতাংশ চহৰবাসী ক্ৰিয়াকলাপবােৰ, অৰণ্য, কৃষি আৰু খনিজ সম্পদৰ দৰে প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰশীল। অৱশ্যে এছিয়াৰ অৰ্থনীতি মুখ্যতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল। ৫ ৰবৰ, কফি ইত্যাদি। এছিয়াৰ প্ৰধান খনিজ সম্পদবােৰৰ ভিতৰত ছৌডি আৰু আৰু দক্ষিণ-পশ্চিম এছিয়াৰ অন্যান্য অংশ ভাৰত, ম্যানমাৰ, ইণ্ডোনেছিয়া, চী আৰু ছাইবেৰিয়াৰ ট্ৰেলিয়াম; ভাৰত ম্যানমাৰ, চীন আৰু ছাইবেৰিয়াৰ কয়ল আৰু প্ৰাকৃতিক গেছ; ভাৰত, চীন, ছাইবেৰিয়া, ইণ্ডোনেছিয়া আৰু ফিলিপাইনৰ লেৰ আকৰ; ভাৰত আৰু ছাইবেৰিয়াৰ মেংগানিজ উল্লেখযােগ্য।
19. শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চল। চমু টোকা লিখা।
উত্তৰঃ শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চলঃ ইয়াত শুকান আৰু ঠাণ্ডা জলবায়ু বিজ কৰে। গ্ৰীষ্মকালত উষ্ণতা ১৫° ছেলছিয়াছলৈ বৃদ্ধি পায় আৰু শীতকালত তুষাৰপাত হয়। গ্ৰীষ্মকালত অতি কমশ পৰিমাণে বৰষুণ হয়। টাইগা বুলি জনাজাত কোমল কাঠৰ চিৰসেউজীয়া বনাঞ্চলে অঞ্চলটো আৱৰি ৰাখিছে।
জলবায়ুঃ
(ক) অঞ্চলটোৰ জলবায়ু কিছু পৰিমাণে শুকান আৰু ঠাণ্ডা।
খ) গ্ৰীষ্মকালত গড় উষ্ণতা ১৫° ছেলছিয়াছলৈ বৃদ্ধি পায়।
(গ) এই অঞ্চলত শীতকালত উষ্ণতা হ্ৰাস পােৱাৰ বাবে তুষাৰপাত হয়।
(ঘ) অঞ্চলটোৰ বিশেষত্ব এয়ে যে ইয়াৰ গ্ৰীষ্মকাল চুটি আৰু শীতকাল দীঘলীয়া।
(ঙ) এই অঞ্চলত গ্ৰীষ্মকালত কম পৰিমাণৰ বৰষুণ হয়।
উদ্ভিদঃ
টাইগা বুলি জনাজাত কোমল কাঠৰ চিৰসেউজীয়া বনাঞ্চলেঅঞ্চলটো আৱৰি ৰাখিছে। শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চল ও ইউৰােপৰ স্কাণ্ডিনেভিয়াৰ পৰা পূবে প্ৰশান্ত উপকূললৈকে আৰু উত্তৰ আমেৰিকাৰ আলস্কাৰ পৰা পূবে আটলান্টিক উপকূললৈকে এই অঞ্চল বিস্তৃত। এই অঞ্চলটো কৃষি আৰু পশু পালনৰ বাবে উপযুক্ত নহয়। এই অঞ্চলৰ অধিকাংশ লােকে জন্তুৰ চিকাৰ আৰু কাঠ সংগ্ৰহৰ দ্বাৰা নিজৰ জীৱিকা অৰ্জন কৰে। নৰৱে, ফিনলেণ্ড, ছুইডেন আদি ইউৰােপীয় দেশে কাগজ উদ্যোগ আৰু কাঠ-ভিত্তিক উদ্যোগৰ বিকাশ কৰিছে। কানাডা, আলাস্কা আৰু ছাইবেৰিয়াত বিভিন্ন খনিজ সম্পদৰ আৱিষ্কাৰে এই প্ৰান্তৰ অৰ্থনৈতিক বিকাশ দ্ৰুত কৰিছে। টাইগা অঞ্চলৰ দক্ষিণ অংশত বৰ্তমান সামান্য কৃষিকাৰ্য আৰু ভেড়া পালন কৰা হয়।
20. নিৰক্ষীয় প্ৰাকৃতিক অঞ্চল। চমু টোকা লিখা।
উত্তৰঃ নিৰক্ষীয় অঞ্চল ও এই অঞ্চলত উষ্ণ আৰু আৰ্দ্ৰ জলবায়ু বিৰাজ কৰাৰ লগতে প্ৰচুৰ বৃষ্টিপাত হয়। প্ৰায় সমগ্ৰ অঞ্চলতাে চিৰসেউজীয়া ডাঠ অৰণ্যৰে আবৃত। এই অঞ্চলত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰা বাবে দিন আৰু ৰাতি আৰু গ্ৰীষ্ম আৰু শীতকালৰ উত্তাপৰ তাৰতম্য অতি কম।
জলবায়ুঃ
(ক) এই অঞ্চলত উষ্ণ আৰু আৰ্দ্ৰ জলবায়ু বিৰাজ কৰে।
