জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? | Chapter 8 | Class 10 General Science – ASSEB

জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? | Chapter 8 | Asseb Class 10 General Science Questions and Answers | MCQs Questions and Answers | Class 10  General Science MCQs | Class 10 General Science Assamese Medium | HSLC General Science Questions and Answers Assamese Medium | Assam Class 10 General Science Solutions | Assamese Medium | Assam Asseb Board | Assam Class 10 G. Science Answer | Asseb Board | Assam State School Education Board (ASSEB) | দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্নোত্তৰ | অসমীয়া মাধ্যম


জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?

Multiple Choice Questions and Answers

1. তলৰ কোনটোত মুকুলোদ্‌গম দেখিবলৈ পোৱা যায় ?
(a) ইষ্ট
(b) হাইড্রা
(c) (a) আৰু
(b) দুয়োটাই

(d) এমিবা
উত্তৰ : (c) (a) আৰু (b) দুয়োটাই

2. ফুলত পোৱা তলৰ কোনটো অংশ ফললৈ ৰূপান্তৰিত হয়—
(a) ডিম্বক।
(b) গর্ভাশয়।
(c) পাহি।
(d) বেটুপাত।
উত্তৰঃ (b) গর্ভাশয়।

3. অযৌন প্ৰজননৰ মুকুলোদ্দগম সংঘটিত হয়—
(a) এমিবাত
(b) ইষ্ট
(c) প্লাজম ‘ডিয়ামত
(d) লেইচমেনিয়াত
উত্তৰ : (b) ইষ্ট

4. পিউবাৰটিৰ সময়ত ছোৱালীৰ দৈহিক পৰিবৰ্তনৰ লগত জড়িত হৰম’নবিধ—
(a) ইনচুলিন।
(b) বৃদ্ধি হৰম’ন।
(c) টেষ্ট’ষ্টেৰণ।
(d) এষ্ট্ৰ’জেন।
উত্তৰঃ (d) এষ্ট্ৰ’জেন।

5. পৰাগধানীত পোৱা হয়______।
(a) বেটুপাত
(b) ডিম্বক
(c) স্ত্রীকেশৰ
(d) পৰাগ ৰেণু
উত্তৰ : (d) পৰাগ ৰেণু

6. পিউবাৰটিৰ সময়ত ল’ৰাৰ দৈহিক পৰিবৰ্তনৰ লগত জড়িত হৰম’নবিধ—
(a) এষ্ট্ৰ’জেন।
(b) থাইৰ’ক্সিন।
(c) টেষ্ট’ষ্টেৰণ।
(d) ইনচুলিন।
উত্তৰঃ (c) টেষ্ট’ষ্টেৰণ।

7. তলৰ কোনটো বহুকোষী জীৱই মুকুলোদ্‌গম পদ্ধতিৰে প্ৰজনন কাৰ্য কৰে—
(a) হাইড্রা
(b) এগাৰিকাছ
(c) ৰাইঘ’পাচ
(d) ইষ্ট
উত্তৰ : (a) হাইড্রা

8. মানুহৰ পুং জননতন্ত্ৰৰ কোনটো এটা অংশ নহয়—
(a) মূত্রপথ।
(b) ফেল’পিয়ান নলী।
(c) শুক্রবাহী নলী।
(d) প্রষ্টেট গ্রন্থি।
উত্তৰঃ (b) ফেল’পিয়ান নলী।

9. তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয় ?
(a) ডিম্বাশয়।
(b) জৰায়ু
(c) শুক্রবাহী নলী
(d) ফেলোপিয়ান নলী।
উত্তৰ : (c) শুক্রবাহী নলী।

10. তলৰ কোনটো অংশত মানুহৰ স্ত্ৰী জননকোষ গঠিত হয়—
(a) ডিম্ববাহী নলী।
(b) জৰায়ু।
(c) ডিম্বাশয়।
(d) যোনি।
উত্তৰঃ (c) যোনি।

11. তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লাজম ‘ডিয়ামে প্রজনন কৰে—
(a) দ্বি-ভাজন।
(b) পুনৰুৎপত্তি।
(c) বহুবিভাজন।
(d) মুকুলোদ্‌গম।
উত্তৰঃ (c) বহুবিভাজন।

12. ব্ৰায় ‘ফাইলাম বা দুপৰটেঙাত হোৱা প্ৰজনন তলৰ কোনটোৰ উদাহৰণ—
(a) মুকুলোদ্‌গম।
(b) আংগিক বিস্তাৰণ।
(c) বিভাজন।
(d) ৰেণু গঠন।
উত্তৰঃ (b) আংগিক বিস্তাৰণ।

13. মানৱ স্ত্ৰীত প্ৰজননাত্মক দশাৰ আৰম্ভণি তলত কোনটোৱে সূচায় ?
(a) শৰীৰৰ বৃদ্ধি
(b) চুলিৰ আকৃতিৰ পৰিৱৰ্তন
(c) কণ্ঠস্বৰ পৰিৱৰ্তন
(d) ঋতুস্ৰাৱ

14. পুং আৰু স্ত্ৰীজননকোষৰ মিলনৰ ফলত সৃষ্টি হোৱা কোষটোক কোৱা হয়—
(a) ভ্রূণ।
(b) ডিম্বাণু।
(c) যোজন কোষ।
(d) শুক্রাণু।
উত্তৰঃ (c) যোজন কোষ।

15. পুং আৰু স্ত্ৰীজননকোষৰ মিলনক কোৱা হয়—
(a) অংকুৰণ।
(b) নিষেচন।
(c) ইতৰ – পৰাগযোগ।
(d) স্ব – পৰাগযোগ।
উত্তৰঃ (b)নিষেচন।

16. প্লাজম’ডিয়ামৰ প্ৰজননত এটা কোষৰ পৰা অসংখ্য কোষৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াক _____ বোলে
(a) হ্রাসাত্মিক বিভাজন
(b) বহুবিভাজন
(c) মুকুলোদ্‌গম
(d) দ্বি-বিভাজন
উত্তৰ : (b) বহুবিভাজন
উত্তৰ : (d) ঋতুস্ৰাৱ

17. ৰাইজ’ পাছে ব্যৱহাৰ কৰা প্ৰজনন পদ্ধতি—
(a) আংগিক বিস্তাৰণ।
(b) মুকুলোদ্‌গম।
(c) বিভাজন।
(d) ৰেণু গঠ।
উত্তৰঃ (d) ৰেণু গঠন।

18. আংগিক বিস্তাৰণত তলৰ কোনটোৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়—
(a) কাণ্ড, মূল আৰু পাত
(b) কাণ্ড, ফুল আৰু ফল
(c) কাণ্ড, মূল আৰু ফুল
(d) কাণ্ড, মূল আৰু পাত
উত্তৰ : (a) কাণ্ড, মূল আৰু পাত

19. তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লেনেৰিয়াই প্ৰজনন কৰে—
(a) পুনৰুৎপত্তি।
(b) মুকুলোদ্‌গম।
(c) বিভাজন।
(d) ৰেণু গঠন।
উত্তৰঃ (a)পুনৰুৎপত্তি।

20. পুংজনন তন্ত্ৰত শুক্রাণু পৰিবহনৰ বাবে তলৰ কোনটো ক্রম শুদ্ধ ?
(a) শুক্রাশয় → শুক্রবাহী নলী মূত্রবাহী নলী
(b) শুক্রাশয় শুক্রবাহী নলী মূত্ৰজনন নলী
(c) শুক্রাশয় মূত্রজনন নলী মূত্রবাহী নলী
(d) শুক্রাশয় মূত্রবাহী নলী মূত্ৰজনন নলী শুক্রবাহী নলী মূত্রজনন নলী

21. ফুলত থকা তলৰ কোনটো অংশ বীজলৈ ৰূপান্তৰিত হয়।
(a) ডিম্বক।
(b) গর্ভাশয়।
(c) গর্ভমুণ্ড।
(d) স্ত্রীস্তৱক।
উত্তৰঃ (a) ডিম্বক।

22. সাধাৰণতে তলত উল্লেখ কৰা কোন প্ৰকাৰৰ অযৌন প্রজনন এমিবাত দেখিবলৈ পোৱা যায়—
(a) আংগিক বিস্তাৰণ
(b) ৰেণুৰ উৎপত্তি
(c) দ্বি-খণ্ডন
(d) মুকুলোদ্‌গম
উত্তৰ : (c) দ্বি-খণ্ডন

23. তলৰ কোনটো কোষৰ অংশত পৰৱৰ্তী প্ৰজন্মলৈ পিতৃ – মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ উত্তৰাধিকাৰৰ তথ্য থাকে—
(a) কোষ প্রৰস।
(b) ক্ৰম’জম’।
(c) কোষকেন্দ্ৰ প্ৰৰস।
(d) অতিকেন্দ্র।
উত্তৰঃ (b) ক্ৰম’জম’।

24. ফুলত তলৰ কোনটোৰ পৰা পুং আৰু স্ত্ৰী জনন কোষৰ গঠন হয়—
(a) পুংকেশৰ আৰু গৰ্ভদণ্ড
(b) পুংদণ্ড আৰু গৰ্ভমুণ্ড
(c) পুংকেশৰ আৰু পৰাগধানী
(d) পৰাগধানী আৰু গৰ্ভাশয়
উত্তৰ : (d) পৰাগধানী আৰু গৰ্ভাশয়।

25. তলৰ কোনটো প্ৰক্ৰিয়াৰে এমিবাই প্ৰজনন কৰে—
(a) পুনৰুৎপত্তি।
(b) বিভংগন।
(c) ৰেণু গঠন।
(d) বিভাজন।
উত্তৰঃ (d) বিভাজন।

26. পিতৃ-মাতৃৰ পৰা সতি-সন্ততিলৈ সঞ্চাৰিত হোৱা চৰিত্ৰসমূহ তলৰ কোনটোত সঞ্চিত হৈ থাকে—
(a) ৰিব’জ’ম
(b) জিন
(c) গলগি পদার্থ
(d) কোষপ্রৰস
উত্তৰ : (b) জিন

27. তলৰ কোনটোক প্ৰটিন সংশ্লেষণৰ বাবে তথ্যৰ উৎস বোলা হয়—
(a) কোষকেন্দ্র।
(b) DNA।
(c) অতিকেন্দ্র।
(d) কোষকেন্দ্ৰ প্ৰৰস।
উত্তৰঃ (b) DNA।

28. সর্পিল শেলাইত অযৌন প্রজনন হয়—
(a) এটা কোষৰ পৰা দুটা কোষৰ সৃষ্টি হয়।
(b) সৰ্পিল শেলাইৰ সূত্ৰিকা ভাঙি বহুটো সৰু সৰু খণ্ডত বিভক্ত হয়।
(c) এটা কোষৰ পৰা বহুতো কোষৰ গঠন হয়।
(d) পুৰণি কোষৰ পৰা পৈণত কোষৰ গঠন হয়।
উত্তৰঃ (b) সৰ্পিল শেলাইৰ সূত্রিকা ভাঙি বহুটো সৰু সৰু খণ্ডত বিভক্ত হয়।

29. তলৰ কোনটো যৌন সংক্ৰমিত ৰোগ নহয়—
(a) হেপাটাইটিছ
(b) HIV – AIDS
(c) চিফিলিছ
(d) গন’ৰিয়া
উত্তৰঃ (a) হেপাটাইটিছ

Short Questions and Answers

1. ডিম্বকবোৰ ক’ত থাকে ?
উত্তৰঃ ডিম্বকবোৰত গৰ্ভাশয়ত থাকে।

2. পুংজনন কোষবোৰ ক’ত উৎপন্ন হয় ?
উত্তৰঃ পুংজনন কোষবোৰ (Male Gamete) পৰাগ ৰেণুৰ ভিতৰত উৎপন্ন হয়।

3. মুখত শালমইনা কিয় হয় ?
উত্তৰঃ কৈশোৰ কালত মুখৰ ছালখন তেলেতীয়া হয়। ইয়াৰ ফলত, শালমইনা (Pimples) হয়।

4. ক’ত জীৱৰ আবাদীয়ে বংশ বিস্তাৰৰ কাৰণে ব্যৱহাৰ কৰে?
উত্তৰঃ পৰিৱেশৰ কোনো নিৰ্দিষ্ট আবাসস্থানহে (niches) জীৱৰ আবাদীয়ে বংশ বিস্তাৰৰ কাৰণে ব্যৱহাৰ কৰে।

5. এবিধ সৰল দেহশৈলীৰে গঠিত বহুকোষী জীৱৰ নাম লিখা।
উত্তৰঃ এবিধ সৰল দেহশৈলীৰে গঠিত বহুকোষী জীৱৰ নাম  হ’ল— সৰ্পিল শেলাই (Spirogyra)।

6. মুকুলোদ্গম (Budding) পদ্ধতিৰে বংশ বিস্তাৰ কৰা এবিধ জীৱৰ নাম লিখা।
উত্তৰঃ মুকুলোদ্গম (Budding), পদ্ধতিৰে বংশ বিস্তাৰ কৰা এবিধ জীৱ হ’ল— হাইড্ৰা (Hydra)।

7.  আংগিক বিস্তাৰণ (Vegetative Propagation) পদ্ধতিৰে বংশ বিস্তাৰ কৰা পাঁচবিধ উদ্ভিদৰ নাম লিখা।
উত্তৰঃ আংগিক বিস্তাৰণ (Vegetative Propagation) পদ্ধতিৰে বংশ বিস্তাৰ কৰা পাঁচবিধ উদ্ভিদৰ নাম- কুঁহিয়াৰ, গোলাপ, তগৰ, কল আৰু আনাৰস।