(খ) এই অঞ্চলত সূৰ্যৰ ৰশ্মি প্ৰায় লম্বভাৱে পৰা বাবে দিন আৰু ৰাতি গ্ৰীষ্মকাল আৰু শীতকালৰ উষ্ণতাৰ তাৰতম্য অতি কম।
(গ) বছৰি গড় উষ্ণতা ২৭° ছেলছিয়াছ।
(ঘ) অঞ্চলটোত গােটেই বছৰজুৰি বৰষুণ হয়। বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ ২০০ ছেঃমিঃ।
উদ্ভিদঃ
(ক) সমগ্ৰ অঞ্চলটো চিৰসেউজীয়া ডাঠ অৰণ্যৰে আবৃত।
(খ) অগণন প্ৰজাতিৰ জোপােহা বন আৰু লতা পােৱা যায়।
(গ) আমাজান নদীৰ অৱবাহিকাত ছেলভা নামেৰে জ্ঞাত ডাঠ অৰণ্য আছে।
(ঘ) এই অঞ্চলৰ কিছুমান কৃষিজাত সামগ্ৰী হৈছে ধান, ৰবৰ, চাহ, কফি ইত্যাদি।
নিৰক্ষীয় অঞ্চলৰ অন্তৰ্গত মুখ্য অঞ্চলবােৰ হৈছে, দক্ষিণ আমেৰিকাৰ আমাজান নদীৰ অৱবাহিকা, আফ্ৰিকাৰ কংগাে অববাহিকা (বৰ্তমানৰ নাম জাইৰে অৱবাহিকা) পশ্চিম আফ্ৰিকাৰ গিনি উপকূল, মালয়েছীয় উপদ্বীপ, দক্ষিণ-পূৰ্ব এছিয়াৰ ইণ্ডোনেচীয় আৰু ফিলিপাইন দ্বীপপুঞ্জ। আমাজান আৰু কংগাে অৱবাহিকাৰ লােকসকলে চিকাৰ কৰা, মাছ ধৰা আৰু অৰণ্যৰ পৰা খাদ্য সংগৃহীতকৰণৰ দ্বাৰা জীৱন নিৰ্বাহ কৰে। গভীৰ অৰণ্য আৰু পৰিবহণ আৰু যােগাযােগৰ অভাৱৰ বাবে কৃষি আৰু জনবসতি বহুলভাৱে বিকশিত হােৱা নাই। মালয়েছিয়া আৰু ইণ্ডোনেছিয়াও এই প্ৰাকৃতিক অঞ্চলৰ অন্তৰ্গত, যদিও এই অঞ্চলকেইটাই কৃষিত বিশেষতঃ কফি, চাহ আৰু ৰবৰৰ দৰে খেতিত যথেষ্ট প্ৰগতি কৰিছে।
21. এছিয়া মহাদেশৰ ভূ-প্ৰকৃতি আৰু জলবায়ু। চমু টোকা লিখা।
উত্তৰঃ এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ। ইয়াৰ মাটিকালি ৪৪.৪ নিযুত বৰ্গ কিঃমিঃ যিয়ে পৃথিৱীৰ স্থলভাগৰ প্ৰায় ৩০ শতাংশ জুৰি আছে। ইয়াৰ বেছিভাগ উত্তৰ গােলাৰ্ধত পৰে। এই মহাদেশ দক্ষিণে ১°উত্তৰ অক্ষাংশৰ পৰা উত্তৰে ৭৮° উত্তৰ অক্ষাংশলৈ আৰু পূবে ২৫° পূৰ্ব দ্ৰাঘিমাংশৰ পৰা ১৭০° পশ্চিম দ্ৰাঘিমাংশলৈ বিস্তৃত। এছিয়া মহাদেশৰ উত্তৰে উত্তৰ মহাসাগৰ; পূবে বেৰিং প্ৰণালী আৰুপ্ৰশান্ত মহাসাগৰ, দক্ষিণে ভাৰত মহাসাগৰ আৰু পশ্চিমে লােহিত সাগৰ, চুৱেজ খাল, ভূমধ্য সাগৰ ককেছাছ পৰ্বত, কাস্পিয়ান সাগৰ, ইউল নদী আৰু ইউৰাল পৰ্বতশ্ৰেণী। উত্তৰ-দক্ষিণাকৈ ইয়াৰ দৈৰ্ঘ্য ৮,৪০০ কিঃমিঃ আৰু পূৰ্ব-পশ্চিমাকৈ ইয়াৰ দৈৰ্ঘ্য ৯,৬০০ কিঃমিঃ। ইয়াৰ উপকূলৰ দৈৰ্ঘ্য ৫৮,০০০ কিঃমিঃ।
এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ। ইয়াৰ মাটিকালি ৪৪.৪ নিযুত বৰ্গ কিঃমিঃ যি পৃথিৱীৰ মুঠ মাটিকালিৰ প্ৰায় ৩০ শতাংশ জুৰি আছে। এছিয়া মহাদেশৰ অধিকাংশ উত্তৰ গােলাৰ্ধত অৱস্থিত। মহাদেশখনৰ ভূ-প্ৰাকৃতিক বৈশিষ্ট্য সম্পৰ্কে তলত উল্লেখ কৰা হল—