8. ৰেণুৰ উৎপত্তি (Spore Formation)  পদ্ধতিৰে বংশ বিস্তাৰ কৰা এবিধ উদ্ভিদৰ নাম লিখা।
উত্তৰঃ ৰেণুৰ উৎপত্তি (Spore Formation)  পদ্ধতিৰে বংশ বিস্তাৰ কৰা এবিধ উদ্ভিদৰ নাম হ’ল— ৰাইজ’পাচ্ (Rhizopus)।

9. কি কি অংগক লৈ স্ত্ৰী-জনন তন্ত্ৰটো গঠিত হৈছে ?
উত্তৰঃ স্ত্ৰী-জনন তন্ত্ৰটো যোনি, গ্ৰীবা, জৰায়ু/গৰ্ভাশয়, ডিম্বাশয়, ডিম্ববাহী নলী বা ফেল’পিয়ান নলী আদিৰে গঠিত।

10. ক’ত শুক্ৰাণু (Sparm) গঠন হয় ?
উত্তৰঃ শুক্ৰাণু (Sparm) পুংজনন কোষত গঠন হয়।

11. কিয় পুৰুষৰ শুক্ৰাশয়যোৰ শৰীৰৰ বাহিৰত অৱস্থান কৰে ?
উত্তৰঃ পুৰুষৰ শুক্ৰাশয়যোৰ শৰীৰৰ বাহিৰত অৱস্থান কৰে। কাৰণ, শুক্ৰাণু গঠন হবলৈ শৰীৰৰ সাধাৰণ উষ্ণতাতকৈ কম উষ্ণতাৰ প্ৰয়োজন হয়।

12. বংশবৃদ্ধিৰ মূল কাৰ্য কি ?
উত্তৰঃ বংশবৃদ্ধিৰ মূল কাৰ্য হ’ল— DNA ৰ প্ৰতিলিপি গঠন।

13. কোনবিধ হৰম’নে শুক্ৰাণু গঠনত সহায় কৰে আৰু ল’ৰাৰ যৌৱন কালত বিভিন্ন পৰিৱৰ্তন আনে ?
উত্তৰঃ টেষ্ট’ষ্টেৰন (Testosterone) হৰম’নে শুক্ৰাণু গঠনত সহায় কৰে আৰু ল’ৰাৰ যৌৱন কালত বিভিন্ন পৰিৱৰ্তন আনে।

14. গুপ্তবীজী বা সপুষ্পক উদ্ভিদৰ প্ৰজনন অংগবোৰ ক’ত অৱস্থিত ?
উত্তৰঃ গুপ্তবীজী বা সপুষ্পক উদ্ভিদৰ প্ৰজনন অংগবোৰ ফুলপাহত অৱস্থিত।

15. ফুলৰ জননকোষবোৰ ক’ত থাকে ?
উত্তৰঃ পুংকেশৰ আৰু স্ত্ৰীকেশৰেই হ’ল প্ৰজনন অংগ আৰু ইয়াতে জননকোষবোৰ থাকে।

16. বিভংগন (Fragmentation) পদ্ধতিৰে বংশ বিস্তাৰ কৰা এবিধ জীৱৰ নাম লিখা।
উত্তৰঃ বিভংগন (Fragmentation) পদ্ধতিৰে বংশ বিস্তাৰ কৰা এবিধ জীৱ হ’ল— সৰ্পিল শেলাই (Spirogyra)।

17. পুনৰ জীৱন (Regeneration) পদ্ধতিৰে বংশ বিস্তাৰ কৰা দুবিধ জীৱৰ নাম লিখা।
উত্তৰঃ নৰ জীৱন (Regeneration) পদ্ধতিৰে বংশ বিস্তাৰ কৰা দুবিধ জীৱৰ নাম হ’ল— হাইড্ৰা (Hydra) আৰু প্লেনেৰিয়া (Planaria)।

18. শুক্ৰাণুবোৰ ক’ত উৎপন্ন হয় আৰু কোন ডাল নলীয়ে বহন কৰে ?
উত্তৰঃ শুক্ৰাশয়ত শুক্ৰাণু উৎপন্ন হয় আৰু শুক্ৰবাহী নলীয়ে (Vas deferens) ইয়াক  বহন কৰে।

19. পুৰুষৰ মূত্ৰনলীডালে (Urethra) কি কি বহন কৰে?
উত্তৰঃ পুৰুষৰ মূত্ৰনলীডালে শুক্ৰ আৰু মূত্ৰ বহন কৰে।

20. যৌন ৰোগবোৰ কেনেদৰে ৰোধ কৰিব পাৰি? এটা পৰামৰ্শ আগবঢ়োৱা।
উত্তৰঃ গৰ্ভনিৰোধক সামগ্ৰী বিশেষকৈ কনডম পুংজনন অংগত পৰিধান কৰিলে যৌন ৰোগবোৰ কিছুমাণে ৰোধ কৰিব পাৰি।

21. সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন অংগকেইটা লিখা।
উত্তৰঃ সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন অংগকেইটা হ’ল—
(ক) পুংকেশৰ।
(খ) স্ত্ৰীকেশৰ।

22. স্ত্ৰীজননকোষ বা ডিম্বকোষ ক’ত উৎপন্ন হয়?
উত্তৰঃ স্ত্ৰীজননকোষ বা ডিম্বকোষ ডিম্বাশয়ত (Ovary) উৎপন্ন হয়।২৮। পৰাগ ৰেণু স্থানান্তৰণ প্ৰক্ৰিয়াত বা নিষেচন প্ৰক্ৰিয়াত সহায় কৰা তিনিটা কাৰকৰ নাম লিখা।
উত্তৰঃ পৰাগ ৰেণু স্থানান্তৰণ প্ৰক্ৰিয়াত বা নিষেচন প্ৰক্ৰিয়াত সহায় কৰা তিনিটা কাৰকৰ নাম হ’ল— বতাহ, পানী আৰু প্ৰাণী।

23. জীৱৰ বাবে প্ৰয়োজনীয় তিনিটা জীৱন প্ৰক্ৰিয়াৰ নাম লিখা।
উত্তৰঃ জীৱৰ বাবে প্ৰয়োজনীয় তিনিটা জীৱন প্ৰক্ৰিয়াৰ নাম হ’ল— পৰিপুষ্টি, শ্বসন আৰু ৰেচন।

24. বিকাশ পুনৰজীৱন প্ৰজনৰ সৈতে একে হয় নে নহয় ? ইয়াৰ কাৰণ কি?
উত্তৰঃ বিকাশ পুনৰজীৱন প্ৰজনৰ সৈতে একে নহয়। কাৰণ, বেছিভাগ জীৱই বংশ বিস্তাৰ আৰু প্ৰজনৰ বাবে টুকুৰা টুকুৰকৈ ভাগি নতুন জীৱৰ সৃষ্টি নকৰে অথবা এই প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ নকৰে।

25. দুটা বেলেগ জীৱ একেটা প্ৰজাতিৰে অন্তৰ্ভুক্ত বুলি কেনেকৈ জনা যায় ?
উত্তৰঃ দুটা বেলেগ জীৱ একেটা প্ৰজাতিৰে অন্তৰ্ভুক্ত হ’লে সিহঁতৰ পৰস্পৰৰ মাজত সাদৃশ্য থাকে। গতিকে বংশবৃদ্ধি কৰা জীৱসমূহ দেখাত একেধৰণৰ কিছু নতুন জীৱৰ সৃষ্টি কৰে।

26. কিহে শুক্ৰাণুৰ গতিপথত সহায় কৰে আৰু পুষ্টিৰ যোগান ধৰে?
উত্তৰঃ শুক্ৰবাহী নলৰ ৰাস্তাত প্ৰষ্টেট্গ্ৰন্থি (Prostate Gland) আৰু শুক্ৰধাৰৰ (Seminal Vesicle) পৰা নিঃসৰিত হোৱা ক্ষাৰকীয় ৰস লগ লাগি শুক্ৰাণুৰ গতিপথত সহায় কৰে আৰু শুক্ৰাণুবোৰক পুষ্টিৰ যোগান ধৰে।

27. শুক্ৰাণু কি?
উত্তৰঃ শুক্ৰাণু হ’ল— এবিধ ক্ষুদ্ৰকোষ। ই প্ৰধানকৈ বংশগতি গুণবিশিষ্ট পদাৰ্থৰে গঠিত। ইয়াত বহুতো বংশগতি গুণ নিহিত থাকে। শুক্ৰাণুৰ এক দীঘল নেজ থাকে। ইয়াৰ বাবে, শুক্ৰাণু স্ত্ৰীজনন কোষৰ অভিমুখে গতি কৰিব পাৰে।

28. বিকাশ বুলিলে কি বোজা ?
উত্তৰঃ জীৱৰ দেহটো বহু ধৰণৰ কোষৰ দ্বাৰা সৃষ্টি হয়। এই কোষৰ পৰিৱৰ্তন হৈ আন বহু প্ৰকাৰৰ কোষ আৰু কলাৰ গঠন হয়। এই পৰিৱৰ্তন এক নিৰ্দিষ্ট অনুক্ৰমত সংঘটিত হয়। ইয়াকে বিকাশ বোলে।

29. উদ্ভিদে কিহৰ সহায়ত নতুন উদ্ভিদৰ উৎপত্তি কৰে ? তিনিটা অংগৰ নাম লিখা।
উত্তৰঃ উদ্ভিদে মূল বা শিপা, কাণ্ড আৰু পাতৰ পৰাই উপযুক্ত এক পৰিৱেশত নতুন উদ্ভিদৰ উৎপত্তি কৰে।

30. কেইবিধমান বা তিনিবিধ ভাইৰাছৰ দ্বাৰা হ’ব পৰা যৌন ৰোগৰ নাম লিখা।
উত্তৰঃ কেইবিধমান বা তিনিবিধ ভাইৰাছৰ দ্বাৰা হ’ব পৰা যৌন ৰোগৰ নাম হ’ল— এইছ আই ভি (HIV-AIDS) , হেপাটাইটিছ বি (Hapatitis B), হাৰ্পছ (Herpes), এইছ পি ভি (HPV or the Human Papiloma Virus)।

31. উদ্ভিদৰ আংগিক বিস্তাৰৰ দুটা পদ্ধতি আৰু উদাহৰণ দিয়া।
উত্তৰঃ উদ্ভিদৰ আংগিক বিস্তাৰৰ দুটা পদ্ধতি হ’ল— জোৰা কলম (Grafting) আৰু তৰপীয়া (Layering)।এই পদ্ধতি ব্যৱহাৰ কৰা তিনিটা উদাহৰণ হ’ল— কুঁহিয়াৰ, আঙুৰ আৰু গোলাপ।

32. কেনেকৈ এক যোজন কোষৰ (Zygote) ৰ সৃষ্টি হয় ?
উত্তৰঃ সংগমৰ সময়ত শুক্ৰকোষ যোনি পথেদি সোমাই যায় আৰু উৰ্ধমুখী গতিৰে ডিম্ববাহী নলীত থিতাপি লয়। ডিম্ববাহী নলীতে ডিম্বকোষ আৰু শুক্ৰকোষৰ মিলন ঘটে আৰু এই মিলনৰ ফলত ডিম্বকোষটো নিষেচিত হয় আৰু যোজন কোষৰ (Zygote) ৰ সৃষ্টি হয়।

33. প্ৰতি মাহতে এগৰাকী মহিলা বা ছোৱালীৰ ডিম্বাশয় আৰু গৰ্ভাশয়ে কি কৰে ?
উত্তৰঃ প্ৰতি মাহতে এগৰাকী মহিলা বা ছোৱালীৰ ডিম্বাশয়ে এটাকৈ ডিম্বকোষ সৃষ্টি কৰে। লগতে, গৰ্ভাশয়ে একোটা ভ্ৰূণ বৃদ্ধি আৰু বৰ্ধন হ’ব পৰাকৈ প্ৰস্তুত হয়।

34. কেইবিধমান বা তিনিবিধ বেক্টেৰীয়াৰ দ্বাৰা হ’ব পৰা যৌন ৰোগৰ নাম লিখা।
উত্তৰঃ কেইবিধমান বা তিনিবিধ বেক্টেৰীয়াৰ দ্বাৰা হ’ব পৰা যৌন ৰোগৰ নাম হ’ল—

গণ’ৰিয়া (Gonorrhea),  চিফিলিচ (Syphilis), ক্লামাইদিয়া (Chlamydia) আদি।

35. কেনেকৈ নতুন ৰাইজ’পাচৰ সৃষ্টি হয় ? ৰাইজ’পাচ্ৰ উৎপত্তিৰ পদ্ধতিটোৰ নাম কি?
উত্তৰঃ ৰাইজ’পাচ্ নামৰ ভেঁকুৰবিধে পাউৰুটিৰ আদি খাদ্যৰ ওপৰত কিছুমান ৰেণুৰ সৃষ্টি কৰে আৰু এই ৰেণুৰবোৰৰ পৰা নতুন ৰাইজ’পাচ্ ৰ সৃষ্টি কৰে।
ৰাইজ’পাচ্ৰ উৎপত্তিৰ পদ্ধতিটোৰ নাম- ৰেণুৰ উৎপত্তি পদ্ধতি।

36. পাউৰুটি চকলৰ উপৰিভাগত উৎপত্তি হোৱা আহঁৰ দৰে অনুসূত্ৰবিলাক আচলতে কি?
অথবাঃ পাউৰুটিৰ উপৰিভাগত উৎপত্তি হোৱা ভেঁকুৰবিধৰ নাম কি?
উত্তৰঃ পাউৰুটি চকলৰ উপৰিভাগত উৎপত্তি হোৱা আহঁৰ দৰে অনুসূত্ৰবিলাক আচলতে এবিধ ভেঁকুৰৰ প্ৰজাতি। এই ভেঁকুৰবিধৰ নাম হ’ল— ৰাইজ’পাচ্।

37. কেইটামান অযৌন পদ্ধতিৰ নাম লিখা।
উত্তৰঃ কেইটামান অযৌন পদ্ধতি হ’ল— দ্বিখণ্ডন বা বিভাজন (Fission), বিভংগন (Fragmentation), পুনৰ জীৱন (Regeneration), মুকুলোদ্গম (Budding), আংগিক বিস্তাৰণ (Vegetative Propagation), ৰেণুৰ উৎপত্তি (Spore Formation) আদি ।

38. দ্বিখণ্ডন বা বিভাজন (Fission), পদ্ধতিৰে বংশ বিস্তাৰ কৰা পাঁচবিধ জীৱৰ নাম লিখা।
উত্তৰঃ দ্বিখণ্ডন বা বিভাজন (Fission), পদ্ধতিৰে বংশ বিস্তাৰ কৰা পাঁচবিধ জীৱৰ নাম হ’ল— বেক্টেৰীয়া, আদ্যপ্ৰাণী, লেইচ্মেনিয়া, প্লাজম’ডিয়াম আৰু ইষ্ট।

39. “জীৱৰ বংশ বৃদ্ধি প্ৰক্ৰিয়া দেহৰ অৱয়বৰ প্ৰতিলিপি প্ৰক্ৰিয়াৰ দৰে।”- বুজাই লিখা।
উত্তৰঃ জীৱসমূহৰ দেহৰ অবয়ব একে হ’লে দেখিবলৈ একে সাদৃশ্যৰ হয়। যদি দেহৰ অবয়ব একেধৰণৰ হ’বলগীয়া হয় তেন্তে ইয়াৰ গঠনৰ প্ৰতিলিপি একেধৰণৰ হ’ব লাগিব। গতিকে দেখা যায় যে “জীৱৰ বংশ বৃদ্ধি প্ৰক্ৰিয়া দেহৰ অৱয়বৰ প্ৰতিলিপি প্ৰক্ৰিয়াৰ দৰে।”

40. সৰল দেহশৈলীৰে গঠিত বহুকোষী জীৱৰ ক্ষেত্ৰত বংশ বিস্তাৰৰ পদ্ধতিটো লিখা।
উত্তৰঃ সৰল দেহশৈলীৰে গঠিত বহুকোষী জীৱৰ ক্ষেত্ৰত বংশ বিস্তাৰ এক সাধাৰণভাৱে কাৰ্যকৰী হয়। উদাহৰণস্বৰূপে— সৰ্পিল শেলাই পূৰ্ণাংগ হোৱাৰ পাছত কিছুমান সৰু সৰু খণ্ডত দেহটো টুকুৰা টুকুৰ হৈ বংশ বিস্তাৰ হয়। সৰু সৰু খণ্ডিত টুকুৰাবোৰৰ পৰা নতুন প্ৰজন্মৰ সৰ্পিল শেলাইৰ সৃষ্টি হয়।

41. DNA ৰ কেনেদৰে সৃষ্টি হয় ?
উত্তৰঃ বংশবৃদ্ধিৰ মূল কাৰ্য হ’ল— DNA ৰ প্ৰতিলিপি গঠন। দেহৰ কোষে কিছুমান ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত DNA অণুৰ নকল সৃষ্টি কৰে। এই DNA অণুৰ পৰা অপত্য কোষত দুটা DNA প্ৰতিলিপিৰ সৃষ্টি হয় আৰু দুয়োটা DNA অণু এটা আনটোৰ পৰা পৃথকে কৰে।

42. এমিবাই কি প্ৰক্ৰিয়াৰ জৰীয়তে নতুন প্ৰজন্মৰ সৃষ্টি কৰে বা বংশ বিস্তাৰ কৰে? বুজাই লিখা।
উত্তৰঃ এমিবাই দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰ মাধ্যমেৰে নতুন প্ৰজন্মৰ সৃষ্টি কৰে। এমিবাই অতি সৰল ভাবে নিজৰ কোষটো সমভাবে দ্বিখণ্ডিত হয়। এই দ্বিখণ্ডিত বা বিভাজন কোষটো এক সমতলীয় ৰেখাত বিভক্ত হৈ নতুন প্ৰজন্মৰ উৎপন্ন কৰে বা বংশ বিস্তাৰ কৰে।

43. দুপৰ টেঙা বা পাতেগজা উদ্ভিদে কি প্ৰক্ৰিয়াৰ মাধ্যমেৰে নতুন উদ্ভিদৰ সৃষ্টি কৰে ?
উত্তৰঃ দুপৰ টেঙা বা পাতেগজা উদ্ভিদে আংগিক বিস্তাৰণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে নতুন উদ্ভিদৰ সৃষ্টি কৰে। এই উদ্ভিদবোৰৰ পাতৰ দাঁতিৰ খাঁজৰ পৰা উৎপত্তি হোৱা মুকুলবিলাক মাটিত পৰিলে পুনৰ নতুন নতুন উদ্ভিদৰ সৃষ্টি হয়।

44. যৌৱনকাল বা কন্যাকাল (Puberty) কাক বোলে?
উত্তৰঃ কৈশোৰ কালৰ এক সময়ছোৱাত ল’ৰা আৰু ছোৱালীৰ দুয়ুৰে প্ৰজনন অংগ আৰু কলাবোৰৰ পূৰ্ণতা প্ৰাপ্ত হয়। ল’ৰাৰ ক্ষেত্ৰত এই সময়ছোৱাত লিং ডাঙৰ হয় আৰু শুক্ৰাণু গঠন হবলৈ ধৰে। ছোৱালীবোৰৰ ক্ষেত্ৰত স্তন যুগলৰ আকাৰ বৃদ্ধি হয়, ডিম্বকোষৰ পৰিপক্ক বা পূৰ্ণতা লাভ কৰে আৰু ঋতুচক্ৰ আৰম্ভ হয়। কৈশোৰ কালৰ এই সময়ছোৱাক যৌৱনকাল বা কন্যাকাল (Puberty) বোলে।

45. এককোষী জীৱই প্ৰজনন প্ৰক্ৰিয়াত (অযৌন) ব্যৱহাৰ কৰা বিভংগন (Fragmentation)- প্ৰক্ৰিয়াটো লিখা।
উত্তৰঃ বিভংগন (Fragmentation): কিছুমান এককোষী জীৱই পূৰ্ণাংগ হোৱাৰপিছত দেহটোক কিছুমান সৰু সৰু খণ্ডত টুকুৰা টুকুৰ কৰে। পাছলৈ, সৰু সৰু খণ্ডিত টুকুৰাবিলাকৰ পৰাই নতুন প্ৰজন্মৰ সৃষ্টি কৰে। এই প্ৰক্ৰিয়াটোক বিভংগন বোলা হয়।
উদাহৰণস্বৰূপে— সৰ্পিল শেলাই (Spirogyra) পূৰ্ণাংগ হোৱাৰ পিছত দেহটো কিছুমান সৰু সৰু খণ্ডত টুকুৰা টুকুৰ হৈ বংশ বিস্তাৰ কৰে।

46. কলাজ্বৰ বেমাৰ সৃষ্টিকাৰী লেইচমেনীয়া নামৰ এককোষী জীৱ বিধে কি প্ৰক্ৰিয়াৰ জৰীয়তে নতুন প্ৰজন্মৰ সৃষ্টি কৰে বা বংশ বিস্তাৰ কৰে? বুজাই লিখা।
উত্তৰঃ কলাজ্বৰ বেমাৰ সৃষ্টিকাৰী লেইচমেনীয়া নামৰ এককোষী জীৱ বিধে দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰ জৰীয়তে নতুন প্ৰজন্মৰ সৃষ্টি কৰে বা বংশ বিস্তাৰ কৰে। লেইচমেনিয়াৰ এটা মেৰুত চাবুকৰ দৰে এডাল কেশৰ থাকে। ইয়াৰ সহায়ত কোষটো দ্বিখণ্ডন বা বিভাজন ঘটি নতুন প্ৰজন্মৰ সৃষ্টি কৰে বা বংশ বিস্তাৰ কৰে।

47. ইষ্ট নামৰ এককোষী জীৱ বিধে কি প্ৰক্ৰিয়াৰ জৰীয়তে নতুন প্ৰজন্মৰ সৃষ্টি কৰে বা বংশ বিস্তাৰ কৰে? বুজাই লিখা।
উত্তৰঃ ইষ্ট নামৰ এককোষী জীৱ বিধে দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰ জৰীয়তে নতুন প্ৰজন্মৰ সৃষ্টি কৰে বা বংশ বিস্তাৰ কৰে। ল- ইষ্টৰ মাতৃ কোষটোৰ গাত বহুবোৰ মুকুলৰ সৃষ্টি হয়। পাছলৈ এই মুকুলবোৰৰ পৃথকীকৃত হয় আৰু মুকুলবোৰৰ পৰাই নতুন নতুন প্ৰজন্মৰ ইষ্টৰ সৃষ্টি হয়।

48. কন্যা ভ্ৰূণ ধ্বংস কৰাতো উচিতনে?
উত্তৰঃ কন্যা ভ্ৰূণ ধ্বংস কৰাতো উচিত নহয়, ই এক অপৰাধ। কাৰণ, কন্যা সন্তান আৰু ল’ৰা সন্তানৰ অনুপাত সমভাৱে অটুত ৰখাতো অতিকৈ প্ৰয়োজন। কিন্তু, কিছুমান বিবেচনাহীন মানুহে, জন্মৰ আগতেই লিংগ নিৰ্ণয় আৰু কন্যা ভ্ৰূণ হ’লে ধ্বংস কৰি পেলায়। ই এক নিন্দনীয়, অন্যায় আৰু ঘোৰ অপৰাধমূলক।

49. কি কি অংগক লৈ পুংজনন তন্ত্ৰটো গঠিত হৈছে ?
উত্তৰঃ জনন কোষ সৃষ্টি কৰা অংগ আৰু জননকোষসমূহক নিষেচন ক্ষেত্ৰলৈ স্থানান্তৰিত কৰা অংগবোৰক লৈ পুংজন্ন তন্ত্ৰটো গঠন হয়। ইয়াৰ ভিতৰত, শুক্ৰাধাৰ, শুক্ৰবাহী নলী, শুক্ৰথলী, শুক্ৰাশয়, মূত্ৰবাহী নলী, মূত্ৰাশয়, প্ৰষ্টেট গ্ৰন্থি, লিংগ আৰু মূত্ৰনলীৰে পুংজনন তন্ত্ৰটো গঠিত হৈছে।

50. শুক্ৰাশয়যোৰ ক’ত অৱস্থিত ?
উত্তৰঃ শুক্ৰাশয়যোৰ পুৰুষৰ উদৰাংশৰ পশ্চ্যাৎ অংশত অৱস্থিত। উদৰ ভাগৰ পৰা নামি আহি দেহৰ বাহিৰত থকা এক শুক্ৰাশয় থলীত (Scrotum) শুক্ৰাশয়যোৰ অৱস্থান কৰে।

51. যোজন কোষ কাক বোলে ?
অথবাঃ যোজন কোষৰ কেনেদৰে সৃষ্টি হয় ?
উত্তৰঃ পৰাগ ৰেণুৰ ভিতৰত পুং জনন কোষবোৰ উৎপন্ন হয়। লগতে, স্ত্ৰীজনন কোষ বা ডিম্ব ডিম্বকৰ ভিতৰত অৱস্থিত হয়। যেতিয়া, পুংজনন কোষবোৰ স্ত্ৰীজনন কোষ বা ডিম্বকৰ সৈতে মিলন বা যোজন হয় তেতিয়া এক নতুন কোষৰ সৃষ্টি হয়। এই কোষটোক যোজন কোষ বোলে।

52. কিয় সকলো বিলাক বহুকোষী জীৱৰ ক্ষেত্ৰত সৰলভাৱে কোষৰ দ্বাৰাই কোষ সৃষ্টি কৰি বংশ বিস্তাৰ কৰিব নোৱাৰে?
উত্তৰঃ সকলো বিলাক বহুকোষী জীৱৰ ক্ষেত্ৰত সৰলভাৱে কোষৰ দ্বাৰাই কোষ সৃষ্টি কৰি বংশ বিস্তাৰ কৰিব নোৱাৰে। কাৰণ, অধিকাংশক বহুকোষী জীৱৰ শাৰীৰিক গঠন কেৱল মাত্ৰ কোষৰ সাধাৰণভাৱে একত্ৰীকৰণৰ মাধ্যমেৰে সৃষ্টি নহয়। ইয়াৰ পৰিৱৰ্তে, কিছুমান কোষৰ সমষ্টিৰে কলাৰ গঠন হয় আৰু এই কলাৰ সমষ্টিৰে অংগ গঠিত হয়।

53. আংগিক বিস্তাৰণৰ দুটা সুবিধা লিখা।
উত্তৰঃ আংগিক বিস্তাৰণৰ দুটা সুবিধা হ’ল—
(ক) এনে পদ্ধতিৰে উৎপন্ন হোৱা উদ্ভিদবোৰ আনুবংশিকভাৱে একে হয়।
(খ) এই পদ্ধতিত, চৰিত্ৰগত বৈশিষ্ট্যবোৰ পৈতৃক পুৰুষৰ সৈতে একে হয়।