(i) পৰ্বতশ্ৰেণীঃ এছিয়া মহাদেশৰ মধ্য অংশত অৱস্থিত নবীন ভঙ্গিল পৰ্বতশ্ৰেণী পশ্চিৰ পৰা পূবলৈ বিস্তৃত। এই অঞ্চলৰ পৰ্বতশ্ৰেণী দুটা গুৰুত্বপূৰ্ণ শৈলগ্ৰন্থিৰ পৰা উদ্ভৱ হৈছে। এই শৈলগ্ৰন্থি দুটা হৈছে পামিৰ শৈলগ্ৰন্থি আৰু আৰ্মেনীয় শৈলগ্ৰন্থি। এই মহাদেশৰ গুৰুত্বপূৰ্ণ পৰ্বতশ্ৰেণীবােৰ হৈছেইউৰাল পৰ্বতশ্ৰেণী, হিমালয় পৰ্বতমালা, কাৰাকোম পৰ্বতশ্ৰেণী, হিন্দুকুশ পৰ্বতশ্ৰেণী, আৰাৱলী পৰ্বতশ্ৰেণী ইত্যাদি। পৃথিৱীৰ উচ্চতম শৃংগ মাউন্ট এভাৰেষ্ট হিমালয় পৰ্বতশ্ৰেণীত অৱস্থিত। আনহাতে পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ গউইন। অষ্টিন (K2) কাৰাকোম পৰ্বত শ্ৰেণীত অৱস্থিত।
(ii) মালভূমিঃ এছিয়া মহাদেশত মালভূমিৰ এক শৃংখলা আছে। পৃথিৱীৰ উচ্চতম মালভূমি পামিৰ মালভূমি এই মহাদেশত অৱস্থিত। অন্যান্য গুৰুত্বপূৰ্ণ মালভূমিবােৰ হৈছে তিব্বত মালভূমি, ছাইবেৰিয়া মালভূমি, মংগােলীয় মালভূমি, দক্ষিণা মালভূমি, ইৰান মালভূমি ইত্যাদি।
(iii) নদী এছিয়া মহাদেশ বহুতাে নদীৰে আৰ্শীবাদ ধন্য। বহুতাে ডাঙৰ নদী মহাদেশখনৰ মধ্যাংশৰ পৰ্বতশ্ৰেণীৰ পৰা উৎপত্তি হৈ উত্তৰ, দক্ষিণ আৰু পূৰ্ব দিশৰ মহাসাগৰ আৰু সাগৰ-মহাসাগৰৰ ফালে ধাৱমান হৈছে। গুৰুত্বপূৰ্ণ নদীবােৰ হৈছে দক্ষিণ মধ্য এছিয়াৰ সিন্ধু, গংগা আৰুব্ৰহ্মপুত্ৰ; উত্তৰ এছিয়াৰ ওব, ইয়েনিছি আৰু লেনা; পূব অংশৰ আমুৰ, হােৱাংহাে, ইয়াং চিকিয়াং আৰু মেকং, দক্ষিণ আৰু দক্ষিণ-পূৰ্ব এছিয়াৰ মহানদী, কৃষ্ণা; কাবেৰী, মেনাম, ইৰাৱতী আৰু মেকং।
(iv) সাৰুৱা সমতল আৰু ব দ্বীপ ও এছিয়াৰ নদীবােৰে বহু সংখ্যক সাৰুৱা সমতল আৰুব-দ্বীপৰ সৃষ্টি কৰিছে। তদুপৰি এছিয়াৰ উত্তৰ-পূব আৰু দক্ষিণ ফালৰ সাগৰ-মহাসাগৰে ভালেমান উপকূলীয় সমভূমিৰ সৃষ্টি কৰিছে।
(v) দ্বীপসমূহঃ এছিয়াৰ গুৰুত্বপূৰ্ণ দ্বীপসমূহ হৈছে জাপান, টাইৱান, ফিলিপাইন, জাভা, সুমাত্ৰা, বৰ্ণিও, ছেলিবিচ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, শ্ৰীলংকা, লাক্ষাদ্বীপ, মালদ্বীপ, বাহৰেইন ইত্যাদি। এই দ্বীপসমূহৰ অৰ্থনৈতিক বিকাশ। ইয়াৰ ভূ-প্ৰকৃতি, জলবায়ু আৰু অৱস্থিতি অনুসৰি ভিন ভিন হয়।
(vi) মৰুভূমিঃ এছিয়াত তিনিখন মৰুভূমি আছে। এইকেইখন হৈছে গােবি, থৰ আৰু আৰীয় মৰুভূমি। ভাৰতৰ থৰ মৰুভূমি আৰু আৰুব মৰুভূমি ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ অন্তৰ্গত। আনহাতে গােবি মৰুভূমি মধ্য অক্ষাংশীয় মৰু অঞ্চলৰ অন্তৰ্গত।
22. তুন্দ্ৰা অঞ্চল। চমু টোকা লিখা।
উত্তৰঃ এই অঞ্চলটো প্ৰায় গােটেই বছৰ জুৰি বৰফেৰে আবৃত হৈ থাকে। হ্ৰস্বকালীন গ্ৰীষ্মকালৰ উষ্ণতা ০°-১০° ছেলছিয়াছ। আনহাতে দীৰ্ঘকালীন শীতকালত উষ্ণতা ১৮° ছেলছিয়াছলৈ হ্ৰাস পায় আৰু এনে সময়ত প্ৰচুৰ তুষাৰপাত হয়। এই অঞ্চলত ব্ৰষুণ প্ৰায় হয়েই বুলিব পাৰি।
জলবায়ুঃ
(ক) অঞ্চলটোত ঠাণ্ডাৰ প্ৰকোপ অতি বেছি।
(খ) গ্ৰীষ্মকাল চুটি আৰু শীতকাল দীঘলীয়া।
(গ) হ্ৰস্বকালীন গ্ৰীষ্মকালৰ উষ্ণতা ০°- ১০° ছেলছিয়াছ। আনহাতে দীৰ্ঘকালীন শীতকালত উষ্ণতা – ১৮° ছেলছিয়াছলৈ হ্ৰাস পায়।
(ঘ) এই অঞ্চলত বৰষুণ প্ৰায় নহয়েই বুলিব পাৰি। শীতকালত প্ৰচুৰ তুষাৰপাত