54. কিয় জীৱসমূহৰ বা কূলৰ মাজত বৈসাদৃশ্যতা প্ৰভাৱ পৰে ?
উত্তৰঃ এক কোষৰ পৰা দুটা অপত্য কোষৰ উৎপন্ন হোৱা প্ৰক্ৰিয়াত ডি. এন. এ. (DNA) আৰু কোষ অংগাণুসমূহৰ প্ৰতিলিপিকৰণ সংঘটিত হয়। কিন্তু, ডি. এন. এ. (DNA) প্ৰতিলিপিকৰণ অপত্য ডি.এন.এ. ডাল সাইলাখ একে নহয়। এই আঁসোৱাহ পূৰ্ণতাৰ বাবে জীৱসমূহৰ বা জীৱকূলৰ মাজত কিছুমান বৈসাদৃশ্যতাৰ প্ৰভাৱ পৰে। যৌন প্ৰজননৰ জৰিয়তে জীৱৰ সৃষ্টি হ’লে এনেধৰণৰ বৈশিষ্ট্য অধিক পৰিমাণে পৰিলক্ষিত হয়।

55. যৌন প্ৰজনন প্ৰক্ৰিয়াত বা DNA ৰ প্ৰতিলিপিকৰণৰ কিয় প্ৰত্যেকটো সংযোজনেই নতুনত্ব বিশিষ্ট হয় ?
অথবাঃ যৌন প্ৰজনন প্ৰক্ৰিয়াত বা DNA ৰ প্ৰতিলিপিকৰণ কিয় প্ৰত্যেকটো সংযোজনেই নতুন হয় ?
উত্তৰঃ যৌন প্ৰজনন প্ৰক্ৰিয়াত বা DNA ৰ প্ৰতিলিপিকৰণৰ কিয় প্ৰত্যেকটো সংযোজনেই নতুনত্ব বিশিষ্ট হয়, কাৰণ যৌন প্ৰজনন প্ৰক্ৰিয়াত দুটা বেলেগ বেলেগ জীৱ জড়িত আৰু সংলগ্ন হৈ থাকে। লগতে, যৌন প্ৰজনন প্ৰক্ৰিয়াত বংশ বিস্তাৰ সাধন হ’লে দুটা বেলেগ বেলেগ জীৱৰ ডি.এন.এ.ৰ একত্ৰিকৰণ হয়।

56. একংলিগী আৰু উভয়লংগী বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা।
উত্তৰঃ যিবোৰ ফুলে কেৱল পুংকেশৰ অথবা স্ত্ৰীকেশৰ বহন কৰে, সেইবোৰক একংলিগী, উদাহৰণ- তৰমুজ, অমিতা আদি, আৰু যিবোৰ ফুলত পুংকেশৰ অথবা স্ত্ৰীকেশৰ দুয়ুটা অংগ থাকে বা বহন কৰে, সেইবোৰক উভয়লিংগী বোলা হয়, উদাহৰণ-সৰিয়হ, জবা আদি।

57. হাইড্ৰাৰ দৰে জীৱই কেনেকৈ প্ৰজনন আৰু পুনৰ জীৱিত কাৰ্য্য সমাধা কৰে ?
অথবাঃ হাইড্ৰাই কেনেকৈ নতুন জীৱৰ সৃষ্টি কৰে বা বংশ বিস্তাৰ কৰে?
অথবাঃ হাইড্ৰাই দৰে পানীয়ে বংশ বিস্তাৰৰ বাবে কোনটো পদ্ধতি/কি প্ৰক্ৰিয়া ব্যৱহাৰ কৰে ?
উত্তৰঃ  হাইড্ৰাৰ দৰে জীৱই প্ৰজননৰ কাৰণে শৰীৰৰ কিছুমান কোষ মুকুলোদ্গম পদ্ধতিৰে পুনৰুজ্জীৱিত কৰে। হাইড্ৰাৰ মুকুলবিলাক শৰীৰৰ এক নিৰ্দিষ্ট স্থানত কেইবাবাৰো একেৰাহে কোষৰ বিভাজন ঘটে আৰু টেমুনা বান্ধি বাহিৰ হৈ আহে। শৰীৰত সৃষ্টি হোৱা সেই মুকুলবোৰৰ পৰাই সৰু সৰু আকাৰৰ নতুন হাইড্ৰাৰ উৎপন্ন হয়। পাছত, পূৰঠ হ’লে মাতৃ হাইড্ৰাৰ পৰা পৃথক হয় বা এৰায় যায় আৰু নতুন এটা হাইড্ৰাৰ সৃষ্টি হয়।

58. DNA ৰ প্ৰতিলিপিকৰণ নিখুঁতভাৱে নহ’লে কি হয় ?
উত্তৰঃ  DNA ৰ প্ৰতিলিপিকৰণ নিখুঁতভাৱে নহ’লে—
(ক) নতুন প্ৰজন্মৰ মাজত কিছু ধীৰ গতিত বৈসাদৃশ্যৰ সৃষ্টি হয়।
(খ) লগতে, সৃষ্টি হোৱা অপত্য  ডি. এন. এ. বোৰে কোষৰ বিপাকীয় কাৰ্যসমূহ সঠিক ধৰণে সাধন কৰিব নোৱাৰে আৰু ইয়াৰ ফলস্বৰূপে, কোষটোৰ মৃত্যু হয়।

59. ফুলৰ স্ত্ৰীপ্ৰজনন অংগ কি? ই ক’ত অৱস্থিত ? ইয়াৰ প্ৰধান অংশ কেইটা আৰু কি কি?
অথবাঃ ফুলৰ স্ত্ৰীপ্ৰজনন অংগকেইটা লিখা।
উত্তৰঃ ফুলৰ স্ত্ৰীকেশৰবোৰেই হ’ল— স্ত্ৰীপ্ৰজনন অংগ। ই ফুলৰ কেন্দ্ৰীয় স্থানত অৱস্থিত।

ইয়াৰ প্ৰধান অংশ তিনিটা। ফুলৰ তলৰ উখহা শকত অংশটোক গৰ্ভাশয় (Ovary), মাজৰ দীঘলীয়া অংশটোক গৰ্ভদণ্ড (Style) আৰু ওপৰত থকা আঠালতীয়া উগ্ৰ অংশটোক গৰ্ভমুণ্ড (Stigma) বোলে।

60. গৰ্ভধাৰণ ৰোধ কৰা কাৰিকৰি প্ৰতিবন্ধক (Mechanical Barrier) পদ্ধতিটো লিখা। ইয়াৰ এটা অসুবিধা লিখা।
উত্তৰঃ গৰ্ভধাৰণ ৰোধ কৰিবৰ বাবে কাৰিকৰি প্ৰতিবন্ধক (Mechanical Barrier) পদ্ধতিটো ব্যৱহাৰ কৰা হয়। এই পদ্ধতিত সংগমৰ সময়ত পুৰুষৰ পুংজনন অংগত (Penis) ত কনডম পিন্ধা হয়। লগতে, স্ত্ৰীৰ ক্ষেত্ৰত যোনি পথত সংস্থাপিত কৰা হয়। এনে কৰাৰ ফলত, শুক্ৰাণুসমূহ ডিম্বাণু কোষৰ সৈতে মিলন হ’ব নোৱাৰে আৰু নিষেচন হোৱাত বাধা দিয়ে।

61. উদ্ভিদৰ নিষেচন কাক বোলে ?
উত্তৰঃ পৰাগ ৰেণুৰ ভিতৰত পুং জনন কোষবোৰ উৎপন্ন হয়। লগতে, স্ত্ৰীজনন কোষ বা ডিম্ব ডিম্বকৰ ভিতৰত অৱস্থিত হয়। যেতিয়া, পুংজনন কোষবোৰ স্ত্ৰীজনন কোষ বা ডিম্বকৰ সৈতে মিলন বা যোজন হয়। ইয়াকে, উদ্ভিদৰ নিষেচন বোলে।

62. বীজৰ অংকুৰণ (Seed Germination) কাক বোলে ?
উত্তৰঃ বীজৰ ভিতৰত যিটো ভ্ৰূণ থাকে সেই ভ্ৰূণটোতে ভৱিষ্যতৰ উদ্ভিদজোপা গঠন হ’ব পৰাকৈ গুণ থাকে। এই ভ্ৰূণৰ পৰাই, উপযুক্ত এক পৰিৱেশ প্ৰাপ্ত হ’লে ভ্ৰূণটো অংকুৰিত হয় আৰু এজোপা নতুন গছৰ সৃষ্টি হয়। ইয়াক বীজৰ অংকুৰণ (Seed Germination) বোলে।

63. ফুলৰ কোনবোৰ পুংজনন অংগ ? ইয়াত কি সৃষ্টি হয় ?
অথবাঃ পৰাগ ৰেণুৰ উৎপত্তি ক’ত হয়? ইয়াৰ বৰণ কি?
উত্তৰঃ ফুলৰ পুংকেশৰবোৰেই হ’ল— পুংজনন অংগ। ইয়াত, পৰাগ ৰেণুৰ উৎপত্তি হয়। পৰাগ ৰেণুবোৰ সাধাৰণতে হালধীয়া বৰণৰ হয়। ফুলৰ পৰাগ ৰেণু স্পৰ্শ কৰিলে হালধীয়া বৰণৰ পৰাগ ৰেণু হাতত লাগি আহে।

64. যৌন পূৰ্ণতা প্ৰাপ্তি হঠাতে হোৱা পৰিঘটনানে ?
উত্তৰঃ যদিও কৈশোৰ কালত যৌনাংগবোৰৰ বৃদ্ধি আৰু বিকাশ হয়। তথাপি, যৌন পূৰ্ণতা প্ৰাপ্তি এক হঠাতে হোৱা পৰিঘটনা নহয়। যৌনতা প্ৰাপ্তিৰ অৰ্থ এনে নহয় যে যৌনতা প্ৰাপ্তিৰ লগে লগে দেহ আৰু মন যৌন ক্ৰিয়াত লিপ্ত হব পাৰে লগতে সন্তান জন্ম দিবৰ বাবে সুস্থ কাৰ্যক্ষম হয়। এইবোৰ ক্ৰিয়াৰ সুস্থিৰতা লাভ কৰিবৰ বাবে দেহ আৰু মন অধিক সুস্থ, সবল আৰু বয়স প্ৰাপ্তি হব লাগিব।

65. এগৰাকী মহিলা গৰ্ভধাৰণ সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে তেখেতৰ _________ ওপৰত।
উত্তৰঃ এগৰাকী মহিলা গৰ্ভধাৰণ সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে তেখেতৰ দৈহিক আৰু মানসিক অৱস্থাৰ ওপৰত।

Long Questions and Answers

1. স্ব-পৰাগযোগ আৰু ইতৰ পৰাযোগ কাক বোলে ?
উত্তৰঃ পৰাগ ৰেণুৰ ভিতৰত পুং জনন কোষবোৰ উৎপন্ন হয়। লগতে, স্ত্ৰীজনন কোষ বা ডিম্ব ডিম্বকৰ ভিতৰত অৱস্থিত হয়। যেতিয়া, পুংজনন কোষবোৰ স্ত্ৰীজনন কোষ বা ডিম্বকৰ সৈতে মিলন বা যোজন হয় অৰ্থাৎ নিষেচন হয়, তেতিয়া বতাহ, পানী, প্ৰাণী বা আন কিছুমান কাৰকৰ প্ৰভাৱত পুংকেশৰৰ পৰা পৰাগ ৰেণু স্ত্ৰীকোষৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হয়। এই স্থানান্তৰণ প্ৰক্ৰিয়া একেপাহ ফুলতে সংঘটিত হ’লে, ইয়াক স্ব-পৰাগযোগ (Self Pollination) বোলে।

অন্যথা, এই স্থানান্তৰণ প্ৰক্ৰিয়াত, এপাহ ফুলৰ পৰাগ ৰেণু আন এক ফুলৰ স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত পৰিলে বা নিষেচন হ’লে, ইয়াক ইতৰ পৰাগযোগ (Cross Pollination) বোলে।

2. কেনেদৰে নতুনকৈ সৃষ্টি হোৱা প্ৰজন্মৰ ব্যক্তি বিশেষ ক্ৰ’ম’জ’মৰ সংখ্যা আৰু ডি.এন.এ. আগৰ প্ৰজন্মৰ ব্যক্তি বিশেষৰ সৈতে সমভাৱে অটুট থাকে ?
উত্তৰঃ বহু বহুকোষী জীৱৰ যিবোৰ বংশক্ৰম ৰক্ষা কৰা কোষ থাকে সেইবোৰ ক্ৰ’ম’জ’মৰ সংখ্যা আৰু ডি.এন.এ.ৰ পৰিমাণ, আন দৈহিক কোষবোৰতকৈ অৰ্ধেক বা আধা সংখ্যক হয়। লগতে, যৌন প্ৰজনন প্ৰক্ৰিয়াত দুজন ব্যক্তিৰ পৰা দুটা জনন কোষৰ সংযোজন ঘটে আৰু এক নতুন প্ৰজন্মৰ ব্যক্তিৰ সৃষ্টি কৰে।  ইয়াৰ বাবে, নতুনকৈ সৃষ্টি হোৱা প্ৰজন্মৰ ব্যক্তি বিশেষ ক্ৰ’ম’জ’মৰ সংখ্যা আৰু ডি.এন.এ. আগৰ প্ৰজন্মৰ ব্যক্তি বিশেষৰ সৈতে সমভাৱে অটুট থাকে।

3. জননকোষৰ আকাৰৰ পাৰ্থক্যতা সম্পৰ্কে লিখা।
অথবাঃ জননকোষ সাধাৰণতে কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ জননকোষ সাধাৰণতে দুইপ্ৰকাৰৰ।জননকোষবিলাকৰ ভিতৰত এটা ডাঙৰ হয় আৰু ইয়াত যাবতীয় শক্তি নিহিত থাকে। আনটো আকাৰত সৰু হয় আৰু ই চলমান বিশিষ্ট হয়। চলমান জনন কোষবোৰক পুংজনন কোষ বোলা হয়। আনহাতে, খাদ্য সঞ্চিত কৰি ৰখা জনন কোষটোক স্ত্ৰীজনন কোষ বোলে।

4. অৰেল কন্ট্ৰাচেপটিভ (Oral Contraceptive) কাক বোলে ?
অথবাঃ গৰ্ভধাৰণ ৰোধ কৰা অৰেল কন্ট্ৰাচেপটিভ পদ্ধতিটো লিখা। ইয়াৰ এটা অসুবিধা লিখা।
অথবাঃ হৰম’নৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি কেনেদৰে গৰ্ভধাৰণ ৰোধ কৰা হয় ?
উত্তৰঃ শৰীৰত হৰম’নৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ডিম্বক্ষৰণ বন্ধ কৰি গৰ্ভধাৰণ ৰোধ কৰিব পাৰি। এনে কৰিলে নিষেচন হ’ব নোৱাৰে। এই প্ৰক্ৰিয়াত সাধাৰণতে কিছুমান ঐষধ পিল বা বড়ি আকাৰে ব্যৱহাৰ কৰা হয়। ইয়াকে অৰেল কন্ট্ৰাচেপটিভ (Oral Contraceptive)  বোলে।

ইয়াৰ এটা অসুবিধা হ’ল— ঔষধৰ পিল বা বড়িবোৰ সেৱন কৰিলে কিছুমান পাৰ্শ্চক্ৰিয়া হয়।

5. গৰ্ভধাৰণ ৰোধ কৰা ক’পাৰ-টি (Copper-T) পদ্ধতিটো লিখা। ইয়াৰ এটা অসুবিধা লিখা।
উত্তৰঃ গৰ্ভধাৰণ ৰোধ কৰিবৰ বাবে ক’পাৰ-টি (Copper-T) পদ্ধতিটো ব্যৱহাৰ কৰা হয়। এই পদ্ধতিত, ক’পাৰ-টি ক গৰ্ভাশয়ত সংস্থাপন কৰি গৰ্ভধাৰণ স্থগিত কৰা হয়।

ক’পাৰ-টি (Copper-T) পদ্ধতিৰ এটা অসুবিধা হ’ল— ক’পাৰ-টি য়ে গৰ্ভাশয়ৰ প্ৰবাহৰ কাৰণে কিছুমান পাৰ্শ্চক্ৰিয়াৰ সৃষ্টি কৰে।

6. মেলেৰীয়া বেমাৰ সৃষ্টিকাৰী আদ্যপ্ৰাণী প্লাজম’ডিয়াম (Plasmodium) নামৰ এককোষী জীৱ বিধে কি প্ৰক্ৰিয়াৰ জৰীয়তে নতুন প্ৰজন্মৰ সৃষ্টি কৰে বা বংশ বিস্তাৰ কৰে? বুজাই লিখা।
উত্তৰঃ মেলেৰীয়া বেমাৰ সৃষ্টিকাৰী আদ্যপ্ৰাণী প্লাজম’ডিয়াম (Plasmodium) নামৰ এককোষী জীৱ বিধে দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰ জৰীয়তে নতুন প্ৰজন্মৰ সৃষ্টি কৰে বা বংশ বিস্তাৰ কৰে। এই জীৱ বিধে একেলেথাৰিয়ে বহুবাৰ দ্বিখণ্ডিত হোৱাৰ ফলত অসংখ্য নতুন কোষৰ সৃষ্টি হয় আৰু নতুন প্ৰজন্মৰ সৃষ্টি কৰে বা বংশ বিস্তাৰ কৰে।

7. এককোষী জীৱই প্ৰজনন প্ৰক্ৰিয়াত (অযৌন) ব্যৱহাৰ কৰা ৰেণুৰ উৎপত্তি (Spore Formation)  প্ৰক্ৰিয়াটো লিখা।
উত্তৰঃ ৰেণুৰ উৎপত্তি (Spore Formation): কিছুমান ভেঁকুৰৰ প্ৰজাতিৰ প্ৰাণীয়ে খাদ্য বস্তুৰ পৃষ্ঠত আঁহৰ দৰে কিছুমান অণুসূত্ৰৰ সৃষ্টি কৰে। লগতে সৰু সৰু মাৰিত ওলমি থকাৰ দৰে কিছুমান টোপালৰ সৃষ্টি যাক প্ৰজনন অংগিকা বা ৰেণুধানী বোলে। ইয়াতেই ৰেণুৰ উৎপত্তি হয় আৰু এই ৰেণুবিলাকৰ পৰাই নতুন প্ৰজন্মৰ সৃষ্টি হয়। এই প্ৰক্ৰিয়াটোকে ৰেণুৰ উৎপত্তি প্ৰক্ৰিয়া বোলা হয়।

উদাহৰণস্বৰূপে— ৰাইজ’পাচ্ নামৰ ভেঁকুৰবিধে পাউৰুটিৰ আদি খাদ্যৰ ওপৰত কিছুমান ৰেণুৰ সৃষ্টি কৰে আৰু নতুন ৰাইজ’পাচ্ ৰ সৃষ্টি কৰে।

8. এককোষী জীৱই প্ৰজনন প্ৰক্ৰিয়াত (অযৌন) ব্যৱহাৰ কৰা আংগিক বিস্তাৰ (Vegetative Propagation)  প্ৰক্ৰিয়াটো লিখা।
উত্তৰঃ আংগিক বিস্তাৰ (Vegetative Propagation): প্ৰাকৃতিক পৰিৱেশত এনে বহু উদ্ভিদ আছে যিবোৰৰ মূল বা শিপা, কাণ্ড আৰু পাতৰ পৰাই উপযুক্ত এক পৰিৱেশত নতুন উদ্ভিদৰ সৃষ্টি কৰিব পাৰে। এই প্ৰক্ৰিয়াটোকে আংগিক বিস্তাৰ বোলা হয়।

উদাহৰণস্বৰূপে— কুঁহিয়াৰ, গোলাপ, আঙুৰ, কল, কমলা, আনাৰস, তগৰ আদি উদ্ভিদবোৰ জোৰা কলম আৰু তৰপীয়া আদি পদ্ধতিৰ মাধ্যমেৰে মূল বা শিপা, কাণ্ড আৰু পাতৰ সহায়েৰেই নতুন উদ্ভিদৰ উৎপত্তি কৰিব পাৰে।

9. যৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ হ’লে এক জটিল সমস্যাৰ সৃষ্টি কৰে? এই জটিল সমস্যাটো কি? এই জটিল সমস্যাৰ সূত্ৰ কি?
উত্তৰঃ যৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ হ’লে এক জটিল সমস্যাৰ সৃষ্টি কৰে। এই জটিল সমস্যাটো এই যে, যদি প্ৰত্যেক প্ৰজন্মতে ডি.এন.এ. ৰ পৰিমাণ দুগুণ হয়, তেনেহ’লে পৃথিৱীখনত কেৱল ডি.এন.এ ৰে উপচি পৰিব। তেতিয়া, ডি.এন.এৰ বাহিৰে কাৰো পৃথিৱীখনত স্থান নাথাকিব।

এই জটিল সমস্যাৰ সূত্ৰ এইয়ে যে বহু বহুকোষী জীৱৰ যিবোৰ বংশক্ৰম ৰক্ষা কৰা কোষ থাকে সেইবোৰ ক্ৰ’ম’জ’মৰ সংখ্যা আৰু ডি.এন.এ.ৰ পৰিমাণ, আন দৈহিক কোষবোৰতকৈ অৰ্ধেক বা আধা সংখ্যক হয়।

10. জন্মৰ সময়ত এগৰাকী ছোৱালীৰ ডিম্বাশয়ত ডিম্বকোষ থাকেনে? যদি থাকে তেনেহ’লে কেনে অৱস্থাত থাকে ? কন্যাকাল হোৱাৰ লগে লগে এই ডিম্বকোষৰ কি পৰিৱৰ্তন হয় ?
উত্তৰঃ জন্মৰ সময়ত এগৰাকী ছোৱালীৰ ডিম্বাশয়ত অসংখ্য ডিম্বকোষ থাকে। এই ডিম্বকোষবোৰ অপৰিপক্ক অৱস্থাত থাকে। কন্যাকাল হোৱাৰ লগে লগে এই ডিম্বকোষৰ কিছুমান ডিম্বকোষে পূৰ্ণতা প্ৰাপ্তি হয়। ডিম্বাশয়যোৰৰ যিকোনো এটা ডিম্বাশয়ত প্ৰতি মাহত একোটাকৈ ডিম্বকোষৰ পূৰ্ণতা প্ৰাপ্তি লাভ কৰে। এই পূৰ্ণতা প্ৰাপ্তি হোৱা ডিম্বকোষ ডিম্বনলী বা ফেল’পিয়ান টিউবৰ মাজেৰে আহি গৰ্ভাশয়ত থিতাপি লয়।

11. জৰায়ু (Uterus)/গৰ্ভাশয় কাক বোলে ? জৰায়ুৰ অংশকেইটা আৰু কি কি? জৰায়ুৰ গঠন সম্পৰ্কে লিখা।
উত্তৰঃ ছোৱালী বা মহিলাৰ ডিম্ব নলী দুডাল একলগ হৈ ডাঠ পেশী বহুল মোনা সদৃশ এক অংগৰ সৃষ্টি কৰে। ইয়াকে জৰায়ু (Uterus) /গৰ্ভাশয় বোলে।

জৰায়ুৰ দুটা অংশ থাকে। এটা হ’ল— জৰায়ুৰ দেহ আৰু জৰায়ুৰ গ্ৰীবা (Cervix)।

জৰায়ুৰ দুই পাৰ্শ্বীয় কোণ দুটাত দুইকাষৰ পৰা আহি ডিম্ববাহী নলী দুডাল প্ৰবেশ কৰে আৰু গ্ৰীবা অংশ তলৰফালে যোনি (Vagina) পথত মুকলি হয়।

12. গৰ্ভাৱস্থাত ভ্ৰূণটো কেনেদৰে ডাঙৰ-দীঘল হয় বা বৃদ্ধি আৰু বিকাশ হয়?
অথবাঃ মাতৃদেহৰ ভ্ৰূণটোৱে কেনেদৰে পুষ্টি, গ্লুক’জ আৰু অক্সিজেন লাভ কৰে ?
অথবাঃ মাতৃদেহৰ ভ্ৰূণটোৱে সৃষ্টি কৰা ৰেচন পদাৰ্থসমূহ কেনেদৰে বাহিৰলৈ ওলাই বা বাহিৰ কৰা হয় ?
অথবাঃ অমৰা বা প্লেচেন্টা কাক বোলে ? ই ক’ত থাকে? ইয়াৰ কাম কি বা ই কিদৰে ভ্ৰূণটোক সহায় কৰে ?
উত্তৰঃ গৰ্ভাৱস্থাত ভ্ৰূণটো গৰ্ভাশয়ৰ অন্তঃআচ্ছাদনৰ সৈতে এক বিশেষ কলাৰ দ্বাৰা বান্ধ খাই, যাক অমৰা বা প্লেচেণ্টা বোলা হয়। ভ্ৰূণটোৱে অমৰা বা প্লেচেণ্টাৰ যোগেদি মাতৃদেহৰ তেজৰ মাধ্যমেৰে পুষ্টি লাভ কৰে। গৰ্ভাশয়ৰ অন্তঃআচ্ছাদানখনৰ ফালে কিছুমান ৰক্ত জালিকা থাকে। ইয়াৰ সহায়েৰে, মাতৃদেহৰ পৰা গ্লুক’জ আৰু অক্সিজেন ভ্ৰুণটোলৈ সৰবৰাহ হয় আৰু লাভ কৰে। লগতে, এই অমৰা বা প্লেচেণ্টাৰ জৰিয়তে ভ্ৰূণটোৱে সৃষ্টি কৰা ৰেচন পদাৰ্থসমূহ মাতৃদেহত এৰি দিয়ে।

13. ঋতুচক্ৰ কাক বোলে ? এই প্ৰক্ৰিয়াটো কেতিয়া হয় আৰু কিমান দিন পৰ্যন্ত চলি থাকে ?
অথবাঃ নিষেচন নহ’লে ডিম্বকোষটোৰ কি হয় ?
উত্তৰঃ ছোৱালী বা মহিলাৰ ডিম্বাশয়ে প্ৰতি মাহে এটাকৈ ডিম্বকোষ সৃষ্টি কৰে আৰু গৰ্ভাশয়ে একোটা নিষেচিত ডিম্ব পালন কৰাৰ বাবে প্ৰস্তুত কৰে। ইয়াৰ ফলত, ডিম্বাশয়ৰ আন্তঃআচ্ছাদক কোমল আৰু ডাঠ হয়। যদি শুক্ৰানু আৰু ডিম্বানুৰ মিলন ঘটি নিষেচনৰ পৰা ভ্ৰূণৰ সৃষ্টি হয় তেতিয়া ডিম্বাশয়ৰ অন্তঃআচ্ছাদকখনে ভ্ৰূণৰ পোষণ যোগান ধৰাৰ কাৰণে সাজু হয়।