উদ্ভিদঃ
এই অঞ্চলটো বছৰৰ অধিকাংশ সময়ে বৰফেৰে আবৃত হৈ থকা বাবে ইয়াত উদ্ভিদ গজিব নােৱাৰে যদিও গ্ৰীষ্মকালত উত্তাপ বৃদ্ধিৰ ফলত বৰফ গলা ঠাইবােৰত ঘাঁহ, শেলুৱৈ আৰু তেঁকীয়াজাতীয় উদ্ভিদ গজে।
এছিয়া, ইউৰােপ, উত্তৰ আমেৰিকাৰ মেৰুৰ কাষৰীয়া অঞ্চল, গ্ৰীনলেণ্ড, ছাইবেৰিয়া আৰু এন্টাৰ্কটিকা শীতল মেৰু অঞ্চলৰ অন্তৰ্ভুক্ত। এই অঞ্চলত সাধাৰণতে এস্কিমাে আৰু লেছ নামৰ আদিবাসীয়ে বাস কৰে। তেওঁলােকে শীতকালত ‘ঈগলু’ত আৰু গ্ৰীষ্মকালত ‘টিউপিক নামৰ তদ্ভুত বাস কৰে। তেওঁলােকে মাছ ধৰা আৰু চিকাৰৰ দ্বাৰা জীৱন ধাৰণ কৰে। এই লােকসকলৰ মাজত কুকুৰে টনা শ্লেজ গাড়ীয়েই সবাতােকৈ গুৰুত্বপূৰ্ণ পৰিবহণৰ মাধ্যম। যােগাযােগৰ বিস্তাৰৰ ফলত এই অঞ্চলৰ বহুতাে লােকে স্থায়ী ঘৰত বাস কৰিবলৈ আৰম্ভ কৰিছে। মাছধৰা আৰু জন্তু চিকাৰ কৰাৰ বাবে আধুনিক যন্ত্ৰপাতি ব্যৱহৃত হৈছে। ছাইবেৰিয়াত বাণিজ্যিক ভিত্তিত বৈজ্ঞানিক পদ্ধতিৰে বল্গাহৰিণ পালনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আলস্কাত ট্ৰেলিয়াম আৰু সােণ, লাব্ৰাডােৰত লাে আৰু ছাইবেৰিয়াত নিকেলৰ আৱিষ্কাৰে এই অঞ্চলত যথেষ্ট অৰ্থনৈতিক প্ৰগতি আনিছে।
23. ক্ৰান্তীয় তৃণভূমি অঞ্চল। চমু টোকা লিখা।
উত্তৰঃ এই অঞ্চলত উষ্ণ আৰু চুটি গ্ৰীষ্মকাল আৰু শুকান আৰু দীঘল শীতকাল বিৰাজ কৰে। ইয়াত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ পাৰ্থক্য অধিক। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ মধ্যমীয়া অৰ্থাৎ প্ৰায় ২৫-১০০ ছেঃমিঃ। এই অঞ্চলত ক্ৰান্তীয় ঘাঁহনি পৰিলক্ষিত হয়।
জলবায়ুঃ
(ক) এই অঞ্চলত উষ্ণ আৰু চুটি গ্ৰীষ্মকাল আৰু শুকান আৰু দীঘলীয়া শীতকাল বিৰাজ কৰে।
(খ) ইয়াত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ পাৰ্থক্য অধিক।
(গ) বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ মধ্যমীয়া অৰ্থাৎ প্ৰায় ২৫-১০০ ছেঃ মিঃ
উদ্ভিদঃ
(ক) অপৰ্যাপ্ত বৰষুণৰ বাবেই এই অঞ্চলত ৩ মিটাৰ পৰ্যন্ত উচ্চতাৰ ঘাঁহজাতীয় উদ্ভিদ পােৱা যায়।
(খ) ক্ৰান্তীয় অঞ্চলৰ বিশাল ঘাঁহনিক ছাভানা বােলা হয়। ভেনেজুৱেলা আৰু ব্ৰাজিলৰ তৃণভূমি অঞ্চলক স্থানীয়ভাৱে ক্ৰমে লানােছ আৰু কেম্পােছ বােলা হয়।
(গ) এই অঞ্চলত জোৱাৰ, কপাহ, চীনা বাদাম আদিৰ খেতি কৰা হয়।
দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াত ১০°-২৫° অক্ষাংশৰ মাজত অৱস্থিত, এই অঞ্চলৰ অধিকাংশ ঠাই তৃণভূমিৰ দ্বাৰা গঠিত যাক সাধাৰণতে ছানা বুলি কোৱা হয়। সেইবােৰ বিভিন্ন দেশত, বিভিন্ন নামেৰেও জনাজাত। উদাহৰণস্বৰূপে, ভেনিজুৱেলা আৰু ব্ৰাজিলৰ তৃণভূমি স্থানীয়ভাৱে যথাক্ৰমে লানােছ আৰু কেম্পােছ নামে জনাজাত। এই প্ৰান্তত আদিবাসী লােকো বাস কৰে। তেওঁলােকৰ বহুতে পশু পালন আৰু চিকাৰত ব্যস্ত হৈ থাকে। জোৱাৰ, কপাহ, চীনাবাদাম ইত্যাদি শস্যৰ খেতি কিছুমান অংশত ক্ষুদ্ৰ মাত্ৰাত কৰা হয়। এই অঞ্চলৰ জনবসতি যথেষ্ট সেৰেঙা। উপযুক্ত পৰিবহণ আৰু যােগাযােগৰ সুবিধাৰ অভাৱত, এই অঞ্চল অৰ্থনৈতিক আৰু সামাজিক বিকাশত যথেষ্ট পিছ পৰা।