কিন্তু, শুক্ৰানু আৰু ডিম্বানুৰ মিলন নঘটিলে বা নিষেচন নহ’লে ডিম্বকোষটো আৰু ডিম্বাশয়ৰ আচ্ছাদকখন ভাঙি যায়। ইয়াৰ পৰা ৰক্ত আৰু শ্লেস্মা হিচাপে যোনি পথেৰে বাহিৰ হয়। ইয়াকে ঋতুচক্ৰ (MC or Menstruation Cycle) বোলে।
ঋতুচক্ৰ প্ৰক্ৰিয়াটো প্ৰতি মাহে মাহে চলি থাকে। এই প্ৰক্ৰিয়াটো ২ ৰ পৰা ৮ দিনলৈকে চলি থাকে আৰু ৰক্তৰ লগতে শ্লেস্মাবোৰ বাহিৰ হৈ থাকে।

14. গৰ্ভধাৰণ ৰোধ কৰা বন্ধ্যাকৰণ (Surgical) পদ্ধতিটো লিখা। এই পদ্ধতিৰ এটা সুবিধা আৰু এটা অসুবিধা লিখা।
উত্তৰঃ অবাঞ্চিত গৰ্ভধাৰণ ৰোধ কৰিবলৈ পুৰুষৰ শুক্ৰবাহী নলী বন্ধ কৰি শুক্ৰ সৰবৰাহ স্থগিত কৰা হয়। লগতে, স্ত্ৰীৰ ডিম্ববাহী নলী বন্ধ কৰি ডিম্ব গৰ্ভাশয়ত অৱস্থান কৰাটো বন্ধ কৰা হয়। এই পদ্ধতিটোকে বন্ধ্যাকৰণ বোলে।

বন্ধ্যাকৰণ (Surgical) পদ্ধতিৰ এটা সুবিধা হ’ল— বন্ধ্যাকৰণ পদ্ধতিটো দীৰ্ঘম্যাদী সময়ৰ কাৰণে নিৰাপদ।

 বন্ধ্যাকৰণ (Surgical) পদ্ধতিৰ এটা অসুবিধা হ’ল— বন্ধ্যাকৰণ পদ্ধতিটো ভালদৰে অস্ত্ৰোপচাৰ নহ’লে সংক্ৰমণ আৰু আন কিছুমান সমস্যাৰ সৃষ্টি হ’ব পাৰে।

15. এককোষী জীৱই প্ৰজনন প্ৰক্ৰিয়াত (অযৌন) ব্যৱহাৰ কৰা পুনৰ জীৱন (Regeneration) প্ৰক্ৰিয়াটো লিখা।
উত্তৰঃ পুনৰ জীৱন (Regeneration): কিছুমান এককোষী জীৱৰ দেহৰ কোনো অংগৰ পৰাই নতুন এটা প্ৰজন্মৰ জীৱৰ উৎপত্তি কৰি লব পৰা ক্ষমতা থাকে। যদি কোনো কাৰণবশতঃ সেই জীৱটো কাটি বা ভাগি বহু টুকুৰা টুকুৰ হয়। তেনেহ’লে তাৰে কিছুমান টুকুৰাৰ পৰা নতুনকৈ জীৱৰ সৃষ্টি হয়। তাকে পুনৰ জীৱন প্ৰক্ৰিয়া বোলা হয়।  উদাহৰণস্বৰূপে— কিছুমান সৰল প্ৰাণী- হাইড্ৰা (Hydra), প্লেনেৰিয়া (Planaria), আদি জীৱক কাটি টুকুৰা টুকুৰ কৰিলে বা খণ্ডিত কৰিলে তাৰ প্ৰত্যেক অংশৰ পৰা একোটা নতুনকৈ সম্পূৰ্ণ জীৱৰ সৃষ্টি হয়।

16. এককোষী জীৱই প্ৰজনন প্ৰক্ৰিয়াত (অযৌন) ব্যৱহাৰ কৰা দ্বিখণ্ডন বা বিভাজন (Fisson) প্ৰক্ৰিয়াটো লিখা।
উত্তৰঃ দ্বিখণ্ডন বা বিভাজন (Fisson): বেক্টেৰীয়া আৰু আদ্যপ্ৰাণীৰ দৰে এককোষী জীৱই অতি সৰল ভাবে কোষটো সমভাবে দ্বিখণ্ডিত হৈ/কৰি নতুন জীৱৰ সৃষ্টি কৰে। ইয়াকে দ্বিখণ্ডন বা বিভাজন বুলি কোৱা হয়।উদাহৰণস্বৰূপে— এমিবাৰ দৰে এককোষী আদ্যপ্ৰাণীয়ে কোষটো প্ৰথমে সমভাবে দ্বিখণ্ডন বা বিভাজন কৰে, তাৰ পাছত দ্বিখণ্ডন বা বিভাজন কৰা কোষটো কোনো এক সমতলীয় ৰেখাত বিভক্ত হৈ নতুন নতুন প্ৰজন্মৰ সৃষ্টি কৰে।

আন এক উদাহৰণ হ’ল— ইষ্টৰ মাতৃ কোষটোৰ গাত বহুবোৰ মুকুলৰ সৃষ্টি হয়। পাছলৈ এই মুকুলবোৰৰ পৃথকীকৃত হয় আৰু মুকুলবোৰৰ পৰাই নতুন নতুন প্ৰজন্মৰ ইষ্টৰ সৃষ্টি হয়।

17. এককোষী জীৱই প্ৰজনন প্ৰক্ৰিয়াত (অযৌন) ব্যৱহাৰ কৰা মুকুলোদগম (Budding)  প্ৰক্ৰিয়াটো লিখা।
উত্তৰঃ মুকুলোদগম (Budding): কিছুমান এককোষী জীৱই নিজৰ দেহৰ মুকুলৰ পৰা নতুন প্ৰজন্মৰ সৃষ্টি কৰে। এইক্ষেত্ৰত মুকুলবিলাক দেহৰ কোনো এক নিৰ্দিষ্ট স্থানত একেৰাহে কেইবাবাৰো কোষৰ বিভাজন ঘটি টেমুনা বান্ধি বাহিৰলৈ ওলাই আহে। এইবোৰ পুৰঠ হ’লে মাতৃ কোষ ত্যাগ কৰি নতুন জীৱৰ উৎপত্তি কৰে। এই প্ৰক্ৰিয়াক মুকুলোদগম প্ৰক্ৰিয়া বোলা হয়।

উদাহৰণস্বৰূপে— হাইড্ৰাৰ দৰে জীৱই এনেদৰে অযৌন প্ৰজনন কাৰ্য সমাধা কৰে। প্ৰথমে, হাইড্ৰাৰ মুকুলবিলাক কেইবাবাৰো কোষৰ বিভাজন ঘটে আৰু টেমুনা বান্ধি ওলাই আহে। তাৰ পিছত, এই মুকুলবোৰৰ পৰা সৰু সৰু আকাৰৰ হাইড্ৰাৰ সৃষ্টি কৰে। পৰৱৰ্তী পৰ্যায়ত পূৰঠ হ’লে মাতৃ হাইড্ৰাৰ পৰা পৃথক হৈ নতুন এক হাইড্ৰাৰ সৃষ্টি হয়।

18. প্ৰতিলিপিকৰণত DNA ৰ প্ৰভাৱ কি?
অথবাঃ কেতিয়া যৌন প্ৰজনন প্ৰক্ৰিয়াত কোষৰ মৃত্যু ঘটে ?
উত্তৰঃ এক কোষৰ পৰা দুটা অপত্য কোষৰ উৎপন্ন হোৱা প্ৰক্ৰিয়াত ডি. এন. এ. (DNA) আৰু কোষ অংগাণুসমূহৰ প্ৰতিলিপিকৰণ সংঘটিত হয়। কিন্তু, ডি. এন. এ. (DNA) প্ৰতিলিপিকৰণ অপত্য ডি.এন.এ. ডাল সাইলাখ একে নহয়। এই আঁসোৱাহ পূৰ্ণতাৰ বাবে জীৱসমূহৰ বা জীৱকূলৰ মাজত কিছুমান বৈসাদৃশ্যতাৰ প্ৰভাৱ পৰে। যৌন প্ৰজননৰ জৰিয়তে জীৱৰ সৃষ্টি হ’লে এনেধৰণৰ বৈশিষ্ট্য অধিক পৰিমাণে পৰিলক্ষিত হয়।

যৌন প্ৰজনন প্ৰক্ৰিয়াত DNA ৰ প্ৰতিলিপিকৰণ নিখুঁতভাৱে নহ’লে নতুন প্ৰজন্মৰ মাজত কিছু ধীৰ গতিত বৈসাদৃশ্যৰ সৃষ্টি হয়। লগতে, সৃষ্টি হোৱা অপত্য  ডি. এন. এ. বোৰে কোষৰ বিপাকীয় কাৰ্যসমূহ সঠিক ধৰণে সাধন কৰিব নোৱাৰে আৰু ইয়াৰ ফলস্বৰূপে, কোষটোৰ মৃত্যু হয়।

19. গৰ্ভধাৰণ ৰোধ কৰা কেইটামান পদ্ধতি উল্লেখ কৰা।
উত্তৰঃ গৰ্ভধাৰণ ৰোধ কৰা কেইটামান পদ্ধতি উল্লেখযোগ্য পদ্ধতি হ’ল—

(ক)কাৰিকৰি প্ৰতিবন্ধক (Mechanical Barrier) পদ্ধতিঃ গৰ্ভধাৰণ ৰোধ কৰিবৰ বাবে কাৰিকৰি প্ৰতিবন্ধক (Mechanical Barrier) পদ্ধতিটো ব্যৱহাৰ কৰা হয়। এই পদ্ধতিত সংগমৰ সময়ত পুৰুষৰ পুংজনন অংগত (Penis) ত কনডম পিন্ধা হয়। লগতে, স্ত্ৰীৰ ক্ষেত্ৰত যোনি পথত সংস্থাপিত কৰা হয়। এনে কৰাৰ ফলত, শুক্ৰাণুসমূহ ডিম্বাণু কোষৰ সৈতে মিলন হ’ব নোৱাৰে আৰু নিষেচন হোৱাত বাধা দিয়ে।

(খ)ক’পাৰ-টি (Copper-T) পদ্ধতিঃ গৰ্ভধাৰণ ৰোধ কৰিবৰ বাবে ক’পাৰ-টি (Copper-T) পদ্ধতিটো ব্যৱহাৰ কৰা হয়। এই পদ্ধতিত, ক’পাৰ-টি ক গৰ্ভাশয়ত সংস্থাপন কৰি গৰ্ভধাৰণ স্থগিত কৰা হয়। কিন্তু, ক’পাৰ-টি য়ে গৰ্ভাশয়ৰ প্ৰবাহৰ কাৰণে কিছুমান পাৰ্শ্চক্ৰিয়াৰ সৃষ্টি কৰে।

(গ)অৰেল কন্ট্ৰাচেপটিভ (Oral Contraceptive) পদ্ধতিঃ শৰীৰত হৰম’নৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ডিম্বক্ষৰণ বন্ধ কৰি গৰ্ভধাৰণ ৰোধ কৰিব পাৰি। এনে কৰিলে নিষেচন হ’ব নোৱাৰে। এই প্ৰক্ৰিয়াত সাধাৰণতে কিছুমান ঐষধ পিল বা বড়ি আকাৰে ব্যৱহাৰ কৰা হয়। ইয়াকে অৰেল কন্ট্ৰাচেপটিভ (Oral Contraceptive)  বোলে।

(ঘ)বন্ধ্যাকৰণ (Surgical) পদ্ধতিঃ অবাঞ্চিত গৰ্ভধাৰণ ৰোধ কৰিবলৈ পুৰুষৰ শুক্ৰবাহী নলী বন্ধ কৰি শুক্ৰ সৰবৰাহ স্থগিত কৰা হয়। লগতে, স্ত্ৰীৰ ডিম্ববাহী নলী বন্ধ কৰি ডিম্ব গৰ্ভাশয়ত অৱস্থান কৰাটো বন্ধ কৰা হয়। এই পদ্ধতিটোকে বন্ধ্যাকৰণ বোলে।

20. ভিন্নতাৰ গুৰুত্ব সম্পৰ্কে লিখা।
অথবাঃ প্ৰজাতিৰ কাৰণে ভিন্নতা প্ৰয়োজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিয় ?
উত্তৰঃ সময়ে সময়ে বাসস্থানৰ পৰিৱৰ্তন হৈ থাকে যিবোৰ নিয়ন্ত্ৰণৰ বাহিৰত। উদাহৰণস্বৰূপে— পৃথিৱীৰ উপৰিভাগৰ উষ্ণতাৰ হ্ৰাস-বৃদ্ধি, জলভাগৰ উচ্চতা উঠা-নমা হৈ থাকিব পাৰে বা উল্কাপিণ্ডই খুণ্ডা মাৰিব পাৰে এনেধৰণৰ বহুতো উদাহৰণ ল’ব পৰা যায়। যদি কোনো এটা জীৱৰ আবাদী এটা পৰিৱেশৰ নিৰ্দিষ্ট অঞ্চল বাস উপযোগী হয় আৰু সেই অঞ্চলত প্ৰচণ্ড কিবা পৰিৱৰ্তন আহি পৰে তেতিয়া জীৱৰ আবাদী সম্পূৰ্ণভাৱে নিৰ্মূল হৈ যাব।

অৱশ্যে কেতিয়াবা এই আবাদীৰ কিছু জীৱৰ ভিন্নতা আহিব পাৰে আৰু জীয়াই থাকিবলৈ অলপ সুবিধা হ’ব পাৰে। এনেকৈ যদি নাতিশীতোষ্ণ জলভাগত বেক্টেৰিয়া ধ্বংস হৈ যাব পাৰে। কিন্তু কিছু সংখ্যক বেক্টেৰিয়াৰ পৰিৰোধ ক্ষমতা থকা কাৰণে জীয়াই থাকি ভৱিষ্যত বংশ বৃদ্ধি কৰিব। এনেকৈয়ে সময়ৰ সোঁতত কোনো প্ৰজাতিৰ জীৱই জীয়াই থাকিবৰ বাবে ভিন্নতাৰ আৱশ্যক।

21. কৈশোৰ কালত ঘটা বিভিন্ন পৰিৱৰ্তনবোৰ লিখা।
অথবাঃ যৌৱনকাল বা কন্যাকাল (Puberty)ত হোৱা বিভিন্ন পৰিঘটনাবোৰ লিখা।
উত্তৰঃ কৈশোৰ কালত বা যৌৱনকাল বা কন্যাকাল (Puberty)ত বিভিন্ন পৰিৱৰ্তনবোৰ বা বিভিন্ন পৰিঘটনাবোৰ সংঘটিত হয়। এইসমূহ হ’ল—
(ক) কাষলতি, কৰঙন আৰু যৌনাংগৰ কাষত কিছুমান চুলি গঁজে আৰু ক’লা বৰণৰ হয়।
(খ)ভৰি আৰু হাতত পাতল নোম গঁজে।
(গ) মুখৰ ছাল তেলেতিয়া হয় আৰু ইয়াৰ বাবে মুখত শালমইনা হয়।
(ঘ) ল’ৰাৰ দাড়ি গঁজা আৰম্ভ হয়, মাত গলগলীয়া হয়, লিংগটো ডাঙৰ হয় আৰু কোনো কোনো সময়ত থিয়-টান হয়।
(ঙ) ছোৱালীৰ স্তন যুগলৰ আকাৰ বৃদ্ধি হয় আৰু স্তনাগ্ৰৰ ছালখন ক’লা হয়।
(চ)লগতে, ছোৱালীবোৰৰ ডিম্বকোষৰ পৰিপক্ক বা পূৰ্ণতা লাভ কৰে আৰু ঋতুচক্ৰ আৰম্ভ হয়।

22. কেনেকৈ উদ্ভিদৰ ফুল, ফল আৰু নতুন উদ্ভিদৰ কেনেদৰে সৃষ্টি হয় ?
অথবাঃ সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন কেনেদৰে সম্পাদন হয় ?
উত্তৰঃ পৰাগ ৰেণুৰ ভিতৰত পুং জনন কোষবোৰ উৎপন্ন হয়। লগতে, স্ত্ৰীজনন কোষ বা ডিম্ব ডিম্বকৰ ভিতৰত অৱস্থিত হয়। যেতিয়া, পুংজনন কোষবোৰ স্ত্ৰীজনন কোষ বা ডিম্বকৰ সৈতে মিলন বা যোজন হয় অৰ্থাৎ নিষেচন হয়, তেতিয়া বতাহ, পানী, প্ৰাণী বা আন কিছুমান কাৰকৰ প্ৰভাৱত পুংকেশৰৰ পৰা পৰাগ ৰেণু স্ত্ৰীকোষৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হয়।

নিষেচনৰ পাছত, ডিম্বকটোৰ যোজন কোষটো কেইবাবাৰো বিভাজন ঘটে আৰু ভ্ৰূণৰ উৎপন্ন হয়। ভ্ৰূণ সৃষ্টিৰ লগে লগে ডিম্বকৰ চাৰিওফালে এক ডাঠ আৱৰণৰ সৃষ্টি হয় যি পাছত বীজ (Seed) লৈ সলনি হয়। সমসাময়িকভাৱে, গৰ্ভাশয়টো বৃদ্ধি আৰু বিকাশ হৈ এক পূৰঠ ফল (Fruit) লৈ পৰিৱৰ্তন হয়। এই অৱস্থাত, বেটুপাত, পাহি, পুংকেশৰ, গৰ্ভদণ্ড আৰু গৰ্ভমুণ্ডবোৰ শুকাই সৰি পৰে।

বীজৰ ভিতৰত যিটো ভ্ৰূণ থাকে সেই ভ্ৰূণটোতে ভৱিষ্যতৰ উদ্ভিদজোপা গঠন হ’ব পৰাকৈ গুণ থাকে। এই ভ্ৰূণৰ পৰাই, উপযুক্ত এক পৰিৱেশ প্ৰাপ্ত হ’লে ভ্ৰূণটো অংকুৰিত হয় আৰু এজোপা নতুন গছৰ সৃষ্টি হয়। ইয়াক বীজৰ অংকুৰণ (Seed Germination) বোলে।

23. এটি শিশুৰ কেনেদৰে জন্ম হয়?
অথবাঃ এটি নতুন শিশুৰ কেনেদৰে সৃষ্টি, বিকাশ আৰু বৃদ্ধি হয় ?
উত্তৰঃ সংগমৰ সময়ত শুক্ৰকোষ যোনি পথেদি সোমাই যায় আৰু উৰ্ধমুখী গতিৰে ডিম্ববাহী নলীত থিতাপি লয়। ডিম্ববাহী নলীতে ডিম্বকোষ আৰু শুক্ৰকোষৰ মিলন ঘটে আৰু এই মিলনৰ ফলত ডিম্বকোষটো নিষেচিত হয় আৰু যোজন কোষৰ (Zygote) ৰ সৃষ্টি হয়। এই যোজন কোষটো ডিম্বনলীৰ পৰা জৰায়ুলৈ/গৰ্ভাশয়লৈ যায় আৰু তাতে থিতাপি লয়। জৰায়ুতে/গৰ্ভাশয়তে যোজন কোষটোৰ ভেদন, বৰ্দ্ধন আৰু পোষণ হয়।

গৰ্ভাৱস্থাত ভ্ৰূণটো গৰ্ভাশয়ৰ অন্তঃআচ্ছাদনৰ সৈতে এক বিশেষ কলাৰ দ্বাৰা বান্ধ খাই, যাক অমৰা বা প্লেচেণ্টা বোলা হয়। ভ্ৰূণটোৱে অমৰা বা প্লেচেণ্টাৰ যোগেদি মাতৃদেহৰ তেজৰ মাধ্যমেৰে পুষ্টি লাভ কৰে। গৰ্ভাশয়ৰ অন্তঃআচ্ছাদানখনৰ ফালে কিছুমান ৰক্ত জালিকা থাকে। ইয়াৰ সহায়েৰে, মাতৃদেহৰ পৰা গ্লুক’জ আৰু অক্সিজেন ভ্ৰূণটোলৈ সৰবৰাহ হয় আৰু লাভ কৰে। লগতে, এই অমৰা বা প্লেচেণ্টাৰ জৰিয়তে ভ্ৰূণটোৱে সৃষ্টি কৰা ৰেচন পদাৰ্থসমূহ মাতৃদেহত এৰি দিয়ে।

প্ৰায় ন মাহ মানৰ পিছত মাতৃদেহত ভ্ৰূণটোৱে সম্পূৰ্ণতা প্ৰাপ্ত হয় আৰু শিশুটোৱে পূৰ্ণতা প্ৰাপ্ত হয়। এই সময় ছোৱাতে, গৰ্ভাশয়ৰ পেশীৰ এক নিৰ্দিষ্ট লয়ৰ সংকোচনৰ ফলত শিশুটোৰ জন্ম হয়।

24. কলাকৰ্ষণ (Tissue Formation) পদ্ধতিটো লিখা। কলাকৰ্ষণ (Tissue Formation) পদ্ধতিটো দুটা সুবিধা লিখা।
উত্তৰঃ কলাকৰ্ষণ (Tissue Formation) পদ্ধতিটো হ’ল এনেধৰণৰ—
(ক) প্ৰথমতে, উদ্ভিদৰ বাঢ়ি অহা অগ্ৰস্থ কলা বা কোষ এৰুওৱা হয়।
(খ) এৰোৱা অংশটো এক কৃত্ৰিম মাধ্যমত ৰখা হয়।
(গ) এই কৃত্ৰিম মাধ্যমত, কোষবোৰৰ খৰতকীয়া কোষ বিভাজন ঘটে আৰু বহুবোৰ কোষ একলগ হৈ কেলাচ্ (Callus) গঠন কৰে।
(ঘ) এই কেলাচ্খিনি অন্য এক মাধ্যমলৈ নিয়া হয় বা স্থানান্তৰ কৰা হয় য’ত উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ কাৰণে লাগতিয়াল সঞ্জীৱনী পদাৰ্থ (Hormone) থাকে।
(ঙ) এই মাধ্যমতে, এক নতুন পূৰ্ণাংগ উদ্ভিদৰ সৃষ্টি হয়।

কলাকৰ্ষণ (Tissue Formation) পদ্ধতিটো দুটা সুবিধা হ’ল—
(ক) এই পদ্ধতি প্ৰয়োগ কৰি বেমাৰহীন উদ্ভিদৰ সৃষ্টি কৰিব পাৰি।
(খ) এই কৌশলটো সৌন্দৰ্যবৰ্ধক উদ্ভিদৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়।

25. ব্যাখা কৰা- “জীৱিত কোষবিলাক একে হয় যদিও অতি সূক্ষ্ম পাৰ্থক্য থাকে।
অথবাঃ জীৱসমূহে নিজৰ হুবহু সৃষ্টি কৰিব পাৰেনে?
অথবাঃ প্ৰজনন প্ৰক্ৰিয়াৰ DNA প্ৰতিলিপিৰ আৱশ্যক কি?
উত্তৰঃ জীৱসমূহৰ দেহৰ অবয়ব একে হ’লে দেখিবলৈ একে সাদৃশ্যৰ হয়। যদি দেহৰ অবয়ব একেধৰণৰ হ’বলগীয়া হয় তেন্তে ইয়াৰ গঠনৰ প্ৰতিলিপি একেধৰণৰ হ’ব লাগিব। কোষকেন্দ্ৰৰ ভিতৰৰ ক্ৰম’জ’মবোৰৰ DNA অনুৱে পিতৃ-মাতৃ গুণবোৰ উত্তৰ পুৰুষলৈ বহন কৰি দিয়ে। DNA ৰ অণুবোৰ প্ৰ’টিন গঠনৰ উৎস যিবোৰে জীৱদেহৰ অবয়ব সলনি কৰে।

বংশবৃদ্ধিৰ মূল কাৰ্য হ’ল— DNA ৰ প্ৰতিলিপি গঠন। দেহৰ কোষে কিছুমান ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত DNA অণুৰ নকল সৃষ্টি কৰে। এই DNA অণুৰ পৰা অপত্য কোষত দুটা DNA প্ৰতিলিপিৰ সৃষ্টি হয় আৰু দুয়োটা DNA অণু এটা আনটোৰ পৰা পৃথকে কৰে।

DNA ৰ প্ৰতিলিপি লওতে কোষাংগসমূহে সহায় কৰে আৰু এটা কোষৰ পৰে দুটা অপত্যকোষ সৃষ্টি হয়। এই অপত্যকোষ দুটা একে সাদৃশ্যৰ হ’ব কিন্তু দুয়োটা কোষ হুবহু একে নহয় আৰু ইয়াৰ কিছু ভিন্নতা দেখা যায়। DNA ৰ পৰিলিপি একে হ’লেও কিন্তু পিতৃ DNA ৰ সৈতে হুবহু একে নহয়।

এনেধৰণৰ ভিন্নতাৰ কেতিয়াবা এনেকুৱা পৰিৱৰ্তন আনে যে নতুনকৈ হোৱা আন কোষীয় উপাদানৰ সৈতে DNA ই এনেকুৱা ক্ৰিয়া কৰিব নোৱাৰে। এনে ক্ষেত্ৰত নতুন কোষটো মৰি যায়। লগতে, DNA ত থকা আন বহুতো ভিন্নতাই পৰিৱৰ্তনৰ ভীষণ ফল নেদেখুৱাব পাৰে।

এনেদৰে দেখা যায় যে “জীৱিত কোষবিলাক একে হয় যদিও অতি সূক্ষ্ম পাৰ্থক্য থাকে।”

26. এককোষী জীৱই প্ৰজনন প্ৰক্ৰিয়াত (অযৌন) ব্যৱহাৰ কৰা বিভিন্ন পদ্ধতিসমূহ উদাহৰণসহ লিখা।
উত্তৰঃ এককোষী জীৱই প্ৰজনন প্ৰক্ৰিয়াত (অযৌন)ব্যৱহাৰ কৰা বিভিন্ন পদ্ধতিসমূহ হ’ল—

(ক) দ্বিখণ্ডন বা বিভাজন (Fisson): বেক্টেৰীয়া আৰু আদ্যপ্ৰাণীৰ দৰে এককোষী জীৱই অতি সৰল ভাবে কোষটো সমভাবে দ্বিখণ্ডিত হৈ/কৰি নতুন জীৱৰ সৃষ্টি কৰে। ইয়াকে দ্বিখণ্ডন বা বিভাজন বুলি কোৱা হয়।

উদাহৰণস্বৰূপে— এমিবাৰ দৰে এককোষী আদ্যপ্ৰাণীয়ে কোষটো প্ৰথমে সমভাবে দ্বিখণ্ডন বা বিভাজন কৰে, তাৰ পাছত দ্বিখণ্ডন বা বিভাজন কৰা কোষটো কোনো এক সমতলীয় ৰেখাত বিভক্ত হৈ নতুন নতুন প্ৰজন্মৰ সৃষ্টি কৰে।