24. মৌচুমী অঞ্চল। চমু টোকা লিখা।
উত্তৰঃ এই অঞ্চলৰ গ্ৰীষ্মকাল উষ্ণ আৰু আৰ্দ্ৰ আৰু শীতকাল ঠাণ্ডা আৰু শুকান। এই অঞ্চলৰ বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ গড়ে ২০০ ছেঃমিঃ আৰু ইয়াত পৰ্ণপাতী উদ্ভিদ যথেষ্ট পৰিমাণে পােৱা যায়। ওখ ঠাইবােৰত লেটেৰাইট মাটি পােৱা যায়। আনহাতে দ ঠাইবােৰত আৰু নদী উপত্যকাবােৰত সাৰুৱা পলসুৱা মাটি পােৱা যায়।
জলবায়ুঃ
(ক) এই অঞ্চলত প্ৰধানকৈ গ্ৰীষ্মকালত বৃষ্টিপাত হয়। বাৰ্ষিক গড় বৃষ্টিপাত পৰিমাণ ২০০ ছেঃ মিঃ।
(খ) এই অঞ্চলৰ গ্ৰীষ্মকাল উষ্ণ আৰু আৰ্দ্ৰ আৰু শীতকাল ঠাণ্ডা আৰু শুকান।
(গ) গ্ৰীষ্মকাল আৰু শীতকালৰ মাজৰ উষ্ণতাৰ ব্যৱধান ১৫° ছেলছিয়াছ।
উদ্ভিদঃ
(ক) ঋতুগত পৰিৱৰ্তনৰ বাবে এই অঞ্চলত পৰ্ণপাতী উদ্ভিদ পােৱা যায়। শীতকালত বৰষুণৰ অভাৱত এই উদ্ভিদবােৰৰ পাত সৰে।
(খ) এই অঞ্চলত কুঁহিয়াৰ, ঘে, কপাহ, মৰাপাট, তৈলবীজ, চাহ আদিৰ খেতি কৰা হয়।
মৌচুমী অঞ্চলৰ অন্তৰ্গত অঞ্চলবােৰ হৈছে ভাৰত প্ৰমুখ্যে দক্ষিণ এছিয়া, দক্ষিণ-পূৰ্ব এছিয়া, অষ্ট্ৰেলিয়াৰ উত্তৰ পূব অংশ, আফ্ৰিকা পূৰ্ব অংশ, ব্ৰাজিলৰ পূব অংশ, মধ্য আমেৰিকা ইত্যাদি। ই পৃথিৱীৰ অন্যতম ঘন জনবসতিপূৰ্ণ অঞ্চল। মৌচুমী অঞ্চলৰ লােকৰ মুখ্য জীৱিকা হৈছে কৃষি। এই অঞ্চলত ধান, মৰাপাট, চাহপাত, তৈলবীজ, কপাহ, কুঁহিয়াৰ, ঘেঁহু, আদি শস্য বহুলভাৱে খেতি কৰা হয়। এই গােটৰ বহুতাে দেশ প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধ আৰু গতিকে ভালে সংখ্যক লােক ইয়াত নিষ্কাষণ, শুদ্ধিকৰণ আৰু সম্পদৰ বিকাশত জড়িত হৈ এই অঞ্চলৰ অৰ্থনৈতিক বিকাশত অৰিহণা যােগাইছে।
25. পৃথিৱীৰ প্ৰধান ঘাঁহনি অঞ্চলসমূহ। চমু টোকা লিখা।
উত্তৰঃ পৃথিৱীৰ ঘাঁহনি অঞ্চলসমূহ দুটা প্ৰাকৃতিক অঞ্চলত পােৱা যায় অৰ্থাৎ ক্ৰান্তীয় তৃণভূমি অঞ্চল আৰু মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চল।
(i) ক্ৰান্তীয় তৃণভূমি অঞ্চলঃ
(ii) মধ্যঅক্ষাংশীয় তৃণভূমি অঞ্চলঃ
(i) ক্ৰান্তীয় তৃণভূমি অঞ্চলঃ এই অঞ্চলত বৃষ্টিপাতৰ পৰিমাণ অতি কম। বছৰি মাত্ৰ ১৫-৫০ ছেঃমিঃ বৃষ্টিপাত হয়। ইয়াত ঋতুগত উষ্ণতাৰ বিস্তাৰ অতিশয় বেছি আৰু শীতকালত শীতৰ প্ৰকোপ অতি বেছি। গছগছনি প্ৰায় নথকাৰ দৰে যদিও ইয়াত প্ৰচুৰ পৰিমাণে ঘাঁহনি পােৱা যায়। এই অঞ্চলৰ মাটি জৈৱ পদাৰ্থৰে সমৃদ্ধ হােৱা বাবে সাৰুৱা হয়।
জলবায়ুঃ
(ক) এই অঞ্চলত উষ্ণ আৰু চুটি গ্ৰীষ্মকাল আৰু শুকান আৰু দীঘলীয়া শীতকাল বিৰাজ কৰে।
(খ) ইয়াত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ পাৰ্থক্য অধিক।
(গ) বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ মধ্যমীয়া অৰ্থাৎ প্ৰায় ২৫-১০০ ছেঃ মিঃ
উদ্ভিদঃ
(ক) অপৰ্যাপ্ত বৰষুণৰ বাবেই এই অঞ্চলত ৩ মিটাৰ পৰ্যন্ত উচ্চতাৰ ঘাঁহজাতীয় উদ্ভিদ পােৱা যায়।
(খ) ক্ৰান্তীয় অঞ্চলৰ বিশাল ঘাঁহনিক ছাভানা বােলা হয়। ভেনেজুৱেলা আৰু ব্ৰাজিলৰ তৃণভূমি অঞ্চলক স্থানীয়ভাৱে ক্ৰমে লানােছ আৰু কেম্পােছ বােলা হয়।
(গ) এই অঞ্চলত জোৱাৰ, কপাহ, চীনা বাদাম আদিৰ খেতি কৰা হয়।
মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চল ও মধ্য অক্ষাংশীয় তৃণভূমি প্ৰায় সকলাে মহাদেশতে অৱস্থিত। এই তৃণভূমিবােৰ মহাদেশবােৰত পৃথক পৃথক নামেৰে জনাজাত। এইবােৰ এছিয়া আৰু ইউৰােপত ষ্টেপছ, উত্তৰ আমেৰিকাত প্ৰেইৰী, আৰ্জেন্টিনা আৰু দক্ষিণ আমেৰিকাত পম্পাচ, দক্ষিণ আফ্ৰিকাত ভেল্ড আৰু অষ্ট্ৰেলিয়াত ডাউনচ নামে জনাজাত। এই তৃণভূমি অঞ্চলত বাস কৰা অধিকাংশ লােকেই আদিবাসী। এই অঞ্চলৰ লােকসকলৰ প্ৰধান জীৱিকা কৃষি। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, অষ্ট্ৰেলিয়া আৰু ৰাছিয়াৰ তৃণভূমি অঞ্চলত বৃহৎ মাত্ৰাত কৃষি উৎপাদন কৰা হয়। এই অঞ্চলৰ বহুতাে অংশত ঘেহুৰ খেতি কৰা হয়। বাণিজ্যিক ভিত্তিত কৰা পশুপালন যথেষ্ট বিকশিত হৈছে। গৰু, মহআৰু ভেড়া পালনত আধুনিক বিজ্ঞানসন্মত পদ্ধতি প্ৰয়ােগৰ ফলত দুগ্ধ শিল্প গঢ়ি উঠিছে। এই দেশসমূহৰ পৰা উপাে ৰপ্তানি কৰা হয়।
(ii) মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চলঃ এই অঞ্চলত বৃষ্টিপাতৰ পৰিমাণ অতি কম। বছৰি মাত্ৰ ১৫-৫০ ছেঃমিঃ বৃষ্টিপাত হয়। ইয়াত ঋতুগত উষ্ণতাৰ বিস্তাৰ অতিশয় বেছি আৰু শীতকালত শীতৰ প্ৰকোপ অতি বেছি। গছগছনি প্ৰায় নথকাৰ দৰে যদিও ইয়াত প্ৰচুৰ পৰিমাণে ঘাঁহনি পােৱা যায়। এই অঞ্চলৰ মাটি জৈৱ পদাৰ্থৰে সমৃদ্ধ হােৱা বাবে সাৰুৱা হয়।
জলবায়ুঃ
(ক) ইয়াত অতি শীতল জলবায়ু বিৰাজ কৰে।
(খ) অন্তৰ্দেশীয় অথবা মহাদেশীয় অৱস্থানৰ বাবে শীতকালীন আৰু গ্ৰীষ্মকালীন উষ্ণতাৰ পাৰ্থক্য যথেষ্ট বেছি।
(গ) অঞ্চলটোত গ্ৰীষ্মকালত সামান্য বৰষুণ হয়। বাৰ্ষিক গড় বৃষ্টিপাতৰ পৰিমাণ ১৫-৫০ ছেঃমিঃ।
উদ্ভিদঃ
(ক) অপৰ্যাপ্ত বৰষুণ আৰু শীতৰ প্ৰকোপৰ বাবে এই অঞ্চলত গছ-গছনি প্ৰায় নাই বুলিয়েই ক’ব পাৰি।
(খ) অঞ্চলটো তৃণভূমি অঞ্চললৈ পৰিৱৰ্তিত হৈছে। এছিয়া আৰু ইউৰােপত এনে অঞ্চলক ষ্টেছ, উত্তৰ আমেৰিকাত প্ৰেইৰি, আৰ্জেন্টিনাত পম্পাছ, দক্ষিণ আফ্ৰিকাত ভেল্ড আৰু অষ্ট্ৰেলিয়াত ডাউছ বােলা হয়l দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াত ১০°-২৫° অক্ষাংশৰ মাজত অৱস্থিত, এই অঞ্চলৰ অধিকাংশ ঠাই তৃণভূমিৰ দ্বাৰা গঠিত যাক সাধাৰণতে ছানা বুলি কোৱা হয়।