আন এক উদাহৰণ হ’ল— ইষ্টৰ মাতৃ কোষটোৰ গাত বহুবোৰ মুকুলৰ সৃষ্টি হয়। পাছলৈ এই মুকুলবোৰৰ পৃথকীকৃত হয় আৰু মুকুলবোৰৰ পৰাই নতুন নতুন প্ৰজন্মৰ ইষ্টৰ সৃষ্টি হয়।

(খ) বিভংগন (Fragmentation): কিছুমান এককোষী জীৱই পূৰ্ণাংগ হোৱাৰপিছত দেহটোক কিছুমান সৰু সৰু খণ্ডত টুকুৰা টুকুৰ কৰে। পাছলৈ, সৰু সৰু খণ্ডিত টুকুৰাবিলাকৰ পৰাই নতুন প্ৰজন্মৰ সৃষ্টি কৰে। এই প্ৰক্ৰিয়াটোক বিভংগন বোলা হয়।

উদাহৰণস্বৰূপে— সৰ্পিল শেলাই (Spirogyra) পূৰ্ণাংগ হোৱাৰ পিছত দেহটো কিছুমান সৰু সৰু খণ্ডত টুকুৰা টুকুৰ হৈ বংশ বিস্তাৰ কৰে।

(গ) পুনৰ জীৱন (Regeneration): কিছুমান এককোষী জীৱৰ দেহৰ কোনো অংগৰ পৰাই নতুন এটা প্ৰজন্মৰ জীৱৰ উৎপত্তি কৰি লব পৰা ক্ষমতা থাকে। যদি কোনো কাৰণবশতঃ সেই জীৱটো কাটি বা ভাগি বহু টুকুৰা টুকুৰ হয়। তেনেহ’লে তাৰে কিছুমান টুকুৰাৰ পৰা নতুনকৈ জীৱৰ সৃষ্টি হয়। তাকে পুনৰ জীৱন প্ৰক্ৰিয়া বোলা হয়।

উদাহৰণস্বৰূপে— কিছুমান সৰল প্ৰাণী- হাইড্ৰা (Hydra), প্লেনেৰিয়া (Planaria), আদি জীৱক কাটি টুকুৰা টুকুৰ কৰিলে বা খণ্ডিত কৰিলে তাৰ প্ৰত্যেক অংশৰ পৰা একোটা নতুনকৈ সম্পূৰ্ণ জীৱৰ সৃষ্টি হয়।

(ঘ) মুকুলোদগম (Budding): কিছুমান এককোষী জীৱই নিজৰ দেহৰ মুকুলৰ পৰা নতুন প্ৰজন্মৰ সৃষ্টি কৰে। এইক্ষেত্ৰত মুকুলবিলাক দেহৰ কোনো এক নিৰ্দিষ্ট স্থানত একেৰাহে কেইবাবাৰো কোষৰ বিভাজন ঘটি টেমুনা বান্ধি বাহিৰলৈ ওলাই আহে। এইবোৰ পুৰঠ হ’লে মাতৃ কোষ ত্যাগ কৰি নতুন জীৱৰ উৎপত্তি কৰে। এই প্ৰক্ৰিয়াক মুকুলোদগম প্ৰক্ৰিয়া বোলা হয়।

উদাহৰণস্বৰূপে— হাইড্ৰাৰ দৰে জীৱই এনেদৰে অযৌন প্ৰজনন কাৰ্য সমাধা কৰে। প্ৰথমে, হাইড্ৰাৰ মুকুলবিলাক কেইবাবাৰো কোষৰ বিভাজন ঘটে আৰু টেমুনা বান্ধি ওলাই আহে। তাৰ পিছত, এই মুকুলবোৰৰ পৰা সৰু সৰু আকাৰৰ হাইড্ৰাৰ সৃষ্টি কৰে। পৰৱৰ্তী পৰ্যায়ত পূৰঠ হ’লে মাতৃ হাইড্ৰাৰ পৰা পৃথক হৈ নতুন এক হাইড্ৰাৰ সৃষ্টি হয়।

(ঙ) আংগিক বিস্তাৰ (Vegetative Propagation): প্ৰাকৃতিক পৰিৱেশত এনে বহু উদ্ভিদ আছে যিবোৰৰ মূল বা শিপা, কাণ্ড আৰু পাতৰ পৰাই উপযুক্ত এক পৰিৱেশত নতুন উদ্ভিদৰ সৃষ্টি কৰিব পাৰে। এই প্ৰক্ৰিয়াটোকে আংগিক বিস্তাৰ বোলা হয়।

উদাহৰণস্বৰূপে— কুঁহিয়াৰ, গোলাপ, আঙুৰ, কল, কমলা, আনাৰস, তগৰ আদি উদ্ভিদবোৰ জোৰা কলম আৰু তৰপীয়া আদি পদ্ধতিৰ মাধ্যমেৰে মূল বা শিপা, কাণ্ড আৰু পাতৰ সহায়েৰেই নতুন উদ্ভিদৰ উৎপত্তি কৰিব পাৰে।

(চ) ৰেণুৰ উৎপত্তি (Spore Formation): কিছুমান ভেঁকুৰৰ প্ৰজাতিৰ প্ৰাণীয়ে খাদ্য বস্তুৰ পৃষ্ঠত আঁহৰ দৰে কিছুমান অণুসূত্ৰৰ সৃষ্টি কৰে। লগতে সৰু সৰু মাৰিত ওলমি থকাৰ দৰে কিছুমান টোপালৰ সৃষ্টি যাক প্ৰজনন অংগিকা বা ৰেণুধানী বোলে। ইয়াতেই ৰেণুৰ উৎপত্তি হয় আৰু এই ৰেণুবিলাকৰ পৰাই নতুন প্ৰজন্মৰ সৃষ্টি হয়। এই প্ৰক্ৰিয়াটোকে ৰেণুৰ উৎপত্তি প্ৰক্ৰিয়া বোলা হয়।

উদাহৰণস্বৰূপে— ৰাইজ’পাচ্ নামৰ ভেঁকুৰবিধে পাউৰুটিৰ আদি খাদ্যৰ ওপৰত কিছুমান ৰেণুৰ সৃষ্টি কৰে আৰু নতুন ৰাইজ’পাচ্ ৰ সৃষ্টি কৰে।

27. যৌন ক্ৰিয়াত লিপ্ত হ’বলৈ বা সন্তান জন্ম দিবৰ বাবে কেনেদৰে হেচা আহে ?কম বয়সত যৌন ক্ৰিয়া আৰু বিবাহ ৰোধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা নীতি-নিয়ম, আইন আৰু ব্যৱস্থাসমূহ লিখা।

উত্তৰঃ যৌন ক্ৰিয়াত লিপ্ত হ’বলৈ বন্ধু বৰ্গৰ পৰা হেঁচা আহে। লগতে, বিয়া হোৱা বা বিয়া কৰোৱা আৰু সন্তান জন্ম দিয়াৰ হেঁচা পৰিয়াল বৰ্গৰ পৰা আহে। কিন্তু উপযুক্ত বয়স নোহোৱালৈকে এনে ধৰণৰ জটিলতাৰ পৰা নিজকে বচাই ৰখাতো উচিত আৰু হেঁচা প্ৰয়োগ কৰাটো অনুচিত।

কম বয়সত যৌন ক্ৰিয়া আৰু বিবাহ ৰোধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা নীতি-নিয়ম, আইন আৰু ব্যৱস্থাসমূহ হ’ল— 

(A) বিবাহৰ ক্ষেত্ৰত আইনঃ
(ক) প্ৰাপ্তবয়স্ক আইন, ১৮৭৫ (The Majority Act, 1975): এই আইন অনুসৰি, ১৮ বছৰত ভোট দিয়াৰ অধিকাৰ, গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ (Driving License)  ১৬ বছৰ (Gearless vehicles) বা ১৮ বছৰ (Motor vehicles With Gear), নিচা বা আন মাদক দ্ৰব্য সেৱন কৰিবৰ বাবে বয়স ১৮/২১/২৩/২৫ (ৰাজ্য অনুসৰি) বছৰ, সন্তানৰূপে কাৰোবাক পালন কৰাৰ বয়স ২১ (Adopt at 21), কাম কৰাৰ বয়স ১৪ বছৰ, ছোৱালী বিয়া হোৱা বয়স ১৮ বছৰ, ল’ৰা বিয়া কৰোৱা বয়স ২১ বছৰ। পাছত, ১৯৯৯ চনৰ শোধৰণি কৰি প্ৰায়বোৰৰ ক্ষেত্ৰত নূন্যতম ১৮ বছৰ ঠিক কৰিছিল।

বাল্যবিবাহ নিয়ন্ত্ৰণ আইন, ১৯২৯ (The Child Marriage Restraint Act, 1929): ‘Sarda Act’ হিচাপে পৰিচিত আৰু জনপ্ৰিয় এই আইনখনৰ অনুসৰি এজনী ছোৱালীৰ বিবাহৰ নূন্যতম বয়স হ’ল ১৪ বছৰ আৰু ল’ৰাৰ ১৮ বছৰ। পাছত, এই আইনখন ১৯৭৮ চনত সংশোধন কৰি ছোৱালীৰ বয়স ১৮ বছৰলৈ আৰু ল’ৰাৰ বয়স ২১ বছৰলৈ বৃদ্ধি কৰা হয়।

(গ) বাল্যবিবাহ/শিশুবিবাহ নিষিদ্ধকৰণ আইন, ২০০৬ (The Prohibition of Child Marriage Act,2006): এই আইন অনুসৰি বাল্য বিবাহ বা শিশুৰ বিবাহ কোনো পধ্যে মান্য নহয়। অথবা, শিশুৰ বিবাহ কোনো কাৰণত কাৰ্যকৰ নহয় বা ই আইন অমান্য হিচাপে গণ্য কৰা হয়। বাল্যবিবাহ বা শিশুৰ বিবাহ আইনসন্মত নহয়, সেয়েহে কোনোৱে ইয়াৰ চেষ্টা বা ইয়াৰ লগত জড়িত বা ইয়াৰ ঠিক কৰি দিলে বা কথা পাতিলে, কঠোৰ ২ বছৰ কাৰাদণ্ড বা ১ লাখ টকাৰ জৰিমনা নতুবা দুয়ুটা শাস্তিৰে দণ্ডিত হ’ব।

(B) যৌন ক্ৰিয়াৰ ক্ষেত্ৰত আইনঃ
(ক) ভাৰতীয় দণ্ডবিধি, ১৮৬০ ৰ ধাৰা ৩৭৫ (Section 375, Indian Penal Code, 1860) : ভাৰতীয় দণ্ডবিধি, ১৮৬০ ৰ ধাৰা ৩৭৫ ৰ অনুসৰি এজনী ছোৱালীৰ যিকোনো যৌন ক্ৰিয়াৰ ক্ষেত্ৰত নূন্যতম বয়স হ’ব লাগিব ১০ বছৰ। এই আইনক ১৮৯১ চনত সংশোধন কৰি ১২ বছৰলৈ, ১৯২৫ চনত সংশোধনী কৰি ১৪ বছৰলৈ, ১৯৪০ চনত ১৬ বছৰলৈ আৰু ২০১৩ চনত ১৮ বছৰলৈ বৃদ্ধি কৰা হয়।

এই আইন অনুসৰি, যদি কোনো ১৮ বছৰৰ তলৰ ছোৱালীক যিকোনো ধৰণৰ যৌনক্ৰিয়াৰ বাবে লিপ্ত কৰা বা বাধ্য কৰোৱা বা হেঁচা বা ইংগিত দিয়া হয় তেনেহ’লে ‘ধৰ্ষণ’ (Rape) হিচাপে বিবেচিত হয় আৰু ভাৰতীয় দণ্ডবিধি, ১৮৬০ ৰ ধাৰা ৩৭৫ ৰ অনুসাৰে জৰিমনাসহ ১ বছৰৰ পৰা ৩ বছৰলৈ কাৰাদণ্ড আৰু দ্বিতীয়বাৰৰ বাবে ৩ ৰ পৰা ৭ বছৰলৈ কাৰাদণ্ড হয়। যদি ছোৱালীজনীৰ মৃত্য হয় তেনেহ’লে যাৱত জীৱন কাৰাদণ্ড আৰু ফাঁচীও হ’ব পাৰে।

(খ) শিশুৰ বিৰুদ্ধে যৌন অপৰাধ আইন আৰু সুৰক্ষা, ২০১২ (POSCO Act or The Protection of Children against Sexual Offences Act, 2012): এই আইনখন ২০১২ চনৰ ২২ মে তাৰিখে দুয়ুখন সদনতে গৃহীত কৰা হৈছিল। এই আইন অনুসৰি, ১৮ বছৰৰ তলৰ যিকোনো শিশুৰ সৈতে যৌন নিপীড়ন, অনুপ্ৰবেশমূলক যৌন নিৰ্যাতন, যৌন বিক্ষোভ/উত্তেজনা আদিৰ চেষ্টা কৰিলে  ভাৰতীয় দণ্ডবিধি, ১৮৬০ ৰ ধাৰা ৩৭৫ ৰ অনুসৰি আইনমতে দণ্ডনীয় হ’ব। লগতে, এই আইনৰ অনুসৰি পৰিয়াল, সমাজ, পিতৃ-মাতৃ, আইন আদি সকলোৱে শিশুৰ যৌন অপৰাধ ৰোধ কৰা আৰু যৌন ক্ৰিয়াৰ বিপক্ষে সুৰক্ষা দিয়াৰ দায়িত্ব আছে।

Leave a Comment

error: Content is protected !!

Discover more from Bellal Hossain Mondal

Subscribe now to keep reading and get access to the full archive.

Continue reading

Scroll to Top