সেইবােৰ বিভিন্ন দেশত, বিভিন্ন নামেৰেও জনাজাত। উদাহৰণস্বৰূপে, ভেনিজুৱেলা আৰু ব্ৰাজিলৰ তৃণভূমি স্থানীয়ভাৱে যথাক্ৰমে লানােছ আৰু কেম্পােছ নামে জনাজাত। এই প্ৰান্তত আদিবাসী লােকো বাস কৰে। তেওঁলােকৰ বহুতে পশু পালন আৰু চিকাৰত ব্যস্ত হৈ থাকে। জোৱাৰ, কপাহ, চীনাবাদাম ইত্যাদি শস্যৰ খেতি কিছুমান অংশত ক্ষুদ্ৰ মাত্ৰাত কৰা হয়। এই অঞ্চলৰ জনবসতি যথেষ্ট সেৰেঙা। উপযুক্ত পৰিবহণ আৰু যােগাযােগৰ সুবিধাৰ অভাৱত, এই অঞ্চল অৰ্থনৈতিক আৰু সামাজিক বিকাশত যথেষ্ট পিছ পৰা।
26. পৃথিৱীৰ জনসংখ্যা আৰু ইয়াৰ বিতৰণ। চমু টোকা লিখা।
উত্তৰঃ পৃথিৱীৰ মুঠ মাটিকালি ৫১০ নিযুত বৰ্গ কিঃমিঃ। ইয়াৰ ভিতৰত স্থলপৃষ্ঠৰ কালি মুঠ মাটিকালিৰ প্ৰায় ২৯ শতাংশ (১৪৯ নিযুত বৰ্গ কিঃমিঃ) আনহাতে জলভাগৰ কালি মুঠ মাটিকালিৰ প্ৰায় ৭১ শতাংশ (৩৬১ নিযুত বৰ্গ কিঃমিঃ)। পৃথিৱীৰ মুঠ জনসংখ্যা ২০০৭ চনৰ গণনা মতে ৬৬২ কোটিতকৈও অধিক। বৰ্তমান পৃথিৱীৰ মুঠ জনসংখ্যা প্ৰায় ৭০০ নিযুত বা ৭ বিলিয়ন বুলি অনুমান কৰা হৈছে। ২০০৭ ৰ গণনা মতে এছিয়াৰ জনসংখ্যা ৪০১ কোটিতকৈও বেছি যি পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৬০.৫০ শতাংশ। আফ্ৰিকাৰ জনসংখ্যা ৯৪৪ নিযুত, আনহাতে তৃতীয় বৃহত্তম মহাদেশ উত্তৰ আমেৰিকাৰ জনসংখ্যা ৫২৩ নিযুত।
ইউৰােপৰ জনসংখ্যা প্ৰায় ৭৩৩ নিযুত যদিও ই মহাদেশবােৰৰ আকাৰ অনুসৰি পঞ্চম স্থানত আছে। আনহাতে আকাৰ অনুসৰি চতুৰ্থ স্থানত থকা দক্ষিণ আমেৰিকাৰ জনসংখ্যা মাত্ৰ ৩৮১ নিযুত। আনহাতে ওছেনিয়াৰ জনসংখ্যা মাত্ৰ ৩৫ নিযুত। পৃথিৱীৰ জনসংখ্যা প্ৰায় ৯০ শতাংশ উত্তৰ গােলাৰ্ধত বাস কৰে। গতিকে, আমাৰ বােধগম্য হ’ল যে, পৃথিৱীৰ জনসংখ্যাৰ বিভাজন যথেষ্ট অসমান। ভূ-প্ৰকৃতি, জলবায়ু, মাটি, উচ্চতা, সাগৰৰ পৰা দূৰত্ব, গছ-গছনি আদিৰ বিভিন্নতাৰ ফলত এনে হয়। প্ৰাকৃতিক পৰিৱেশৰ বিভিন্ন উপাদানৰ বিভিন্নতাৰ ফলত, জনসংখ্যাৰ বিতৰণ আৰু মানুহৰ জীৱন ধাৰণ প্ৰণালী পৃথিৱীৰ বিভিন্ন স্থানত একে নহয়।
27. ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল। চমু টোকা লিখা।
উত্তৰঃ এই অঞ্চলত গােটেই বছৰতে উষ্ণ আৰু শুষ্ক জলবায়ু বিৰাজ কৰে। ইয়াত দিন আৰু ৰাতিৰ উষ্ণতাৰ তাৰতম্য অধিক। বৰষুণৰ পৰিমাণ প্ৰায় নগণ্য (বাৰ্ষিক ২০-২৫ ছেঃমিঃ)। এই অঞ্চলৰ অধিকাংশ ঠাই বালিৰে আবৃত হৈ থাকে। বিশাল বালিময় অঞ্চলত কেৱল চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ গজে।
জলবায়ুঃ
(ক) গােটেই বছৰজুৰি উষ্ণ আৰু শুষ্ক জলবায়ু বিৰাজ কৰে।
(খ) ইয়াত দিন আৰু ৰাতিৰ উষ্ণতাৰ পাৰ্থক্য অধিক।
(গ) গ্ৰীষ্মকালত দিনৰ ভাগৰ উষ্ণতা ৪৫° ছেলছিয়াছ পৰ্যন্ত বৃদ্ধি হয়।
(ঘ) অঞ্চলটোত বৰষুণৰ পৰিমাণ তেনেই কম। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ ২০২৫ ছেঃমিঃ উদ্ভিদ
(ক) অপৰ্যাপ্ত বৰষুণৰ বাবে কেৱল চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ গজে।
(খ) এই অঞ্চলৰ অধিকাংশ ঠাই মৰুভূমি সদৃশ আৰু এইবােৰ বালিৰে আবৃত হৈ থাকে।
(গ) মৰুভূমিত থকা মৰুদ্যানবােৰত কিছু পৰিমাণে খেজুৰ জাতীয় উদ্ভিদ জন্মে আৰু ইয়াত কম পৰিমাণে খেতি-বাতিও কৰা হয়।
আৰৱ, ইৰাণ আৰু আফগানিস্তানৰ মৰুভূমি,।এছিয়াৰ ভাৰতীয় থৰ মৰুভূমি, আফ্ৰিকাৰ ছাহাৰা আৰু কালাহাৰী, দক্ষিণ আমেৰিকাৰ আটাকামা মৰুভূমি, অষ্ট্ৰেলিয়াৰ বৃহৎ মৰুভূমি আদি ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ অন্তৰ্গত। এই মৰুভূমি অঞ্চলবােৰৰ বেছিভাগ অঞ্চল বসতিহীন। কিছুমান অঞ্চলত অঘৰী পশুপালকসকলে বাস কৰে। এই অঞ্চলত বাস কৰা প্ৰধানগােষ্ঠীকেইটা হৈছে- কালাহাৰী মৰুভূমিৰ বুছমেন, অষ্ট্ৰেলিয়াৰ বৃহৎ মৰুভূমিৰ আদিবাসীসকল, ছাহাৰা আৰু আৰব অঞ্চলত বাস কৰা বেদুইন ইত্যাদি। এই অঞ্চলৰ অধিকাংশ লােকে উট, ঘোঁৰা, ভেড়া, ছাগলী আদি পালন কৰি তেওঁলােকৰ জীৱিকা অৰ্জন কৰে। নীল উপত্যকা অঞ্চলে কৃষিৰ ক্ষেত্ৰত কিছু প্ৰগতি কৰিছে আনহাতে, কুৱেইট, চৌডি আৰৱ, ইৰাণ, ইৰাক আদি দেশে তেলৰ আৱিষ্কাৰৰ বাবে অৰ্থনৈতিকশপ্ৰগতি কৰিছে।
28. ভূমধ্য সাগৰীয় প্ৰাকৃতিক অঞ্চল। চমু টোকা লিখা।
উত্তৰঃ ইয়াত গ্ৰীষ্মকালত উষ্ণ আৰু শুষ্ক জলবায়ু আৰু শীতকালত শীতল আৰু আৰ্দ্ৰ জলবায়ু বিৰাজ কৰে। বাৰ্ষিক গড় উষ্ণতা ৮°-২৫° ছেলছিয়াছ আৰু বাৰ্ষিক বৰষুণৰ পৰিমাণ ২৫-৭৫ ছেঃ মিঃ। এই অঞ্চলটোৰ প্ৰধান প্ৰাকৃতিক উদ্ভিদ হৈছে চুটি গছ-গছনি আৰু জোপােহা বননি।
জলবায়ুঃ
(ক) অঞ্চলটোৰ বিশেষত্ব এয়ে যে ইয়াত গ্ৰীষ্মকালত উষ্ণ আৰু শুষ্ক জলবায়ু। আৰু শীতকালত শীতল আৰু আৰ্দ্ৰ জলবায়ু বিৰাজ কৰে।
(খ)এই অঞ্চলত গ্ৰীষ্মকাল সামান্য দীঘলীয়া।
(গ) বাৰ্ষিক গড় উষ্ণতা হৈছে ৮-২৫° ছেলছিয়াছ। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ ২৫-৭৫ ছেঃমিঃ। এই অঞ্চলত শীতকালতহে বৃষ্টিপাত হয়।
উদ্ভিদঃ
(ক)এই অঞ্চলটোৰ প্ৰধান প্ৰাকৃতিক উদ্ভিদ হৈছে চুটি গছ-গছনি আৰু জোপােহা বননি।
(খ) এই অঞ্চলত ঘেঁহু, বাৰ্লি, মাকৈ, কপাহ, ধপাত আদি শস্যৰ খেতি কৰা হয়।
(গ)পাহাৰৰ ঢালবিলাকত আপেল, আঙুৰ, সমন্বিতে ভিন্ন প্ৰকাৰৰ ফল-মূলৰ খেতি কৰা হয়।
ভূমধ্য সাগৰৰ কাষৰীয়া অঞ্চলৰ দক্ষিণ ইউৰােপ, দক্ষিণ-পশ্চিম এছিয়া, উত্তৰ আফ্ৰিকা, উত্তৰ আমেৰিকাৰ উপকূলবৰ্তী কেলিফোৰ্ণিয়া, দক্ষিণ আমেৰিকাৰ মধ্য চিলি, দক্ষিণ আফ্ৰিকাৰ কেপ উপকূল, অষ্ট্ৰেলিয়াৰ দক্ষিণ-পশ্চিম উপকূল আদি ভূমধ্য সাগৰীয় অঞ্চলৰ অন্তৰ্গত। ভূমধ্য সাগৰীয় অঞ্চলৰ লােকসকলৰ প্ৰধান জীৱিকা হ’ল কৃষি। এই অঞ্চলত উৎপাদিত শস্যবােৰ হ’ল ঘেঁহু, বাৰ্লি, মাকৈ, কপাহ, ধপাত ইত্যাদি। এই অঞ্চলৰ বহুতাে অংশত বাণিজ্যিকভিত্তিত পশুপালন কৰা হয়। আঙুৰ, আপেল আদি ফলমূলৰ খেতিৰ বাবে অঞ্চলটো বিখ্যাত। ইয়াৰ ফলত বৃহৎ মাত্ৰাত ফল-মূল ভিত্তিক উদ্যোগ গঢ়ি উঠিছে। এনে এক উদ্যোগ হৈছে সুৰা উৎপাদনৰ উদ্যোগ।